বর্ণালী কটকী ওজা
‘চিঠি্ঠ আয়ি হে আয়ি হে চিঠি্ঠ আয়ি হে, চান্দ যেইচা ৰংগ হে তেৰা, সোণে যেইচে বাল, এক তুহি ধনবান হে গৌৰী বাকী চব কংগাল ইত্যাদি পংকজ উধাসৰ কণ্ঠৰ গীতবোৰ বাল্যকালৰে পৰা শুনি শুনি এক অদ্ভুত আৱেশত আমাৰ হৃদয় দুলি আছিল ৷ তেনেদৰে জগজিৎ সিং, চিত্রা সিং, অনুপ জলোটাৰ কণ্ঠৰ সোণসেৰীয়া গজলবোৰে অন্তৰ বিদ্ধ কৰিছিল ৷ এই গজলবোৰে গান ভাল পাবলৈ শিকাইছিল ৷ কিন্তু তাৰ গূূঢ়ার্থ উপলব্ধি কৰিবলৈ চেষ্টা কৰিছিলোঁ বহুত পিছতহে ৷ বুজিবলৈ চেষ্টা কৰিছিলোঁ প্রেম–বিৰহ, কল্পনা আৰু মাধুর্যৰ স্থায়ী আৰু অন্তৰাবোৰ ৷ কিছু বুজিলোঁ, কিছু নুবুজিলোঁ ৷ তাৰে গইনা লৈ গজলকেন্দ্রিক এটি চমু লেখাৰ প্রয়াস ৷
আৰবৰ পৰা উদ্ভুত গজলৰ জনপ্রিয়তা বুজাবলৈ গৈ কোনো অত্যুৎসাহী গজল প্রেমিকে কব খোজে, গজল মানে আহত হৰিণৰ আর্তনাদ ৷ দিগন্ত বিস্তৃত ধু ধু মৰুৰ মাজত চিকাৰীৰ শৰত বিদ্ধ হোৱা হৰিণৰ বুকু ভেদি যি আর্তনাদ বাহিৰ হয়, সেয়াই গজল ৷ সমস্ত গজলৰ প্রায়ভাগেই প্রেমিক– প্রেমিকাৰ বুকুৰ আর্তনাদৰ কথাই কয় ৷
গজলৰ উৎপত্তি সপ্তম শতাব্দীত আৰবত হৈছিল বুলি জনা যায় ৷ অৱশ্যে ত্রয়োদশ আৰু চতুর্দশ শতাব্দীতহে গজলৰ বিকাশ হয় ফাৰ্চী ভাষাত ৷ পৰৱৰ্তী কালত উর্দু ভাষাত ইয়াৰ জনপ্রিয়তাই আকাশ স্পর্শ কৰিছিল ৷ ফাৰ্চী কবি মৌলানা জালালুদ্দিন ৰুমী, হাফিজ, ফাৰুখ উদ্দিন আত্তাৰ, হাকিম শানাই প্রমুখ্যে কবিসকলে প্রাথমিক অৱস্থাত গজল ৰচনা কৰি প্রখ্যাত হয় ৷ কেইবাজনো ভাৰতীয় কবিয়েও ফাৰ্চী আৰু উর্দু ভাষাত গজলৰ চর্চা কৰাৰ কথাৰ তথ্য প্রমাণ পোৱা যায় ৷ তাৰে ভিতৰত হজৰত আমিৰ খুশ্রুৰ (১৩৩৪) নাম সর্বজনবিদিত ৷ ভাৰতীয় সংগীতৰ এগৰাকী চিৰস্মৰণীয় ব্যক্তি আমিৰ খুশ্রু আছিল সাহিত্যিক, কবি আৰু ৰাজনীতিবিদ ৷ ভাৰতীয় সংগীতত পাৰস্য আৰু আৰবৰ সংগীতৰ প্রভাৱ খুশ্রুৰ দিনতে আৰম্ভ হয় ৷ সেয়ে খুশ্রুক গজলৰ স্রষ্টা বুলি কোৱা হয় ৷ গজলক জনপ্রিয় কৰি তোলাত এইগৰাকী মহান সংগীতজ্ঞই যথেষ্ট ইন্ধন যোগাইছিল ৷ কথিত আছে যে আমিৰ খুশ্রুৱে প্রতিনিশা নবাব আল্লাউদ্দিন খিলিজীক তেওঁৰ অনুৰোধমর্মে একোটাকৈ গজল শুনাইছিল ৷ উদাহৰণস্বৰূপে আমিৰ খুশ্রুৰ গজলৰ হিন্দী ৰূপৰ অসমীয়া ৰূপান্তৰৰ এটি উদাহৰণ :
বিৰহৰ নিশা তাইৰ চুলিটাৰিৰ দৰে দীঘল
অথচ মিলনৰ ক্ষণ জীৱনটোৰ দৰেই চুটি
সখী, প্রিয়াক যদি দেখা নাপাওঁ
কেনেকৈ কটাওঁ এই আন্ধাৰ ৰাতি
মীড় তাকি মীড়, ইব্রাহিম জক, মির্জা গালিবেও উর্দু ভাষাত গজল ৰচনা কৰিছিল সেই তেতিয়াই ৷ আধুনিক যুগত মহম্মদ ইক বাল, ফয়েজ আহমেদ ফয়েজ, ফিৰাক গোৰখপুৰী আদি কবিসকলে ৰচনা কৰা গজলেও বিশেষ জনপ্রিয়তা অর্জন কৰিছে ৷
লঘু শাস্ত্রীয় সংগীতৰ এটি অন্যতম ধাৰা গজলে গম্ভীৰ অথচ মৃদু ৰসৰ মিশ্রণত সিক্ত হৈ আধ্যাত্মিকতাও ধৰি ৰাখে, যত প্রেম আৰু ভক্তিৰ অপূর্ব মিলন ঘটে ৷ প্রেমিক–প্রেমিকাৰ পার্থিৱ মিলনৰ কথা কলেও গজলৰ মূল কথা হল, অপার্থিৱ প্রেমৰ প্রকাশ, আৰু আত্মাৰ আকুতি নিবেদিত হয় তাতেই ৷
গজলৰ বিষয়বস্তু যিকোনো হব পাৰে যদিও তাৰ কিছুমান বিশেষত্ব আছে, যেনে :
১) লিখোঁতাজনে সদায় নিজকে নিম্ন স্থানত ৰাখে ৷
২) তেওঁ নিজকে সদায় অসফল বুলিয়েই গণ্য কৰে ৷
৩) প্রিয়জনক নেদেখিলে দুখত কাতৰ হৈ পৰে ৷
৪) প্রেমত ব্যর্থ হৈ জীৱনৰ মায়া–মোহ বিসর্জন দিবলৈ কুণ্ঠাবোধ নকৰে ৷
৫) আনন্দতো সুৰা, বিষাদতো সুৰাত মগন হৈ থাকিবলৈ বিচাৰে ৷
৬) প্রেমত অন্ধ হৈ শেষ পৰিণতিত উন্মাদ আচৰণ কৰে ৷
৭) প্রেমাস্পদৰ স্তুতি বন্দনাত কি দিন কি ৰাতি সকলো সময়তে নিমজ্জিত হৈ থাকে ৷ ইত্যাদি ৷
পার্থিৱ প্রেমত এয়াই স্বাভাৱিক ৷ কিন্তু এইবোৰেই কেৱল গজলৰ বিষয়বস্তু নহয়, ভগৱৎ প্রেমৰ প্রকাশো পার্থিৱ প্রেমৰ মাজেদিয়েই ঘটে ৷ ঈশ্বৰৰ ওচৰত প্রেমাস্পদে কৰা মান–ভিমান, ঈর্ষা, ইচ্ছা, প্রাপ্তি–প্রাপ্তি ইত্যাদিৰ দ্বাৰা মূর্ত হৈ উঠে ভগৱৎ প্রেমৰ প্রকাশ ৷
গজল শব্দটোৰ সাধাৰণ আক্ষৰিক অর্থ হল, প্রেয়সীৰ লগত বার্তালাপ ৷ এইদৰেও কব পাৰি, প্রেমিক–প্রেমিকাৰ মনৰ অৱস্থা বর্ণনা কৰা, অথবা উভয়ে উভয়ৰ সান্নিধ্য লাভ কৰা অথবা প্রেয়সীক প্রেম নিবেদন কৰা ৷ হয়তো এনেবোৰ কাৰণতে গজলক প্রণয় সংগীত বুলিও কোৱা হয় ৷ কোনো কোনো সমালোচকে গজলক কাব্য সংগীত বুলিও কয় ৷ গজল পৰিপূর্ণ সংগীত হৈছে শৃংগাৰ আৰু ভক্তি ৰসৰ সামঞ্জস্যত ৷ আবৃত্তি আকাৰেও গজল পৰিৱেশন কৰা হয় ৷ নানা বৈশিষ্ট্যৰে চহকী গজল পৰিৱেশনত কাব্যিক ভাষা, ৰাগৰ স্বৰ বিন্ন্যাস আৰু তালৰ ছন্দ মাধুর্য্যই এক অনির্বচনীয় আনন্দ দান কৰি অনন্য পৰিৱেশৰ সূচনা কৰে ৷
সাহিত্য আৰু সংগীত, এই দুই মূল ধাৰাত বিভক্ত গজল মূলতঃ একক কণ্ঠৰ গীত ৷ সাহিত্য অংশৰ কাব্য থূলৰ মূল ভূমিকাত লৌকিক আৰু অলৌকিক প্রেমৰ প্রাধান্যই সমস্ত বিষয়বস্তু আৱৰি ৰাখে ৷ অর্থাৎ ৰহস্যবাদ আৰু অদ্বৈতবাদ গজলৰ প্রধান গুণাৱলী ৷ কোমল আৰু সংবেদনশীল গজল গানত ৰাগ, তাল আৰু কাব্য ভাবনাৰ ক্ষেত্রত লক্ষণীয় দিশকেইটা হল, গজল ৰচিত হয় দুটা পংক্তিত– স্থায়ী আৰু অন্তৰা ৷ স্থায়ী আৰু অন্তৰাৰ মূল কথা হল, ভাষাৰ লালিত্য, শব্দৰ ঝংকাৰ আৰু ছন্দৰ মাধুর্য অক্ষুণ্ণ ৰখা ৷ ইয়াৰ কোনো স্থায়ী ৰাগ নাই যদিও কফি, পিলু, খাম্বাজ, ভৈৰৱী প্রভৃতি ৰাগৰ ব্যৱহাৰ গজলত বেছিকৈ দেখা যায় ৷ গম্ভীৰ ৰাগৰ ভিতৰত কানাডা, মিঞা কি মল্লাৰ, বিলাস খানি, টোডি, চন্দ্রকোষ, ইত্যাদিও কোনো কোনো গজলত পৰিৱেশিত হয় ৷ অন্তৰাৰ ভাগতো প্রত্যেক গজল একে সুৰতে গোৱা হয় ৷ তালৰ দিশত গজলৰ পৰিধি সীমাবদ্ধ ৷ গজল বিশেষতঃ কাব্য নির্ভৰ বাবে কোনো কঠিন তালৰ প্রয়োগ কৰা নহয় ৷ সেইবাবে হয়তো সৰল ছন্দ নির্ভৰ কাহাৰ্বা আৰু দাদ্ৰা তালতে সৰহসংখ্যক গজল গোৱা হয় ৷ তাতে মধ্যম লয়ত গোৱা হয় বাবে গজল শুনিলে শ্রোতাৰ মন দ্রৱীভূত হয় সুৰীয়া আৱেশত ৷
গজলৰ প্রথম ৰেকর্ড হয় মেহেৰ আফৰোজ আৰু নুছৰাত খাতুন নামৰ দুগৰাকী কণ্ঠশিল্পীৰ সহযোগত ৷ তেওঁলোকে আমিৰ খুশ্রুৱে ৰচনা কৰা গজল পৰিৱেশন কৰিছিল ৷ ১৮৫৩ চনৰ পৰা ১৮৬৯ চনলৈকে এই সময়ছোৱাত ভাৰতত পাৰ্চীসকলে প্রায় বিশটামান নাট্য সংস্থা গঠন কৰিছিল ৷ তাৰে ভিতৰত পাৰ্চী নাট্য মণ্ডলী, জুৰো খুস্ত্রিয়ান, থিয়েড্রিকেল ক্লাব, ভিক্টোৰিয়া নাট্য মণ্ডলী, ইমপ্রেচ ভিক্টোৰিয়া থিয়েড্রিকেল কোম্পানী, আলফ্রেড নাট্যমণ্ডলী ইত্যাদিয়ে জনপ্রিয়তা লাভ কৰিছিল ৷ প্রথম অৱস্থাত নাটকসমূহ ৰচনা কৰা হৈছিল উর্দু, হিন্দী, গুজৰাটী আৰু ইংৰাজী ভাষাত ৷ সংগীত আছিল পাৰ্চী থিয়েটাৰৰ অবিচেছদ্য অংগ আৰু গজল আছিল সংগীতৰ প্রধান অংশ ৷ গতিকে জনা যায় গজলৰ জনপ্রিয়তাত পাৰ্চী থিয়েটাৰৰ অৱদান আছিল অনবদ্য ৷ পৰৱৰ্তী পর্যায়ত নাট্য সংস্থাসমূহে আধুনিক গুজৰাটী নাটক, মাৰাঠী নাটক, হিন্দী নাটক আৰু হিন্দী চলচিচত্রতো গজলক বিশেষ মর্যাদা দিছিল ৷ উর্দু গজলৰ সমান্তৰালভাৱে গুজৰাটী ভাষাতো কবিতা আৰু গান হিচাপে গজল অত্যন্ত জনপ্রিয় ৷ তেলুগু, কন্নড আদি ভাষাতো গান আৰু কবিতা হিচাপে গজল জনপ্রিয় হৈ আছে শত বছৰজুৰি ৷ ইংৰাজীত গজলৰ আংগিকক তুলি ধৰিছে আড্রিয়ান ৰিচ, ফিলিচ ওয়েব প্রভৃতিয়ে ৷ ভাৰতত গজল গায়কৰ সুনাম আছে ৷ ভাৰতীয় সংগীতত প্রথম গজল গায়ক হিচাপে জনা যায় কে এল চায়গলক ৷
সম্রাট ৱাজিদ আলী শ্বাহে প্রথমবাৰৰ বাবে কথক নৃত্যত গজলৰ সমন্বয় ঘটাইছিল ৷ আলী শ্বাহ ৰচিত গজলত কথক নর্তকীসকলে নৃত্য পৰিৱেশন কৰিছিল ৰাজদৰবাৰত ৷ তেতিয়াৰে পৰা গজল হৈ পৰিল কথকৰ পৰিপূৰক ৷
যেতিয়া ঊনৈশ শতিকাত গ্রামোফোন ৰেকর্ডৰ আৱির্ভাৱ হল, তাৰ ফলস্বৰূপে আঢ্যৱন্ত লোকৰ ঘৰে ঘৰে সংগীতময় পৰিৱেশৰ সূচনা হবলৈ ধৰিলে আৰু তেতিয়াৰে পৰাই জনপ্রিয়তাৰ তুংগত স্থান পালে গজলে৷
দক্ষিণ এছিয়াৰ কবিতা আৰু সংগীত ক্ষেত্রত অত্যন্ত জনপ্রিয় হৈ পৰা গজল পৰিৱেশন কৰা অগণিত শিল্পীসকলৰ ভিতৰত আখতাৰি বাঈ, ওস্তাদ বাৰকত আলী খান, গওহৰ জান, যুথিকা ৰয়, কামলা ঝাৰিয়া, কুন্দন লাল চাইগল, মালিকা পোখৰাজ, মাষ্টাৰ মদন, মুখতাৰ বেগম, আশা ভোছলে, কাজ্জান বেগম, কানন দেৱী, খুৰশিদ বানু, লতা মংগেশকাৰ, মহম্মদ ৰফি, নাচিম বেগম, নুৰজাহান, পংকজ মালিক, ৰাজকুমাৰী, তালাত মাহমুদ, জাহিদা পাৰবীন, ফিদা হুছেইন, গুলাম আববাছ, আমানত আলী খান, মেহদী হাছান, নাহিদ আখতাৰ, ৰুণা লায়লা, শওকত আলী, তিনা চানী, আমজাদ পাৰভেজ ইত্যাদি ৷ আনহাতে আধুনিক যুগত শীর্ষস্থানত উপনীত হোৱা ভাৰতীয় গজল গায়কসকলৰ ভিতৰত আহমদ হুছেইন, অনুপ জলোটা, ভূপিন্দৰ সিং, হৰিহৰণ, নুছৰত ফাতেহ আলী খান, পংকজ উধাস, ৰাহাত ফাতেহ আলী খান, তালাত আজিজ, পিনাজ মাছানি, চালমা আগা প্রমুখ্যে গায়ক–গায়িকাসকলে গজল সংগীতৰ ইতিহাসত এক যুগান্তকাৰী ভূমিকা পালন কৰিছে ৷ অসমত অনির্বাণ দাস গজল গায়ক হিচাপে সুপ্রসিদ্ধ ৷ অসমৰ বিশাল সংগীত জগতত গজল গীতৰ চর্চাকাৰীৰ ভূমিকা তেনেই নগণ্যই বুলিব পাৰি ৷
এক হাজাৰ পাঁচশ বছৰীয়া উর্দু কবিতাৰ এক ঐতিহাসিক পৰিক্রমা সামৰি গজলে ভাৰতীয় সংগীতত এক সুকীয়া স্থান অধিকাৰ কৰি আছে ৷ একপ্রকাৰ অভিনয় নির্ভৰ কাব্যিক কলা, সংগীত হিচাপে গজল উপভোগ্য হয় তেতিয়াহে যেতিয়া দক্ষতা, অনুভূতি, উপলব্ধি আৰু জ্ঞানৰ বিকাশ সাধন হয় ৷ গজলৰ জনপ্রিয়তা এতিয়াও পূর্বৰ দৰেই অক্ষুণ্ণ আছে ৷ হয়তো সময়ৰ পৰিপ্রেক্ষিতত গজল গানৰ বিৱর্তনে কবিতা আৰু সংগীতৰ এক নিকট সম্পৰ্কীয় সূত্রত অদূৰ ভৱিষ্যতেও পূর্ণাংগ ৰূপত জীয়াই থাকিব ৷