চাহগছৰ আঁৰে আঁৰে

প্রীতি বৰা

ফুলমতীয়ে আজি আকৌ চেপা পাতিছে ৷ প্রায় এসপ্তাহতকৈও বেছিদিন ধৰি দি থকা পেনপেনীয়া বৰষুণজাকৰ বাবে বাটটো সেমেকি আছে ৷ মূৰৰ ওপৰৰ আকাশখনলৈ মূৰ তুলি নোচোৱাকৈ ফুলমতীয়ে অনুমান কৰিব পাৰিলে আকাশ মুকলি হোৱাৰ কথা ৷ যোৱা কেইটামান দিনৰে পৰা চেপাটোৰ সৈতে তাইৰ গঢ়ি উঠিছে এক নিবিড় সম্পর্ক ৷ পুৱা শুই উঠিয়ে পিছ বাৰাণ্ডাৰ চালিখনতে ওলমাই থোৱা পুৰণি চেপাটো এবাৰ চকু ফুৰাই যোৱাটো তাইৰ এটা অভ্যাসত পৰিণত হৈ উঠিছে ৷ মাকে কোৱা মতে সেইটো ককাকৰ দিনৰে চেপা ৷

ব্রিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমত চাহখেতি কৰিবলৈ যিসকল বনুৱা ভাৰতৰ বিভিন্ন ঠাইৰ পৰা বিচাৰ–খোঁচাৰ কৰি আনিছিল তেওঁলোক মূলতঃ ঝাৰখণ্ড, ওড়িশা, ছত্তিছগড়, পশ্চিমবংগ, অন্ধ্রপ্রদেশ আৰু বিহাৰৰ জনজাতীয় আৰু আদিবাসী লোক আছিল ৷ সূতমল মুণ্ডা তাইৰ ককাকৰ নাম ৷ পশ্চিমবংগৰ ভিতৰুৱা অঞ্চলৰ পৰা জীৱিকাৰ সন্ধানত অহা সূতমল মুণ্ডাৰ পিতৃ অসমৰ চাহ বাগিচাত কাম কৰিবলৈ আহিছিল আৰু বর্তমান ইয়াৰে স্থায়ী বাসিন্দা হিচাপে পৰিচিত তেওঁৰ পৰিয়ালবৃন্দ ৷ ককাক সূতমল মুণ্ডাৰ আদৰৰ নাতিনীজনীয়ে হল ফুলমতী ৷ ফুল ভাল পোৱা ছোৱালী বাবে হেনো তাইৰ নামটো ককাকে থলে ফুলমতী ৷

বর্ষণমুখৰ পুৱাৰ বতাহজাকত বিয়পি পৰা কলঘৰৰ পৰা ভাহি অহা চাহপতীয়া সেমেকা গোন্ধটো তাইৰ অতিকে আপোন আৰু চিনাকি ৷ আজন্ম চিনাকি সুবাসটোৱে ফুলমতীৰ দেহৰ লগতে মনলৈও সজীৱতা কঢ়িয়াই লৈ আহে৷ তাই গোন্ধটো নাকেৰে উজাই বুকুলৈকে টানি লয় ৷ অলেখ কৌতূহল উঠা–নমা কৰে ফুলমতীৰ মনৰ দাপোণত৷ স্বপ্ণবিলাসী এজাক মৌ–মাখিয়ে প্রতিপল ওপচাই ৰাখে তাইৰ খেয়ালি মন ৷

শ্যামবৰণীয়া সুশোভিত প্রকৃতিৰ কোলাত তাইৰ সপোনটোৱে বাট কাটে ৷ পুষ্পসজ্জিত ৰথত উঠি কোনো ৰাজকুমাৰৰ সৈতে ৰাজ কাৰেঙলৈ যোৱাৰ সপোন নহয়, বৰং জীৱনটো নকৈ সজোৱাৰ সপোনটোহে তীব্রতৰ হৈ উঠে ৷ পাতলীয়া আকাশৰ তলত ৰদালিয়ে ভুমুকি মাৰে, ন–ৰূপেৰে উদ্ভাষিত হৈ উঠে লাস্যময়ী বসুন্ধৰা ৷ তাই বহলকৈ চকু দুটা মেলি এবাৰ চেপাটোৰ ভিতৰলৈ জুমি চাহ পঠিয়ায় ৷ দুই মূৰ ঠেক বাঁহৰ কাঠীৰে সজা চেপাটোৰ মাজত এটা বিন্ধা আৰু সেই ফালেদিয়ে অনায়াসে ভিতৰলৈ সোমায় মাছবোৰ ৷ কি এক আষ্চয! যেন তাই কোনো ৰহস্যহে হঠাতে উদ্ভাৱন কৰিবলৈ উঠিপৰি লাগিল ৷ ফুটফুটীয়া মুগাবৰণীয়া ফ্রকটো পিন্ধি চেপাটো হাতেৰে লিৰিকি–বিদাৰি চুই থাকোঁতে হঠাৎ সুখী হৈ উঠে তাই ৷ সপ্রতিভ হাঁহিৰ ৰেশ এটি বাগৰি আহে দুই ওঁঠৰ কোণেদি ৷ বাহিৰৰ পৰা দুটা বহল বাট, বাটটোত বাঁহৰ সৰু কাঠী কিছুমান এনেকুৱাকৈ বৈ দিয়া হয় যে মাছ চেপাৰ ভিতৰত এবাৰ সোমালে সেই বাটেৰে পুনৰ ওলাই আহিবৰ সাধ্য নাই ৷ মাকৰ মাতত তাই পুনৰ ভিতৰলৈ দৌৰ দিয়ে ৷

ফুলমতীৰ দেউতাক হৰিপ্রসাদৰ গাঁৱৰ তিনিআলিটোৰ মূৰতে এখন সৰু দোকান৷ নামতহে দোকান ৷  পুৰণি উৱলি যোৱা বেৰ আৰু টিনপাতৰ চালি অকণমান ৷ বৰষুণৰ পানী নপৰিবলৈ ওপৰত টকৌপাতেৰে ঢাকি ৰখা দোকানখন খোলাৰ আজি দুই–তিনি বছৰেই পাৰ হলহি মূলধনখিনিয়ে এতিয়ালৈ কিজানি হাতলৈ ঘূৰি অহা নাই ৷ সেই লৈ হৰিপ্রসাদে কেতিয়াও মূৰ ঘমোৱা নাই ৷ লগৰে বিষু, ৰাণা, বুধুৱা আৰু দুই–চাৰিজনে মিলি চালিখনৰ কাষতে বাঁহৰ বেঞ্চখনত বহি দিনটো তাচপাতৰ খেলৰ আমেজ লোৱাৰ পৰত মাজে মাজে সিও দোকানৰ পৰা ভুমুকিয়াই, বিড়ি–চিগাৰেটৰ পেকেট দুটামানৰ যোগান ধৰি নাকেৰে ধোঁৱা বাহিৰ কৰি মূৰ খজুৱাহ খজুৱাই মহাআনন্দৰে খেলত ভাগ লয় ৷ দিনত তাচপাতৰ খেল, সন্ধিয়া মদ আৰু জুৱাৰ আড্ডা ৷

এমূৰ পকা চুলিৰে দহা চকুৱা হৰিপ্রসাদক দেখিলেই ফুলমতীৰ চকুহাল জঁহ পৰি যায় ৷ দেউতাকৰ হাতত প্রতিদিনে লাঞ্ছিতা হোৱা মাকক দেখিলে তাইৰ কণমানি কলিজাটো ভয়ত কঁপি উঠে ৷ ঠিক তেতিয়াই তাইৰ সপোনটোৱেও বাট হেৰুওৱাৰ উপক্রম হয় ৷ কেনেকৈ সহ্য কৰে মাক বৃন্দাই ইমান আতিশয্য

কাহানিও দেউতাকৰ চকুলৈ চাহ নোপোৱা ফুলমতীয়ে ঘৰত হৰিপ্রসাদ নাথাকিলেহে যেন পৰম শান্তি পায় ৷ বিষু আৰু ৰাণা দুয়োৰে ঘৈণীয়েক হৰমাহ আৰু চম্পা বৃন্দাৰ লগত একেলগে বাগানত পাত তোলা কাম কৰে৷ ঘৰত বুুীমাক আৰু লৰা–ছোৱালী এপাল এৰি সিহঁতে দিনৰ দিনটো তিনিআলিৰ দাঁতিত স্ফূর্তি–তামাচা কৰি সুৰামত্ত হৈ গধূলিৰ আগে আগেহে ঘৰ সোমায়হি ৷ বুধুৱাই বিয়া পতা দুবছৰমানহে হৈছিল, ঘৈণীয়েকে তাক এৰি বাগানৰ লাইনৰ বেলেগ এটাৰ লগত পলাই গল ৷ চামেলী আছিল তাইৰ নাম ৷ দুয়ো দুয়োকে বহুত ভাল পাইছিল৷ আৰু এদিন দুর্গা পূজাৰ অষ্টমীৰ দিনা বাগানৰ পূজা চাহ ঘূৰি আহোঁতে বুধুৱাৰ লগত পলাই আহিছিল তাহ ৷ দুদিন পিছতে বৰ ধুমধামেৰে বিয়াৰ পার্টীৰো আয়োজন কৰিছিল সি ৷ চামেলী আছিল সাহলাস দুর্গা গোসাঁনী ৷ তাইৰ ৰূপ দেখিয়ে প্রেমত পৰিছিল বুধুৱা আৰু সেই চামেলীৰ প্রতাৰণাক কোনোপধ্যে সি মানি লব পৰা নাই আজিলৈকে ৷ তেতিয়াৰে পৰা পুৱা–গধূলি মদ, ভাং, জুৱাত ডুবি জীৱনটো বিষতুল্য কৰি পেলাইছে বুধুৱাই ৷

গ্রীষ্মৰ প্রখৰ ৰদ ৷ ঘামৰ চপচপীয়া বোঁৱতী সুঁতি এটা তাইৰ মূৰৰ পৰা সর্বশৰীৰলৈ বৈ গল ৷ বেলিটোৱে গা পুৰি ভস্ম কৰাৰহে যেন পণ লৈছে ৷ চাহ বাগিচাখনৰ উত্তৰ দিশে গাতে লাগি থকা সমতল ভূমিখণ্ডৰ কাষেৰে জিৰি জিৰিকৈ বৈ গৈছে সৰু পাহাৰীয়া নৈখন ৷ প্রকৃতিৰ বুকুত চিৰকাল উমলি থকা স্বাভিমানী নৈখনৰো পিছে আছে এক স্বকীয় পৰিচয় ৷ খণ্ডিত–খণ্ডিত কত স্মৃতিৰে আজিও একেখন ভূমিখণ্ডত কুলুকুলু সুৰেৰে বৈ আছে ৷

ফুলমতীয়ে সোঁহাতখনেৰে কপালখনত ৰদ নপৰিবলৈ গামোচাখনেৰে আগভেটা দি, সোঁভৰিখন পানীত ৰাখি এনেয়ে মূৰটো এবাৰ ইফালে এবাৰ সিফালে ঘূৰালে ৷ তথাপি ৰদৰ প্রকোপ নকমিল ৷ তাই চেপাটো পাতি কিছুদূৰ আহি বুুা আঁহতজোপাৰ ছাঁতে অলপ জিৰালে ৷  কেনেবাকৈ মাছ দুজনীমান ধৰি ঘৰ পোৱাবগৈ পাৰিলেহ ৰক্ষা ৷ মাকৰ হাতৰ উহোৱা চাউলমুঠি, তাতে কেতিয়াবা কচু, ঢেঁকীয়া মিহলি পানী দাহলকণ দেখিলেই তাইৰ নাক কোঁচ খাই আহে ৷ মাকে দিনটো বাগানত পাত তোলে ৷ সন্ধিয়া আহি অকণমান জিৰাই গধূলিৰ চাউলমুঠিৰ যোগাৰ লোৱালৈ ভাগৰত জুৰুলা দিয়ে ৷ দিনৰ দিনটো হাড়ভগা পৰিশ্রম, লৰা–ছোৱালী আৰু গিৰীয়েকৰ জা–জঞ্জাল মাৰোঁতে মুখৰ জ্যোতি ম্লান পৰি আহে বৃন্দাৰ ৷

ফুলমতীৰ মাকলৈ বৰ মৰম উপজে৷ মাকৰ কষ্টবোৰ দেখি তায়ো মাকৰ লগত পাত তুলিবলৈ যাবলৈ বিচাৰে, কিন্তু মাকে তাইক সদায়ে বাধা দিয়ে৷ সদ্যপুষ্পিতা গাভৰু ফুলমতীজনীক লৈয়ে সেয়ে মাকৰ চিন্তাৰ ওৰ নাই ৷ বৃন্দা হৰিপ্রসাদৰ দ্বিতীয় পত্নী ৷ তামবৰণীয়া দীর্ঘদেহী বৃন্দা ৰূপে গুণে অতুলনীয় ৷ প্রথমা পত্নী মন্দোদৰীৰ প্রসৱকালত মৃত্যু হোৱাৰ বাবে বত্রিশ বছৰীয়া হৰিপ্রসাদে পাটগাভৰু বৃন্দাক বিয়া কৰাইছিল ৷ তেতিয়া তাইৰ বয়স আছিল ঊনৈশ বছৰ ৷ সব নচিবৰ খেল বুলি মানি তাই নতুন ঘৰখন আতৌ–পুতৌকৈ আদৰি লৈছিল ৷ বৃন্দাই ঘৰ সোমোৱা ছমাহৰ পিছতেই হৰিপ্রসাদে বাগানৰ কাম এৰি হাঁহ–কুকুৰা পুহি স্থানীয় বজাৰত বিক্রী কৰিবলৈ ললে ৷ কিছুদিন তেনেদৰে চলি সেয়াও বাদ দি আন এঠাইত ঘৰ বনোৱা কামত যোগালি কৰিবলৈ ধৰিলে ৷ কিন্তু হৰিপ্রসাদৰ মদ আৰু জুৱাতে উপার্জনৰ সৰহখিনি টকা ব্যয় হয় ৷ বিয়াৰ পিছত প্রথম কেইমাহমান বৃন্দাই আলেঙে আলেঙে চকুপানী টুকিছিল ৷ ৰান্ধনিঘৰত সোমাই উদং টেমাবোৰ দেখি তাহৰ চকু কপালত উঠে ৷ মনতে গুণাগঁথা কৰি ঘৰখন চলাবলৈ বৃন্দাই এইবাৰ নিজেই  বাগানৰ বৰবাবুক লগ কৰি কাম এটা যোগাৰ কৰি ললে ৷

পুৱাৰ কোমল ৰদজাক মূৰত লৈ শ্যামবৰণীয়া লাহী শৰীৰৰ বৃন্দাজনী ব্যস্ত হৈ উঠে ৷ কাহিলিপুৱাতে উঠি ঘৰৰ জা–জঞ্জাল সামৰি তাই বাগিচাৰ পাত টুকিবলৈ ওলোৱাৰ লগে লগে কণমানি ৰাধাই মাক যোৱাৰ পিনে বহুপৰ একেথিৰে চাহ ৰয় ৷ দুহাত জোকাৰি তাই কিবাকিবি কয়, কিন্তু বৃন্দা যে নিৰুপায় ৷ হৰিপ্রসাদ তেতিয়াও নির্বিকাৰ ৷ বেৰৰ জলঙাই দি সোমোৱা ৰদজাকেও তাক শোৱাপাটীৰ পৰা জগাই তুলিব নোৱাৰে ৷ ফুলমতীয়ে পিৰালিতে বহি ৰাধাক ওমলাহ থাকে ৷ হৰি আৰু কানহা চুবুৰিটোৰ আন সমনীয়া কেইটামান গোট খাই ওচৰৰ মুকলি খেলপথাৰখনলৈ লৰ দিয়ে৷ গভীৰ ক্লান্তিত কামৰ পৰা ঘূৰি অহা মাকৰ কৰুণ মুখখন দেখিলে ফুলমতীৰ মনটো বিষণ্ণ হৈ উঠে ৷ খৰখেদাকৈ তাই পানী এগিলাচ আনি মাকৰ হাতত তুলি দি দিনতে বিচাৰি আনি থোৱা শুকান খৰি এবোজা জুহালৰ গুৰিত গোটাহ দিয়েহি৷ মাকৰ চকুহাল ভৰি উঠে ৷ ফুলমতীয়ে নেদেখাকৈ আঁচলেৰে চকুহাল টুকি লয় বৃন্দাই ৷

গৰমৰ বন্ধ শেষ হবলৈ আহিল ৷ তাই আকৌ বিদ্যালয়লৈ যাব, সেই অনুভৱটোৱে তাইক উত্রাৱল কৰি তোলে ৷ সিহঁতৰ বিদ্যালয়লৈ নতুনকৈ অহা বাইগৰাকীয়ে তাইক খুব ভাল পায় ৷ যোৱা বেলি গৰম বন্ধ খোলাৰ পিছত সিহঁতৰ শ্রেণীত এখন ৰচনাৰ প্রতিযোগিতা পাতিছিল ৷ ফুলমতীয়ে প্রথম পুৰস্কাৰটো পাইছিল ৷ এখন কিতাপ আৰু এটা কলম ৷ তেতিয়াৰে পৰা অৰুণিমা বাইদেউৰ প্রিয় ছাত্রী তাই ৷ বাইদেউৰ সান্নিধ্যই আকৃষ্ট কৰে তাইক ৷ অকল ৰূপেহ নহয়, তেওঁৰ সাজসজ্জা, চালচলন, কথা–বতৰাতো সস্নেহেৰে উজলি উঠে তেওঁৰ ব্যক্তিত্ব ৷ সাহলাস সৰগৰ অপেশ্বৰীৰ দৰে লাগে বাইদেউক দেখাত ৷

নিয়ৰৰ টোপাল পৰি জিলিকি থকা শেৱালি ফুলপাহৰ দৰেহ নিতৌ দুডাল বেণী গুঁঠি, পাহাৰীয়া মূলৰ এঢলীয়া পথেদি বিদ্যালয়লৈ অহা–যোৱা কৰে তাই হেঁপাহৰ সপোনটো বুকুত বান্ধি ৷ তাই ডাঙৰ হৈ অৰুণিমা বাহদেউৰ দৰে হব ৷ এখন নিজা ঘৰ সাজিব ৷ চাহাবৰ বঙলাৰ দৰে পকী ঘৰ, আহল–বহল কোঠা, লগতে গা ধোৱা কুঠৰী–ৰান্ধনিঘৰো হব পকী ৷ তেতিয়া মাক বৃন্দা দিন ৰাতি পৰম সুখত মজি থাকিব ৷ কিমান যে সপোন, কিমান যে হেঁপাহ তাইৰ ৷

এছাটি নৈপৰীয়া চিকুণ বতাহে তাহক জোকাৰি থৈ গল ৷ আঁহতৰ তলত ৰৈ ফুলমতীয়ে তন্ময় হৈ নৈৰ পানীখিনিলৈ চাই পঠিয়ালে ৷ পানীৰ ছন্দোময় নৃত্য চাহ তাই ক্ষণিক সন্মোহিত হৈ ৰল ৷ হঠাতে তাইৰ মূৰৰ ওপৰেদি এজাক চৰাই কিচিৰ–মিচিৰ শব্দৰে উৰা মাৰি যায়৷ ফুলমতীয়ে মুখতে গণনা কৰে এটা, দুটা, তিনিটা, চাৰিটা ৷ চকুৰ পচাৰতে ভুৰুংকৈ নোহোৱা হয় চৰাইজাক ৷ তাই গছজোপাতে হেলান দি ৰয় ৷ মনত খূদুৱনি ৷ তাই মনতে ভাবে আজি যদি তাইৰ চেপাটোত মাছকেইজনীমান লাগে তেন্তে ৰাতিলৈ বৰ তৃপ্তিৰে এসাঁজ খাব পাৰিব ৷ কিমান দিন যে হল সিহঁতে মাছ অকণ সোৱাদ লগাকৈ খাবলৈ নোপোৱা ৷ মাছ কিনি খাব পৰাকৈ শকতি নাই ফুলমতীহঁতৰ ৷

কেতিয়াবা চাৰিআলিত বহা বজাৰখনলৈ মাকে লগ ধৰিলে তায়ো ওলায় ৷  বৃন্দাই এজনী পোহাৰীৰ ওচৰৰ পৰা সিজনী পোহাৰীৰ কাষলৈ যায়, মানুহে দৰ–ভাও কৰা চায়, আৰু কেতিয়াবা তায়ো দাম সুধি কেতিয়াবা নুসুধি ভিৰৰ মাজৰ পৰা ওলাই আহে ৷ উদং বাহটোত মাকে কিমান যতনেৰে এপদ এপদ বস্তুৰ যোগান ধৰে, ফুলমতীয়ে আজিকালি সকলো বুজে ৷ অকল সেয়েনে শ্যামলাল বণিজৰ পৰা লোৱা ৰূপ চাৰি হাজাৰৰ প্রতিমাহে দি আহিবলগীয়া সূতখিনি অলপ হেৰফেৰ হলেহ বলো মহৰিৰ হতুৱাই মাকক মতাই নি দোকানৰ সন্মুখতে অত মানুহৰ আগত থিয় কৰাই কম লাজ দিয়ে নে মানুহটোৱে ৷ বৃন্দাই অনুনয়ৰ সুৰত কোৱা কথাখিনিয়েও বুুাৰ মনত সাঁচ বহুৱাব নোৱাৰেগৈ ৷ ঘৰ আহি পোৱালৈকে মাকৰ চকুৰ কোণ দুটি পানীৰে ভিজি থকা দেখিলে ফুলমতীৰ বুকুখন পুনৰ মোচৰ খাহ উঠে ৷ যোৱাবেলি জেঠতে লোৱা টকা ৷

বৰষুণৰ দিনত কিমান যে পানী ঘৰে–বাহিৰে সোমাইছিল ৷ বৃন্দাই চৰিয়া লৈ পানী টুকি থাকোঁতেই এবেলা যায় ৷ পিছলৈ গোটেইখন পানীময় হোৱা দেখি হৰিপ্রসাদে নতুন চালিখন দিয়াৰ চিন্তা কৰিলে ৷ চালিখনৰ লগতে আকৌ পুৰণি খুঁটা দুটাও সলনি কৰিবলগীয়া হোৱাত একেলগে কামখিনি কৰি পেলাবলৈ শ্যামলালৰ পৰা দেউতাকে নগদ ৰূপ চাৰি হাজাৰ সূতলৈ আনিছিল ৷

সন্ধিয়া পৰত দোৰোল খোৱা জিভাৰে জুৱাথলীৰ পৰা ঘৰ সোমোৱা হৰিপ্রসাদক বৃন্দাই কিবা এষাৰ কলে হৰিপ্রসাদৰ আত্মসন্মানত আঘাত লাগে ৷ পদূলিমুখেৰে পৰা তাৰ চকুৰে জুই বৰষিবলৈ আৰম্ভ কৰে, মুখত ফুটি উঠে অবাইচ মাত ৷ আবতৰীয়া ধুমুহাই ক্ষত–বিক্ষত কৰি থৈ যোৱা আউল–বাউল চুলিৰে মজিয়াত পৰি ৰোৱা হতভগীয়া বৃন্দাৰ শৰীৰটো আলফুলে সাবটি ধৰি উচুপি উঠে ফুলমতী ৷ দেউতাকৰ প্রতি জাগি উঠা এথোপা প্রবল ঘৃণাত তাইৰ সর্বশৰীৰ ক্ষুণ্ণ হৈ পৰে ৷ হৰিপ্রসাদৰ লোহৌ দুহাতৰ আতিশয্যত প্রায় প্রতিদিনে পিষ্ট হয় বৃন্দাৰ শৰীৰ ৷ কেৱল শৰীৰেই নে, আঘাতপ্রাপ্ত হয় তাহৰ আত্মাটোও ৷

অৱশেষত তাইৰ চেপাত কাৱৈ, পুঠি, গৰৈ চিৰিকা আৰু শিঙি কেইজনীমান লাগিল ৷ তাইৰ আনন্দই  উলাহে নধৰা হল ৷ মাছকেইজনী লৈ তাই ঘৰলৈ লৰ ধৰিলে ৷ কিমান যে স্ফূর্তি আজি তাইৰ ৷  অন্তত আজি ৰাতি সুদা ভাত খাব নালাগে সিহঁতে ৷ ইতিমধ্যে পশ্চিমৰ আকাশত সুমথিৰা ৰঙী বেলিটোৱে ডুব যোৱাৰ প্রস্তুতি চলাহছে ৷ তাৰে কিছু ৰং ফুলমতীৰ গালটো ওমলিছে ৷ মনৰ উলাহতে তাই দৌৰ মাৰি ঘৰলৈ উভতিল ৷ তাই গৈ ঘৰৰ পদূলি পালে কি নাপালে এক মুহূর্তত তিৰবিৰাই থকা তাইৰ চকুহাল কলা ডাৱৰে ঢাকি ধৰিলে ৷

এজুম মানুহৰ মাজত চোতালত পৰি আছে হৰিপ্রসাদ ৷ কোনোবাই  বিচনীৰে বিচি দিছে, কোনোবাই চকু–মুখত পানী এছাটি মাৰি দিছে ৷ বৃন্দাৰ দুচকুৰে ধাৰাসাৰে চকুলো বৈছে ৷ অস্থিৰ দুহাতেৰে তাই হৰিপ্রসাদৰ হাত আৰু চকু–মুখ মোহাৰি আছে ৷ পাত টুকি ঘৰলৈ উভতি অহা বৃন্দাক কোনোবাই বাটতে খবৰ দিয়াত তায়ো উধাতু খাহ আহি ঘৰ সোমাইছেহি ৷ হৰিপ্রসাদৰ দেহত কোনো সঞ্চালন নাই ৷ মানুহৰ জুমটোত থিয় দি থকা কোনোবা এটাই বাগানৰ হাস্পতাললৈকে নিবলৈ দিহা–পৰামর্শ দিছে ৷ দুজনমানে তাতে শলাগিছে ৷

হাতৰ চেপাটো পেলাই একে দৌৰে আহি তাই মাকৰ কাষতে বহি ৰল ৷ মাকৰ কোলাত ফেঁকুৰি ফেঁকুৰি কান্দি থকা ৰাধাজনীলৈ চাবলৈ কাৰোৰে আহৰি নাহ ৷ ভয় মিশ্রিত চাৱনিৰে ফুলমতীয়ে গোটেই পৰিৱেশটোলৈ এবাৰ চকু ফুৰালে ৷ অলপ আগলৈকে পোহৰ হৈ থকা তাইৰ মুখখন কৰুণ হৈ উঠিল ৷ দেউতাকৰ চকুলৈ যাব নোখোজা ছোৱালীজনী মাকৰ সৈতে মাটিতে লেপেটা কাঢ়ি বহি কান্দোনত ভাগি পৰিল ৷ দুজনমানে বু বু বা বা কৰিছে হৰিপ্রসাদে মুখেৰে তেজ বটিয়াইছে ৷ কোনোবা দুজনে তৎক্ষণাৎ ডাংকোলাকৈ লৈ তাক বাগানৰ হাস্পতাললৈ লৈ গল ৷ বৃন্দাৰ আউল–বাউল উদাস চকুত এথুপি দুখৰ বন্যা ৷ চোতালৰ ধূলি লেটি বাগৰি থকা স্বামীৰ প্রহাৰত আঘাতপ্রাপ্ত আজি তাই কোনো দুর্বল নাৰী নহয়, বৰং স্বামীৰ প্রাণৰ হকে ঈশ্বৰৰ সৈতে যুঁজ দি থকা এগৰাকী দুর্ভগীয়া পত্নী ৷

নাৰীৰ ৰূপ সঁচাকৈয়ে ভিন্ন ৷ শোক সাগৰত ডুব গৈ থকা বৃন্দা হঠাৎ মানুহৰ জুমটো ঠেলি হৰিপ্রসাদৰ পিছে পিছে দৌৰি গল ৷ কিবা এটা মনত পৰাত পিছমুহূর্ততে তাই পুনৰ ঘৰলৈ উভতি আহি ঘৰৰ কাষৰ চিন্তামণি বুুীক ঘৰখন আৰু ফুলমতীহঁতক চাবলৈ কৈ বাগানৰ পিনে লৰ দিলে ৷

 ঘৰখন নিজম পৰিল৷ চিন্তামণি বুুীৰ ঘৰ সিহঁতৰ চুবুৰিৰ পৰা দুঘৰ পাৰহৈয়ে পায় ৷ ষাঠিৰ ডেওনা পাৰ কৰা বৃদ্ধাৰ এই পৃথিৱীত কেউকিছু নাই ৷ চকুৰ আগতে গজ গজকৈ ডেকা লৰাটো যোৱা বছৰ ঢুকাল ৷ চুলাই মদত হোৱা বিষক্রিয়াৰ কাৰণেই বুুীয়ে লৰাটো হেৰুৱালে ৷ সেই দুর্যোগত গাঁৱৰে কেইবাটাও পৰিয়ালৰ আত্মীয়ই প্রাণ হেৰুৱালে ৷ পৰৱর্তী সময়ত চৰকাৰী কর্তৃপক্ষই কিছুমান পদক্ষেপ গ্রহণ কৰি গাঁওসমূহৰ পৰা চুলাই মদৰ ঘাটিবোৰ উৎখাত কৰিছিল যদিও প্রায়সংখ্যক লোকে আগতীয়াকৈ গম পাইছিল কাৰণে সিবিধ বেলেগ বেলেগ ঠাহত সোপাকে নি লুকুৱাই থৈ আহিল ৷ প্রায় এসপ্তাহ ধৰি সেই অভিযান চলিল ৷ লাহে লাহে আকৌ আগৰ অৱস্থা ঘূৰি আহিল ৷ সস্তীয়া দেশীয় সুৰাৰ বজাৰখন চকুৰ আগতে পুনৰ গঢ় লৈ উঠিল ৷ কিন্তু তাৰ পিছতো তেনে দুই–এটা ঘটনা ঘটিবলৈ নেৰিল ৷ মানুহ মৰিয়ে আছে ৷  প্রশাসনেনো আৰু কিমান চকু দিব একমাত্র পুত্রক হেৰুৱাই তেতিয়াৰে পৰা মানুহজনী নিচেই অকলশৰীয়া হৈ পৰিল ৷

সন্ধিয়া নামিল ৷ ফুলমতীৰ চকুহাল ঘনে ঘনে পদূলিলৈ অহা–যোৱা কৰি থাকিল ৷ আকাশৰ ৰং যিমানেই গা হৈ আহিব ধৰিল তাইৰ মনৰ উছাহবোৰ এপাহ এপাহকৈ মৰহি যাবলৈ ধৰিল ৷

প্রায় দুঘণ্টামানৰ পিছত হাতত টর্চ লৈ লাইনৰ লৰা দুটাৰ সৈতে বৃন্দা আহি ঘৰ পালেহি ৷ ইপিনে, ভোকে–লঘোনে তাই দিনটো বাগানত পাত টুকি, ঘৰ সোমায়ে আপদীয়া দুর্যোগৰ সৈতে মুখামুখি হয় ৷ মদসোপা টেঁটুৰ গুৰিলৈকে গিলি গিৰীয়েকৰ এতিয়া এই অৱস্থা ৷ এসোঁতা গৰম তেজে তাইৰ শৰীৰৰ সিৰা–উপসিৰাবোৰ জাগ্রত কৰি তুলিছিল ৷ হৰিপ্রসাদ বর্তমান সুস্থ যদিও পৰিস্থিতি কিন্তু এতিয়াও জটিল৷ শীঘ্রে ডাক্তৰৰ ওচৰলৈ নিয়া বাবেহে তাৰ প্রাণটো বচাব পৰা গল ৷ চুলাই খাবলৈ নেৰিলে হেনো তাৰ দেহাও নাথাকে৷ নতুনকৈ অহা বাগানৰ ডাক্তৰ বাবুৱে প্রায় ধমকৰ সুৰত কথাখিনি কৈছে তাইক ৷ কেইটামান বেজী আৰু ঔষধ লিখি দিছে তেওঁ যিকেইটা চহৰৰ দৰবৰ দোকানতহে পায় ৷ বৃন্দাৰ বুকুখন কিবা এক আশংকাত কঁপি উঠিল ৷ কত পাই ইমানবোৰ টকা চকুৰ আগতে শিৰৰ সেন্দূৰকণ তাই কেনেকৈ নোহোৱা হবলৈ দিয়ে বৃন্দা ভিতৰি ভিতৰি দগ্ধ হৈছিল ৷ ক্ষিপ্রতাৰে কথাবোৰ পাগুলি ভাৰাক্রান্ত শৰীৰটো লৈ তাই এখুজি দুখুজিকৈ কলৰ পাৰ পালেগৈ ৷

কৃষপক্ষৰ ঘিটমিটীয়া আন্ধাৰ ৷ জিলীৰ মাত আৰু জোনাকী পৰুৱাৰ টিপটিপ পোহৰে ছানি ধৰিছে সর্বত্র ৷ কণমানি ৰাধাক কোঁচত তুলি লৈ বৃন্দা পুনৰ ভিতৰ সোমাল৷ তায়ো ইতিমধ্যে কলমকটিয়াবলৈ আৰম্ভ কৰিছে ৷ লৰা দুটাই মাকক দেখি বায়েক আৰু মাকৰ কাষলৈ চাপি–কুচি আহিল ৷ যদিও কানহা আৰু হৰিৰ মাজত এবছৰৰ এটি ব্যৱধান আছে, সিহঁত দেখিবলৈ কিন্তু প্রায় যমজ লৰাৰ দৰেই ৷ চিন্তামণি বুুীও এতিয়া নিশ্চিন্ত মনেৰে নিজৰ ঘৰলৈ যাবলৈ উঠিল ৷ ফুলমতীয়ে মাকলৈ পানীৰ গিলাচটো আগবঢ়াই দি জুহালৰ কাষতে শুকান খৰি অলপ আনি গোটাহ দিলে ৷ তাই দুর্বল খোজেৰে বাটি এটাতে ধাক মাৰি থোৱা মাছকেহটা আনি মাকৰ সন্মুখত তুলি ধৰিলে ৷

মাকৰ মুখখনত এচপৰা ঘন বিষাদৰ ডাৱৰ ৷ আন দিনা হোৱা হলে বৃন্দাই ফুলমতীক বুকুৰ ওচৰলৈ চপাই নি মৰমেৰে ওপচাই দিলেহেঁতেন ৷ এমুখ আন্ধাৰে গ্রাস কৰা বৃন্দাজনী ভাগৰত ম্লান পৰি গৈছিল ৷ ফুলমতীৰ উৎসাহ দেখি মাকৰো মনটো কিছু ফৰকাল লাগিল ৷ তাই মাছকেইটা বাচি কেৰাহিখন জুইত পাতি দিলে ৷ ভাত আৰু মাছৰ আঞ্জা এখন ৰান্ধি আটাইকেইটাই ভাতৰ পাতত বহিল ৷ লৰা–ছোৱালীকেইটাক মাছকেইটা ভগাই দি তাই জোল অকণমানেৰেই ভাত দুগৰাইমান মুখলৈ নিয়াৰ চেষ্টা কৰিলে ৷ খোৱাৰ ৰুচি নাছিল যদিও কণমানি ৰাধাৰ মুখলৈ চাহ খোৱা সামৰিল ৷

ৰাধা আৰু লৰাহাল ইতিমধ্যে গভীৰ টোপনিত লালকাল ৷ এন্ধাৰত মাকৰ মুখখন দেখা নাপালেও কিন্তু ফুলমতীয়ে ঠিকেই অনুমান কৰিছে আজি নিশাটো মাকে অনিদ্রাতে কটাব ৷ চোতালৰ ঘোঁৰানিমজোপাত বহি ফেঁচাজনীয়ে কুৰুলিয়াই থকা শুনি অজান আশংকাত কঁপি উঠিছে বৃন্দা৷ নে এয়া আন কিবা নতুন বিপদৰ আগজাননীহে ৷ হঠাৎ ঘৰখনলৈ কেনে দুর্যোগ নামি আহিল ৷ ঘন ঘনকৈ উশাহছাটি লৈ তাই চিন্তাবোৰ খন্তেক একাষৰীয়া কৰি চকু দুটা জপাই ধৰিলে ৷  হৰিপ্রসাদৰ বাবে ইমান বেছি আৱেগিক হোৱাৰ প্রয়োজনেহবা কি কোনোদিন স্বামীৰ সৈতে সুখৰ এপল ভগাই লবলৈ নোপোৱা মানুহজনৰ বাবেনো তাই ইমান ব্যাকুল হৈ উঠিছে কিয়

এবোজা অস্থিৰতাই বৃন্দাৰ শৰীৰ–মন আকৌ ভাৰাক্রান্ত কৰি তুলিলে ৷ এন্ধাৰত তাইৰ দুচকুৰে দুধাৰি গৰম লোতক বৈ গৈ বুকুখন তিয়াই পেলাইছে ৷ এচটা শিলাখণ্ডহে যেন তাইৰ বুকুখনৰ পৰা লাগে লাহে খহিব ধৰিছে ৷ তাই বাধা দিয়াৰ চেষ্টা নকৰিলে ৷ বৰং কলিজাত থূপ খাই থকা দুখবোৰ ধুই নিকা হৈছে ৷  হৰিপ্রসাদ তাহৰ সন্তানৰ পিতৃ ৷ এটা–দুটা নহয় চাৰিটাকৈ সন্তান তুলি–তালি ডাঙৰ কৰাটো জানো মুখৰ কথা ৷  ধুমুহা আহেই ৷ ধুমুহা আহিলেই জানো সকলো গছ উভালি পৰে

কৰবাৰ পৰা যেন মনৰ উদ্যমহে ঘূৰাই পাইছিল তাই ৷ তেতিয়ালৈ ফেঁচাজনীও শান্ত হৈছিল ৷ মাজ নিশা শোৱাপাটীৰ এমূৰত ফুলমতী আৰু তাইৰ সপোনটো, আনটো মূৰত বৃন্দা আৰু তাইৰ সংসাৰখনে উমলি আছিল চকুৰ পতাত৷ অৱশেষত মনৰ মাজতে চলি থকা যুদ্ধত জয়ী হৈছিল বৃন্দা ৷ লাহে লাহে দেহৰ অৱসাদ আঁতৰি দুচকুলৈ টোপনি নামি আহিছিল ৷ ইতিমধ্যে এজাক দোপালপিতা বৰষুণৰ ঝনঝননিত ৰাতিটো মায়ালগা হৈ পৰিছিল ৷

পুৱাৰ ৰদালিয়ে ভুমুকিওৱাৰ আগেহ বৃন্দা শোৱাপাটী এৰি কলৰ পাৰ পালেগৈ ৷ কেইবানিশাও টোপনি খতি কৰাৰ দৰে চকুৰ তলত কালিমা পৰিছিল যদিও বৃন্দাৰ চকু দুটা জিলিকি আছিল ৷ এটা প্রত্যয়ৰ সূচনাই তাইৰ মনটো বান্ধি পেলাহছিল৷ পূবৰ আকাশ ৰাঙলী হৈছিল ৷ নতুন দিন, নতুন সূচনা৷ ফুলমতীয়ে মাকক দূৰৈৰ পৰা লক্ষ্য কৰি আছিল ৷

ফোনঃ  ৯১০১৫-৪১২৩৩

You might also like

Comments are closed, but trackbacks and pingbacks are open.