১৭ আহাৰ, বৃহস্পতিবাৰ , ইং ২ জুলাই ২০২৬
১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব, প্ৰেমত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ ব্যৱসায়ৰ বানিজ্যিত লাভাৱান্বিত হোৱাৰ যোগ দেখা যায়।
২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মস্থানত সামান্য পৰিবৰ্তন আহিব পাৰে, শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে আজি আপোনাৰ মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।
৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে মনটো সামান্য অস্থিৰ হ’ব পাৰে লগতে আজি আপোনাৰ কৰ্মত সামান্য জটিলতা সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য জটিলতা আহিব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত পুলিচ প্ৰশাসনৰ পৰা সাৱধান হোৱাটো ভাল হ’ব, যান বাহন পৰা সাৱধান হোৱাটো ভাল হ’ব নহ’লে দূৰ্ঘটনাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হব, হাতলৈ ধন সম্পত্তি আহিব পাৰে, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য আঘাত পাৱলগীয়া হোৱা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত ভয় ভাৱ বাঢ়িব, লগতে আজি আপোনাৰ সামান্য মিছা অপৱাদ পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যৱসায় বানিজ্যত ক্ষতিৰ সন্মুখীন হ’ব পাৰে লগতে আজি আপোনাৰ শত্ৰু নাশ হোৱাৰ যোগ দেখা যায়।
৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, সকলো কৰ্মতে সিদ্ধি লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত আনৰ পৰা সহায় সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।
১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ৰোগ আৰোগ্য হ’ব, যদিও আজি আপুনি যিকোনো কৰ্মৰ আৰম্ভণি বা ভ্ৰমণত সজাগ হোৱাটো ভাল হ’ব, লগতে আজি আপুনি সজাগ নহ’লে আনৰ লগত মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত কৰ্মত সন্মান বাঢ়িব, মনটো সুস্থিৰ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে আত্মগ্লানি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনটো সামান্য চঞ্চল হ’ব পাৰে, কৰ্মত কৃতকাৰ্যতা লাভ কৰিব, লগতে আজি আপোনাৰ ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।
Comments are closed, but trackbacks and pingbacks are open.