মনোজ কুমাৰ ডেকা
জ্যেষ্ঠ চিত্র সাংবাদিক
লৰচৰ কৰিলে চাবি কিন্তু…
অসম ৰাজ্যিক সংগ্ৰহালয় চৌহদৰ ভিতৰত, দীঘলীপুখুৰীৰ বিপৰীতে এখন চাহ দোকান আছিল। দোকানীৰ ওঁঠত এটা চিগাৰেটৰ টুকুৰা আৰু হাতত প্ৰায়েই ৰং লাগি থাকে। মানুহ বা গ্রাহক বেছি নাযায় বুলি ক’ব পাৰি ৷ কিবা ধৰণৰ দোকানী। চাহ-কফি বিচাৰিলে বেছ কিছু সময় ৰ’ব লাগে। শেষত চাহ-কফি আহে। দিয়ে। দি উঠি আকৌ ভিতৰলৈ গৈ চেনিৰ টেমাটো লৈ আহে। কাৰণ, চেনি দিব পাহৰে। সেয়ে চামুচেৰে আকৌ চেনি ঘুতি দিয়ে । কেতিয়াবা ভালদৰে ঘুতা নহয় । তলিত চেনি পৰি থাকে । খোৱাজনে শেষৰখিনি হুঁপি খাব পাৰে- শ্ৰু… ৰ….ৰ………প!
১৯৬৮ চনত ৰং তুলিকাৰ পৰিচয় লৈ ঘৰলৈ উভতা এইগৰাকী দোকানীৰ নাম নীলপৱন বৰুৱা । তেখেতে চেনি ঘুতি দিয়া চাহ বা কফিকাপ মোৰ খোৱা নহ’ল। সেই হেঁপাহ মনত আছে। থাকিব।
বেলতলাৰ লক্ষ্মী মন্দিৰৰ সন্মুখেৰে কেইশ মিটাৰ মান গ’লেই সুৱদী সুৰ বা শিল্পৰ গোন্ধ পাব। পথৰ বাঁওহাতে তীর্থক্ষেত্র যেন ঘৰটো । সোমোৱাৰ সোঁহাতে এটি চাংঘৰ। …কেউফালে সিঁচৰতি হৈ থাকে শিল্পকর্ম। সেইবোৰ চাই সন্মুখলৈ দুখোজ দিলেই কাণত পৰে এটি মিঠা মাত- ‘আহা…!’
দীপালী বাইদেউৰ শেষৰটো জন্মদিনত গৈছিলোঁ শিল্পীৰ ঘৰলৈ। ছাৰ বাহিৰত বহি আছিল। বাইদেউ ভিতৰত। বাইদেউৰ সৈতে মই কথা পাতিছিলোঁ। বাইদেউক সুধিছিল- ‘বাইদেউ, ৰাইজক কিবা ক’ব?’
বাইদেৱে কৈছিল- ‘ৰাইজ কুশলে থাকক। ‘
মই ধেমালি কৰি আকৌ সুধিছিলোঁ- ‘বাইদেউ, নীলদাই আপোনাক মৰম কৰে নে নাই…!’
বাইদেৱে হাঁহি হাঁহি কৈছিল- ‘কৰে।
একো ভেজাল নাই তেওঁৰ!”
‘আপোনাক বোলে একো শাক-পাচলি আনি নিদিয়ে, হয়নে!”
‘সেইবোৰ নাজানে তেওঁ! তেওঁ একো নাজানে ! ”
….ক’ত জানিব! তেখেতে মাথোঁ জানে অৱচেতন মনত জমা হোৱা চিন্তা ভাবনা স্বতঃস্ফূর্তভাৱে ওলাই যোৱালৈ বাট চাব। ৰঙৰ ফাকু খেলিব। তেওঁ জানে তেখেতৰ চিন্তা, ধাৰণা বা চিন্তাৰ গতি বা স্মৃতিৰ ঢৌ গণিব । তাত শাক-পাচলি ক’ত কেনেকৈ থাকিব বাৰু! নোৱাৰে। তাত চেনিও নাথাকে ৷ থাকিব নোৱাৰে।…
সুখ বা যন্ত্রণাক একেলগে বুকুত সাবটি স্থিৰ হৈ ৰোৱা শিল্পীগৰাকীক মই সুধিছিলোঁ- ‘নীলদা, আজি বাইদেউৰ জন্মদিন। কি দিলে?”
মিচিককৈ হাঁহি এটা মাৰি মোক কৈছিল- ‘ভাষণ!’
কি ক’ব? এয়াই আমাৰ শিল্পী। দুখ বা নোপোৱাখিনিক একমুহূৰ্তত শতযোজন আঁতৰলৈ দলিয়াই দিব পাৰে।
***********
খুব চিগাৰেট খাইছিল এসময়ত। পিছলৈ এৰিলে। চিগাৰ্টেৰ ভিতৰ ফালে ছবি আঁকে। হেজাৰ হেজাৰ ছবি। ছাৰৰ ভাষাত- ‘এই অকণমান ঠাইখিনিয়ে মোক খুব জেদী কৰি তোলে ৷ প্ৰকাশ কৰিম ইয়াতেই। ….এইখিনি ঠাইতেই।’

নীলদাই কৈছিল- ‘গুৱাহাটীৰ পৰা গড়গাঁৱলৈ এখন ছবিৰ প্ৰদৰ্শনী কৰিব বৰ মন আছিল!’
এদিন সুযোগ পাই সুধিছিলোঁ- ‘দাদা, প্রদর্শনী…?’
সেই পৰিচিত হাঁহিটোৰে তেওঁ কৈছিল- ‘হেঁপাহটো যায়েই বহু কিবাকিবি কৰিব… পিছে!’
পিছে কি? তেওঁ নক’লে। শিল্পী যে তেওঁ! দেখুৱাবও জানে লুকুৱাবও জানে!
***********
যিমানদূৰ মনত পৰে, ভাৰতীয় গণ নাট্য সংঘৰ কিবা এটি অনুষ্ঠান আছিল। নিমন্ত্রিত অতিথিৰ এগৰাকী আছিল নীলদা। নীলপৱন বৰুৱা। কোনোবাই নি মঞ্চত বহুৱাই দিলে। বাকীসকল অতিথি আহি পোৱা নাছিল । উপস্থিতি সেৰেঙা। নীলদা বহি থাকিল। অকলে। তেখেতৰ দুয়োফালে কেইবাখনো খালী চকী। নীলদা বহি আছে। বহিব দিছে আকৌ…!
মোৰ এনে লাগিছিল যেন মস্ত উৎপতীয়া ল’ৰা এটিক মাকে থেকেচা মাৰি বহুৱাই থৈছে।
…বহি থাক ইয়াত, লৰচৰ কৰিলে চাবি কিন্তু!’
(মুহূৰ্তটো ভাল লাগিছিল। ফটোখন মই ধৰি ৰাখিছিলোঁ। লক্ষীৰাম বৰুৱা সদনৰ সন্ধিয়াত….)

Comments are closed, but trackbacks and pingbacks are open.