মাণিক পাল
আজিৰ বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ ৰাজত্বত আটাইতকৈ ডাঙৰ সমস্যা হল মন স্থিৰ কৰি মনোযোগেৰে কোনো কাম কৰা ৷ সাম্প্রতিক এইক্ষেত্রত আটাইতকৈ বেছি বাধা প্রয়োগ কৰি আহিছে আমাৰ সকলোৰে হাতত থকা স্মার্টফোনে ৷ কেৱল কামৰ ক্ষেত্রত নহয় ছাত্র–ছাত্রীসকলেও এই স্মার্টফোনৰ বাবে মনোযোগেৰে পঢ়া–শুনাও কৰিব পৰা নাই ৷ আকৌ স্মার্টফোন নহলেও নচলে ৷ গতিকে আজি আমি এনে এখন কিতাপৰ বিষয়ে আলোচনা কৰিম যিখন কিতাপে আপোনাৰ এই সমস্যাটো সমাধান কৰাত বহু পৰিমাণে সহায় কৰিব আৰু আপুনি মন স্থিৰ কৰি কাম কৰিব পাৰিব ৷ লগতে কম কাম কৰি আপুনি কেনেকৈ অধিক সফলতা লাভ কৰিব, তাৰ মূলমন্ত্রও এই কিতাপখনতে পাব ৷ কিতাপখনে আপোনাক উৎপাদনক্ষম হবলৈ আৰু নিজৰ সময়ক সৎ আৰু সঠিকভাৱে পৰিচালনা কৰিবলৈ শিকাব ৷ কিতাপখনৰ নাম হল ক্রিছ বেহলিৰ(Chris Bailey হাইপাৰ ফকাছ অত্যধিক মনোযোগ ৷ ক্রিছ বেহলি এজন কানাডিয়ান লেখক আৰু উৎপাদনশীলতা পৰামর্শদাতা ৷ তেওঁৰ জন্ম কানাডাৰ এলবার্ট নামৰ ঠাইত ১৯৮৯ চনত হৈছিল ৷ তেওঁ ডেভিদ এলেনৰ গেটিং থিংগছ ডান নামৰ গ্রন্থখন পঢ়ি উৎপাদনশীলতাৰ প্রতি আগ্রহী হয় ৷ হাইপাৰ ফকাছৰ উপৰি তেওঁ ৰচনা কৰা আন এখন জনপ্রিয় গ্রন্থ হল দ্য প্রডাকটিভিটি প্রজেক্ট(The productivity project৷ তেওঁ গ্রন্থখনক দুটা ভাগত বিভক্ত কৰিছে আৰু প্রতিটো ভাগত পাঁচটাকৈ অধ্যায় সন্নিৱিষ্ট কৰিছে ৷ প্রথম ভাগৰ নাম হাইপাৰ ফকাছ অত্যধিক মনোযোগ আৰু দ্বিতীয় ভাগৰ নাম স্কেটাৰ ফকাছ বিক্ষিপ্ত মনোযোগ ৷
প্রথম ভাগৰ প্রথম অধ্যায়ত লেখকে মনোযোগ ব্যৱস্থাপনাক নেটফ্লিক্স এপৰ লগত তুলনা কৰি কৈছে আমি যেতিয়া প্রথম নেটফ্লিক্স এপ খোলোঁ তেতিয়া এটা লেণ্ডিং পেজ খুলে, যত একেলগে বহু প্রদর্শন আমাৰ চকুত ভাহি উঠে ৷ নেটফ্লিক্সৰ এই পেজটো আপোনাৰ পছন্দৰ ৰাস্তাৰ কাঁইট স্বৰূপ, কাৰণ ইয়াত প্রৱেশ কৰাৰ লগে লগে আপুনি বহু বিকল্প লাভ কৰিব ৷ কিন্তু সেই বিকল্পবোৰৰ মাজৰ পৰা কেৱল এটা বা দুটা প্রদর্শনে বা অনুষ্ঠানে আপোনাক আনন্দিত কৰিব বা নতুন কথা শিকাত সহায় কৰিব ৷ নেটফ্লিক্সৰ প্রদর্শন পছন্দ কৰাৰ দৰে আপুনি জীৱনত মনোযোগ দিয়াৰ বাবে বিভিন্ন সময়ত কোনবোৰ বস্তু বা কাম বাছি লব সেয়া নির্ভৰ কৰিব আপোনাৰ ব্যক্তিগত সিদ্ধান্তৰ ওপৰত ৷ লেখকে মনোযোগ দিবলগীয়া কামবোৰক চাৰিটা ভাগত ভাগ কৰিছে
- প্রয়োজনীয় কামঃ প্রয়োজনীয় কামৰ ভিতৰত সেহবোৰ কামক সন্নিৱিষ্ট কৰা হৈছে, যিবোৰ কাম কৰোঁতে আমি আনন্দ নাপাওঁ কিন্তু সেইবোৰ আমাৰ বাবে বৰ লাভদায়ক আৰু প্রয়োজনীয় ৷ যেনে– দলীয় সভা, নিজৰ বাজেট ইত্যাদি ৷ এই ধৰণৰ কামবোৰ কৰাৰ বাবে আমি সদায় নিজক চেষ্টাৰ মাজত ব্রতী কৰিব লগা হয় অর্থাৎ শক্তি প্রয়োগ কৰিব লগা হয় ৷
- অপ্রয়োজনীয় কামঃ অপ্রয়োজনীয় কামৰ ভিতৰত সেইবোৰ কামক সন্নিৱিষ্ট কৰা হয়, যিবোৰ কাম কৰি আমি আনন্দও নাপাওঁ আৰু আমাৰ বাবে প্রয়োজনীয়ও নহয় ৷ যেনে– টেবুলত পৰি থকা নথি–পত্রবোৰ ঠিক কৰি ৰখা, কম্পিউটাৰৰ ফাইলবোৰৰ ব্যৱস্থাপনা কৰা ইত্যাদি ৷ এই ধৰণৰ কামত সময় দি আমি ব্যস্ত হওঁ ঠিকেই, কিন্তু এই ব্যস্ততাই আমাৰ কোনোধৰণৰ উপকাৰ নকৰে ৷
- ব্যাকুলতাৰ কামঃ এইধৰণৰ কামবোৰ কৰি আমি আনন্দ পাওঁ ঠিকেই, কিন্তু ইয়াৰ পৰা আমাৰ কোনো লাভ নহয় ৷ এইধৰণৰ কামবোৰ আমাৰ বাবে উৎপাদনক্ষম নহয় ৷ যেনে– বিভিন্ন ধৰণৰ সামাজিক মাধ্যম ফেচবুক, হোৱাটছএপ, মেহল, ইণ্টাৰনেট আদিত ব্যস্ততা ৷ যিমান সময় আপুনি নিজৰ মনোযোগক বিভিন্ন কামত পৰিচালনা কৰিব তাতকৈ বেছি সময় আপুনি এইবোৰ মাধ্যমত ব্যস্ত থাকিব ৷
- উদ্দেশ্যপ্রণোদিত কামঃ এইবোৰ কামত সেইবোৰ কামক সন্নিৱিষ্ট কৰা হয়, যিবোৰ কাম কৰিবৰ বাবে আপোনাক পৃথিৱীত পঠিওৱা হয় ৷ এইধৰণৰ কামবোৰৰ জৰিয়তে এজন ব্যক্তিয়ে সমাজত আটাহতকৈ বেছি প্রভাৱ পেলাব পাৰে ৷ এইধৰণৰ কামৰ বাবে এজন ব্যক্তিক আটাহতকৈ বেছি প্রয়োজন হয় মানসিক শক্তি ৷ এই কামবোৰ কৰা ব্যক্তিসকল আন সাধাৰণ মানুহতকৈ ভিন্ন হয় ৷ এজন ভাল নায়কৰ উদ্দেশ্যপ্রণোদিত কাম হল অনুশীলন কৰা আৰু অভিনয় কৰা, এজন আর্থিক উপদেষ্টাৰ উদ্দেশ্যপ্রণোদিত কাম হল মানুহক বিনিয়োগৰ বাবে উৎসাহিত কৰা ৷ যিজন ব্যক্তি উৎপাদনক্ষম হয় তেওঁ নিজৰ জীৱনৰ অধিক সময় প্রয়োজনীয় আৰু উদ্দেশ্যপ্রণোদিত কামত খৰচ কৰে ৷
লেখকে কৈছে যদি আপুনিও আপোনাৰ মনোযোগক সঠিক আৰু শুদ্ধ পথেৰে পৰিচালিত কৰিব বিচাৰে, তেন্তে নিজৰ কামবোৰক উপৰিউক্ত চাৰিটা ভাগত বিভক্ত কৰি লওক ৷ ইয়াৰ জৰিয়তে আপুনি সহজে উপলব্ধি কৰিব পাৰিব আপোনাৰ জীৱনত কোনবোৰ কাম অধিক প্রয়োজনীয় আৰু কোনবোৰ কামে আপোনাৰ জীৱনত সফলতাৰ ফুল কঢ়িয়াই আনিব ৷
লেখকে প্রথম ভাগৰ দ্বিতীয় অধ্যায়ৰ আৰম্ভণিতে আমাৰ মনোযোগৰ দুই ধৰণৰ অৱধিৰ কথা কৈছে ১ এটা সময়ত আমি কিমান কামত মনোযোগ দিব পাৰিম তাৰ এটা নির্দিষ্ট সীমা আছে ৷ ২ কোনো বস্তু বা কামত মনোযোগ সন্নিৱিষ্ট কৰাৰ পাছত কিছুসংখ্যক তথ্যহে আমাৰ মস্তিষ্কই সংৰক্ষণ কৰি ৰাখিব পাৰে ৷ এই অধ্যায়ত লেখকে মনোযোগ স্থানৰ(Attentional Space কথাও বর্ণনা কৰিছে ৷ মনোযোগ স্থান মানে হল আমাৰ হাতত এটা সময়ত মনোযোগ সন্নিৱিষ্ট কৰি কাম এটাক আগববাই নিবলৈ কিমান মানসিক সামর্থ্য আছে ৷ যেতিয়া আমি সিদ্ধান্ত লওঁ যে এতিয়া আমি কোন বস্তুত মনোযোগ দিম, তেতিয়া সেই বস্তুটো আমাৰ হ্রস্বম্যাদী স্মৃতিত সঞ্চাৰিত হয় আৰু মনোযোগ স্থানে এহটো নিশ্চিত কৰে যে কেৱল সেই বস্তুটোৱে যেন সক্রিয় হৈ থাকে, যাতে আমি বস্তুটোৰ ওপৰত সঠিকভাৱে কাম কৰিব পাৰোঁ ৷ যদি আমাৰ ব্রেইন কম্পিউটাৰ হলহেঁতেন তেন্তে মনোযোগ স্থানে ৰেম(RAMৰ দৰে কাম কৰিলেহেঁতেন ৷ আমাৰ জীৱনত দুই ধৰণৰ কাম থাকে প্রথমটো হল অভ্যাসগত কাম, যিবোৰ কামক আমি অতি সহজে কৰিব পাৰোঁ ৷ এইবোৰ কাম কৰাৰ সময়ত বৰ কম মনোযোগ স্থানৰ প্রয়োজন হয় ৷ দ্বিতীয় কামটো হল দুৰূহ বা জটিল কাম, যিবোৰ কামক কেৱল একান্ত মনোযোগেৰে সম্পন্ন কৰিব পাৰি ৷ বিভিন্ন বিশেষজ্ঞৰ মতে আমি এটা সময়ত বহুত কাম একেলগে কৰিব নোৱাৰোঁ ৷ কিন্তু বিশেষজ্ঞসকলৰ এই কথাটো অভ্যাসগত কামৰ ক্ষেত্রত প্রযোজ্য নহয় ৷ কাৰণ অভ্যাসগত কামৰ সময়ত আমি অতি সহজে বহুকেহটা কাম একেলগে কৰিব পাৰোঁ ৷ যেনে– যদিও আমি একেলগে দুজন মানুহৰ লগত কথা কব নোৱাৰোঁ, কিন্তু আমি একেলগে চলিব পাৰোঁ, একেলগে ছুইংগাম খাব পাৰোঁ, লগতে হেডফোনত গানো শুনিব পাৰোঁ ৷ এইদৰে আমি আমাৰ কামৰ লগত কোনো ধৰণৰ এৰা–ধৰা নকৰাকৈ একেলগে বহু কাম কৰিব পাৰোঁ ৷ কিন্তু জটিল কামৰ ক্ষেত্রত আমি দুটাতকৈ বেছি কাম একেলগে কৰিব নোৱাৰোঁ ৷ কাৰণ এইধৰণৰ কামৰ সময়ত অধিক মনোযোগৰ দৰকাৰ হয় আৰু মগজুক সদায় সক্রিয় কৰি ৰাখিবলগীয়া হয় ৷
সঠিক আৰু শুদ্ধ কামক নিজৰ মনোযোগ স্থানত যুক্তিসংগতভাৱে স্থাপিত কৰিব পৰাটো হল এজন ব্যক্তিৰ উৎপাদনক্ষম কলা আৰু বিনিয়োগ ৷ মনোযোগৰ অত্যধিক বোজাই এইক্ষেত্রত ক্ষতি কৰে ৷ কেতিয়াবা আপোনাৰ লগত এনেকুৱা ঘটনা ঘটিছে নেকি যে আপুনি ৰান্ধনিশালত গৈছে আৰু তাতে গৈ পাহৰি গৈছে আপুনি কিয় ৰান্ধনিশালত আহিছিল যদি তেনে হৈছে তেন্তে ভাবি লওক আপুনি মনোযোগৰ অত্যধিক বোজাৰ জালত বন্দী হৈছে ৷ হয়তো উক্ত সময়ত আপুনি আপোনাৰ মনোযোগ স্থানক বিভিন্ন বস্তুৰে পৰিপূর্ণ কৰিছে ৷ যাৰ ফলত প্রকৃত অভিপ্রায়ৰ বাবে আপোনাৰ মনোযোগ স্থানত খালী ঠায়ে নাই ৷ আমি যিমান পাৰোঁ সদায় সম্পূর্ণ অভিপ্রায়ৰ সৈতে কাম কৰিব লাগে ৷ যেতিয়া আমাৰ হাতত বহুতো কাম থাকে কিন্তু সময় কম থাকে তেতিয়া অভিপ্রায় গুৰুত্বপূর্ণ হৈ পৰে৷ কাৰণ অভিপ্রায়ৰ বাবেই আমি আমাৰ কামক অগ্রাধিকাৰ দিব পাৰোঁ ৷ ইয়াৰ ফলত আমাৰ মনোযোগ স্থান অভাৰলোড নহয় ৷ মনোযোগ অভাৰলোডৰ কিছুমান উদাহৰণ হল খোজকাঢ়ি থাকোঁতে মবাইলত মেছেজ কৰি থকা, আপুনি বেকিং ছডাৰ ঠাইত বেকিং পাউডাৰ দি দিলে, কাৰণ আপুনি সেই সময়ত টিভি চাই আছিল ৷ মনোযোগ অভাৰলোডৰ পৰা হাত সাৰি থাকিবলৈ হলে আপুনি নির্বাচিত হব লাগিব আৰু জানিব লাগিব কত আপুনি নিজৰ মনোযোগক সন্নিৱিষ্ট কৰিব ৷ উদাহৰণস্বৰূপে ৰন্ধাৰ সময়ত টিভি বন্ধ কৰি দিয়ক, যাতে আপোনাৰ মনোযোগ স্থান অভাৰলোড নহয় ৷ আপোনাৰ মনোযোগ স্থানৰ অৱস্থাই আপোনাৰ জীৱনৰ অৱস্থাক নিশ্চিত কৰে ৷ লেখকে ইয়াত তিনিটা পথ উল্লেখ কৰিছে, যিবোৰৰ জৰিয়তে এজন ব্যক্তিয়ে নিজৰ মনোযোগৰ মানদণ্ডক জুখিব পাৰে
Ø আপুনি কিমান সময় ইচ্ছাকৃতভাৱে কোনো কামত কটাব পাৰে
Ø এক বহাত আপুনি কিমান সময় এটা কামত মনোযোগ দিব পাৰে
Ø কোনো বস্তু বুজাৰ আগতে আপোনাৰ মন কিমান সময় ঘূৰি ফুৰে
তৃতীয় অধ্যায়ত লেখকে অত্যধিক মনোযোগৰ শক্তিৰ কথা ব্যাখ্যা কৰিছে ৷ আপুনি সেই দিনবোৰলৈ মনত কৰক যেতিয়া আপুনি বৰ উৎপাদনক্ষম আছিল, বহু দক্ষতা লাভ কৰিছিল, সফলতা লাভ কৰিছিল ৷ হয়তো আপুনি সেই দিনবোৰত যিকোনো এটা কামত নিজৰ মনোযোগ সন্নিৱিষ্ট কৰিছিল আৰু সেই কামটোৰে আপোনাৰ মনোযোগ স্থানক বান্ধি ৰাখিছিল আৰু আপুনি ব্যাকুলতাত বেছি সময় নষ্ট কৰা নাছিল ৷ যদি আপুনি কেতিয়াবা অমনোযোগীও হৈছিল লগে লগে তাক ধৰি–বান্ধি কামত লগোৱাহছিল ৷ সেই দিনবোৰত আপোনাৰ মস্তিষ্ক্ আটাইতকৈ বেছি উৎপাদনক্ষম অৱস্থাত বিচৰণ কৰিছিল ৷ মস্তিষ্ক্ৰ এই অৱস্থাকে অত্যধিক মনোযোগ বুলি কোৱা হয় ৷ অত্যধিক মনোযোগত আপুনি কেতিয়াও অমনোযোগী নহয়, নিজকে কামৰ মাজত ব্যস্ত ৰাখে ৷ মনোযোগ স্থানত কেৱল কিছুমান কামক স্থান দিয়া বাবে আপুনি কম ব্যস্ত থাকি অধিক কাম কৰিব পাৰে ৷ বিজ্ঞানৰ মতে আমি যেতিয়া কোনো কামত মনোযোগ দিওঁ তেতিয়া চাৰিটা স্তৰ পাৰ হৈ যাব লাগে
Ø মনোযোগৰ বাবে এটা উদ্দেশ্যপ্রণোদিত কাম বা বস্তুক বাছি লোৱা ৷
Ø যিমান পাৰে বাহ্যিক আৰু আভ্যন্তৰীণ ব্যাকুলতাক এৰাই চলা ৷
Ø নিজৰ মনোযোগক বাছি লোৱা কামত লগোৱা ৷
Ø ধাৰাবাহিকভাৱে নিজৰ মনোযোগক কামটোত সন্নিৱিষ্ট কৰি ৰখা ৷
সবল আৰু শক্তিশালী অভিপ্রায় গঢ়ি তোলাৰ বাবে লেখকে তিনিটা পদ্ধতি উল্লেখ কৰিছে
নিয়ম তিনি ঃ নিয়ম তিনি মানে দিনৰ আৰম্ভণিতে আপুনি এনে তিনিটা বস্তু বা কাম পছন্দ কৰক, যাক আপুনি দিনটোৰ শেষত সম্পূর্ণ কৰিব বিচাৰে ৷ এই তালিকাত দিনটোৰ আটাইতকৈ গুৰুত্বপূর্ণ কামবোৰ সন্নিৱিষ্ট কৰিব লাগে ৷
Øআপোনাৰ আটাহতকৈ ফলশ্রুতি কামবোৰ কৰা ৷
Øঘণ্টা হিচাপে সচেতনতাৰ ঐকতান অর্থাৎ কামৰ লগে লগে সময়ে সময়ে নিজৰ কামৰ মূল্যয়ন ৷
চতুর্থ অধ্যায়ত লেখকে অত্যধিক মনোযোগৰ সময়ত বাধা প্রদান কৰা ব্যাকুলতাক কেনেকৈ দূৰ কৰিব পাৰি, তাক আলোচনা কৰিছে ৷ লেখকে ব্যাকুলতাক চাৰিটা ভাগত ভাগ কৰিছে ১ বিৰক্তিকৰ, ২ আনন্দদায়ক, ৩ নিয়ন্ত্রণ কৰিব পৰা, ৪ নিয়ন্ত্রণ কৰিব নোৱৰা ৷ এই চাৰি ধৰণৰ ব্যাকুলতাক লেখকে দুই ধৰণৰ মাপকাঠীৰে জুখিছে ৷ প্রথমটো হল নিয়ন্ত্রণ কৰিব পৰা ব্যাকুলতা যেনে– ইমেইল, ফোন এলার্ট, মিটিংছ, নিউজ ৱেবছাইট, ছচিয়েল মিডিয়া একাউণ্ঢ, ইনছটেণ্ট মেছেজিং একাউণ্ঢছ৷ দ্বিতীয়টো হল নিয়ন্ত্রণ কৰিব নোৱৰা ব্যাকুলতা যেনে– অফিচত অহা মানুহবোৰ, চিঞৰি কথা কোৱা সহকর্মী, মিটিংছ, দলীয় ভোজ, ভালপোৱা মানুহৰ ফোনকল ইত্যাদি ৷ লেখকে নিয়ন্ত্রণ কৰিব পৰা ব্যাকুলতাক আঁতৰাই নিজৰ মনোযোগক স্থিৰ কৰিবৰ বাবে কিছুমান পথ উল্লেখ কৰিছে ৷ সেইবোৰ হল
¨ লেখকৰ মতে সম্প্রতি সময়ত আমাৰ মনোযোগক আটাইতকৈ বেছি বাধা প্রদান কৰে আমাৰ স্মার্টফোনে ৷ সেয়ে লেখকে স্মার্টফোন ব্যৱহাৰ কৰাৰ কিছুমান পদ্ধতি উল্লেখ কৰিছে, যাতে ই আমাৰ মনোযোগক বাধা দিব নোৱাৰে৷ যেনে ডু নট ডিষ্টার্ব মোড অন কৰা, মবাইলৰ বিভিন্ন ধৰণৰ নটিফিকেচন বন্ধ কৰা, কামৰ সময়ত মবাইলৰ এৰোপ্লেন মোড অন কৰা, মাইণ্ডলেছ ফোল্ডাৰ বনোৱা, সময় নষ্ট কৰা এপবোৰ ডিলিট কৰা, ই–মেইল কমকৈ ব্যৱহাৰ কৰা ইত্যাদি ৷
¨ নিজৰ চাৰিওফালৰ পৰিৱেশক সহজ কৰি গঢ়ি তোলা ৷
¨ নিজৰ মনটোক সদায় ইতিবাচক চিন্তাৰে পৰিপুষ্ট কৰি ৰখা ৷
¨ নির্দিষ্ট উদ্দেশ্য আগত ৰাখি কাম কৰা ৷
পঞ্চম অধ্যায়ত লেখকে অত্যধিক মনোযোগক অভ্যাস হিচাপে গঢ়ি তুলিবলৈ অনুৰোধ কৰিছে ৷ লেখকে অধ্যায়ৰ প্রথম ভাগতে কিছুমান কাৰণ উল্লেখ কৰিছে যিবোৰৰ বাবে আমাৰ মন ঘূৰি ফুৰে যেতিয়াই আমি কোনো কামত মনোযোগ দিব বিচাৰোঁ ৷ সেই কাৰণবোৰ হল কামৰ সময়ত অনুভৱ কৰা শাৰীৰিক আৰু মানসিক চাপ, গণ্ডগোলীয়া পৰিৱেশ, একেলগে বহু মানুহৰ চিন্তা, উদ্দেশ্যবিহীন কাম, মনোযোগ স্থানৰ সঠিক প্রয়োগৰ অভাৱ ইত্যাদি ৷ লেখকে অত্যধিক মনোযোগত বাধা প্রদান কৰা কাৰকবোৰৰ লগত যুদ্ধ কৰাৰ চাৰিটা পথ উল্লেখ কৰিছে
- নিজৰ অত্যধিক মনোযোগৰ সময়খিনিক সংকুচিত কৰা যেতিয়ালৈকে আপুনি মানসিকভাৱে বাধাবোৰক অনুভৱ নকৰে৷
- কোনো কাম কৰিবলৈ নথকা সময়খিনি লক্ষ্য কৰা ৷
- অবিৰতভাৱে অত্যধিক মনোযোগৰ অনুশীলন কৰা৷
- নিজকে নতুন কৰি প্রস্তুত কৰি তোলা ৷
কিতাপখনৰ দ্বিতীয় খণ্ডত লেখকে বিক্ষিপ্ত মনোযোগৰ কথা আলোচনা কৰিছে অর্থাৎ ঘূৰি ফুৰা মনৰ শক্তি আৰু কেনেকৈ নিজৰ আভ্যন্তৰীণ মনোযোগক এটা নির্দিষ্ট দিশ প্রদান কৰিব পাৰি তাক আলোচনা কৰিছে ৷ লেখকে বিভিন্ন গৱেষণাৰ পৰা পাইছে যে বিক্ষিপ্ত মনোযোগে আমাক বিভিন্ন ধৰণেৰে সহায় কৰে ৷ যেনে– আত্মসচেতনতা বৃদ্ধি কৰে, নিজৰ অভিজ্ঞতাক অর্থ প্রদান কৰে, দয়াশীল কৰে৷ লেখকে তিনি ধৰণৰ বিক্ষিপ্ত মনোযোগৰ কথা উল্লেখ কৰিছে ১ গ্রহণ কৰা ধৰণৰ, ২ সমস্যাক হজম কৰা ধৰণৰ, ৩ অভ্যাসগত৷ লেখকে মনোযোগ বৃদ্ধিৰ বাবে সকলোকে কিছুমান উপদেশ দিছে যেনে কামৰ মাজত জিৰণি লোৱা, কামৰ সময় নির্ধাৰণ কৰা, সময়মতে শোৱা, সৃজনশীল হোৱা ইত্যাদি ৷ শেষত লেখকে সকলোকে সুখত বিনিয়োগ কৰিবলৈ অর্থাৎ আনন্দৰ মাজেৰে কাম কৰিবলৈ উপদেশ দিছে ৷ লেখকৰ মতে পাঁচ ধৰণৰ ক্রিয়াকলাপে আমাক সুখ প্রদান কৰে ৷ সেইবোৰ হল ক গান শুনা, খ খেলা, গ কথা কোৱা আৰু তেওঁলোকৰ সম্পর্কত বিনিয়োগ কৰা, ঘ ব্যায়াম কৰা, ঙ প্রেম কৰা ৷
ফোন ঃ ৮৬৩৮৯-৪৭২৯২