ড০ মীন্তি গগৈ
নৈসর্গিক প্ৰকৃতিৰ বুকুলৈ সৃষ্টিৰ নূপুৰ বজাই নামি আহে বৰুণ দেৱতাৰ আৰ্শীষ ধন্য প্ৰাণ প্ৰাচুৰ্যময় ঋতু বৰষা। স্বাভাৱিকতে, গ্ৰীষ্মৰ প্ৰখৰ তাপে দগ্ধ ধৰাৰ বুকুত,বৰষাৰ ৰং কিম্বা বৰষুণৰ গুঞ্জনে সঞ্চাৰিত কৰে অপূৰ্ব মাদকতা । বৰষা মানেই সৃষ্টিৰ বিমল সম্ভাৰ। বৰষাৰ জাক জাক বৰষুণে প্ৰকৃতিৰ বুকুলৈ নমাই আনে সেউজীয়া প্লাৱন। জীৱন জীওৱাৰ স্বপ্ন। জীৱনক ভালপোৱাৰ ৰং। এই বৰষা ঋতুতেই ঐশ্বৰ্যময় আকাশ আগুৰি ৰাস্তাৰ দুয়ো কাষে ফুলি উঠে শাৰী শাৰী হালধীয়া সোণাৰু, ৰঙা কৃষ্ণচূড়া, ৰাধাচূড়াৰ ফুলৰ দলিচা।মৌচুমী বায়ুৰ প্ৰভাৱত অসমী আইৰ বুকুলৈ লৈ নামি অহা কিন্ কিনিয়া, চিপ্ চিপীয়া, ছাগলীখেদা, মৌপিয়া, কলহৰ কাষেৰে ঢলা পেনপেনীয়া, মূষলধাৰ, লেলপেল নিচিগা, ধাৰাসাৰে অহা, চালে পানী কটা, দোপালপিটা ইত্যাদি ভিন ভিন নামেৰে পৰিচিত বৰষুণ শুকান মাটিৰ ৰন্ধে ৰন্ধে সোমাই সৃষ্টি কৰে এটি প্ৰাণময় চিনাকি সুবাস।মোহময়ী বৰষা ঋতুত নৃত্যৰতা ধৰিত্ৰী যেন গৰ্ভাৱতী হয় l এনে ভাৱ হয় যে চৌদিশে সৃষ্টিৰ বীজ সিঁচি প্ৰাণময় হৈ উঠা বৰষা কেৱল এক ঋতু নহয়, বিমূর্ত ৰঙৰ সেউজবুলীয়া সপোনৰ ঘৰ।
জানিব পৰা মতে, অসমত বছৰি প্ৰায় ১৭০২.০০ মি.মি. বৰষুণ হয়।বৰষা আগমনত প্ৰাণ চঞ্চল বৰষুণে ধৰাৰ বুকুত সিঁচি দিয়ে সঞ্জীৱনী শক্তি । সেইসময়ত গ্ৰীষ্মৰ প্ৰৱাহ চলি থাকে যদিও প্ৰকৃতিৰ প্ৰতিজোপা তৰু-তৃণ, গুল্ম-বৃক্ষ বৰষুণৰ প্ৰভাৱত পত্ৰে-পুষ্পে সুশোভিত হৈ উঠে। মেঘ, মাটি আৰু মানুহৰ সু-সমন্বয়ত সৃষ্ট অনন্য ৰূপ-লাৱণ্যই কৃষকৰ মনত নতুন আশা সঞ্চাৰ কৰে। খেতিৰ পথাৰত হেঁপাহৰ কঠীয়া গজি কৃষক ৰাইজৰ মন-মগজুত হেমন্ত কালত বিধে বিধে সোণগুটি চপোৱাৰ সপোনে পোখা মেলে। বিনন্দীয়া প্ৰকৃতিৰ বুকুত কৃষকৰ প্ৰেম হয় কৃষিকৰ্মৰ স’তে। নাঙলৰ প্ৰেম হয় মাটিৰ সৈতে। হালোৱা-ৰোৱনীৰ প্ৰেম জাগি উঠে বোকাময় পথাৰৰ স’তে ।অসমৰ চহা কৃষকে কৃষিৰ পথাৰত জহা, বৰা, লাহি, শালি ,কেতিকী বিভিন্ন প্ৰকাৰৰ ধানৰ বীজ ৰোপণ কৰে।কৃযিপ্ৰধান ৰাজ্যখনত কোনোবা বছৰ বৰলুইতে সৃষ্টি কৰা বানপানীয়ে পলস সিঁচি থৈ যোৱাৰ বাবে কৃষিভূমিত শস্যৰ বীজে লহপহকৈ বাঢ়ি আহি কৃষকৰ মন অধিক প্ৰাপ্তিৰ ভৰাই তোলে । ৰষা ঋতুত কৃষিভিত্তিক অসমীয়া জনগণৰ মনৰ মাজত উদ্বেলিত বতৰা ভাগৱতৰ দশম স্কন্ধত শুনা যায় এনেদৰে —
“বৃষ্টি জল পায়া শস্য কৰৈ হলফল
দেখি কৃষকৰ মন কুবুহবল”
কৰ্ষিতা পৃথিৱীৰ বুকুত মেঘৰ মৃদু গৰ্জন, বিজুলীৰ চিকমিকনি, পাৰওপচা জলৰাশি, আবেলিৰ আকাশ আগুৰি ৰামধেনুৰ ছবি ইত্যাদি বিভিন্ন ৰূপেৰে বিভূষিত বৰষাৰ আগমনত কবিকুলৰ হৃদয়ত যেন ভৰা নদীৰ ঢৌ উঠে।কবি মনৰ সৃজনী প্ৰতিভাই কবিতা অথবা কেতিয়াবা গীতৰ ৰূপত আত্মপ্ৰকাশ কৰে। শ বৰষা ঋতুতে নমস্য কবি নৱকান্ত বৰুৱাই দূৰণিত থকা তেঁওৰ প্ৰেয়সীলৈ মনত পেলাই লিখিছিল —
“বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী ? “
কেনোবাদিনা বৰষাৰ মেঘৰ বিজুলি চমক দেখি আজন্ম কবিজনাৰ কাপেৰে নিগৰি আহিছিল —
“ বৰ্ষা তোমাৰ মেঘ ভম্বৰু স্পন্দন
কত কলাপীৰ চপল হৃদয় ৰঞ্জন ”
ভৰপূৰ সমৃদ্ধিৰ বতৰা কঢ়িয়াই অনা বৰষা যেন মানৱ জীৱনৰ এক বিমূর্ত ৰূপ l হাজাৰ কবিৰ হৃদয়ত বৰ্ষা ঋতুত প্ৰেমৰ গুঞ্জন উঠে।মন মগজুত নৱ নৱ সৃষ্টিৰ হাবিয়াস জাগে ।দুচকুত স্বপ্নময় আকুলতা আৰু দেহ-মন উতলা কৰা ৰোমান্টিকতাৰে ভৰা প্ৰাণত যেন মধুৰতম শব্দৰ ঝংকাৰ উঠে । বৰষাৰ আলফুল বৰষুণৰ আমেজ অনুভৱ কৰি বহু গীতিকাৰৰ কন্ঠত বাৰিষা আগমনৰ বতৰা যেন সমধুৰ সুৰ হৈ বাজি উঠে
“আজি বাৰিষাৰ প্ৰথম বৰষুণ পৰিছে
তোমাৰ চাগে মোলৈ মনত পৰিছে”
প্ৰকৃতিৰ এক অনন্য সৌন্দর্য প্ৰদান কৰা বৰষাৰ বৰষুণত আত্মবিভোৰ হৈ ভাৰতৰত্ন সূধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ কণ্ঠত শুনা গৈছিল মধুৰতম শব্দৰ সুৰীয়া সমলয়-
“স্নেহে আমাৰ শত শ্ৰাৱণৰ ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে”
প্ৰতিশ্ৰুতিভৰা এক আশাৰ ঋতু বৰষাৰ আগমনত গছৰ চিৰিলি চিৰিলি সেউজীয়া পাতৰ মাজেদি বহ্নিমান ব্ৰহ্মপুত্ৰৰ বুকুলৈ মেঘনীলা আকাশৰ শুকুলা ডাৱৰবোৰ যেন টুপ টুপকৈ মুকুতাহৈ সৰি পৰে l আবেলিৰ আকাশ আগুৰি জিলিকি উঠে সতোৰঙী ৰামধেনু বৰণীয়া সপোনৰ ৰেখা। বৰষা মানেই প্ৰতীক্ষা l দেহ-মন জুৰ পেলাব পৰা এজাক মুষুলধাৰ বৰষুণৰ বাবে অধিৰ আশা।বৰষা মানেই বৰষুণৰ ঢল, হৃদয়ৰ স্পন্দন। বৰষাৰ মেঘৰ মাদল, জাক-জাক বৰষুণৰ লহৰ, জলধাৰাৰ বুকুৰ উপলা ঢৌ দেখি আধুনিক
কবি ড০ কৰবী ডেকা হাজৰিকাই লিখিছিল –
“বৰষুণবোৰ পুৰণি ডায়েৰিৰ দৰে পঢ়িব পাৰি
পুৰণি এলবামৰ দৰে বৰষুণত বিচাৰিব পাৰি ধূসৰ মুখ”
স্বৰূপাৰ্থত বৰষাৰ বৰষুণৰ স’তে নদীৰ আছে অক অভিন্ন সম্পর্ক । এই বৰষা ঋতুত নদী আৰু প্ৰকৃতিৰ যুগলবন্দীত বৰলুইতৰ লগতে অসমৰ কোনো কোনো অঞ্চলত নৈ-বিল, জান-জুৰি, খাল-পুখুৰী সকলোবোৰৰ ফোনে ফুটুকাৰে ওফন্দি উঠি সেউজীয়াৰ পথাৰবোৰত অপ্ৰত্যাশিত বন্যাৰ জোৱাৰ সৃষ্টি কৰে । কৃষক পথাৰত বহু সময়ত সমস্যা হিচাপে থিয় দিয়া বন্যাৰ প্ৰভাৱত বহু কৃষকৰ আশাৰ সপোন ভাগে তথাপি যেন কবিকুলৰ প্ৰাণত কাব্যিক শব্দৰ বৰষুণ সৰে —
“বুৰ গ’ল ঘৰ বাৰী তল গ’ল গাঁও
চাৰিওফালে দেখোঁ মাথোঁ ভূৰ আৰু নাও”
কোনোজন চিন্তা গধুৰ কবিৰ কলিজা বৰষাৰ বৰষুণ সিক্ত বন্যাৰ চিত্ৰ দেখি স্বৰ্তস্ফুতভাৱে ওলাই আহে —
” ইকি বিভীষিকা, ইকি প্ৰহেলিকা
ইকি সৌন্দর্যৰ মেলা!
সংজ্ঞাতীত অভিধাৰে আৰাধিত,এক অভিনৱ প্ৰেমৰ ঋতু ,বৰষাৰ আমেজ ভৰা ৰাতি কবিৰ মন প্ৰেমানুভৱত আপ্লুত হৈ লিখা হৃদয়ৰ অনুভৱবোৰ গীতিকাৰ জুবিন গাৰ্গৰ কণ্ঠৰ গীতত শুনিবলৈ পোৱা যায এনেদৰে —-
” বৰষা যেতিয়া নামে ধৰিলে এনে লাগে যেন তুমিয়েই “
শস্যসম্ভৱা প্ৰকৃতিৰ সীমাহীন প্ৰাণ প্ৰাচূৰ্যতৰাৰে ভৰা বৰষা ঋতুত কবিৰ কোমল কলিজাত প্ৰেমৰ অনুৰণন তুলি গোৱা শুনা যায় কবি নিৰ্মলপ্ৰভা বৰদলৈ দ্বাৰা ৰচিত সেই যুগজয়ী হৃদয় পৰশা গীত–
“বৰষা ঋতু ভাল পাওঁ মই
প্ৰতিশ্ৰুতি আছে তাৰ
সেউজী ৰহন ইয়ে সানে
শুকান গছৰ গাত “
যুগে যুগে স্বপ্নাতুৰজনৰ সৃষ্টিৰ মাদকতাৰে মন পুলকিত কৰা হেঁপাহৰ ঋতু বৰষা জীৱন উদযাপনৰ কৰাৰ সোণালী সময়। সকলোৰে হৃদয়ৰ আপোন বৰষাৰ ৰিম্ ঝিম বৰষুণ l
Comments are closed, but trackbacks and pingbacks are open.