২২ আহাৰ, মঙ্গলবাৰ, ইং ৭ জুলাই ২০২৬
১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ধন- সম্পত্তি বাঢ়িব, মনৰ আশা পূৰণ হ’ব, লগতে আজি বিবাহ প্ৰাৰ্থী সকলৰ বিবাহৰ যোগ দেখা যায়।
২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ ব্যৱসায়িক ভাৱে লাভাৱান্বিত হোৱাৰ যোগ দেখা যায়।
৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত শত্ৰু নাশ হব, লগতে আজি আপোনাৰ কৰ্মত সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনটো দয়ালু হ’ব , ভ্ৰমণত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ পুৰণি সমস্যাৰ সমাধান হোৱাৰ যোগ দেখা যায়।
৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব, শিল্পী সকলৰ সুনাম বাঢ়িব, লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনটো কল্পনা শক্তি প্ৰৱল হ’ব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সন্মান হানি হ’ব পৰে লগতে আজি আপোনাৰ মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।
৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক অশান্তিৰ সৃষ্টি হ’ব পাৰে, কৰ্মত ভাতৃ বা আত্মীয় পৰিয়ালৰ পৰা কৰ্মত সামান্য বাধাৰ সন্মুখীন হ’ব পাৰে, লগতে আজি আপোনাৰ মনত সামান্য খংঙ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনটো ব্যকুল হ’ব পাৰে, কৰ্মত সন্মান বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত আনৰ পৰা সহায় সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।
৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, হাতলৈ ধন- সম্পত্তি আহিব যদিও আজি আপুনি সজাগ নহ’লে সামান্য মিচা অপৱাদ পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত সৰু সুৰা কথাতে মনত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে, বিবাহিত ব্যক্তি সকলে সন্তানৰ পৰা সামান্য অশান্তিৰ পাবলগীয়া হ’ব পাৰে যদিও আজি আপোনাৰ মনৰ চিন্তা ধাৰা উন্নত মানৰ হোৱাৰ যোগ দেখা যায়।
১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত ধন- সম্পত্তি হাতলৈ আহিব পাৰে, কৰ্মত অধিক দ্বায়িত্ব লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য বেয়া চিন্তা আহিব পাৰে।
১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, কৰ্মত উন্নতি সাধন হব যদিও আজি আপুনি কৰ্মত ক্ষেত্ৰত কথা বতৰা কওতে সকলো দিশতে সাৱধান হোৱাটো ভাল হ’ব।
Comments are closed, but trackbacks and pingbacks are open.