এডিএইচচি কি ?

কণমানি হছিকাই ভাত খালেনে ?

এডিএইচচি আৰু হছিকাৰ সম্পর্ক !

কি হয় এহ এডিএহচচি ?

মৰমলগা ছোৱালীজনী হছিকা ৷ বয়স তাহৰ ছয় বছৰমান হব৷ ঘৰৰ কাষৰে প্রাথমিক বিদ্যালয়খনত পঢ়ে তাই ৷ অন্য দিনৰ দৰেই বিদ্যালয়ৰ মধ্যাহ্ণ ভোজনৰ বাবে বিদ্যালয়খনৰ আটাহকেহটা লৰা–ছোৱালীয়ে ঘৰৰ পৰা লৈ অনা কাঁহীকেহখন উলিয়াহ লৈ খাবলৈ সিহঁতৰ নির্দিষ্ট ঠাহত বহি ল’লে ৷ বিদ্যালয়ৰ ৰান্ধনি বাইদেউগৰাকীয়ে গতানুগতিক খাদ্য এজন এজনকৈ সিহঁতৰ কাঁহীত বাঢ়ি দিছিল ৷ আটাইবোৰে পৰম তৃপ্তিৰে খাবলৈ ধৰিছিল, এনেতে সিহঁতৰ মাজৰে এজনীয়ে কৈ উঠিল, হছিকাহ ভাত খোৱা নাই, তাই ক’ত গ’ল বিচাৰ–খোঁচাৰ কৰাত তাহ শ্রেণীকোঠাৰ একেবাৰে শেষৰ বেঞ্চত চুকত মূৰটো গুঁজি কান্দি থকা দেখা গ’ল ৷

হেড ছাৰে প্রথমতে তাহক বহুবাৰ মাতিলে, কিয় ভাত খাব যোৱা নাই সুধি থকাৰ পিছতো তাহ একো মাত নামাতি মাত্র কান্দি থাকিল ৷ স্বাভাৱিকতেই ছাৰৰ খং উঠি তাইক জোৰকৈ দুআষাৰমান শুনালে ৷ কান্দি কান্দি তাহ মাথোঁ এবাৰ শুনা–নুশুনাকৈ ক’লে যে তাহ কাঁহীখন আনিব পাহৰিলে ৷ যিহওক তাইক অফিচ ৰুমৰ পৰা কিনা পাত এখন আনি ৰান্ধনি বাইদেৱে ভাত সাজি দিলে আৰু  সকলোৱে তাইক বাৰে বাৰে ভাত খাবলৈ অনুৰোধ কৰিব ধৰিলে ৷

কিন্তু আচৰিত, তাইৰ চকুত এক অদ্ভুত জেদৰ আক্রোশ এটাহে দেখা গ’ল ৷ যেন কাকো কেতিয়াও তাই দেখা নাই ৷ চিনি নাপায় ৷ কাৰোৰে কথা নুশুনে আৰু নামাতে ৷ সকলোৰে বাৰম্বাৰ চেষ্টাতো এগৰাহ ভাতো তাই মুখত নিনিলে ৷ লগৰ দুজনমানে ভাত–দাইল সানি পাতখনত তাইৰ হাতখন লগায়ো দিলে, কিন্তু নাই, অদ্ভুত জেদ ছোৱালীজনীৰ ৷ কোনোপধ্যেহ তাহ ভাত নাখায় ৷ কিন্তু কিয় হছিকাৰ এহ জেদৰ আঁৰত এনে কি কথা থাকিব পাৰে হমান খং, জেদ নে অভিমান তাহৰ জেদে আমাক ভবাই তুলিব বাধ্য হল ইয়াৰ আঁৰত থকা তাইৰ মানসিক অৱস্থাক ৷ কি কথা কি ভাবনাই তাইৰ মনত ক্রিয়া কৰি আছিল ?

সাধাৰণতে আমাৰ প্রতিগৰাকী অভিভাৱকৰ জীৱনত তেওঁলোকৰ সন্তানৰ জেদ আৰু অভিমান ভঙাটো এক সৰু কথা ৷ লৰা–ছোৱালীয়ে বিভিন্ন সময়ত বিভিন্ন কথাৰ বাবে জেদ কৰা দেখা যায়, কিন্তু মাক–দেউতাকৰ আদৰ–চেনেহ বা বুজনিয়ে সেই জেদ নিমিষতে নোহোৱাও কৰে ৷

এনেকৈ গতি কৰি থাকে মাক–দেউতাক আৰু সন্তানৰ সুমিষ্ট সম্বন্ধবোৰ ৷ ময়ো এগৰাকী মাক হিচাপে সন্তানৰ জেদৰ সন্মুখীন হৈছোঁ আৰু ই এক স্বাভাৱিক কথা ৷ কিন্তু হছিকাৰ এহ জেদটোৱে আজি মোক বহুত কথাই ভবাই তুলিছিল ৷ সমাধান কি হব পাৰে এনেকুৱা পৰিস্থিতিত এগৰাকী শিক্ষয়িত্রীৰ দায়িত্ব কি আহি পৰে এনেকুৱা ক্ষেত্রত৷ নিজকে প্রশ্ন কৰিছিলোঁ, হছিকাহ ভাত খাবনে মোৰ কৰণীয় কি ?

এনেকুৱা আচৰণজনিত সমস্যাৰ অধ্যয়নৰ বাবে ”casestudy” পদ্ধতিৰ সহায়ত অধ্যয়ন কৰি হছিকাৰ বিষয়ে গম পোৱা কথাকেহটাই মোৰ দুচকু সেমেকাই তুলিছিল ৷ কাৰণ তাই প্রায় তিনি বছৰ মান হওঁতেহ তাইৰ মাকে তাই আৰু তাইৰ দেউতাকক এৰি থৈ বেলেগ এজনলৈ পলাই গৈছিল ৷ আইতাকৰ লগত ডাঙৰ হোৱা হছিকা দেউতাকৰো মৰমৰ পৰা বঞ্চিত কিয়নো মাক বেলেগলৈ পলাই যোৱাৰ বাবে দেউতাকে মদৰ নিচাত ডুবি ৰাতি দেৰিকৈ ঘৰ সোমায় ৷ মানুহজন নিচাতেই অহৰহ ডুবি থাকে আৰু আর্থিক অৱস্থাও শোচনীয় ৷ পৰিয়ালৰ ভাঙোনমুখী অৱস্থা, দৰিদ্রতা আৰু সকলোতকৈ ডাঙৰ কথা এগৰাকী হূদয়হীনা মাতৃৰ চৰম প্রতাৰণা নিজৰেই সন্তানক এইকেইটাই প্রধান সমস্যা আছিল হছিকাৰ ৷ আৱেগিক আৰু মানসিক নিৰাপত্তাহীনতাত ভোগা আৰু মাতৃ থাকিও মাতৃত্বৰ উমাল চেনেহৰ পৰা সৰুৰে পৰা বঞ্চিত হছিকাৰ দৰে শিশুৰ আচৰণত বিসংগতি একো ডাঙৰ কথা নহয় নিষ্চয়কৈ৷

মনলৈ আহিছিল এটা প্রবন্ধত পঢ়িবলৈ পোৱা নিকোলাছ নামৰ লৰা এজনৰ কথা ৷ সি স্কুলত বাৰে বাৰে সমস্যাত পৰিছিল, কাৰণ শ্রেণীত মনোযোগ দিব পৰা নাছিল, তাৰ মনটো সকলো সময়তে অন্য এখন পৃথিৱীত যেন বিচৰণ কৰি আছিল ৷ সি ইমান অস্থিৰ হৈ থাকে যে মাজে মাজে সি শ্রেণীকোঠাৰ চকীখনৰ পৰাই পৰি যায় ৷ শিক্ষকসকলৰ বাবে সি সমস্যাৰ কাৰণ হৈ পৰিছিল আৰু যাৰ বাবে বহুদিন শিক্ষকৰ শাস্তিৰো সন্মুখীন হৈছিল ৷   শেষত এদিন নিকোলাছ অসুস্থ হৈ বিদ্যালয়তে পৰি মূৰ ঘূৰাই গৈছিল আৰু স্কুল কর্তৃপক্ষই চিকিৎসকক মাতিবলগীয়া হৈছিল ৷

ডাক্তৰৰ মতে তাৰ এই সমস্যাৰ কাৰণ হৈছে এডিএইচচি (এটেনশ্বন ডেফিচিট হাইপাৰ এক্টিভিটী ডিছর্ডাৰ) ৷

এহটো হৈছে মস্তিষ্ক্ৰ  মনোযোগ সংক্রান্তীয় একপ্রকাৰৰ অসুস্থতা ৷ এই ৰোগত  আক্রান্ত শিশুসকলৰ মন অতি দ্রুতগতিত ভ্রমি থাকে, সকলো সময়তে ৷ নিকোলাছে সকলো সময়তে তাৰ স্বপ্নৰ জগতত উটি–ভাহি থাকে ৷ শিক্ষকৰ কথা শুনাৰ পৰিৱর্তে সি তাৰ নিজৰেই কাল্পনিক মনোজগতখনত এক উত্তেজনাপূর্ণ কিছুমান কাহিনীত ডুবি থাকে ৷ এডিএইচচি আক্রান্ত শিশুৰ বাবে বাস্তৱতাৰ পৃথিৱীতকৈ কল্পনাৰ জগতখন বেছি ৰোমাঞ্চকৰ আৰু আনন্দদায়ক ৷

চাৰিও দিশৰ পৰিস্থিতি অনুযায়ী নিজৰ প্রতিক্রিয়া কেনেকুৱা হ’ব আৰু কি কৰিব লাগিব কেনেকৈ কৰিব লাগিব এহ বিষয়ক লৈ সিহঁতে প্রায়েই দোধোৰ–মোধোৰত পৰে আৰু সমাধান উলিয়াহ ল’বলৈ অপাৰগ হয় ৷ শেষত পৰিস্থিতিক চম্ভালি লব নোৱাৰি অতিষ্ঠ হৈ পৰে, যাৰ বাবে সিহঁতে হঠাৎ মূক হৈ যায় নাইবা অনাহকত জেদ এটা ধৰি বহি লয় এহ অৱস্থাকে এটেনশ্বন ডেফিচিট হাইপাৰ এক্টিভিটী ডিজর্ডাৰ  এডিএইচচি বোলা হয় ৷

হছিকা যেতিয়া প্রথম বিদ্যালয়লৈ আহিছিল তাই মাজে মাজে সৰু সৰু কথাতে হঠাৎ চিঞৰি কান্দি দিয়ে আৰু বহুদিন তাইক টানি টানিও বিদ্যালয় ছুটী হোৱাৰ পিছত ঘৰলৈ নিব পৰা নাছিল ৷ হঠাৎ বহি দিয়ে নাহবা খুঁটা এটাত ধৰি ৰৈ যায় ৷ কাকো নামাতে কাৰো কথা নুশুনে হত্যাদি কিছুমান অস্বাভাৱিক ব্যৱহাৰ প্রদর্শন কৰিছিল ৷ এটা চেপা গেঙনি তুলি তাই বিদ্যালয়ৰ মজিয়াত বহুদিন বাগৰি ৰৈছিলম৷

যদি কোনো শিশুৰ এডিএইচচি হয় তেতিয়া তাৰ  অস্থিৰতা বাঢ়ি  যায়, কোনো কামতে মনযোগ দিব নোৱাৰা হৈ যায় আৰু সি মনোকষ্টত ভোগে ৷ কিছুমানৰ শিশুকালৰ পৰাই এহ ডিজর্ডাৰ দেখা দিব পাৰে  আৰু ই কৈশোৰ আনকি পূর্ণবয়স্ক্ পর্যন্তও স্থায়ী হব পাৰে ৷

এডিএইচচি হৈছে শিশুৰ মানসিক বিকাশগত এনে এক সমস্যা, যাৰ সুনির্দিষ্ট কোনো কাৰণ নাই বুলি কব পাৰি ৷ কিছু ক্ষেত্রত ই জিনগত বা পৰিৱেশৰ  প্রভাৱতো হব পাৰে৷ মাক অথবা দেউতাকৰ মাজৰ কোনো এজনৰো এডিএইচচি থাকিলে তেওঁলোকৰ সন্তানো এহ সমস্যাত আক্রান্ত হোৱাৰ আশংকা ৫০ শতাংশ পর্যন্ত থাকে ৷ এহ ৰোগ সাধাৰণতে ছোৱালীতকৈ লৰাৰ ক্ষেত্রত বেছি হয় ৷

বিশেষজ্ঞসকলৰ মতে মস্তিষ্ক্ৰ কিবা অন্য  ৰোগ, থাহৰয়ডৰ আধিক্য, গর্ভকালীন সময়ত মানসিক চাপ আৰু দুষ্চিন্তা, বিষাক্ত ৰাসায়নিক, কীটনাশক দ্রব্যৰ সংস্পর্শ পালে নাইবা অপুষ্টি আৰু সময়ৰ আগত সন্তান জন্ম পোৱাটো কিছু ক্ষেত্রত হয়াৰ কাৰণ হব পাৰে ৷ এইসকল শিশুৰ ক্ষেত্রত দেখা দিয়া কিছুমান লক্ষণ তলত দিয়া হল

  • কোনো কাম–কাজ সুশৃংখলভাৱে নকৰে আৰু শেষ পর্যন্ত লাগি  নাথাকে৷
  • হঠাৎ কান্দি দিয়া, অতিমাত্রা জেদ কৰা বা বিষণ্ণ হৈ যোৱা ৷ উদাসীন হৈ যোৱা৷
  • এটা ঠাইত স্থিৰ হৈ বহু সময় বহি থাকিব নোৱাৰা, অতিমাত্রা চঞ্চল আৰু অস্থিৰ হৈ থকা ৷
  • মনে মনে কোনো কাম  নকৰে বা কৰিবলৈ ইচ্ছা নকৰে, অযথাই চিঞৰ–বাখৰ কৰা, চিঞৰিলে চিৎকাৰ কৰা যেন লাগে ৷ অপ্রয়োজনত   অপ্রাসংগিক কথা কোৱা ৷ অন্যক কথা কব নিদিয়ে ওপৰা–উপৰিকৈ কথা কয় আৰু বেলেগৰ কথা নুশুনে গুৰুত্ব নিদিয়ে৷
  • যিভাবে কাম এটা কৰিব দিয়া হয় সেইমতে নকৰে, প্রায়ে কৰিব দিয়া কাম পাহৰি যায়, কৰা কামটো বাৰে বাৰে  ভুল কৰে  যেনে হোমৱর্ক নকৰা, নিজৰ সামগ্রী হেৰাহ থৈ অহা, পৰিপাটীকৈ  ৰাখিব নোৱাৰা, হঠাৎ লগৰীয়াৰ লগত মাৰপিট আৰম্ভ কৰা ৷ নিজে নিজৰ দোষ স্বীকাৰ নকৰা, নিজে কৰা ভুলৰ বাবে আনক জগৰীয়া কৰা আদি ৷
  • মনোযোগৰ অভাৱ হৈছে এডিএইচচি ৰোগীৰ প্রধান সমস্যা ৷ যিকোনো কাম শেষ পর্যন্তলৈ মনোযোগ বর্তাহ ৰাখিব নোৱাৰে ৷ যাৰ বাবে কোনো কামেই সম্পূর্ণকৈ কৰিব নোৱাৰে ৷ আনহাতে অদৰকাৰী আৰু ফলাফল নোহোৱা কথাতহে কিন্তু গুৰুত্ব বেছিকৈ দিয়ে৷ বেপৰোৱা আচৰণ প্রদর্শন হহঁতৰ অন্য এক লক্ষণ ৷ যিকোনো সম্পর্ক বজাই ৰাখিবলৈ ব্যর্থ হয় ৷ মানুহৰ সমুখত মনৰ ভাব প্রকাশ কৰিবলৈ সঠিক ভাষাৰ প্রয়োগত ব্যর্থতাও হয়াৰ অন্য এক কাৰণ বুলিব পাৰি ৷

যিবোৰ পৰিয়াল বা ঘৰত হাই–উৰুমি, কাজিয়া আদিৰে অহৰহ ভৰি থাকে তাত এহ ৰোগে সন্তর্পণে শিশুসকলক আগুৰিব পাৰে ৷ তদুপৰি পঢ়া–শুনাত ঘৰৰ পৰা অত্যধিক চাপৰ বাবেও এহ ৰোগ হব পাৰে ৷ এহ সমস্যা প্রধানকৈ প্রাক্–প্রাথমিক বা প্রাথমিক পর্যন্ত শিশুৰ ক্ষেত্রত দেখা যায় ৷ গৱেষণা অনুসৰি ভাৰতত প্রায় ১২ শতাংশ শিশু এহ ৰোগত আক্রান্ত ৷ ইয়াৰ সমাধান হিচাপে বিশেষজ্ঞসকলে মত প্রকাশ কৰিছে যে যিকোনো কথা বা কামৰ বাবে এহ বয়সৰ শিশুসকলক অত্যধিক চাপ বা জোৰ–জবৰদস্তি কৰাৰ পৰা বিৰত থাকিব লাগে ৷ এনেকুৱা শিশুক বুজাবলৈ আৰু পঢ়াবলৈ অভিভাৱকে অতি বিচক্ষণতা আৰু কৌশল প্রয়োগ কৰি লক্ষণসমূহ চিনাক্ত কৰি আগবাঢ়িব লাগে ৷ সিহঁতক লাহে লাহে সিহঁতৰ হবী বা ৰুচি অনুসৰি কামবোৰ কৰিব দিব লাগে ৷ যদি বেছি হকাবধা কৰে সিহঁত খিংখিঙীয়া আৰু বদমেজাজী হব পাৰে ৷ কর্মৰ জৰিয়তে শিক্ষা বা হাতে–কামে শিক্ষা পদ্ধতি গ্রহণ কৰিব লাগে ৷ সিহঁতৰ মানসিক আৰু শাৰীৰিক অৱস্থাক মনোযোগেৰে অধ্যয়ন কৰি অন্ততঃ দৈনিক ১০ৰ পৰা ১৫ মিনিটমান সময় অতি নিবিড় হৈ সিহঁতৰ কথা শুনিব লাগে ৷ মনৰ অৱস্থা তথা সিহঁতৰ ভাল লগা বেয়া লগাবোৰত গুৰুত্ব প্রদান কৰি সেইমতে সিহঁতৰ লগত ব্যৱহাৰ কৰিব লাগে ৷ খোৱা–বোৱাবোৰত ধ্যান দিব লাগে ৷ পুষ্টিকৰ খাদ্য আৰু যাতে সিহঁতে পেট ভৰাকৈ খাব পাৰিছে, তাৰ ওপৰত লক্ষ্য ৰাখিব লাগে ৷ অন্য শিশুৰ সৈতে কেতিয়াও তুলনা কৰি কথা কব নালাগে ৷ সিহঁতক হীনমন্যতাত ভুগিব দিব নালাগে, কাৰণ এহ ৰোগগ্রস্ত শিশুবোৰৰ সোনকালে খং উঠে আৰু খঙৰ ভমকত যি–তি কাম কৰিবলৈ সংকোচ নকৰে ৷ যোগাসন আৰু ব্যায়ামৰ নিতৌ অভ্যাস এটা গঢ়ি তুলিব পাৰিলে ভাল ৷ দিনটোত কমেও ৩০ মিনিট সময় যদি এহ অভ্যাস কৰাব পৰা যায় সিহঁতৰ এণ্ডাফর্ফিন নামৰ হৰমনৰ নিঃসৰণ হয় আৰু যাৰ বাবে সিহঁতে সুখী আৰু আনন্দ অনুভৱ কৰিব পৰা হয় ৷ পুৰস্কাৰ আৰু প্রশংসাৰ নীতি অৱলম্বন কৰিব লাগে ৷ সৰু সৰু কথাত সৰু সৰু ভাল কামত প্রশংসা আৰু পুৰস্কাৰে সিহঁতৰ মনত যোগাত্মক দৃষ্টিভংগীক উদ্ভাসিত কৰিব ৷ যেতিয়াই অভিভাৱকে দেখিব পায় যে শিশুটিয়ে তাৰ ভাৰসাম্য হেৰুৱাবৰ উপক্রম ঘটিছে আৰু অপ্রিয় কিবা ব্যৱহাৰ প্রদর্শন কৰিবলৈ সষ্টম হৈছে, লগে লগে তাক সেই ঠাহৰ পৰা আঁতৰাই আনি অন্য এক বেলেগ কামত তাক নিয়োজিত কৰিব লাগে ৷ বন্ধু–বান্ধৱীক ঘৰত মাতি সিহঁতৰ লগত মিলিজুলি খেলাৰ পৰিৱেশ দিব লাগে, লগতে অহৰহ সিহঁতে গম নোপোৱাকৈ চকু দিয়ো থাকিব লাগে, যাতে শিশুটিৰ কিবা কথাত নিয়ন্ত্রণ হেৰুৱালে অভিভাৱকে পৰিস্থিতি চম্ভালি লব পাৰে ৷ সকলোতকৈ ডাঙৰ কথা পর্যাপ্ত পৰিমাণে যাতে সিহঁতে টোপনি মাৰে এহ দিশত চকু দিব লাগে ৷ দৈনিক এটা ভাল টোপনিয়ে সিহঁতৰ মন–মগজু যথেষ্টখিনি ঠাণ্ডা কৰি ৰাখে ৷ মাত্রাধিক আৰু ধবংসাত্মক চঞ্চলতা যদি শিশুটিৰ ব্যৱহাৰত প্রতিফলিত হয় অভিভাৱকে তাক আওকাণ কৰিব নালাগে ৷ দেৰি নকৰি বা অৱহেলা নকৰি তাক প্রশ্রয় নিদি সোনকালেই কাষৰ শিশু বিকাশ কেন্দ্র বা নিউৰলজীৰ বিশেষজ্ঞ ডাক্তৰৰ পৰামর্শ লোৱাৰ ব্যৱস্থা কৰা উচিত ৷ বিভিন্ন আচৰণগত, লেবৰেটৰীৰ পৰীক্ষা আৰু বিকাশৰ  স্তৰবোৰ নিৰীক্ষণ কৰাৰ পিছত প্রমাণিত হলেহে তাক এডিএইচচি ৰোগী বুলি কব পাৰি ৷ তাৰ আগতে নহয় ৷ যদি সময়মতে চিকিৎসা কৰা নহয় আৰু বয়সৰ লগে লগে আচৰণত পৰিৱর্তন হব বুলি আশা কৰি লক্ষণটোক আওকাণ কৰা যায়, তেতিয়া কিন্তু এয়া মাৰাত্মক ভুল বুলিও পৰিগণিত হব পাৰে৷

উল্লেখ কৰিব পাৰি যে সকলো এডিএইচচি(attention deficit hyperactivity disorder) শিশু চঞ্চল নহয় ৷ কিন্তু যিসকল  চঞ্চল, সিহঁতে   অলপ সময়ো সুস্থিৰ হৈ নাথাকে আৰু এহ ক্রমাগত অস্থিৰতাই  মাক–দেউতাকক এটা সময়ত  হতাশ কৰি তোলে, স্কুলৰ শিক্ষকেও সেইসকল শিশুৰ বাবে শ্রেণীকোঠাত নানা সমস্যাৰ সন্মুখীন হবলগীয়া হয় ৷ কিন্তু এইসকল শিশু কেৱল শাৰীৰিককভাৱেহ চঞ্চল নহয়, সিহঁতৰ মস্তিষ্কও এহধৰণেই কর্মব্যস্ততাত থাকে ৷ সিহঁতৰ চিন্তাধাৰাৰ কোনো সুনির্দিষ্ট ধাৰা বা সুস্থিৰতা নাথাকে, এইমাত্র একফালে মন, আকৌ ৷ কিছুপৰৰ পিছত  আনফালে গুচি যায় ৷ সিহঁতৰ নিজৰ ভাৱনাৰ ওপৰত নিজৰেই স্থায়িত্ব নাথাকে ৷ শিশুটিৰ ঠাইত নিজকে ৰাখি সিহঁতৰ দৃষ্টিভংগীৰেও কেতিয়াবা বিষয়বস্তুবোৰ পর্যবেক্ষণ কৰাটো দৰকাৰ ৷ সিহঁতক যদিও সৰু সৰু কথা কিছুমান অভিভাৱকে কৰি দিম বুলি কয় আৰু সময়ত কেতিয়াবা পূর্ণ কৰিব নোৱাৰিলে সিহঁতক ভালদৰে মৰমেৰে তাৰ কাৰণ ব্যাখ্যা কৰি বুজাই দিব লাগে ৷ কথা দি কথা নাৰাখিলে সিহঁতে প্রথমতে আঘাত পায় আৰু পিছত জেদী হৈ পৰে ৷ এনেকৈ সৰু সৰু কথাবোৰত সূক্ষ্ম নিৰীক্ষণ আৰু অলপ মনোযোগেৰে আমি আমাৰ সন্তানসকলক এক সুন্দৰ ভৱিষ্যৎ গঢ়াৰ দিশত আগবঢ়াই লৈ যাব পাৰিম ৷ শেষত আমাৰ  বৈদিক সভ্যতাত প্রচলিত সকলো সন্তানৰ শুভকামনাৰ বাবে  উল্লেখিত এটি শ্লোক আওৰাই  সিহঁতৰ শুভ ভৱিষ্যতৰ কামনাৰে শ্রীকৃষায় বাসুদেৱায় হৰয়ে পৰামাত্মানে প্রণতঃ ক্লেশ নাশায়ঃ গোৱিন্দায়ঃ নমোঃ নমঃ৷

পুষ্পাঞ্জলি শিৱমশর্মা

ফোন: ৮৪৮৬৮-৯৪৯১৬

You might also like
Leave A Reply

Your email address will not be published.