ভঠেলি উত্‍সৱ

42

ৰতন দাস

ভঠেলি পুৰণি কামৰূপৰ বসন্তকালীন এক লোক উৎসৱ। ই এক প্ৰাচীন আৰু ঐতিহ্যবাহী উৎসৱ, যাৰ মাজেৰে অসমীয়া সমাজ জীৱনৰ লোক সাংস্কৃতিক বৈচিত্র্য আৰু ঐক্যৰ এক অপূর্ব দৃষ্টান্ত প্রকাশ পায়। এই উৎসৱ বিশেষকৈ ব’হাগ মাহত উদ্যাপন কৰা হয়, যিটো অসমীয়া সমাজ জীৱনৰ নতুন আশাৰ, আনন্দৰ আৰু উৰ্বৰতাৰ সমাহাৰ লৈ আহে।

বসন্ত কাল আৰু ভঠেলিৰ প্ৰেক্ষাপট-

বসন্ত কাল মানেই হ’ল প্ৰকৃতিৰ পুনৰ্জীৱনৰ কাল। এই সময়ছোৱাত যেন সকলো জী উঠে। নৈ-নিজৰাৰ কুলু কুলু শব্দত পাহাৰৰ শিৰত মেলে নবীন জীৱন। পাহাৰত ফুল ফুলে, চৰাই-চিৰিকটিৰ মাতত ন কুঁহিপাত মেলে। এয়াই বসন্ত, এয়াই নতুন বর্ষ অসমীয়াৰ। এনেহেন সময়ত সর্বাত্মকভাৱে উদ্যাপিত হোৱা বিহুৰ উপৰি ‘ভঠেলি’ও তেনেকুৱা এক পৰম্পৰাগত উৎসৱ।

উৎসৱৰ সময় আৰু বিস্তৃতি-

ভঠেলি উৎসৱৰ উদ্যাপনৰ নিৰ্দিষ্ট কোনো দিন বা তিথি নাই যদিও ব’হাগৰ প্ৰথম দিনটোৰ পৰা শেষৰ দিনটোলৈ অসমীয়া সমাজে ভঠেলি উৎসৱ পাতে। উৎসৱটোৰ উদযাপন পুৰণি কামৰূপ জিলাৰ বিভিন্ন অঞ্চলত চহা গঞা ৰাইজে মিলি ৰাজহুৱা স্থানত পালন কৰে। এই উৎসৱৰ মাজেৰে গাঁৱলীয়া সমাজৰ সমষ্টিগত অংশগ্রহণ, সাংস্কৃতিক পৰম্পৰা সংৰক্ষণ আৰু আন্তঃসাম্প্ৰ-দায়িক সম্প্ৰীতিৰ দৃঢ় প্ৰমাণ পোৱা যায়।

ভঠেলি শব্দটোৰ উৎপত্তি-

ভঠেলি শব্দটোৰ উৎপত্তি সম্পর্কে বিভিন্ন মত পোৱা যায়। কিছুমান অনুসন্ধানকাৰীৰ মতে, ই ভুংস্থলী, ভস্থলিকা, ভাটিয়ালী, মভংস্থলী আদিৰ পৰা আহিছিল বুলি মত পোষণ কৰে । এই শব্দসমূহে মূলতে ভগৱানে অৱস্থান কৰা স্থান, দেৱতা সজ্জা কৰা মণ্ডপ অথবা সাংগীতিক সভাৰ সৈতে জড়িত। ইয়াৰ পৰা অনুমান কৰা যায় যে ভঠেলি উৎসৱ ধৰ্মীয়-সাংস্কৃতিক মিলনৰ ঐতিহাসিক প্রেক্ষাপটৰ ভিতৰত নিহিত আছে।

ভঠেলি উৎসৱৰ মুখ্য উপাদান-

পাউৰা আৰু ভঠেলি ঘৰ এই দুয়োটা উপাদানে এই উৎসৱৰ প্ৰধান উপজীব্য।

পাউৰা বা পাৰাবাঁহ তৈয়াৰ প্ৰক্ৰিয়া-

গাঁৱৰ লোকসকলে ডাঙৰ, দীঘল, সতেজ জাতিবাঁহ কাটি আনে। তাৰ গাঁঠি চুৰুকি নানা ৰঙৰ কাপোৰেৰে মেৰিয়াই সুন্দৰকৈ সজায় । এই কাপোৰবোৰক ‘পাৰৰ কাচ’ বুলি কোৱা হয়। পাউৰাত বগা-ক’লা চোঁৱৰ (ডাঠ ৰঙীন সূতাবোৰ বান্ধি সজোৱা হয় ।

পাউৰা দুই ধৰণৰ- ১) মতা পাৰ (দৰা) ওখকৈ পোৱা যায় আৰু ইয়াত চোঁৱৰ বন্ধা থাকে । ২) মাইকী পাৰ (কইনা), অলপ চাপৰকৈ পোৱা যায় আৰু ইয়াত চোঁৱৰ নাথাকে । মতা পাৰ পুৰুষ শক্তি আৰু মাইকী পাৰ স্ত্ৰী শক্তি হিচাপে বিবেচনা কৰা হয় ।

যিখন গাঁৱত ভঠেলি উৎসৱ পতা হয় তাতে মতা পাৰ থোৱা হয়, আনহাতে মাইকী পাৰ আন এখন ওচৰৰ গাঁৱৰ পৰা ল’ৰাবোৰে কঢ়িয়াই আনিব লাগে। এনেদৰে উৎসৱটোৰ মাজেৰে সম্প্ৰদায়ৰ সহভাগিতা আৰু সম্প্ৰীতিৰ বীজ সিঁচা হয় । পাউৰা তোলাৰ সময়ত হোৱা হয় পৰম্পৰাগত গীত। তেনে এটা গীত এনেধৰণৰ…

‘এতদিনে পাউৰা দেৱে আছিলা বাঁহৰে মাজতে
গৰখীয়া ছলিক লাগল পাই উঠিয়া কান্ধতে।
পাৰুৱা পাৰুৱা সবাতো কৰি সৰুৱা নপৰিবা হালিহে।
পাৰুৱা তোলা ছলিগিলাই ধৰিব তুমাকে দাঙিহে।।’

এই গীতবোৰত আছে ভক্তি, প্ৰেম আৰু শ্ৰদ্ধাৰ সজীৱ মিলন।

ভঠেলি ঘৰ

নির্মাণঃ ভঠেলিৰ দিনা পুৱা ডেকা ল’ৰাহঁতে বাঁহৰ খুঁটি পুতি কলৰ ছটিয়াৰে (কলপটুৱা) চাৰিকোণীয়া বা ঘূৰণীয়া ঘৰ সাজে । ভঠেলি ঘৰৰ ভিতৰত সিকি, আধেলি বা টকা ৰখা হয় ।

স্থানঃ ভঠেলি খোলাৰ একাষত উৎসৱৰ সু-সজ্জিত বাঁহডাল ওলোমাই ৰখা হয় ৷

পূজাঃ এই ঘৰৰ ভিতৰত সিকি, আধেলি, টকা, বুটমাহ আদি দি গঞা ৰাইজে পূজা কৰে।

ভঠেলি ভঙা পৰম্পৰাঃ উৎসৱৰ শেষত বা পিছদিনা ভঠেলি ঘৰটো ল’ৰাবোৰে ভাঙি পেলায় আৰু তাৰ ভিতৰৰ পৰা পইচাখিনি লৈ যায় আৰু নৈবেদ্য ৰূপে ভগাই খায়। ইয়াকে ‘ভঠেলি ভঙা’ বুলি কয়। আকৌ ডেকাহঁতে পুতি থোৱা পাৰকেইটা উঠাই ৰং-ধেমালি কৰি নিজ গাঁৱলৈ লৈ যায়। ইয়াৰ লগে লগে দিনটোৰ ব্যস্ততাৰ অন্তত সন্ধিয়া ভঠেলি উৎসৱৰ সামৰণি পৰে ।

You might also like

Comments are closed, but trackbacks and pingbacks are open.