অসমৰ ক্ৰীড়া জগতৰ বাবে এক ঐতিহাসিক ক্ষণ। স্কটলেণ্ডৰ গ্লাছগ’ত অনুষ্ঠিত হ’বলগীয়া ২০২৬ চনৰ কমনৱেলথ গেমছৰ বাবে নিৰ্বাচিত হৈছে অসমৰ পেৰা-চাইক্লিষ্ট লিছা দাস। উল্লেখনীয় যে মাত্ৰ ১৬ বছৰ বয়সতে এই সাফল্য অৰ্জন কৰা লিছা সমগ্ৰ ভাৰতীয় ক্ৰীড়া দলটোৰ ভিতৰত আটাইতকৈ কম বয়সীয়া খেলুৱৈ। তেওঁ আগন্তুক কমনৱেলথ গেমছত পেৰা ট্ৰেক চাইক্লিং’ ইভেন্টত ভাৰতক প্ৰতিনিধিত্ব কৰিব।
জৱাহৰ নৱোদয় বিদ্যালয়, বিশ্বনাথৰ একাদশ শ্ৰেণীৰ ছাত্ৰী লিছা দাস তেজপুৰৰ নিৰ্মল দাস আৰু ৰুক্মিণী ভূমিজ দাসৰ কন্যা।
২০১০ চনৰ ৮ জুনত জন্মগ্ৰহণ কৰা লিছাই কেৱল এখন হাতৰ সহায়ত চাইক্লিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসাধাৰণ সাহস, অদম্য মনোবল আৰু দৃঢ় সংকল্পৰ পৰিচয় দি আহিছে। শাৰীৰিক প্ৰত্যাহ্বানক কেতিয়াও বাধা হিচাপে নোলোৱাকৈ নিজৰ অধ্যৱসায় আৰু আত্মবিশ্বাসৰ জৰিয়তে তেওঁ সদায় সাফল্যৰ দিশে আগবাঢ়ি গৈছে।
উল্লেখ্য যে ২০২৫ চনৰ ৰাষ্ট্ৰীয় পেৰা ৰ’ড চাইক্লিং চেম্পিয়নশ্বিপত লিছাই সোণৰ পদক অৰ্জন কৰিছিল। কেৱল সেয়াই নহয়, তেওঁ লান্না পেৰা চাইক্লিং কাপৰ দুয়োটা ৰাউণ্ডতে স্বৰ্ণ আৰু কোৰাট পেৰা চাইক্লিং কাপত ব্ৰঞ্জৰ পদক বুটলিবলৈওঁ সক্ষম হৈছিল। ইয়াৰ উপৰিওঁ ২০২৬ চনৰ এছিয়ান পেৰা ট্ৰেক চেম্পিয়নশ্বিপত এক অনবদ্য ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰি তেওঁ দুটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদকেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনে।
Comments are closed, but trackbacks and pingbacks are open.