সুদীর্ঘ ২৫ বছৰৰ পিছত সৰু পর্দাত যতীন বৰা | ৰঙৰ অনবদ্য আয়োজন “মৰীচিকা”

সুনয়না ফুকন মহন্ত

যতীন বৰা – নামেই যাৰ পৰিচয় ৷ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ আৰু দেশ–বিদেশৰো প্রতিজন অভিনয় অনুৰাগী অসমীয়াৰ বুকুত এখন নিগাজী আসন তৈয়াৰ কৰা অসমৰ অভিনয় জগতৰ এক অনন্য আৰু ব্যতিক্রমী সত্তা হ’ল যতীন বৰা ৷ অসমীয়া চলচিচত্র জগত আৰু ভ্রাম্যমাণ জগতৰ জৰিয়তে অসমীয়া দর্শকৰ বুকুত ঘৰ সাজিছে জনপ্রিয় অভিনেতা যতীন বৰাই ৷ যতীন বৰাক ওচৰৰ পৰা লগ পাবলৈ অন্তৰত হাবিয়াস ৰখা প্রতিজন দর্শকলৈ সুখবৰ কঢ়িয়াই আনিবলৈ প্রস্তুতি চলাইছে অসমৰ অন্যতম মনোৰঞ্জনধর্মী চেনেল ‘ৰং’–এ ৷

মৰীচিকা ইতিমধ্যে টিভিৰ পর্দাত আপোনালোকে প্রত্যক্ষ কৰিছে মৰীচিকাৰ ফার্ষ্ট লুক ৷ প্রাইড ইষ্ট এন্টাৰটেইনমেন্টছ প্রাইভেট লিমিটেডৰ এক ব্যতিক্রমী প্রয়াস জনপ্রিয় অভিনেতাজনক সৰু পর্দাৰ মাধ্যমেৰে দর্শকৰ ওচৰ চপাই অনা ৷ সুদীর্ঘ ২৫ বছৰৰ বিৰতিৰ অন্তত দর্শকে মৰমৰ অভিনেতাজনক দেখা পাব ৰং চেনেলৰ মৰীচিকা ধাৰাবাহিকত এই মাহৰ পৰা ৷

অসমৰ জনপ্রিয় নাট্যকাৰ অভিজিৎ ভট্টাচার্যৰ কাহিনী–চিত্রনাট্য আৰু সংলাপেৰে যতীন বৰাৰ নিজস্ব পৰিচালনাৰে বছৰৰ প্রাৰম্ভণিতে ৰঙৰ এই প্রয়াসে নিশ্চয় দর্শকক মনোৰঞ্জনৰ এক অন্য সোৱাদ দিবলৈ সক্ষম হব ৷ জে বি প্রডাকচনে কার্যবাহী প্রযোজনাৰ দায়িত্ব বহন কৰা ধাৰাবাহিকখনৰ প্রযোজনা নিয়ন্ত্রণৰ দায়িত্বত আছে মনোজ কুমাৰ মিশ্র ৷

নগাঁও, গুৱাহাটী আৰু অসমৰ বহুকেইটা মনোৰম লোকেচনত যতীন বৰাৰ পৰিচালনাত দৃশ্যসমূহ সুন্দৰকৈ কেমেৰাৰে ধৰি ৰাখিছে প্রদীপ ধন দৈমাৰীয়ে ৷ উল্লেখ্য যে অসমৰ সংগীত জগতত বর্তমান খলকনি সৃষ্টি কৰা শংকুৰাজ কোঁৱৰে মৰীচিকাৰ শীর্ষগীতত কণ্ঠদান কৰাৰ লগতে সুৰ আৰু সংগীতো কৰিছে ৷ আনহাতে অসমৰ অন্য এজন জনপ্রিয় কণ্ঠশিল্পী দীক্ষু শর্মায়ো কাষ্টিঙৰ বাবে এটা বিশেষ শীর্ষগীতৰ সুৰ–সংগীত কৰাৰ লগতে কণ্ঠদান কৰিছে ৷

এতিয়া আহোঁ অভিনয় শিল্পীৰ কথালৈ ৷ মৰীচিকা যতীন বৰাৰ বিপৰীতে অভিনয় কৰিছে শ্যামন্তিকা শর্মাই ৷ ইয়াৰ লগতে পৱিত্র বৰুৱা, প্রাণজিৎ গোস্বামী, পল্লৱী গোহাঁই পাঠক, সঞ্জীৱ শর্মা, বাবলি বৰা, অলকজ্যোতি শইকীয়া, দীপাংকৰ ৰয়, অলিস্মিতা গোস্বামী, ৰাজীৱ ৰাজনীশ, মৌচম বৰা আদি বিভিন্ন বিশিষ্ট অভিনেতা–ভিনেত্রীয়ে ৷ ধাৰাবাহিকখনৰ এটি শিশু চৰিত্রত অভিনয় কৰিছে সৃষ্টি ৰয়ে ৷ ইতিমধ্যে চিত্রগ্রহণ চলি থকা ধাৰাবাহিকখনৰ দৃশ্যসমূহ সজীৱ কৰি তুলিবলৈ ৰূপসজ্জাৰে শিল্পীসমূহ সজাই তুলিছে বিশ্বজিৎ কলিতা আৰু প্রশান্ত বৰাই ৷ প্রাঞ্জল হালৈয়ে মুখ্য সহকাৰী পৰিচালনাৰ দায়িত্ব বহন কৰা ধাৰাবাহিকখনৰ সম্পাদনা শ্যামল দাস আৰু অভিজিৎ ৰয়ৰ ৷ পংকজ ইংতিয়ে কৰিগ্রাফ কৰা গীতৰ সম্পাদনা আৰু প্রম সম্পাদনা প্রতীম খাউণ্ডৰ ৷ স্থিৰচিত্র অনুপ বৰুৱা আৰু পষ্টাৰ ডিজাইন দীপাংকৰ ডেকাৰ ৷

যতীন বৰাৰ অভিনয়–পৰিচালনাৰে সমৃদ্ধ ধাৰাবাহিকখনৰ দৃশ্যসমূহ নৈবেদ্য হাজৰিকাই  আৱহ সংগীতেৰে আৰু অধিক প্রাণৱন্ত কৰি তুলিছে ৷

জন্মলগ্নৰ পৰা মনোৰঞ্জনৰ এক সুকীয়া পৰিচয়েৰে জনপ্রিয়তাৰ ধাৰা অক্ষুণ্ণ ৰখা ৰং চেনেলৰ এই অভিজাত তথা অভিনৱ প্রযোজনা মৰীচিকা, যত দর্শকে দেখা পাব বেদান্ত শইকীয়াৰ ৰূপত যতীন বৰাক ৷ বেদান্ত শইকীয়াৰ  জীপাল জীৱনটো সময়ৰ ঘড়ীৰ প্রতিটো পলে কেনেকৈ সলাই পেলাব, কি প্রত্যাহবানৰ মুখামুখি হব, প্রেম, ত্যাগ, প্রতিশোধ, প্রতাৰণা, হাঁহি–কান্দোনৰ এক সবল সংগ্রামেৰে তেওঁ কেনেকৈ জীৱন বাটত আগবাঢ়িব, এয়াই হব মৰীচিকাৰ মূল বিষয়বস্তু ৷ গতিকে ৰংৰ এই প্রয়াস তথা প্রচেষ্টাক আপোনালোকে মৰম আৰু সঁহাৰিৰে প্রতি সোমবাৰৰ পৰা শনিবাৰলৈ নিশা ৯ বজাত উপভোগ কৰিব বুলি আমি আশাবাদী ৷

ফোন : ৯৮৫৪০-৯২৩০৩

You might also like
Leave A Reply

Your email address will not be published.