কিং অৱ স্পীনৰ চিৰবিদায়

স্তব্ধ ক্রিকেট বিশ্ব

কিং অৱ স্পীনৰ চিৰবিদায়

স্তব্ধ ক্রিকেট বিশ্ব

যোগেশ কলিতা

শতিকাৰ বলৰ স্রষ্টা তথা ক্রিকেট ইতিহাসত যিকোনো বেটছমেনৰ কাৰণে ত্রাসৰ কাৰণ হৈ পৰা বলাৰগৰাকী হঠাৎ হেৰাই গল আমাৰ মাজৰ পৰা ৷ কোনেও নভবা বা চিন্তা নকৰা এক শোকাৱহ মৃত্যুক আঁকোৱালি ললে তেওঁ ৷ ক্রিকেটৰ জগতত নিজকে অদ্বিতীয়ৰূপে প্রতিপন্ন কৰি তেওঁ পৰলোকলৈ গমন কৰিলে ৷ তেওঁ আন কোনো নহয়, অষ্ট্রেলিয়াৰ প্রাক্তন তাৰকা লেগ স্পীনাৰ শ্বেন ৱার্ন ৷

ক্রিকেটৰ জগতত অবিস্মৰণীয় কৃতিত্বৰ অধিকাৰী তেওঁ ৷ তেওঁৰ স্পীনভেল্কিয়ে দিশহাৰা কৰিছিল সকলোকে ৷ স্পীনৰ যাদুকৰ হিচাপে কি খ্যাতি অর্জা নাছিল তেওঁ ৷ বিশ্বকাপ বিজয়ী প্রাক্তন ক্রিকেটাৰগৰাকীয়ে সকলোৰে মন জয় কৰিছিল দুহাতৰ যাদুৰে ৷ তেওঁ অষ্ট্রেলিয়াৰ প্রাক্তন ক্রিকেট তাৰকা শ্বেন ৱার্ন ৷ এই তাৰকা কিংবদন্তি ক্রিকেটাৰগৰাকীয়ে সকলোকে কন্দুৱাই ৫২ বছৰ বয়সতে ৪ মার্চত জীৱন নাটৰ সামৰণি মাৰে ৷ থাইলেণ্ডত থকা অৱস্থাত হূদক্রিয়া বন্ধ হৈ তেওঁ মৃত্যুমুখত পৰে৷ ক্রিকেট জগতত স্পীনেৰে দিশহাৰা কৰা ৱার্নে নিজৰ জীৱনৰ ওচৰত হাৰ মানি বিদায় লয় ৷

ক্রিকেট জগতক শূন্য কৰি চিৰদিনৰ বাবে বিদায় ললে মহাতাৰকা লেগ স্পীনাৰ শ্বেন ৱার্নে ৷ বিশ্ব ক্রিকেটত বেটছমেনসকলৰ বাবে মূৰৰ কামোৰণিস্বৰূপ লেগ স্পীনাৰ শ্বেন ৱার্নে থাহলেণ্ডত শেষ নিশ্বাস ত্যাগ কৰে ৷ থাইলেণ্ডৰ কহ ছামুইত অষ্ট্রেলিয়াৰ কিংবদন্তি স্পীনাৰগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰা বুলি শ্বেন ৱার্নৰ মেনেজমেণ্ঢ কোম্পানীয়ে সদৰী কৰে ৷ কহ ছামুইৰ এক ভিলাত বিশ্রাম লৈ থকা অষ্ট্রেলিয়াৰ প্রাক্তন ক্রিকেটাৰগৰাকীক উঠাবলৈ চেষ্টা কৰা হৈছিল যদিও শ্বেন ৱার্নৰ পৰা কোনো ধৰণৰ সঁহাৰি পোৱা নাছিল ৷ ৱার্নি উপনামেৰে জনাজাত শ্বেন ৱার্নে ১৯৯২ চনৰ পৰা ২০০৭ চনলৈ ক্রিকেট অষ্ট্রেলিয়াক প্রতিনিধিত্ব কৰি বহুকেহটা অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল ৷ টেষ্ট কেৰিয়াৰত মুঠ ৭০৮টা উহকেট দখল কৰি বিশ্ব টেষ্ট ক্রিকেটত সর্বাধিক উইকেট দখল কৰা দ্বিতীয়গৰাকী বলাৰ ৰূপে কৃতিত্ব অর্জন কৰা শ্বেন ৱার্নে ১৯৯২ চনৰ ২ জানুৱাৰীত ভাৰতৰ বিপক্ষে খেলি টেষ্ট অভিষেক ঘটাইছিল ৷

১৯৯২ চনত ভাৰতৰ বিৰুদ্ধে ছিডনী টেষ্টত অভিষেক ঘটিছিল শ্বেন ৱার্নৰ ৷ ১৫ বছৰীয়া আন্তর্জাতিক ক্রিকেটত শ্বেন ৱার্নে ১৪৫খন টেষ্ট আৰু ১৯৪খন এদিনীয়া মেচত অষ্ট্রেলিয়াক প্রতিনিধিত্ব কৰিছিল ৷ কিংবদন্তি স্পীনাৰগৰাকীয়ে এদিনীয়া ক্রিকেটতো ২৯৩ টা উইকেট দখল কৰে ৷ ১৯৬৯ চনৰ ১৩ ছেপ্ঢেম্বৰত অষ্ট্রেলিয়াৰ ভিক্টোৰিয়াত জন্মগ্রহণ কৰা শ্বেন ৱার্নে ২০০৭ চনৰ ২ জানুৱাৰীত ইংলেণ্ডৰ বিপক্ষে কেৰিয়াৰৰ অন্তিমখন টেষ্ট খেলাৰ বিপৰীতে ২০০৫ চনৰ ১০ জানুৱাৰীত এছিয়া একাদশৰ বিপক্ষে অন্তিমখন এদিনীয়া মেচ খেলিছিল ৷ ২০১৩ চনত সকলোধৰণৰ ক্রিকেটৰ পৰা অৱসৰ গ্রহণ কৰা কিংবদন্তি ক্রিকেটাৰগৰাকীয়ে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ বর্ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ সৈতেও জড়িত আছিল ৷ ২০০৮ চনৰ প্রতিযোগিতাখনত ৰাজস্থান ৰয়েলছৰ অধিনায়ক হিচাপে নিযুক্ত কৰা হৈছিল শ্বেন ৱার্নক আৰু ৱার্নৰ নেতৃত্বতে ৰাজস্থান ৰয়েলছে আই পি এলৰ প্রথম সংস্ক্ৰণৰ খিতাপ জয়ৰ সোৱাদ লাভ কৰিছিল ৷ ১৫ বছৰীয়া বর্ণিল কেৰিয়াৰত শ্বেন ৱার্নে কেইবাবাৰো উইজডেনৰ বর্ষশ্রেষ্ঠ ক্রিকেটাৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল ৷ ১৯৯৯ চনৰ বিশ্বকাপজয়ী অষ্ট্রেলিয়া দলটোৰ অন্যতম সদস্য শ্বেন ৱার্নে ১৯৯৩ চনৰ পৰা ২০০৩ চনৰ ভিতৰত অষ্ট্রেলিয়াই দখল কৰা পাঁচটাকৈ এছেজ শৃংখলাত কিংবদন্তি স্পীনাৰগৰাকীৰ ভূমিকা আছিল অনবদ্য ৷

অষ্ট্রেলিয়াৰ হৈ ১৯৯২ চনৰ পৰা ২০০৭ চনলৈ খেলা শ্বেন ৱার্নে ১৯৯২ চনত ভাৰতৰ বিৰুদ্ধে টেষ্ট অভিষেক ঘটাই ২০০৭ চনত ইংলেণ্ডৰ বিৰুদ্ধে অন্তিমখন টেষ্ট খেলিছিল ৷ লগতে ১৯৯৩ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া ক্রিকেটত অভিষেক ঘটোৱা শ্বেন ৱার্নে ২০০৫ চনত এছিয়া একাদশৰ বিৰুদ্ধে অন্তিমখন এদিনীয়া মেচ খেলিছিল ৷ আনহাতে ১৯৯০ চনৰ পৰা ২০০৭ চনলৈ ঘৰুৱা দল ভিক্টোৰিয়া, ২০০০ চনৰ পৰা ২০০৭ চনলৈ হেম্পশ্বায়াৰ, ২০১১ চনৰ পৰা ২০১৩ চনলৈ মেলবর্ন ষ্টাৰৰ হৈ খেলিছিল শ্বেন ৱার্নে ৷ তেওঁৰ খেল জীৱনত জার্ছী নম্বৰ আছিল ২৩ ৷

খেল জীৱনত শ্বেন ৱার্নে টেষ্টত ৩৭ বাৰ, এদিনীয়াত এবাৰ আৰু প্রথম শ্রেণীৰ ক্রিকেটত ৬৯বাৰ এখন খেলত ৫টা উইকেট দখল কৰাৰ কৃতিত্ব গঢ়ি গৈছে ৷ বিপৰীতে টেষ্টত ১০বাৰ আৰু প্রথম শ্রেণীৰ ক্রিকেটত ১২ বাৰ ১০ টাকৈ এখন উইকেট দখল কৰাৰ অধিকাৰী তেওঁ হৈছিল ৷ তেওঁ টেষ্টত ৪০৭০৫ এদিনীয়াত ১০৬৪২ আৰু  প্রথম শ্রেণীৰ ক্রিকেটত ৭৪৮৪০টা বল কৰিছে ৷ আনহাতে টেষ্টত ১২৫ টা, এদিনীয়াত ৮০ টা আৰু প্রথম শ্রেণীৰ উইকেটত ২৬৪টা কেচ ধৰিবলৈ সক্ষম হৈছিল শ্বেন ৱার্ন ৷ তেওঁৰ বেটিং হিচাপে টেষ্টত ৯৯, এদিনীয়াত ৫৫ আৰু প্রথম শ্রেণীৰ ক্রিকেটত ১০৭ ৰান কৰিছে ৷

১৯৬৯ চমৰ ১৩ ছেপ্ঢেম্বৰত অষ্ট্রেলিয়াৰ ভিক্টোৰিয়াৰ ফার্নড্রী গালীত জন্মগ্রহণ কৰা শ্বেন ৱার্নে জীৱন কালত ক্রিকেটৰ সকলো সংস্ক্ৰণতে সৃষ্টি কৰিছিল ত্রাসৰ ৷ ৱার্নক ৱার্নি, দ্য শ্বেইখ অফ টুইক আৰু দ্য কিং উপনামেৰে জনা গৈছিল ৷ মৃত্যুৰ সময়ত ৱার্নে জেকচন ৱার্ন, ছামাৰ ৱার্ন আৰু ব্রুক ৱার্ন নামৰ তিনি সন্তানক এৰি যায় ৷ তেওঁৰ পত্নীৰ নাম ছিমনী ছালাহান৷ ক্রিকেট জগতৰ সর্বকালৰ মহান খেলুৱৈৰ ভিতৰত অন্যতম ৱার্নৰ শেষকৃত্য ৰাজকীয় সন্মানেৰে কৰা হয় ৷ মৃত্যুৰ পূর্বে কিংবদন্তি স্পীনাৰগৰাকীয়ে অষ্ট্রেলিয়া আৰু পাকিস্তানৰ টেষ্ট মেচ উপভোগ কৰি আছিল ৷

ফোনঃ ৬০০১৫-২১৭৮০

You might also like
Leave A Reply

Your email address will not be published.