ফেটি লিভাৰঃ কাৰণ আৰু প্রতিৰোধৰ উপায়

                                                                             ৰাজীৱ কাশ্যপ

 লিভাৰ বা যকৃত হৈছে আমাৰ শৰীৰৰ এবিধ ডাঙৰ অংগ আৰু আটাহতকৈ ডাঙৰ গ্রন্থি ৷ লিভাৰে পাচন কার্যত সহায় কৰে, প্রটিন সংশ্লেষণ কৰে, বিপাক ক্রিয়াত সহায় কৰে আৰু শৰীৰৰ বাবে ক্ষতিকাৰক পদার্থ কিছুমান উলিয়াই দিয়াত সহায় কৰে ৷ লিভাৰৰ বেৰত চর্বি জমা হোৱাকে ফেটি লিভাৰ বুলি কোৱা হয় ৷ ইয়াক হেপাটিক ষ্টিটছিছ (Hepatic Steatosis) বুলি কোৱা হয় ৷ লিভাৰৰ ওপৰত কম পৰিমাণে চর্বি জমা হলে কোনোধৰণৰ সমস্যা নহয়, কিন্তু অধিক পৰিমাণৰ চর্বি জমা হলে বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷  ফেটি লিভাৰৰ সমস্যাত ভোগা লোকৰ সংখ্যা অধিক হোৱা দেখা গৈছে ৷ এই ৰোগৰ কাৰণ হলঃ

  • খাদ্যৰ লগত অধিক পৰিমাণৰ চর্বি গ্রহণ কৰিলে অতিৰিক্ত চর্বি লিভাৰত জমা হয় ৷ মেদবহুল লোকসকল প্রায়েই ফেটি লিভাৰৰ সমস্যাত ভোগা দেখা পোৱা যায় ৷
  • বেছিকৈ উপবাসে থকা লোকসকলৰ শৰীৰৰ চর্বিসমূহ ভাঙি যায় আৰু এই চর্বি লিভাৰত জমা হব পাৰে ৷ এই অৱস্থাত মানুহজন খিনাই যায়, কিন্তু লিভাৰত চর্বি জমা হয় ৷
  • তেজত কলেষ্টৰেল বাঢ়িলেও এই ৰোগ হব পাৰে ৷ কলেষ্টৰেলৰ ভিতৰত ড্রাই গ্লিছাৰয়ডৰ পৰিমাণ বাঢ়িলে ফেটি লিভাৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায় ৷
  • বংশগত কাৰণতো এইবিধ ৰোগ হোৱা দেখা যায় ৷
  • অনিয়ন্ত্রিত মধুমেহ ৰোগৰ বাবেও ফেটি লিভাৰ হব পাৰে ৷ যিসকল লোকৰ বাধক ইনছুলিন(Insulin Resistance)ৰ বাবে মধুমেহ ৰোগ হয়, তেওঁলোকৰ এই ৰোগ বেছিকৈ হোৱা দেখা যায় ৷
  • থাইৰয়ডৰ সমস্যা বিশেষকৈ হাইপথাৰয়ডজমত ভোগা লোকসকলৰ ফেটি লিভাৰৰ সমস্যা হোৱা দেখা যায় ৷
  • সুৰাপান কৰা লোকসকলে প্রায়ে ফেটি লিভাৰৰ সমস্যাত ভোগা দেখা যায় ৷ ইয়াৰ কাৰণ হৈছে মদ্যপানৰ বাবে লিভাৰৰ চর্বিৰ বিপাক প্রক্রিয়াটো বাধাগ্রস্ত হয় আৰু এই চর্বি লিভাৰত জমা হবলৈ ধৰে ৷  তদুপৰি মদ্যপান কৰা লোকসকলে মদৰ লগত অধিক চর্বিজাতীয় খাদ্য খোৱাৰ বাবেও এই সমস্যা হব পাৰে ৷
  • কিছুমান ঔষধ সেৱন কৰা ফলতো লিভাৰত চর্বি জমা হয় ৷ সেইবোৰ হল ক্লৰফার্ম, ইথাৰ, ষ্টেৰয়ডজাতীয় দৰব, টেড্রাচাইক্লিনজাতীয় এণ্টিবায়োটিক আদি ৷
  • হেপাটাইটিছ বি আৰু হেপাটাইটিছ চি হলে যদি উপযুক্ত চিকিৎসা গ্রহণ কৰা নহয়, পৰৱর্তী সময়ত ইয়াৰ পৰাও ফেটি লিভাৰ হব পাৰে ৷
  • গর্ভৱতী মহিলাৰো কেতিয়াবা ফেটি লিভাৰ হব পাৰে ৷
  • কোনোধৰণৰ শাৰীৰিক কার্যকলাপ নকৰা লোকসকলৰো প্রায়েই ফেটি লিভাৰৰ সমস্যা হোৱা দেখা যায় ৷

 ফেটি লিভাৰৰ লক্ষণঃ  সৰহসংখ্যক ফেটি লিভাৰ হোৱা লোকৰ কোনো বিশেষ লক্ষণ দেখা পোৱা নাযায় ৷   কিছুসংখ্যক লোকে ওপৰ পেটৰ সোঁফালে বিষ অনুভৱ কৰে, খাদ্য খোৱাৰ পিছত পেট ফুলিব পাৰে আৰু বদহজম হব পাৰে ৷ ফেটি লিভাৰ সমস্যাৰ পৰা পিছলৈ লিভাৰ ফাইব্রছিছ বা লিভাৰ চিৰছিছ আদি হব পাৰে ৷

 চিনাক্তকৰণঃ  ৰোগীৰ আচ্টাঞ্জাউণ্ড, চিটি স্কেন বা এম আৰ আহ কৰিলে ফেটি লিভাৰ চিনাক্ত কৰিব পাৰি ৷ তেজৰ লিভাৰ ফানকচন টেষ্ট কৰিলেও এহ সমস্যা হোৱা বুলি গম পোৱা যায় ৷

 চিকিৎসাঃ  ফেটি লিভাৰ দুটা প্রকাৰৰ ৷ এবিধ হৈছে নন–এলকহলিক ফেটি লিভাৰ ডিজিছ আৰু এলকহলিক ফেটি লিভাৰ ডিজিছ৷ হয়াৰ ভিতৰত নন–এলকহলিক ফেটি লিভাৰ ডিজিছৰ নির্দিষ্ট ঔষধ নাথাকে ৷ প্রকৃততে প্রতিৰোধ কৰাটোৱে হৈছে ফেটি লিভাৰ সমস্যাৰ প্রধান চিকিৎসা ৷ এই ৰোগবিধ প্রতিৰোধ কৰিবলৈ প্রধান দুটা উপায় হৈছে খাদ্য আৰু ব্যায়াম ৷ কিছুমান খাদ্য গ্রহণৰ পৰা বিৰত থাকি আৰু নিয়মিতভাৱে ব্যায়াম কৰি এই ৰোগ প্রতিৰোধ কৰিব পাৰি আৰু বহু পৰিমাণে নিৰাময়ো কৰিব পাৰি ৷

খাদ্যৰ ভিতৰত মদ্যপান সম্পূর্ণৰূপে পৰিহাৰ কৰিব লাগে ৷ কম কেলৰিযুক্ত আৰু সুষম আহাৰ গ্রহণ কৰিব লাগে ৷ শৰীৰৰ দূষিত পদার্থ আঁতৰাই বিশুদ্ধকৰণ কৰা খাদ্য যেনে তৰমুজ, আম, নাচপতি, জাম, ড্রেগন ফল আদি যথেষ্ট পৰিমাণে খাব লাগে ৷ গাখীৰ আৰু গাখীৰৰ পৰা প্রস্তুত কৰা খাদ্য খাব নালাগে ৷ কণী, বেছি চর্বিযুক্ত মাংস কমকৈ খাব লাগে বা পাৰিলে  নোখোৱাকৈ থাকিব লাগে ৷ ৰিফাইনযুক্ত কার্বহাইড্রেট সেৱন বন্ধ কৰিব লাগে ৷ যেনে ময়দাৰ পৰা বনোৱা খাদ্য, পাউৰুটি, কেক, পেষ্ট্রি, চাওমিন, নুডল্ছ আদি খাব নালাগে ৷ মচলাযুক্ত খাদ্য, চর্বিযুক্ত খাদ্য, অধিক তেলেৰে বনোৱা খাদ্য, হোটেল–ৰেষ্টুৰেণ্টৰ খাদ্য, শীতল পানীয়, আইচক্রীম আদি খাব নালাগে ৷ ফেটি লিভাৰত ভোগা লোকসকলে শাক–পাচলি, গ্রীন টী, কফি, আলমণ্ড বাদাম, বেলিফুলৰ তেল, জলফাইৰ তেল খোৱা ভাল ৷

ব্যায়াম আৰু শাৰীৰিক পৰিশ্রম ফেটি লিভাৰৰ অন্যতম প্রধান চিকিৎসা ৷ ফেটি লিভাৰৰ সমস্যাত ভোগা লোকসকলে দৈনিক ৩০-৯০ মিনিট মধ্যমীয়াৰ পৰা উচ্চ প্রাবল্যৰ এৰোবিক ব্যায়াম কৰিলে যথেষ্ট সুফল পাব পাৰে ৷ সপ্তাহত ৫ দিনকৈ কেহমাইমান এই ব্যায়াম কৰিলে লিভাৰত জমা হোৱা চর্বি বহু পৰিমাণে কমাব পৰা যায় ৷ এৰোবিক ব্যায়ামৰ ভিতৰত বেগাই খোজ কা, জগিং কৰা, দৌৰা, সাঁতোৰা আদি নিয়মীয়াকৈ কৰিলে লিভাৰত জমা হোৱা চর্বি বহু পৰিমাণে হ্রাস কৰিব পাৰি ৷ দলীয় খেল যেনে ফুটবল, ভলীবল, হকী, কাবাদী আদি নিয়মীয়াকৈ খেলিলেও সুফল পোৱা যায় ৷ ইয়াৰ উপৰি ওজন দঙা আৰু জোৰ বঢ়োৱাৰ বাবে কৰা গধুৰ ব্যায়াম কৰিলেও লিভাৰত জমা হোৱা চর্বি আঁতৰ কৰিব পাৰি ৷ সপ্তাহত মাত্র তিনি দিনকৈ এই গধুৰ ব্যায়ামসমূহ কৰিলে যথেষ্ট হয় ৷

লিভাৰত চর্বি জমা নহবলৈ হলে দেহৰ ওজন নিয়ন্ত্রণ কৰাটো অতি প্রয়োজনীয় ৷ মেদবহুল লোকসকল প্রায়ে এই সমস্যাত ভোগা দেখা যায় ৷ শাৰীৰিক পৰিশ্রম নকৰাসকলেও এই সমস্যাত বেছিকৈ ভোগে ৷ শ্রমহীন জীৱনশৈলীৰ বাবে এইবিধ ৰোগৰ প্রাদুর্ভাৱ অধিক হৈছে ৷ সেয়েহে এই বেমাৰ প্রতিৰোধ কৰিবলৈ হলে দৈনিক শাৰীৰিক পৰিশ্রম কৰিব লাগে ৷  তেজত কলেষ্টৰেলৰ পৰিমাণ বাঢ়ি থাকিলেও লিভাৰত চর্বি জমা হব পাৰে ৷ সেয়েহে কলেষ্টৰেল বাঢ়িলে সোনকালে চিকিৎসা কৰি ইয়াক নিয়ন্ত্রিত কৰিব লাগে ৷ সঘনাহ টোপনি ক্ষতি কৰিলেও দেহৰ মেটাবলিজম প্রক্রিয়া হ্রাস পায় ৷ ইয়াৰ ফলত শৰীৰৰ বিভিন্ন অংগৰ লগতে লিভাৰতো চর্বি জমা হবলৈ ধৰে ৷ সেয়েহে এই সমস্যাটো প্রতিৰোধৰ বাবে নিয়মিত টোপনি মৰাটো অতি প্রয়োজনীয় ৷ এজন প্রাপ্তবয়স্ক্ লোকে দৈনিক ৭-৮ ঘণ্টা টোপনি মাৰিব লাগে ৷ বয়সৰ লগে লগে কিছুমান লোকৰ টোপনিৰ সময় কিছু পৰিমাণে কমি আহে৷ তথাপি ৬ ঘণ্টাতকৈ কম টোপনি হলে স্বাস্থ্যৰ ওপৰত হয়াৰ প্রভাৱ পৰে ৷ টোপনিৰ লগতে মানসিক চাপ দূৰ কৰাটো খুবেই দৰকাৰী কথা৷ খাদ্য আৰু ব্যায়ামৰ লগতে এইকেইটা দিশত গুৰুত্ব দিলে আমি ফেটি লিভাৰৰ সমস্যাটো নিয়ন্ত্রণ তথা প্রতিৰোধ কৰিব পাৰোঁ ৷

ফোন ঃ ৮৬৩৮২-৭২৮৬৩

You might also like

Comments are closed, but trackbacks and pingbacks are open.