বন্ধুত্বঃ এক সীমনাবিহীন যাত্রা

এজন ভাল বন্ধু জীৱনৰ আপুৰুগীয়া সম্পদ ৷ কেতিয়াবা বন্ধু অবিহনে জীৱনটো কল্পনা কৰি পাইছেনে ঠিক যেন এটা ছন্দহীন গান ৷ প্রকৃত বন্ধু জীৱন বাটৰ এনে এটা লয়, যাক এৰি আগুৱাই যোৱা অসম্ভৱ৷ এনে এটা সুখৰ টেবলেট৷ এক মোহিনী বাণ ৷

বন্ধুঃ ঃ অনুপ্রেৰণা উৎঃ  ইমান ধুনীয়াকৈ কত যোৱানো শতাব্দীয়ে লিফটটোৰ দুৱাৰমুখত ৰৈ থকা ছোৱালীজনীক নন্দিনী বুলি ভাবি মাতষাৰ দিয়ে ৷ ইচ্ বেয়া নাপাব দেই, মই নন্দিনী বুলি ভাবিহে তেনেদৰে কলোঁ ৷ নাই নাই, কিয় বেয়া পাম, হাঁহিমুখেৰে ছোৱালীজনীয়ে উত্তৰ দিলে ৷ এয়াই আৰম্ভণি ৷ সময় বাগৰাৰ লগে লগে শতাব্দী আৰু লোপামুদ্রাৰ লাহে লাহে ভাল বন্ধুত্ব এটা হৈ উঠিল ৷ মনবোৰ মিলিলে বন্ধুত্বৰ চকা পোন বাটেৰে আগবাঢ়ে ৷ লাহে লাহে লোপামুদ্রাই গম পালে শতাব্দীয়ে লিখা–মেলা কৰে ৷ লোপামুদ্রা বাতৰিকাকত এখনৰ সম্পাদক ৷ সময় পালেই লিখি থাকিবিচোন ৷ তুমিৰ পৰা তইলৈ মৰমেৰে বান্ধ খোৱা দুয়ো বান্ধৱীৰ কথোপকথন চলে ৷ শতাব্দীক দিনটোত পাৰিলে চৌবিবশ ঘণ্টাৰ ঠাইত আঠচল্লিশ ঘণ্টা লাগে ৷ ইমান সোনকালে সময় যায়, গৈ দেখোন সময়েই নিমিলে, শতাব্দীয়ে কয় ৷ হব দে, আমাৰ চৌবিবশ ঘণ্টা এটা ঘণ্টা লিখাৰ নামত দিবি ৷ অহা মাহৰ কাৰণে এতিয়াই লেখা এটা ৰেডী কৰ ৷ লোপামুদ্রাই কৃত্রিম খঙেৰে কয় ৷ অফিচৰ পৰা ঘৰ গৈ পায় মাত্র, লোপামুদ্রাৰ মেছেজ ৷ আজি ৰাতি লিখিবি কি ! নাপাহৰিবি ৷ শতাব্দীৰ ভাল লাগে ৷ অনেক পাঠকৰ মাজত লিখ লিখকৈ, মেডিকেল ড্রিটমেণ্ট দিয়া লৰাটো আছিল তাইৰ ককায়েক ৷ সময়ে সুখ সহ্য নকৰি, সময়তকৈ আগতেই ককায়েকক ভগৱানে লৈ গল ৷ তাৰ পিছত এই লোপামুদ্রা অন্য এক, যি ইমান উৎসাহেৰে ৰৈ থাকে ৷ মবাইলটো হাতত তুলি লৈ শতাব্দীয়ে লিখে, আজি ৰাতি ই–মেইল কৰিম তোক ৷ ছেকেণ্ড পলম নকৰাকৈ লোপামুদ্রাৰ ৰিপ্লাই ৰৈ আছোঁ ৷ বন্ধুবোৰে প্রতিভা সোঁৱৰায়৷ আপোনাৰ সুপ্ত প্রতিভা বিকাশত বন্ধুৰ থাকে সাংঘাতিক পাৱাৰ, বন্ধুৰ এষাৰ পজিটিভ বাক্য জীয়াই থকাৰ অনুপ্রেৰণা হব পাৰে ৷

বন্ধুঃ ঃ বিপদৰ বন্ধু আনন্দ উৎসৱত, দুখ বা বিপদত শ্মশানত, যি তোমাৰ কাষতে থিয় হৈ থাকে, সেয়াই প্রকৃত বন্ধু ৷ চাণক্য

এৰ ! বিপদৰ বন্দু৷ পার্টীত যিমানেই বন্ধু নাহক, ঘৰত কিবা এটা পাতিলে অমুকত মই কিয় নাই বুলি যিমানেই নকওক কিয়, বিপদত যি হাজাৰ কাম পাছলৈ পেলাই, আপোনাৰ কাষতেই ছাঁটোৰ দৰে ৰৈ থাকে, তেৱেঁই জানো আপোনাৰ প্রকৃত বন্ধু নহয় চকুৰ পানীৰে বাট নেদেখাৰ পৰত এষাৰ মাত, যি কয় চিন্তা নকৰিবি, মই আছোঁ নহয়, সকলো ঠিক হব এনেকুৱা এষাৰ মাতে এগৰাকী দুখ–বিপদত পৰা মানুহক কেনেদৰে সাহ দিয়ে, সেয়াই বুজাই কোৱা টান ৷ বিপদ আঁতৰি যায়, বিপদৰ সহযাত্রীৰ মাতষাৰ চিৰদিন কাষত ৰয় ৷

বন্ধু মনোবলৰ অন্য নামঃ  তই পাৰিবি চেষ্টা কৰচোন, নোৱাৰোঁ বুলি কোনো কথা নাই ৷ বিদ্যা শপত কৈছোঁ এইষাৰ কথা মাথোঁ সঁচা বন্ধু এজনেহে কব পাৰে ৷ অন্তৰ পৱিত্র বন্ধু পোৱাটোও জানো কম সৌভাগ্যৰ কথা কিমান মানুহ আছে নামত বন্ধু হৈ আপোনাৰ চাৰিওকাষে ঘূৰি ফুৰিব ৷ পার্টী, গেট টুগেডাৰ ইত্যাদিত ভিৰ কৰিব ৷ খুব কম বন্ধুই তাৰেই মাজত মনেপ্রাণে আনজনৰ উন্নতি হোৱাটো বিচাৰে ৷ অহৰহ তেওঁৰ প্রার্থনাত আপোনাৰ ভাল হোৱাটো কামনা কৰে ৷ তেওঁলোক যেন পৃথিৱীৰ দেৱদূত, আপোনাৰ যেন সহোদৰ ৷ নোৱাৰোঁ নোৱাৰিম সময় নিমিলিব বুলি অনুৰাগিণীয়ে বিয়াৰ পিছত সত্রীয়া নাচিবলৈ এৰিয়েই দিছিল ৷ তাইৰ লগত একেলগে পপা, শৈশৱৰ বান্ধৱী এজনীয়ে তাইক জোৰ দিছিল, সত্রীয়া নৃত্যৰ অনুশীলন কৰ ৷ নেৰিবি ৷ নোৱাৰোঁ বুলি একো কথাই নাই ৷ মাথোঁ মনটো দৃ ৰাখ ৷ বান্ধৱীৰ কথা মতেই প্রথম দহ পোন্ধৰ মিনিটকৈ আৰু লাহে লাহে আধা ঘণ্টাৰ পৰা এঘণ্টালৈ তাই অনুশীলন কৰিছিল ৷ লাহে লাহে পাকৈত হৈ উঠিল অনুৰাগিণী ৷ পাৰিবি শব্দটোৰ বুকুত নোকোৱাকৈ, নেদেখাকৈ, বুকুত সাহ দিব পৰাকৈ সোমাই থাকে সফলতা ৷ তাৰেই আলমত ৰৈ যোৱা জীৱনবোৰ  ফুলি উঠে, পুনৰবাৰ ৷

নিঃস্বার্থ বন্ধু মূল্যৰে জুখিব নোৱাৰিঃ  পৃথিৱীত আধাতকৈ বেছি মানুহ স্বার্থপৰ ৷ স্বার্থৰ বাবে বহু লোক অদ্ভুত ধৰণেৰে তললৈ নামিব পাৰে৷ অভাৱনীয়ভাৱে ৷ সততা আৰু সৰলতাৰ মাজেৰে জীৱন কটোৱা মানুহে স্বার্থপৰ মানুহ কোন চিনি নাপায় পাবই বা কেনেকৈ তেওঁলোক নিজে যিদৰে ভাল, আনকো তেনেদৰেই ভাবে ৷ নিজৰ সময়, নিজৰ কথা নাভাবি তেওঁলোকে বন্ধুৰ বাবে আগবাঢ়ে ৷ সেয়াই প্রকৃত বন্ধু, যি সদায় নিজৰ লগতে আন দহৰ ভাল চিন্তা কৰে ৷ কিন্তু অসৎ মানুহৰো আকাল নাই ৷ কোনে, কত কেনেদৰে আপোনাক নিজৰ স্বার্থত ব্যৱহাৰ কৰিব, তাৰো হিচাপ নাই ৷ বন্ধুত্বৰ বাটত সাৱধানে খোজ দিয়ক ৷ আজীৱন নিঃস্বার্থ বন্ধু পোৱাটোৰ দৰে সৌভাগ্য খুব কম মানুহৰ থাকে ৷ সময়ে সোঁৱৰাই, সময়ে কাণে কাণে কৈ যায় কোন কাৰ  কিমান আপো !

বন্ধুঃ ঃ হাঁহি–কান্দোনৰ সমভাগীঃ ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্রামত আপুনি অকলে কিমান সময় কটাব ৷ হাঁহিব মন গলে ৰসাল বন্ধুৰ লগত দুই মিনিট কথা পাতিলেও কিমান ভাল লাগে ৷  মনত আছেনে সৌ তাহানিতে স্কুলৰ দিনত ছাতিটো একাষৰীয়াকৈ থৈ, স্কুলৰ ফিল্ডত বন্ধুৰ হাতত ধৰি তিতাৰ আমেজৰ দিনবোৰ সেইবোৰ কথাৰে চহকী আপোনাক এজন প্রকৃত  বন্ধুইহে কৰিব পাৰিব ৷ ইউনিভার্ছিটীৰ দিনৰ আড্ডাবোৰ সেই আড্ডাৰ সোণসেৰীয়া স্মৃতি জীপাল কৰিব পাৰে মাথোঁ বন্ধুবোৰে ৷

সঁচা বন্ধুৰ ভালপোৱাই জীৱন উজলাই ৰখাৰ প্রতিশ্রুতি পূর্ণ কৰে, নিঃস্বার্থভাৱে লৈ যায় পোন বাটেৰে, যত জোনাকে ভুমুকি মাৰে ৷

যাৰ নাম বন্ধু জীৱনৰ

You might also like

Comments are closed, but trackbacks and pingbacks are open.