এলি আহমেদ
বর্ণালী এছ ডেকা
সাহিত্যই মানুহৰ স্থায়িত্ব প্রতিপন্ন কৰে ৷ সাহিত্যৰ হাঁচতিত এজন সাহিত্যিকে ছন্দোবদ্ধ কৰে তেওঁৰ জীৱনৰ ৰচনা সমৃদ্ধ ৷ সৃষ্টিশীলতাৰ তাড়নাত অতি সক্রিয় আৰু প্রাণৱন্তভাৱে সমাজৰ বিভিন্ন দিশৰ হকে এজন সাহিত্যিকৰ কলমৰ কাপেৰে নিগৰিত হয় অজস্র জীয়া কাহিনী ৷ তেনে এগৰাকী সাহসী তথা জীৱন–উন্মুখী সাহিত্যিকৰ জীৱনগাথাৰে আমাৰ এইবাৰ মহীৰূহ শিতান পাঠক সমাজলৈ আগববাইছোঁ ৷
এলি আহমেদ অসমৰ সাহিত্য আৰু সাংসৃক্তিক জগতৰ এক পৰিচিত নাম ৷ একাধাৰে কবি, গীতিকাৰ, গল্পকাৰ, নাট্যকাৰ, শিশু সাহিত্যিক তথা সমাজকর্মী ৰূপে জনাজাত এলি আহমেদৰ জন্ম শিৱসাগৰ জিলাৰ নাজিৰাত ৷ ১৯৩৫ চনৰ ১৪ মার্চত জন্ম এলি আহমেদৰ ৷ পিতৃৰ নাম ডাঃ আব্দুৰ ৰচিদ আৰু মাতৃৰ নাম হামিদা ৰচিদ৷ প্রাথমিক শিক্ষা নাজিৰাতে সমাপ্ত কৰে ৷ পখিলা খেদা বয়সৰ পৰা তেওঁ সাহিত্য চর্চাত মনোনিৱেশ কৰিছিল ৷ মাত্র ৯ বছৰ বয়সতে লিখা এটা কবিতাৰ জৰিয়তে তেওঁৰ সাহিত্য জগতখনত দুর্জেয় মনৰ পৰিচয় দিছিল ৷ অসমৰ সমাজ, সাহিত্য আৰু সাংসৃক্তিক জগতখনৰ বাবে শক্তিশালী কলমেৰে যিমানখিনি অৱদান আগববাইছে, সেয়া সঁচাকৈয়ে পৃথক আৰু সুকীয়া ৷ সমাজৰ প্রতিটো ক্ষেত্রলৈও আগবেোৱা তেওঁৰ নিৰৱচ্ছিন্ন প্রচেষ্টাৰ বাবে চহকী হৈছে অসমীয়া জাতি ৷ গীত, সুৰ, নাটক, তথ্যচিত্র, গল্প, উপন্যাসকে ধৰি কি দিয়া নাই আমাক ৷ এই কাৰণে বিশিষ্ট সাহিত্যিক নিৰূপমা বৰগোহাঞিয়ে কৈছিল এলিক মই কওঁ দশভুজা বুলি, কাৰণ সাহিত্য–সংসৃক্তি–সাং যিমান কাম কৰিছে অসমৰ কোনো মহিলাই কৰা নাই বুলি মই ন দি কব পাৰোঁ ৷
১৯৫০ চনতে সাহিত্য যাত্রাৰ বীজ ৰোপণ কৰিছিল আৰু এই বীজে সাৰপানী পাই ক্রমান্বয়ে এজোপা বটবৃক্ষৰ ৰূপ ধাৰণ কৰিলে৷ সাহিত্য জগতত তেওঁৰ মূল ভেটি শিশু সাহিত্য ৷ শিশুৰ মনস্তাত্ত্বিক দিশটোৰ প্রতি লক্ষ্য ৰাখি শিশুৰ বাবে ৰচনা কৰা লেখাবোৰ তেওঁৰ জীৱনৰ অন্যতম কৃতি ৷ শিশু সাহিত্যিক ৰূপে তেওঁৰ যশস্যা সর্বজনবিদিত ৷ তেওঁৰ ৰচনা কৰা শিশু গ্রন্থ সমাহাৰৰ অন্যতম হল মই কেতিয়া আইতা হম (১৯৭০), ৰংমনৰ মন (১৯৮২), জীউৰাম (২০০৬), দুখন ঘৰ এখন চোতাল (২০০৪), আমাৰ কুমলীয়া মন (২০১৩), আমাৰে মইনা কোনো ভাবে গুণে (২০১২) ৷ তদুপৰি এলি আহমেদৰ কেইবাখনো শিশু গীতিগ্রন্থও প্রকাশ পাইছে ৷ তাৰ ভিতৰত দোকমোকালিৰ গীত (১৯৮৩), অ আ ক খ (১৯৭৭), পঞ্চ ইন্দ্রিয় (১৯৬৬), কোমল ওঁঠ লৰে চৰে (১৯৯৭), নীতি শিক্ষা (১৯৬৬), লুকাভাকু (২০০৭) ইত্যাদি লেখত লবলগীয়া ৷
কেৱল সেয়াই নহয়, শিশুসকলৰ উপযোগীকৈ আশা, মিউজিক চেয়াৰ, নতুন চোলা, আমি অভিনয় কৰা নাই, আমাক এগৰাকী ভাল মা লাগে ইত্যাদি বহুকেইখন অনাতাঁৰ নাটক ৰচনা কৰিছে ৷
এলি আহমেদে বুজিছিল যে নাটকৰ জৰিয়তে শিশুসকলক কিদৰে সামাজিক বার্তা প্রদান কৰিব পাৰি ৷ শিশুসকলৰ জ্ঞানৰ ভঁৰাল চহকী কৰাৰ উদ্দেশ্যে নেহৰু খুৰা, পোন্ধৰ আগষ্ট, জিকিৰ, হজৰত মহম্মদ, সাতভনী, ঈদ–উজ–জোহা, এনাজৰী ইত্যাদি ধৰণৰ নৃত্য নাটিকা প্রস্তুত কৰি পৰিৱেশন কৰিছিল ৷
শিশু নাটকৰ ক্ষেত্রখনতো আছে তেওঁৰ বৃহৎ দখল ৷ তাৰে জনপ্রিয়কেইখন মান নাটক হল ক্রমে কাকনো বুলিব ককা, ৰংমন, ককাদেউতাৰ সাধু, আমাক কি লাগে ইত্যাদি ৷ শিশুৰ বাবে গীত, নাটকৰ অভূতপূর্ব বৰঙণিৰ বাহিৰেও ১৯৭০ চনৰ পৰা ৰংচৰা নামৰ এক সাংসৃক্তিক পাতনি মেলিছিল, যি আজিও সক্রিয় অৱস্থাত আছে ৷
শিশুৰ চাৰিত্রিক বিকাশত জীৱনী গ্রন্থসমূহে এক বিশেষ অৰিহণা বহন কৰে ৷ এলি বাইদেৱে কেইবাখনো জীৱনী গ্রন্থ ৰচনা কৰিছে ৷ ইয়াৰে অসম জ্যোতি কিতাপখনৰ নাম বিশেষভাৱে লব লাগিব ৷ উক্ত কিতাপখনত সন্নিৱিষ্ট কৰা হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা, বুৰঞ্জীবিদ বেণুধৰ শর্মা, কবি নলিনীবালা দেৱী, ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাকে ধৰি এইসকল মনীষীৰ বৈচিত্র্যময় জীৱনগাথা শিশুৰ মনোপযোগীকৈ সজাই তোলা হৈছে ৷ শিশু সম্পর্কীয় কর্মৰাজিৰ বাবে ২০১৫ চনত তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছে ৷ শিশু সাহিত্যত তেওঁৰ অনবদ্য অৱদানৰ উপৰি গল্পকাৰ হিচাপেও তেওঁৰ স্থান অত্যন্ত সুকীয়া ৷
তেওঁৰ উল্লেখযোগ্য গল্প সংকলনৰ ভিতৰত অন্যতম হৈছে শিল্পী হাতৰ কঁপনি (১৯৫৫), ডায়েৰীৰ পাতে পাতে (১৯৫৯), অংকুৰ (১৯৬৮), প্রেমৰ সংজ্ঞা (২০০২), মন জেতুকাৰ পাত (২০০৭), মজিয়াৰ মাটি (২০০০), ক্র নান্দি (১৯৮০) ইত্যাদি ৷ উল্লেখ্য যে শিল্পী হাতৰ কঁপনি আৰু ডায়েৰীৰ পাতে পাতে গল্প সংকলন দুখন আজিও হাতেলিখা অৱস্থাত নাজিৰা হাইস্কুল পুথিভঁৰালত সংৰক্ষিত হৈ আছে ৷
আনহাতে এলি আহমেদ এগৰাকী স্বভাৱ কবি ৷ খোদ ডঃ ভূপেন হাজৰিকাই তেওঁক এই শিৰোনাম দি গৈছে ৷ ১৯৯৯ চনত তেওঁৰ স্পন্দন শীর্ষক কবিতাপুথিখন পঢ়ি নির্মলপ্রভা বৰদলৈৰ অনুভৱ স্পন্দন মানেই জীৱন ৷ জীৱন মানেই অভিজ্ঞতাৰ সমাহাৰ ৷ স্পন্দন এলিৰ জীৱনৰ বিচিত্র বাস্তৱৰ অভিজ্ঞতাৰ স্বাক্ষৰ ৷
তেওঁৰ কবিতাত নাৰী শক্তিৰ দৃতা পৰিস্ফুট হয় ৷ পৰাজয় শীর্ষক কবিতাটো যেন তাৰেই উদাহৰণ ৷ তদুপৰি মোৰ বর্তমান, মনৰ বতৰা, তোমালৈ যেতিয়া মনত পৰে, অবর্তমানৰ কবিতাঞ্জলি ইত্যাদি কবিতা সংকলনসমূহে কাব্যিক জগতত তেওঁৰ স্থিতি যথেষ্ট সবল কৰি তুলিছে ৷ প্রথম অৱস্থাত শিশু সাহিত্য লিমাৰিকৰ জৰিয়তে সাহিত্য ক্ষেত্রখনত ভুমুকি মৰা এলি আহমেদে আজিপর্যন্ত ষাঠিখনৰো অধিক গ্রন্থ লিখি উলিয়াইছে ৷ তেওঁৰ গ্রন্থসমূহত অবাধ দেশপ্রেম আৰু জাতীয় চেতনা উদ্বুদ্ধ হয় ৷ তৰাফুল, অসম বীৰাংগনা, মণিৰাম দেৱান, অসম জ্যোতি ৰোমন্থন, ধেট্ তেৰি হাস্য, ভাকুটকুট হাস্য, অসমীয়া সমাজ আৰু পৰম্পৰা, আমাৰ সমাজ আৰু লোক–সংসৃক্তি, সম্প্রীতিৰ লেছেৰিত যদি ঘুণে ধৰে মাত্র কেইখনমান উদাহৰণহে ৷ এলি বাইদেউৰ কিতাপৰ শেষ নাই ৷
সাক্ষাৎকাৰ লোৱাৰ উদ্দেশ্যে যেতিয়া এলি আহমেদৰ চানমাৰিস্থিত পুৰণা হাউছিং কলনীত প্রৱেশ কৰিছিলোঁ চাৰিওফালে অসংখ্য কিতাপৰ বাহিৰে আন একো চকুত পৰা নাছিল ৷ অধ্যয়ন যে বাইদেউৰ পুৰণি নিচা সেয়া বাইদেউৰ বাসগৃহত উপস্থিত হোৱা প্রত্যেকজন ব্যক্তিয়ে অনুধাৱন কৰিব পাৰিব ৷
গ্রামাঞ্চলৰ এগৰাকী সাধাৰণ ছোৱালীয়ে শিশুৰ পৰা বৃদ্ধলৈকে শিক্ষাৰ পোহৰ বিলাবলৈ কৰিব লগা সংগ্রামৰ জীয়া ইতিহাস তৰাফুল আৰু এই তৰাফুলৰ বাবেই ১৯৭৬ চনত এলি আহমেদে লাভ কৰিছিল ৰাষ্ট্রীয় পুৰস্কাৰ ৷
এলি আহমেদ এগৰাকী স্বনামধন্য গীতিকাৰ৷ বৰুৱাৰ সংসাৰ, ডঃ বেজবৰুৱা ছবিৰ জৰিয়তে তেওঁ গীতিকাৰ হিচাপে আত্মপ্রকাশ কৰিছিল আৰু পাছলৈ বহু অসমীয়া কথাছবিত গীত ৰচনা কৰিছে ৷ ডঃ বেজবৰুৱা ছবিৰ সেই জনপ্রিয় গীত ।
গা গা আজি গাই যা
গা এই গীতকে গা
যা যা নাচি নাচি
নিজক পাহৰি যা
ফুল ফুল ফুল মেলিলে পাহি
চৌপাশতে অলি উৰিলে আহি,
সঁচাকৈয়ে অতি সাৱলীল৷ চিৰসেউজ গীতসমূহে যেন মন প্রাণ চুই যায় আজিও৷ অজস্র গীত লিখিছে তেওঁ ৷ অসমীয়া কথাছবি সোণ মইনা, দেৱতা, ধ্রুৱতৰা, বনফুল, ৰিক্সাৱালা, সাদৰী, বৰদৈচিলা, জাখিনি, জনমভূমি, মুখাগ্ণি ইত্যাদি অগণন ছবিত তেওঁ গীতিকাৰ ৰূপে নিজৰ প্রতিভাৰ পৰিচয় দিছিল ৷ তেওঁৰ গীতৰ কথাত বিচাৰি পোৱা যায় কাব্যিক সুষমাৰ চিৰপ্রৱাহিত নৈ ৷ কৰবাত যদি ৰোমাণ্টিকতাৰ জোৱাৰ আনিছে, কোনোবোৰ গীতে আনিছে নিভাঁজ গ্রাম্য প্রতিচ্ছবি ৷ আকৌ কোনো গীতত তেওঁ প্রাণ ঢালি নিগৰাইছে বিপ্লৱৰ ভাষা ৷
গীত আৰু কবিতাৰ সম্পর্কে তেওঁৰ নিজৰ অনুভৱ এনেকুৱা কবিতা কবিতাই আৰু গান গানেই ৷ আচলতে কবিতাবোৰো মই গানৰ লেখীয়াকৈ লিখোঁ ৷ এক কথাত কবিতাবোৰত সুৰ দিলেই গান হৈ পৰে ৷
এলি আহমেদৰ সাহিত্য সম্ভাৰ সমগ্র সঠিক ৰূপত এই ক্ষুদ্র লেখাটোত আলোকপাত কৰাটো হাতী মাৰি ভুৰুকাত ভৰোৱাৰ নিচিনা কথা হব ৷ কাৰণ তেওঁৰ সৃষ্টিশক্তিৰ ওচৰত শ্রেষ্ঠজনেও নিষ্চয় হাৰ মানিব ৷ কেৱল সাহিত্য আৰু সাংসৃক্তিক জগতখনতেই নহয়, এগৰাকী সাহসী মহিলা হিচাপে তেওঁৰ আন এক নাম আছে ৷ এখন ৰক্ষণশীল সমাজৰ বাধাৰ প্রাচীৰ ভাঙি তেওঁ ওলাই আহিছিল ৷ ৰচিছিল জীৱনৰ গান ৷ প্রগতিশীল চিন্তাৰ নেত্রী এইগৰাকী এলি বাইদেৱে এবাৰ গুজৰাটত এক সর্বভাৰতীয় ভাষা অনুষ্ঠানত অংশগ্রহণ কৰিবলৈ গৈছিল ৷ তেতিয়া অসমত ঘোৰ আন্দোলন ৷ গুজৰাটত বহু ঠাইত ভিন্ন ভাষাৰ বেনাৰ–ছাইনবর্ড আদিৰে ভৰি পৰিছিল ৷ সকলো ফালে চকু ফুৰাই দেখিলে তাত একমাত্র অসমীয়া ভাষাটোৰ অভাৱ৷ কতো অসমীয়া ভাষা নাই ৷ এলি বাইদেউৰ সহ্য নহল ৷ সভাখনত বিশিষ্ট সাহিত্যিক তথা জ্ঞানপীঠ বঁটা বিজয়ী ডঙ্ম বীৰেন্দ্র নাথ দত্তও উপস্থিত আছিল ৷ বাইদেৱে কথাটো দত্তদেৱক জনালে ৷ কথাটো অলপ গুণাগঁথা চলাৰ পিছত এজনে আহি হিন্দীতে কলে আপ হি কুচ লিখ দিজিয়ে ৷ বাইদেৱে হাতত ৰং ব্রাছ লৈ উঠি গৈ মাজতে অলপ সুৰুঙা বিচাৰি নীলা ৰঙেৰে লিখিলে অসমৰ ভাষা অসমীয়া ৷ এজনে সুধিলে নীলা ৰং কিয় বাইদেৱে উত্তৰত কৈছিল সেউজী অসমত ৰক্তপাত হৈছে ৷ আমি সেই ৰক্ত পান কৰি নীলকণ্ঠ হৈছোঁ ৷
দত্তদেৱে মূৰত হাত বুলাই কৈছিল তুমি পথে নাৰী বিবর্জিতা নহয় ৷ তুমি প্রগতিবাদী, বুদ্ধিমতী, তোমাৰ সাহস অসীম ৷ কথাখিনি কৈ এলি বাইদেউ আৱেগিক হৈ পৰিছিল ৷ আমাক কৈছিল তাহানিৰ সেই সভাখনলৈ বৰ মনত পাৰি থাকে জানা ৷
সাহসৰ উদাহৰণ কেৱল সেয়াইনেহ্ল, পৰাধীন ভাৰতত জন্ম লভা এইগৰাকী নাৰীয়ে ব্রিটিছৰ সেনাৰ টহলদাৰী ঘোঁৰালৈ শিলগুটি নিক্ষেপ কৰিও এসেকা দিছিল ৷ স্বাধীন ভাৰতৰ প্রথম দিনটোৰ স্মৃতিস্বৰূপে বিদ্যালয়ত উত্তোলন কৰা ১৯৪৭ চনৰ প্রথম পতাকাখন এতিয়াও সাঁচি ৰাখিছে ৷ আইতাকে হেনো কৈছিল পতাকাখন খোলাৰ লগে লগে বন্দে মাতৰম চিঞৰি চিঞৰি গাবি ৷ মাতটো ডাঙৰকৈ দিবি ৷ প্রকৃততে দিখৌ পাৰৰ এইগৰাকী উদ্যমী তথা প্রগতিবাদী নাৰীয়ে অসমীয়া মহিলাসকলক নাৰীসত্তাৰ সৈতে পৰিচয় কৰি দিয়াৰ মানসেৰে জন্ম দিছিল এক সন্তানৰ ৷ নাম দিছিল ওৰণি ৷ কালক্রমত এই ওৰণি হৈ পৰিল অসমীয়া মহিলা সমাজৰ হিয়াৰ আমঠু ৷ অসমৰ ভিন্ন ক্ষেত্রৰ মহিলাসকলক কেন্দ্র কৰি একোটা সংখ্যা প্রকাশ পোৱা ওৰণি আলোচনীখনে নাৰী সত্তাক প্রদান কৰিলে অনন্য মাত্রা ৷ এলি আহমেদৰ একক প্রচেষ্টাত প্রাণ পাই উঠা ওৰণিয়ে ৫২ বর্ষ বছৰত চাৰিখন অতিক্রম কৰিলে ৷ নিঃসন্দেহে ওৰণি এলি আহমেদৰ জীৱনৰ সর্বশ্রেষ্ঠ কৃতি ৷
সাহিত্য জগতত তেওঁৰ নিজস্ব সৃষ্টিশীলতাৰ বাবে ২০১৭ চনত সর্বোচ্চ সন্মান পদ্মশ্রী বঁটা লাভ কৰে ৷ এইগৰাকী সর্বগুণসম্পন্ন নাৰীৰ অসাধাৰণ কর্মৰাজি দেখিয়েই হয়তো ডঙ্ম নির্মলপ্রভা বৰদলৈয়ে কৈছিল এলি নহয় বেলি, তোক মই এই নামেৰে মাতো ৷ কাৰণ বেলিৰ দৰেই তই গতিশীল, কর্মময়৷ তোৰ দুখন ডেউকা ধুমুহাত ভাঙি কেতিয়াও নপৰে ৷ তই সূর্য শক্তিৰেই জলমলাই থাক ৷
চলিত বর্ষৰ মার্চ মাহত এলি বাইদেৱে ৮৮ বছৰত ভৰি দিলে৷ জীৱনৰ এই বিয়লি বেলাতো তেওঁৰ কর্মস্পৃহা দেখি অভিভূত হৈছোঁ ৷ কিছু কথোপকথনৰ মাজেৰে তেওঁৰ মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিছিলোঁ
আপুনি এগৰাকী নাট্যকাৰ, গীতিকাৰ, শিশু সাহিত্যিক, এগৰাকী কবিৰ লগতে আন বহু শিৰোনামেৰে বিভূষিত ৷ এই সকলোৰে ভিতৰত আপুনি নিজকে প্রথম পৰিচয় কি বুলি দিব বিচাৰে
¨মই তেওঁলোকৰ মাতৃ বুলি ভাবোঁ ৷ সকলোখিনি এই ভাল৷ যেনেকৈ মাকে প্রতিটো সন্তানক যিদৰে মৰম কৰে ৷ কোনো ভেদাভেদ নকৰে ৷ ঠিক তেনেকৈ ময়ো ভাল পাওঁ সকলো কৰি ৷
এগৰাকী গীতিকাৰ হিচাপে আপুনি বর্তমান সংগীত জগতখনত ছবিখন কেনেকুৱা দেখে ।
¨যুগ বদলি হল ৷ যুগে ৰূপান্তৰ আনিলে ৷ ৰূপান্তৰৰ লগত সকলো ৰূপান্তৰ হৈ গল ৷ আমি পুৰণা মানুহ ৷ মই পুৰণাখিনিকেই পাগুলি আছোঁ ৷
আপুনি নলিনীবালা দেৱী, ডঙ্ম নির্মলপ্রভা বৰদলৈ, নৱকান্ত বৰুৱাকে ধৰি বহুকেইজন স্বনামধন্য গীতিকাৰৰ সান্নিধ্যলৈ আহিছিল ৷ কোনে বেছি প্রভাৱিত কৰিছিল ৷ কাৰোবাৰ কথা স্মৃতি সৰোবৰত ভাহি আহেনে ।
সকলো কর্মৰাজিয়ে মোক অনুপ্রাণিত কৰিছিল ৷ মই বহুত শিকিছিলোঁ ৷ বিশেষকৈ নলিনীবালা আইতাক মই ফ্রক পিন্ধি থকাৰ পৰাই পাইছিলোঁ ৷ পদ্মশ্রী পোৱা কথাটো সোধোঁতেই আইতাই মোক মূৰত হাত বুলাই কৈছিল তয়ো পাবি যা ৷ মোক পখিলা বুলি মাতিছিল ৷
আপুনি অসমৰ প্রথম মহিলা যাদুকৰ ৷ কেনেকৈ যাদু প্রদর্শন কৰিবলৈ আৰম্ভ কৰিছিল ।
যাদু মানে গুৱাহাটীত এদিন হঠাৎ মই এম হুছেইনক লগ পাই গলোঁ ৷ এদিন মোৰ ঘৰলৈ আহিল ৷ মই কথাৰ ছলেৰে কেইটামান যাদু শিকিলোঁ ৷ এদিন মহিলা সমিতিয়ে ৰবীন্দ্র ভৱনত এটা অনুষ্ঠান পাতিছিল ৷ সেই অনুষ্ঠানটোত মই যাদু দেখুৱাম বুলি কলোঁ ৷ মই গোটেইকেইটা যাদু সুকলমে প্রদর্শন কৰিলোঁ ৷ এম হুছেইনে কৰবাত গম পালে যে মই যাদু দেখুৱাম ৷ তেওঁ আহি ৰবীন্দ্র ভৱনত একেবাৰে শেষত বহি আছিল ৷ মোৰ যাদু প্রদর্শন শেষ হোৱাৰ পিছত তেওঁ আহি মোক দাঙি ধৰিছিল ৷
আপুনি প্রথম জেং বিহু প্রচলন কৰিছিল আৰু হুঁচৰি দলৰো আগভাগ লৈছিল৷ সেই অভিজ্ঞতা অলপ জনাওকচোন
নাজিৰা বৰপুখুৰীৰ পাৰত আমি বান্ধৱীবোৰে গীত–নৃত্য কৰি বিহু আহিলে আমি নাচো ৷ তেনেকৈ জেং বিহুৰ আৰম্ভণি কৰিলোঁ ৷ ১৯৬৫ চনত হুঁচৰি দল আৰম্ভ কৰিলোঁ ৷ গুৱাহাটীলৈ আহি হুঁচৰি গালোঁ ৷ ৰাধাগোবিন্দ বৰুৱা, ডঃ ভূপেন হাজৰিকা, প্রমোদ ভট্টাচার্যকে ধৰি পুৰোধা ব্যক্তিসকলৰ ঘৰত বিহু মাৰি প্রশংসা লাভ কৰিছিলোঁ ৷ এতিয়াও সেইবোৰ কথা ভাবি ভাল লাগে ৷
আপুনি চন্দ্রপ্রভা শইকীয়ানীক লগ পাইছিল ৷ সেই সময়ত এক ৰক্ষণশীল সমাজৰ বেৰ ভাঙি চন্দ্রপ্রভা শইকীয়ানীয়ে নাৰী সমাজ উন্নীত কৰাৰ উদ্দেশ্যে ওলাই আহিছিল ৷ তেওঁৰ কর্মৰাজিয়ে আপোনাকো সেই গতিতে ধাৱমান কৰিছিল বুলি অনুমান কৰিব পাৰি নেকি
নিঃসন্দেহে কৰিছিল ৷ চন্দ্রপ্রভা শইকীয়ানী আইতাই চাইকেল চলাইছিল, ময়ো চলাইছিলোঁ ৷ মহিলা সমিতিত লগ পাইছিলোঁ ৷ আইতাই মোক কৈছিল সংগ্রামে জীৱন সুন্দৰ কৰে ৷ তুমিও বহুত সংগ্রাম কৰিছা ৷ আইতাই নাৰী শক্তি, নাৰী সবলীকৰণৰ বাবে যি বাট দেখুৱাই গল, সেই সংগ্রামী অতীত ৰোমন্থন কৰি ময়ো নাৰী হিচাপে গৌৰৱান্বিত৷ আচলতে তেওঁ সত্য বুলি ভবা কথাটো প্রকাশ কৰিছিল ৷ ঠিক তেনেকৈ ময়ো যিটো সত্য বুলি ভাবোঁ সেই কথা স্পষ্টকৈ কৈ দিওঁ ৷
শিশু সাহিত্য আপোনাৰ সাহিত্যৰ প্রধান উপজীব্য ৷ কেনেকৈ শিশু সাহিত্যৰ প্রতি আকৃষ্ট হৈছিল
মোৰ মা সৰুতেই ঢুকাল৷ ভাইটি দ্বাৰা আহমেদৰ তেতিয়া মাত্র ৪ মাহ ৷ তাক কোলাত লৈ নিচুকাব লাগে ৷ তেনেকৈ নিচুকনি গীত গাই গাই মই থাউকতে কিছুমান লিমাৰিক সাজিব পাৰিলোঁ ৷ তেনেকৈ আৰম্ভ আৰু ৷ প্রথম মই লিমাৰিক লিখিছিলোঁ প্রাথমিক শ্রেণীত থাকোঁতেই সুক্লৰ প্রধান শিক্ষয়িত্রী বাইদেউ এজনীক কেন্দ্র কৰি ।
আমাৰ বাইদেউ শকত
দেখিলেই ভয়ত
লুকাওঁ আঁৰত৷
হেদ বেদ বৈদ্য
ঘন কুমুদ চৈধ্য
এনেকৈ লিমাৰিক লিখিছিলোঁ ৷
সম্প্রতি শিশু পাঠ্যক্রমসমূহত নতুন কি দিশ সংযোজন কৰাৰ প্রয়োজন আছে বুলি ভাবে
পাঠ্যপুথিসমূহত প্রথমতে ছবিৰ সৈতে চিনাকি কৰি তাৰ পিছত আখৰ শিকাব লাগে ৷ প্রথমতে আম, অমিতা দেখিবলৈ কেনেকুৱা তাৰ উচ্চাৰণ শিকিহে পিছত আখৰ চিনিবলৈ শিকাব লাগে বুলি মই ভাবোঁ ৷
সাহিত্য জীৱনৰ বহু কথা পাতি বাইদেউৰ ব্যক্তিগত জীৱনৰ ওপৰত কিছু আলোকপাত কৰিবলৈ চেষ্টা কৰি সুধিছিলোঁ সাজ–পোছাক পৰিধানৰ ক্ষেত্রত আপোনাৰ এক স্বকীয় শৈলী আছে ।
মই ভাবোঁ আমাৰ জাতীয় পোছাকযোৰত এক শক্তি আছে ৷ মই কাহানিও মেখেলা–চাদৰৰ বাহিৰে অন্য সাজ–পোছাক পৰিধান কৰা নাই ৷ অসমীয়া সাজ–পোছাক পৰিধান কৰিব লাগে, অসমীয়া ভাষাটো শুদ্ধকৈ কব পাৰিব লাগে ৷ তেতিয়াহে অসমীয়া সত্তা জীয়াই থাকিব ৷
দিনলিপি লিখেনে
মই দিনলিপি লিখা মানুহ নহয় ৷ মনৰ কথাবোৰহে লিখি ৰাখোঁ ৷
প্রেম আহিছিল নে আপোনাৰ জীৱনলৈ
প্রেম পৱিত্র, সেয়া ভাতৃপ্রেম, মাতৃপ্রেম চব হব পাৰে ৷ লগতে খুহুতীয়া মেজাজৰ পৰিচয় দি কৈছিল এবাৰ এখন সভাত মোক এজন অচিনাকি লৰাই সুধিছিল বাইদেউ আপুনি প্রেম কৰিছিলনে, মই তপৰাই উত্তৰ দিছিলোঁ তোমাৰ দেউতাৰাক সুধিবা মোক ঠগিলে ৷
আপোনাৰ জীৱনশৈলীৰ বিষয়ে কওকচোন ৷
বেলি উদয় হোৱাৰ পূর্বেই মই উঠো ৷ বেলি উদয় হোৱাৰ দৃশ্য মই সদায় উপভোগ কৰোঁ ৷ তাৰ পিছত মই নামাজ পঢ়ো দিনটোৰ কাম–কাজ সকলোখিনি মই নিজেই কৰোঁ ৷ মোৰ কোনো সহায়িকা নাই ৷ খোৱা–বোৱাৰ ক্ষেত্রতো মই থলুৱা খাদ্য খাই ভাল পাওঁ ৷
মন গহনৰ কিছু কথা এলি বাইদেৱে এনেদৰে ব্যক্ত কৰিছিল ৷ সঁচাকৈ একাগ্রতা, ধৈর্য আৰু নিৰলস সাধনাৰ ফচল ৰূপে এলি আহমেদে অসমীয়া জাতিটোক দিছে সাহিত্যৰ অগণন সমাহাৰ৷ অশীতিপৰ এলি আহমেদ ৷ বয়সে চুব নোৱাৰা এইগৰাকী মহীয়সী নাৰীৰ দীর্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিলোঁ৷
ফোনঃ ৯৮৬৪৪-২২৪২৮