খ্ৰীষ্টমাছ ট্ৰি 

272

ড° শান্তনা বৰদলৈ

শীতৰ আমেজভৰা ডিচেম্বৰ মাহৰ মূখ্য আকৰ্ষণেই হ’ল খ্ৰীষ্টমাছ বা বৰদিন উদযাপন। যদিও খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলৰ বাবে অতি পৱিত্ৰ, ভগৱান যীশু খ্ৰীষ্টৰ জন্মদিন এই বৰদিন বা খ্ৰীষ্টমাছ , তথাপিতু বৰ্তমান গোলকীয় পৃথিৱীত  সকলোৱেই খুউৱ উলহ- মালহেৰে ইয়াক উদযাপন কৰে। বৰদিন বুলিলেই মনলৈ আহে ” খ্ৰীষ্টমাছ ট্ৰি ( Christmas tree ) বা  বৰদিনৰ গছ” ৰ এখন বৰ্ণময় চিত্ৰ। সমগ্ৰ বিশ্বত “খ্ৰীষ্টমাছ ট্ৰি ” নামেৰে জনপ্ৰিয় হোৱা এই বিশেষ সাজসজ্জাৰে শোভিত গছ  বাবেই এই লিখনিত মূখ্যত  “খ্ৰীষ্টমাছ ট্ৰি” নামেৰেই বৰ্ণনা কৰা হৈছে।

প্ৰকৃততে খ্ৰীষ্টমাছ ট্ৰি  এজোপা বিশেষ নামৰ বা প্ৰজাতিৰ কোনো গছ নহয়। ল’ৰালিৰ দিনত আমিও খ্ৰীষ্টমাছ বা বৰদিনত  সজোৱা গছজোপাকে এবিধ বিশেষ প্ৰজাতিৰ গছ “খ্ৰীষ্টমাছ ট্ৰি” বুলিয়েই ভাবিছিলো। খ্ৰীষ্টমাছৰ আনন্দ উল্লাসৰ মাজত খ্ৰীষ্টমাছ ট্ৰিৰ বিশেষত্বও অন্যতম। সাধাৰণতে সৰল (পাইন) জাতীয় চিৰহৰিৎ কেইজোপামান বিশেষ উদ্ভিদ বা ইয়াৰ ডাল কাটি খ্ৰীষ্টমাছ বা বৰদিনৰ উপলক্ষ্যত শান্তি আৰু সম্প্ৰীতিৰ সজীৱ জীৱনৰ উৎস ভগৱান বা গড (God) ৰ স্থান হিচাবে বিভিন্ন সামগ্ৰী যেনে তৰা, ফুল- ফল, ঘণ্টা, ৰঙীন কাগজ ইত্যাদিৰে  ৰঙ-বিৰংগৰ সাজসজ্জাৰে উজ্জ্বলাই তোলা গছজোপা পৰিচিত হৈ পৰে  “খ্ৰীষ্টমাছ ট্ৰি ( Christmas Tree )”  নামেৰে।

এই খ্ৰীষ্টমাছ ট্ৰিৰ বুৰঞ্জীলৈ লক্ষ্য কৰিলে দেখা যায় যে পৃথিৱীৰ বেলেগ বেলেগ দেশত খ্ৰীষ্টমাছ ট্ৰি উদযাপনৰ কেবাটাও বেলেগ বেলেগ কাহিনী আছে। এই সম্পৰ্কীয় তথ্যপাতিৰ পৰা জানিব পৰা গৈছে যে পশ্চিমীয়া দেশসমুহত শীতকালিৰ উৎসৱত শংকুজাতীয় চিৰহৰিৎ গছ সজ্জিত কৰা পৰম্পৰা হাজাৰ বছৰৰ আগৰেপৰাই চলি আহিছে।কিন্তু অনুমানিক ষোল্ল শতিকাতহে খ্ৰীষ্টমাছ বা বৰদিনৰ দিনা খ্ৰীষ্টমাছ ট্ৰি সজ্জাৰ পৰম্পৰা প্ৰথম জাৰ্মানীতে আৰম্ভ হৈছিল বুলি ক’ব পাৰি। তাৰ পিছতহে ইজিপ্ত, ৰোম, আদিতো এই পৰম্পৰা আৰম্ভ হয়। আন এটা তথ্যৰ পৰা জানিব পৰা গৈছে যে ১৮৪১ চনত ইংলণ্ডৰ  ৰানী ভিক্তোৰিয়া আৰু তেওঁৰ জাৰ্মান পতি ৰাজকুমাৰ এলবাৰ্টে উইণ্ডচ’ৰ দুৰ্গ (Windsor castle) ত এডাল খ্ৰীষ্টমাছ ট্ৰি সজ্জিত কৰিছিল। এইদৰেই খ্ৰীষ্ট্ৰমাছ ট্ৰিৰ সাজ- সজ্জা আমেৰিকা যুক্তৰাষ্ট্ৰলৈকে বিস্তাৰিত হৈ জনপ্ৰিয় হৈ পৰিছিল। কালক্ৰমত এই খ্ৰীষ্টমাছ ট্ৰিৰ অলংকৰণত আ- অলংকাৰ, শুকান ফল-মুল, কুকিজ, চকলেট আদিও  ব্যৱহাৰ কৰা হ’ল। বিজ্ঞানী থমাছ আলভা এডিচনে বৈদ্যুতিক চাকি (Electric light) আৱিষ্কাৰ কৰি খ্ৰীষ্টমাছ ট্ৰিক ৰঙীন চাকিৰ আলোকেৰে সজ্জিত কৰি চমকিত কৰি তুলিলে। ১৯৪৮ চনত প্ৰায় ১০০ ফুট উচ্চতাৰ ” নৰৱে স্প্ৰুচ (Norway Spruce) ” নামৰ গছডাল সৰ্বোচ্চ খ্ৰীষ্টমাছ ট্ৰি ৰূপে নিউয়ৰ্কৰ ৰক ফলাৰ কেন্দ্ৰ (Rock Faller Centre)ত প্ৰদৰ্শিত হৈছিল। আমেৰিকাৰ চতু্ৰ্দশ ৰাষ্ট্ৰপতি ফ্ৰেংকলিন পিয়েৰচে ১৯২৩ চনৰ পৰা দেশৰ ৰাষ্ট্ৰপতি ভৱন “হোৱাইট হাউছ (White House )” ৰ বাগিছাত খ্ৰীষ্টমাছ ট্ৰিৰ পৰম্পৰা আৰম্ভ কৰিলে। ১৯৬৬ চনৰ পৰা নেচনেল খ্ৰীষ্টমাছ ট্ৰি এছ’ছিয়েছনে (National Christmas Tree Assosiation) প্ৰদান কৰা খ্ৰীষ্টমাছ ট্ৰি প্ৰতিবছৰে হোৱাইট হাউছৰ ব্লু ৰোম (Blue Room) ত প্ৰদৰ্শন কৰা হয়।

ইতিমধ্যেই উল্লেখ কৰা হৈছে যে খ্ৰীষ্টমাছ ট্ৰি হিচাবে বিশ্বৰ বিভিন্ন দেশত নিদিষ্ট কেইবিধ মান প্ৰজাতিৰ পাইন জাতীয় চিৰহৰিৎ উদ্ভিদ ব্যৱহাৰ কৰা হয়। এই উদ্ভিদ সমুহ দৌলাকৃতিৰ ওখ গছ আৰু ইয়াৰ পাতবোৰ বেজীৰ দৰে (Needle like) মিহি মিহি। পাতবোৰ গছৰ কাণ্ডত এনেভাৱে লাগি থাকে যে ডালৰ সৈতে ইয়াক একোটা কাপৰ দৰে দেখি। গছবোৰ প্ৰায় ৪০–৫০ ফুটলৈকে ওখ হয়। এই সমুহ উদ্ভিদ প্ৰধানত উত্তৰ গোলাৰ্দ্ধৰ শীত আৰু নাতিশীতোষ্ণ অঞ্চলত হয়। সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় ৬০০০ ফুট উচ্চতালৈকে এই উদ্ভিদসমুহৰ বিস্তৃতি পোৱা গৈছে। এই বিশেষ উদ্ভিদ সমুহ যেনে উদ্ভিদ জগতৰ পাইনেচি (Pinaceae) পৰিয়ালৰ ফিৰ (Fir ) যেনে- বালচাম, ফ্ৰেচাৰ, ন’বোল , বৰ্ডমান, ডগলাছ , হোৱাইট ফিৰ  আৰু স্প্ৰুচ (Spruce ) যেনে- নৰৱে, ব্লু;    পাইন (Pine)  যেনে- ইষ্টাৰ্ন হোৱাইট , ভাৰ্জিনিয়া, স্কটছ;  চাইপ্ৰেচেচি (Cypressaceae)  পৰিয়ালৰ চাইপ্ৰেছ  (Cypress)  যেনে- লেইলেণ্ড, এৰিজ’না;  নামৰ  চিৰ হৰিৎ উদ্ভিদৰ নিৰ্দিষ্ট কেইটামান প্ৰজাতিৰ উদ্ভিদহে খ্ৰীষ্টমাছ ট্ৰি সজ্জাৰ বাবে ব্যৱহাৰ কৰা হয়। এইবোৰৰ ভিতৰত বালচাম ফিৰেই আটাইতকৈ বেছি সুগন্ধিযুক্ত আৰু জনপ্ৰিয়। এইসমুহ উদ্ভিদৰ জন্মস্থান উত্তৰ আমেৰিকা, দক্ষিন পূৱ তথা  উত্তৰ পশ্চিম  আমেৰিকা বুলি জানিব পৰা গৈছে। এই উদ্ভিদসমুহৰ পাতৰ সজ্জা, পাতৰ দৈৰ্ঘ, ফলৰ আকাৰ , গছৰ শংকুআকৃতিৰ উচ্চতা আদিৰ পৰা পৰস্পৰ চিনাক্ত কৰিব পাৰি। ফিৰ জাতীয় উদ্ভিদসমুহ আনসমুহতকৈ বেছি ওখ হয় আৰু ইয়াৰ পাতসমুহ বহুদিনলৈকে সতেজ তথা সেউজীয়া হৈ থাকে কাৰণে ইয়াৰ ব্যৱহাৰো বেছি। প্ৰধানত বালচাম, ফ্ৰেচাৰ, ন’বোল, বৰ্ডমান ফিৰ ব্যাপক হাৰত ব্যৱহৃত হয়। আনহাতে দুয়োবিধ স্প্ৰুচ ট্ৰিও খ্ৰীষ্টমাছ ট্ৰি ৰূপে জনপ্ৰিয়। আনহাতে লেইলেণ্ড আৰু এৰিজ’না চাইপ্ৰেছ তথা ইষ্টাৰ্ণ হোৱাইট, ভাৰ্জিনিয়া , স্কটছ  পাইনৰ ব্যৱহাৰ সীমিত।

এইসমুহ উদ্ভিদত বা ইঁহতৰ ডালত খ্ৰীষ্টমাছ বা বৰদিনৰ অন্যতম আকৰ্ষণীয় খ্ৰীষ্টমাছ ট্ৰি  জোপা নানান অংগসজ্জাৰে সজোৱা হয়। ইউৰোপ তথা বিশ্বৰ অন্যান্য দেশসমুহত খ্ৰীষ্টমাছৰ দিনা বিভিন্ন গীৰ্জা (Church) আৰু দুৰ্গ (Castle)সমুহত মহা উলহমালহেৰে খ্ৰীষ্টমাছ ট্ৰি সজ্জিত কৰে। কিন্তু বিশ্বৰ সকলো ঠাইতে এইসমুহ উদ্ভিদ সহজলভ্য আৰু সুলভ নহয়। সেয়েহে  বৰ্তমান সময়ত কৃত্ৰিমভাৱে তৈয়াৰী এইসমুহ উদ্ভিদৰ হুবহু ৰূপত   খ্ৰীষ্টমাছ ট্ৰি উপলদ্ধ হৈছে আৰু ইয়াকে প্ৰতীকি খ্ৰীষ্টমাছ ট্ৰি হিচাবে সজ্জিত কৰা হয়।

খ্ৰীষ্টমাছ ট্ৰিত সজ্জিত কৰা বিভিন্ন সামগ্ৰীসমুহে মানৱজীৱনৰ একো একোটা মহান গুণ যেনে- দয়া, ক্ষমা,  কৰুণা , আনন্দ, প্ৰীতি, বিশ্বাস, ভদ্ৰতা , অমায়িক আদিক প্ৰতিনিধিত্ব কৰে  আৰু গছজোপাত ওপৰত সজ্জিত কৰা “তৰা” (Star) টোৱে চিত্ৰায়িত কৰে ভগৱান যীশুখ্ৰীষ্টৰ  বেথেলহামত এই পৱিত্ৰ দিনত জন্ম হোৱাৰ জাননী। গছজোপাত ওলোমাই থোৱা ঘণ্টা সমুহৰ ধ্বনিয়ে ৰূপায়িত কৰে যে  ভগৱান যীশুৰ জন্মৰ লগে লগে পৃথিৱীলৈ নামি আহিছে সুখ আৰু আনন্দৰ জোৱাৰ। গ্ৰীকসকলে ভগৱানৰ প্ৰতি ত্যাগৰ প্ৰতীক ৰূপে খ্ৰীষ্টমাছ ট্ৰিত ব্যৱহাৰ কৰে ৰূপালী তৰা (Silver Star) ।আনহাতে ৰোমানসকলে চিৰ সেউজ আনন্দ আৰু সুখৰ প্ৰতীক ৰূপে খ্ৰীষ্টমাছ ট্ৰি পোহৰেৰে আলোকিত কৰাত অধিক গুৰুত্ব দিয়ে। জাপানীজ আৰু চাইনীজ সকলে ইয়াক অতি পৱিত্ৰ ট্ৰি ৰূপে মান্যতা প্ৰদান কৰে। জাৰ্মানীত মাৰ্টিন লুথাৰ কিঙৰ দিনৰ পৰা পোহৰ বিচ্ছুৰিত মমবাতিৰে খ্ৰীষ্টমাছ ট্ৰি আলোকিত কৰি যীশুৰ মহান প্ৰেমবানী সমগ্ৰ বিশ্বত বিলায়। খ্ৰীষ্টিয়ান ধৰ্মপুথি বাইবেলত যদিও খ্ৰীষ্টমাছ ট্ৰিৰ বিষয়ে উল্লেখ নাই তথাপিতু মহাপ্ৰভূ যীশুখ্ৰীষ্টৰ আৱিৰ্ভাৱৰ উপলক্ষ্যত ইয়াক এক পৰম্পৰা হিচাবে বহু শতিকাৰ আগৰে পৰাই ব্যৱহাৰ কৰি অহা হৈছে। এই খ্ৰীষ্টমাছ ট্ৰিৰ আত্মীয়তা তথা অনুভৱৰ আচ্ছাদনত বিশ্ব সাহিত্যৰ বিখ্যাত কবি ডেভিদ কেইগ,  ই ই কিউমিং, ৰবাৰ্ট ফ্ৰষ্ট, উইলিয়াম ব্লেক আদিয়ে সুন্দৰ  কাব্যসাজেৰে প্ৰষ্ফুটিত কৰিছে  অৰ্থবহ খ্ৰীষ্টমাছ ট্ৰি।

ভগৱান যীশুৰ আশীৰ্বাদ ৰূপে আনৰ বাবে কৰা সেৱাকৰ্ম ও সহায় – সহযোগিতাৰে ৰঞ্জিত হৈ খ্ৰীষ্টমাছ ট্ৰিয়ে প্ৰেমৰ বানী বিলাই আছে  অহৰ্নিশে। ইয়াৰ সাজ-সজ্জাত উজ্জ্বলি উঠে মৰম-প্ৰীতি, হাঁহি- ধেমালি, স্মৃতিৰ সঁফুৰা আৰু আলোকৰ যাত্ৰা।প্ৰেম , শান্তি, আশা  আৰু আনন্দৰ  বতৰা বিলাই খ্ৰীষ্টমাছ ট্ৰি সজ্জাই পৱিত্ৰ খ্ৰীষ্টমাছৰ দিনা ধৰালৈ বোৱাই আনে ভাতৃত্ববোধ, বন্ধুত্ববোধ তথা মানৱতাবোধৰ নিজৰা। পৰিশেষত বাৰ্টন হিলছৰ ভাষাৰে-

” The Best Gift Around Any Christmas Tree , The Presence Of A Happy Family All Wrapped Up In Each Other “

You might also like

Comments are closed, but trackbacks and pingbacks are open.