মাণিক পাল
কেতিয়াবা ভাবি চাইছেনে এজন ব্যক্তি সুখী আৰু আনজন দুখী কিয় হয় এজন ব্যক্তি ধনী আৰু আনজন দুখীয়া কিয় হয় এজন ব্যক্তি ভয়াতুৰ আৰু মানসিক চাপগ্রস্ত আৰু আনজন সাহসী আৰু আত্মবিশ্বাসী কিয় হয় এজন ব্যক্তি নিজৰ জীৱনৰ সকলো ক্ষেত্রতেই সফল আৰু আনজন বিফল কিয় হয় এজন বক্তা উৎকৃষ্ট আৰু অসাধাৰণভাৱে জনপ্রিয় আৰু আনজন কিয় জনপ্রিয় হব নোৱাৰে এজন ব্যক্তিয়ে কম কাম কৰি অধিক সফল আৰু আনজন অধিক কাম কৰিও কিয় বিফল হয় এজন ব্যক্তিয়ে অসাধ্য ৰোগৰ পৰাও মুক্তি পায় অর্থাৎ সুস্থ হয় আৰু আনজন কিয় সাধাৰণ ৰোগতে মৃত্যুক আঁকোৱালি লয় ভাল, দয়ালু আৰু ধার্মিক ব্যক্তিসকলে কিয় অধিক মানসিক আৰু শাৰীৰিক যন্ত্রণা সহ্য কৰিব লগা হয় আৰু বেয়া, অনৈতিক আৰু অধর্মী ব্যক্তিসকলে কিয় নিজৰ জীৱনত সফল, সমৃদ্ধ আৰু সুস্থ হয় এজন ব্যক্তিয়ে সুখী দাম্পত্য জীৱন অতিবাহিত কৰে আৰু আনজনে কিয় দুখী দাম্পত্য জীৱন অতিবাহিত কৰে আপোনাৰ মনটোক উদ্বাউল কৰা এই ধৰণৰ হাজাৰ প্রশ্ন বোৰৰ উত্তৰ লুকাই আছে আপোনাৰ নিজৰ মাজতে লুকাই থকা অৱচেতন মনৰ গহ্বৰত ৷ এহ অৱচেতন মনৰ চমৎকাৰী শক্তিক উদ্ঘাটন কৰিবলৈ যত্ন কৰিম ডাঃ যোছেফ মার্ফীৰ আপোনাৰ অৱচেতন মনৰ শক্তি (The power of your subconscious mind) নামৰ কিতাপখনৰ জৰিয়তে ৷ এই কিতাপখনৰ অধ্যয়নৰ জৰিয়তে আপুনি মানুহৰ মস্তিষ্ক্ৰ মূলভূত সত্যতাক সৰল ভাষাত বুজিবলৈ সক্ষম হব ৷ আপোনাৰ ভিতৰত লুকাই থকা অনন্ত শক্তিক উদ্ঘাটন কৰাৰ বৈজ্ঞানিক পদ্ধতিও এই কিতাপখনে প্রদান কৰিব আপোনাক ৷ আপোনাৰ অসম্পূর্ণ আশা–আকাংক্ষা আৰু লক্ষ্য পূৰণৰ অভিমুখে কিদৰে আৰু কেনেকৈ নিজৰ অৱচেতন মনক ব্যৱহাৰ কৰি আগবাঢ়ি যাব, তাৰ মন্ত্রশক্তিও আপুনি এই কিতাপখনৰ অধ্যয়নৰ জৰিয়তে লাভ কৰিব ৷
যোছেফ মার্ফী জন্ম ১৮৯৮ চনৰ ২০ মেত আয়াৰলেণ্ডত হৈছিল আৰু পিছত গৈ তেওঁ আমেৰিকাত বসবাস কৰিবলৈ ধৰে ৷ মনোবিজ্ঞানত পি এইচ ডি কৰাৰ পিছত তেওঁ নিজৰ জীৱনৰ অধিকাংশ সময় প্রাচ্য ধর্মৰ অধ্যয়ন কৰি কটায় ৷ অনুসন্ধানৰ কামত তেওঁ বহু বছৰ ভাৰতৰ ঋষিসকলৰ লগত কটায় আৰু হিন্দু দর্শনৰ বিষয়ে অধ্যয়ন কৰে ৷ বহু বছৰ ধৰি বিশ্বৰ সকলো প্রমুখ ধর্মবোৰৰ অধ্যয়ন কৰাৰ পিছত তেওঁৰ বিশ্বাস হয় যে এই সম্পূর্ণ সৃষ্টিত এক ডাঙৰ শক্তি ব্যাপ্ত হৈ আছে আৰু সেই শক্তি আমাৰ মাজত সন্নিৱিষ্ট হৈ আছে আমাৰ অৱচেতন মনৰ শক্তি ৰূপে ৷ তেওঁ জীৱনত ত্রিছখনতকৈ অধিক গ্রন্থ ৰচনা কৰিছে ৷ সেইবোৰৰ ভিতৰত অন্যতম হল দ্য পাৱাৰ অৱ ইয়োৰ ছাবকনছিয়াছ মাইণ্ড আপোনাৰ অৱচেতন মনৰ শক্তি ৷ এই গ্রন্থখনত লেখকে মুঠ ২০টা অধ্যায়ৰ জৰিয়তে আমাৰ মাজত সন্নিৱিষ্ট হৈ থকা অৱচেতন মনৰ শক্তিক সহজ–সৰল ভাষাৰে বিভিন্ন তথ্য আৰু উদাহৰণৰ দ্বাৰা উদ্ঘাটন কৰিবলৈ যত্ন কৰিছে, যাতে আমাৰ দৰে সাধাৰণ ব্যক্তিসকলেও ইয়াৰ সঠিক প্রয়োগৰ দ্বাৰা উপকৃত হব পাৰে ৷
লোৰ চুম্বকীয় টুকুৰা এটাই নিজৰ ওজনতকৈ বহু বেছি ওজন থকা বস্তু এটাক ওপৰলৈ তোলাৰ ক্ষমতা ৰাখে ৷ কিন্তু যদি তাৰ পৰা চুম্বকীয় গুণটো নোহোৱা কৰি দিয়া হয়, তেন্তে ই চৰাইৰ পাখি এটাও উঠাব নোৱাৰে ৷ ঠিক তেনেদৰে মানুহো দুই প্রকাৰৰ হয় ৷ প্রথম, যাৰ মাজত চুম্বকীয় আকর্ষণ থাকে, এওঁলোক আত্মবিশ্বাস আৰু বিশ্বাসেৰে পৰিপূর্ণ হয় ৷ তেওঁলোকৰ নিজৰ বিষয়ে ইমান গভীৰ জ্ঞান থাকে যে তেওঁলোকে জীৱনত সফল হোৱাৰ বাবে আৰু বিজয়ী হোৱাৰ বাবেই জন্মগ্রহণ কৰে ৷ দ্বিতীয় শ্রেণীৰ মানুহৰ গাত এই চুম্বকীয় গুণ নাথাকে ৷ এইধৰণৰ মানুহৰ সংখ্যাই অসংখ্য হয় ৷ এওঁলোক ভয় আৰু সংশয়েৰে পূর্ণ হৈ থাকে ৷ এওঁলোকৰ মুখত আপুনি প্রায়ে শুনিব যদি মই সফল হব নোৱাৰোঁ, তেন্তে কি হব, মোৰ সকলো টকা ডুবি নগলেই হল, মানুহে মোক লৈ হাঁহি–ধেমালি কৰিব ইত্যাদি ৷ এই ধৰণৰ ব্যক্তিসকলে নিজৰ মাজত লৈ ফুৰা ভয়ৰ বাবে জীৱনত বেছি সফল হব নোৱাৰে ৷ এই ধৰণৰ ব্যক্তিসকলেও চুম্বকীয় গুণৰ অধিকাৰী হব পাৰে যদি তেওঁলোকে ইতিহাসৰ আটাহতকৈ ডাঙৰ ৰহস্য অর্থাৎ অৱচেতন মনৰ শক্তিক আয়ত্ত কৰিব পাৰে ৷
আমাৰ মস্তিষ্ক্ এটাই, কিন্তু ইয়াৰ দুই প্রকাৰৰ স্পষ্ট আৰু বিশেষ কার্যকৰী অংশ আছে ৷ এটা হল আমাৰ চেতন মন আনটো হল অৱচেতন মন ৷ লেখকৰ মতে আমাৰ মস্তিষ্ক্ এখন বাগিচা আৰু আমি সেই বাগিচাৰ মালী ৷ আমি নিজৰ অৱচেতন মনত প্রতিদিনে বিচাৰধাৰাৰ বীজ ৰোপণ কৰি গৈছোঁ ৷ কিন্তু বেছিভাগ সময়তে আমি ইয়াক অনুভৱ কৰিব নোৱাৰোঁ ৷ কাৰণ আমি যিবোৰ বিচাৰধাৰাৰ বীজ ৰোপণ কৰোঁ, সেইবোৰ আমাৰ অভ্যাসগত চিন্তাধাৰাৰ ওপৰত আধাৰিত ৷ আমি আমাৰ অৱচেতন মনত যিধৰণৰ বীজ ৰোপণ কৰিম, জীৱন আৰু পৰিস্থিতিত ঠিক তেনেহ ফচল লাভ কৰিম৷ যদি আমাৰ অৱচেতন মন সাৰুৱা ভূমি হয়, তেন্তে তাত সকলো প্রকাৰৰ ভাল আৰু বেয়া বীজ অংকুৰিত কৰাত সহায় কৰিব ৷ যেতিয়া আমাৰ অৱচেতন মন পর্যন্ত প্রৱাহিত হোৱা বিচাৰধাৰা সৃজনাত্মক, সম্ভাৱনাপূর্ণ আৰু শান্তিপূর্ণ হব তেতিয়া আমাৰ অৱচেতন মনৰ চমৎকাৰী শক্তিয়ে কার্যকৰী প্রতিক্রিয়া ব্যক্ত কৰিব ৷
আমাৰ মস্তিষ্ক্ৰ দুটা স্তৰ থাকে চেতন বা যৌক্তিক স্তৰ আৰু অৱচেতন বা অযৌক্তিক স্তৰ ৷ আমি নিজৰ চেতন মনেৰে বিচাৰ কৰোঁ আৰু এই অভ্যাসগত বিচাৰ আমাৰ অৱচেতন মনত গুচি যায় ৷ এইটোৱে আমাৰ বিচাৰধাৰাৰ প্রকৃতিৰ অনুৰূপ পৰিস্থিতি গঢ়ি তোলাত কাম কৰে ৷ আমাৰ অৱচেতন মন আমাৰ ভাৱনাবোৰৰ ৰচনাত্মক স্থান ৷ ভাল ইতিবাচক চিন্তা কৰিলে আমি ভাল পৰিণাম লাভ কৰিম আৰু বেয়া নেতিবাচক চিন্তা কৰিলে আমি বেয়া পৰিণাম লাভ কৰিম ৷ আমি সদায় মনত ৰাখিব লাগিব যে এবাৰ যেতিয়া আমাৰ অৱচেতন মনে কোনো বিচাৰধাৰাক গ্রহণ কৰি লয়, তেতিয়া সি তৎক্ষণাৎ সেহটোৰ ওপৰত কাম আৰম্ভ কৰি দিয়ে ৷ অৱচেতন মনৰ নিয়ম হল ই ভাল আৰু বেয়া দুই প্রকাৰেৰে বিচাৰধাৰাৰ ওপৰত সমানে কাম কৰে ৷ এই নিয়মৰ প্রয়োগ যদি নেতিবাচক ৰূপত হয় তেন্তে ব্যর্থতা, সংকোচ আৰু দুখ উৎপন্ন হয় আৰু ইয়াৰ প্রয়োগ ইতিবাচক ৰূপত কৰিলে আদর্শ স্বাস্থ্য, সফলতা আৰু সমৃদ্ধিৰ প্রাপ্তি হয় ৷ আমাৰ চেতন মনে দাৰোৱানৰ দৰে কাম কৰে ৷ এইটোৱে ভুল পৰামর্শৰ হাতৰ পৰা আমাৰ অৱচেতন মনক ৰক্ষা কৰে৷ আমাৰ অৱচেতন মন পৰামর্শৰ প্রতি অত্যন্ত সংবেদনশীল হয় ৷ আমাৰ অৱচেতন মনে তুলনা বা বিৰোধ কৰিব নোৱাৰে ৷ এইটোৱে তর্ক–বিতর্ক কৰিব নোৱাৰে আৰু নিজে কোনো চিন্তা–চর্চাও কৰিব নোৱাৰে ৷ ই কেৱল চেতন মনৰ দ্বাৰা এৰি যোৱা চিনৰ ওপৰত প্রতিক্রিয়া ব্যক্ত কৰে ৷
লেখকৰ মতে অৱচেতন মনৰ চমৎকাৰী শক্তি অতুলনীয় আৰু অসীমিত হয় ৷ ই আমাক প্রেৰিত কৰে আৰু পথ প্রদর্শক হিচাপে কাম কৰে ৷ ই স্মৃতিৰ ভাণ্ডাৰৰ পৰা গুৰুত্বপূর্ণ চিত্র আৰু দৃশ্য উলিয়াই আনে ৷ আমাৰ অৱচেতন মনে হূদয়ৰ স্পন্দন, তেজ সঞ্চাৰণ আৰু পাচন তন্ত্রকো নিয়ন্ত্রণ কৰে ৷ আমাৰ অৱচেতন মনে কেতিয়াও বিশ্রাম নকৰে ৷ ই সদায় গতিশীল হৈ থাকে ৷ আপুনিও নিজৰ অৱচেতন মনৰ চমৎকাৰী শক্তিৰ বিষয়ে জানিব পাৰিব, যদি আপুনি সদায় ৰাতি শোৱাৰ আগতে কয় যে আপুনি কোনো বিশেষ বস্তু লাভ কৰিব বিচাৰে ৷ আপুনি এই কোৱাৰ পিছত আপোনাৰ ভিতৰৰ অদ্ভুত শক্তি সক্রিয় হৈ উঠি আপোনাক মনে বিচৰা পৰিণামৰ অভিমুখে লৈ যাব ৷ অৱচেতন মন আদর্শ, উচ্চাকাংক্ষা আৰু পৰোপকাৰী ইচ্ছাবোৰৰ এক ডাঙৰ উৎস ৷ অৱচেতন মনৰ জৰিয়তেই শ্বেইক্সপীয়েৰে সেইবোৰ মহান সত্যৰ বিষয়ে জানিব পাৰিছিল, যিবোৰৰ বিষয়ে সেই যুগৰ লোকসকলে জনাই নাছিল ৷ অৱচেতন মনৰ দ্বাৰা মহান শিল্পীসকলে আষ্চর্যজনক শক্তি প্রাপ্ত কৰিছিল ৷ উদাহৰণস্বৰূপে আমি মহান ইটালিয়ান শিল্পী ৰাফেলৰ কথা কব পাৰোঁ ৷ কাৰণ তেওঁ অৱচেতন মনৰ দ্বাৰাই সৃষ্টি কৰিছিল অমৰ কলাকৃতি মেডোনা ৷
লেখকৰ মতে, চিকিৎসাত্মক শক্তি প্রত্যেক মানুহৰ অৱচেতন মনত বাস কৰে আৰু ৰোগীৰ পৰিৱর্তিত মানসিক দৃষ্টিভংগীৰ দ্বাৰা ই সক্রিয় হৈ উঠে ৷ প্রাচীন প্রবাদ বাক্য মতে, চিকিৎসকে ক্ষত স্থানৰ ওপৰত বেণ্ডেজ বান্ধে আৰু কয় যে ঈশ্বৰে ক্ষত স্থান ঠিক কৰি দিয়ক ৷ মনোবিজ্ঞানীসকলে ৰোগীৰ মানসিক অৱৰোধ গুচাহ দিব প্রভাৱশালী পৰিৱর্তন কঢ়িয়াই আনে, যাতে চিকিৎসাত্মক সিদ্ধান্ত সক্রিয় হৈ পৰে আৰু ৰোগী আকৌ এবাৰ সুস্থ হৈ উঠিব পাৰে ৷ কোনো চিকিৎসক বা মনোবিজ্ঞানীয়ে সম্পূর্ণ ৰূপে দাবী কৰিব নোৱাৰে যে তেওঁ ৰোগীজনক ঠিক কৰিছে৷ চিকিৎসাত্মক শক্তি একেটাহ, যদিও ইয়াক ভিন ভিন নামেৰে নামকৰণ কৰা হয়, যেনে প্রকৃতি, জীৱন, ঈশ্বৰ, ৰচনাত্মক জ্ঞান ইত্যাদি ৷ কিন্তু বাস্তৱিকতা হল এই সকলো অৱচেতন শক্তিৰ প্রতি ইংগিত কৰা একোটা ভিন ভিন পদ্ধতি ৷ আধুনিক মানসিক চিকিৎসা যিটো সত্যৰ ওপৰত আধাৰিত, সেহটো হল আমাৰ বিশ্বাস যিধৰণৰ হব, আমাৰ অৱচেতন মনৰ অসীমিত বুদ্ধিমত্তা আৰু শান্তিৰ প্রতিক্রিয়াও ঠিক তেনেকুৱা হব ৷ মানসিক বিজ্ঞানৰ প্রয়োগকাৰী ব্যক্তিসকলে বাহবেলৰ আদেশ পালন কৰে ৷ অর্থাৎ তেওঁলোকে নিজৰ ঘৰত গৈ দর্জা বন্ধ কৰি লয় যাৰ অর্থ হল, তেওঁলোকে নিজৰ মস্তিষ্ক্ক এঠাইত স্থিৰ কৰি তোলে, শিথিল কৰি এৰি দিয়ে আৰু অসীমিত চিকিৎসাত্মক শক্তিৰ বিষয়ে চিন্তা কৰে ৷ নিজৰ ভিতৰত মজুত থকা মস্তিষ্ক্ৰ দ্বাৰা তেওঁলোকে সকলো বাহ্যিক বাধা আৰু বস্তুৰ বাবে বন্ধ কৰি দিয়ে ৷ তাৰ পিছত তেওঁলোকে নিজৰ আগ্রহ, ইচ্ছাৰে নিজৰ অৱচেতন মনক বিশ্বস্ত কৰে যে তেওঁলোকৰ মস্তিষ্ক জ্ঞানে তেওঁলোকক সঠিক উত্তৰ দিব ৷
প্রার্থনা চিকিৎসা হল মস্তিষ্ক চেতন আৰু অৱচেতন স্তৰবোৰৰ ক্রমবদ্ধ, সামঞ্জস্যপূর্ণ আৰু বুদ্ধিমত্তাপূর্ণ কাম ৷ যিটোক কোনো নির্দিষ্ট উদ্দেশ্যৰ বাবে বিশেষ ৰূপে নির্দেশিত কৰা হয় ৷ গোল্ডেন গেট ব্রিজ তৈয়াৰ কৰাৰ আগতে ইঞ্জিনীয়াৰসকলৰ গণিতৰ সিদ্ধান্ত, চাপ আৰু মানসিক চাপৰ বিষয়ে জানিবলগীয়া আছিল ৷ দ্বিতীয়তে, তেওঁলোকৰ নিজৰ মস্তিষ্ক্ত উপত্যকাৰ ওপৰত উৎকৃষ্ট ব্রিজৰ চিত্র বনাবলগীয়া আছিল ৷ তৃতীয় পদক্ষেপ হিচাপে তেওঁলোকে সেই চিত্রক সাকাৰ কৰাৰ বাবে পৰীক্ষিত আৰু সময়সিদ্ধ পদ্ধতিৰ প্রয়োগ কৰিবলগীয়া আছিল ৷ যেতিয়া এই তিনিটা পদক্ষেপ পূর্ণ হয়, তেতিয়া গোল্ডেন গেট ব্রিজৰ নির্মাণ সম্পূর্ণ হয় ৷ ঠিক সেইদৰে আমি যদি নিজৰ প্রার্থনাৰ উত্তৰ বিচাৰোঁ, তেন্তে আমিও সঠিক কৌশল আৰু বিধিৰ দ্বাৰা পৰিচালিত হব লাগিব ৷ প্রার্থনাৰ উত্তৰ বৈজ্ঞানিক পদ্ধতিৰ দ্বাৰা প্রাপ্ত হয় ৷ ইয়াত প্রার্থনা মানে ধার্মিক পূজা–পাতলৰ কথা কোৱা হোৱা নাই ৷ ইয়াত প্রার্থনা মানে হল– আত্মাৰ প্রকৃত মনোকামনা ৷ আমাৰ মনোকামনাই আমাৰ প্রার্থনা ৷ এইটো আমাৰ গভীৰ প্রয়োজনীয়তাৰ পৰা ওলায় আৰু সেইবোৰ বস্তুক সাকাৰ কৰে, যিবোৰ আমি নিজৰ জীৱনত পাব বিচাৰোঁ ৷
লেখকৰ মতে, প্রতিজন ব্যক্তিৰ ৯০ শতাংশ মানসিক জীৱন অৱচেতন হয় ৷ যদি আমি এই অদ্ভুত শক্তিৰ প্রয়োগ নকৰোঁ তেন্তে আমি অত্যন্ত সংকীর্ণ জীৱন অতিবাহিত কৰিবলৈ অভিশপ্ত হৈ উঠিম ৷ অৱচেতন মন আমাৰ শৰীৰ নির্মাতা হয় আৰু এইটোৱে আমাৰ শৰীৰৰ সকলো গুৰুত্বপূর্ণ কাম কৰে ৷ অৱচেতন মনে দিনৰ ২৪ ঘণ্টাই কাম কৰে, এক মুহূর্তৰ বাবেও আৰাম নকৰে ৷ আমাৰ অৱচেতন মনে আমাৰ অন্তৰ জ্ঞান, অনুভূতি, সংকেত, মনোকামনা আৰু বিচাৰধাৰাৰ মাধ্যমেৰে বার্তালাপ কৰে৷ মহান শিল্পী, সংগীতকাৰ, কবি, বক্তা আৰু লেখকসকলে নিজৰ অৱচেতন শক্তিৰ লগত সামঞ্জস্য তৈয়াৰ কৰি লয় ৷ উদাহৰণস্বৰূপে আমি ৰবার্ট লুই ষ্টিভেন্সৰ কথা কব পাৰোঁ ৷ তেওঁ প্রতি ৰাতি টোপনি যোৱাৰ আগতে নিজৰ অৱচেতন মনক এনেকৈ প্রেৰিত কৰিছিল, যাতে এহটোৱে নিদ্রাৰ সময়ত তেওঁৰ বাবে এটা নতুন কাহিনীৰ সন্ধান কৰে ৷ তেওঁৰ বেংক একাউণ্টত যেতিয়াই বেলেঞ্চ কমি আহিছিল, তেতিয়াই তেওঁ সদায় নিজৰ অৱচেতন মনক এক ভাল, বেষ্ট ছেলাৰ উপন্যাসৰ প্লট প্রদান কৰাৰ বাবে প্রার্থনা কৰিছিল ৷ ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে আমাৰ অৱচেতন মনে আমাৰ জৰিয়তে যিমান মহান আৰু বুদ্ধিমত্তাপূর্ণ কথা কয়, সেইবোৰৰ বিষয়ে আমাৰ চেতন মনে বিন্দুমাত্রও নাজানে ৷
যদি আপুনি আর্থিক সংকটত পৰিছে, তেন্তে আপুনি আপোনাৰ অৱচেতন মনক এনে বিশ্বাস প্রদান কৰক যে আপুনি সদায় সমৃদ্ধিৰ মাজত থাকিব আৰু সঞ্চয়ো কৰিব ৷ সম্পত্তি মানুহৰ অৱচেতন মনৰ বিশ্বাসৰ বাহিৰে আন একো নহয় ৷ নিজৰ মানসিকতাত সম্পত্তিৰ বিচাৰধাৰা তৈয়াৰ কৰি লওক ৷ সম্পত্তিৰ ভাৱনাৰ দ্বাৰাই সম্পত্তিৰ সৃষ্টি হয়, এই কথা সদায় মনত ৰাখিব ৷ চেতন আৰু অৱচেতন দুয়োটা মন একমত হোৱা উচিত ৷ আমাৰ অৱচেতন মনে সেই বস্তুবোৰকে স্বীকাৰ কৰে, যিটোক আমি সত্য বুলি বিশ্বাস কৰোঁ ৷ আমাৰ অৱচেতন মনে সদায় প্রবল বিচাৰধাৰাক স্বীকাৰ কৰে৷ আমাৰ প্রবল বিচাৰধাৰা দৰিদ্রতা নহয়, ধনী হোৱা উচিত ৷
অধিকাংশ লোকৰে দাম্পত্য সমস্যা মনৰ কার্যবিধি আৰু শক্তিবোৰক সঠিকভাৱে বুজি নোপোৱাৰ বাবে হয়৷ যদি পতি–পত্নী দুয়োজনেই মস্তিষ্ক নিয়মবোৰৰ সঠিক প্রয়োগ কৰে, তেন্তে তেওঁলোকৰ মাজৰ সংঘর্ষ সমাপ্ত হব পাৰে ৷ যদি তেওঁলোকে সদায় বিশ্বাসৰ সৈতে একেলগে থকাৰ প্রার্থনা কৰে তেন্তে সদায় একেলগে থাকিব পাৰিব ৷ দৈৱ আদর্শৰ মনন, জীৱনৰ নিয়মবোৰৰ অধ্যয়ন, অংশীদাৰী উদ্দেশ্য আৰু পৰিকল্পনাৰ ওপৰত পাৰস্পৰিক সন্মতি আৰু ব্যক্তিগত স্বাধীনতাৰ আনন্দই সামঞ্জস্যপূর্ণ দাম্পত্য জীৱন প্রদান কৰে আৰু দুটি পৃথক মানুহৰ মন এক কৰি দিয়ে ৷
আমেৰিকান মনোবিজ্ঞানী উইলিয়াম জেমছে কৈছে ঊনবিংশ শতাব্দীৰ আটাইতকৈ মহান আৱিষ্কাৰ ভৌতিক শাস্ত্র নহয় বৰং আটাহতকৈ মহান আৱিষ্কাৰ হল বিশ্বাসৰ দ্বাৰা প্রেৰিত অৱচেতন মনৰ শক্তি ৷ লেখকৰ মতে প্রকৃত আনন্দ বা সুখ আমাৰ জীৱনত সেইদিনাখন আহিব, যিদিনাখন আমি অনুভৱ আৰু বিশ্বাস কৰিম যে আমাৰ অৱচেতন মনে আমাৰ সকলো সমস্যাৰ সমাধান কৰিব পাৰে, আমাৰ শৰীৰৰ চিকিৎসা কৰিব পাৰে, আমাৰ আশাতকৈ অধিক সমৃদ্ধি প্রদান কৰিব পাৰে ৷ কিছুমান মানুহে সদায় নিজৰ জীৱনত ঘটা দুখ–কষ্টৰ বাবে ঈশ্বৰক দোষাৰোপ কৰে ৷ যিমানদিনলৈকে এই ব্যক্তিসকলে ঈশ্বৰৰ বিষয়ে এই ধৰণৰ অৱধাৰণা পোষণ কৰিব, সিমান দিনলৈকে তেওঁলোকৰ অৱচেতন মনে এই ধৰণৰ নেতিবাচক বস্তুবোৰক সাকাৰ কৰি তুলিবলৈ চেষ্টা কৰিব ৷ ইয়াৰ দ্বাৰা তেওঁলোকে বুজি উঠিব পৰা নাই যে তেওঁলোকে নিজেই নিজক শাস্তি দিছে ৷ তেওঁলোকে সত্যক বুজিব লাগিব ৷ যেতিয়া তেওঁলোকে বিশ্বাস কৰিবলৈ ধৰিব যে ঈশ্বৰ হল প্রেম–পূর্ণ পিতা, যিজনে তেওঁলোকক প্রতিপালন কৰে, পথ প্রদর্শন কৰে, শক্তি প্রদান কৰে, তেতিয়া ঈশ্বৰ বা জীৱন সিদ্ধান্তৰ বিষয়ে প্রেম–পূর্ণ ঈশ্বৰৰ কল্পনা তেওঁলোকৰ অৱচেতন মনত প্রবাহিত হব আৰু তেওঁলোকে অসংখ্য পদ্ধতিত ধন্য হৈ উঠিব ৷
মুঠতে লেখকৰ মতে আপুনি আপোনাৰ অৱচেতন মনৰ চমৎকাৰী শক্তিক ব্যৱহাৰ কৰি শাৰীৰিকভাৱে সম্পূর্ণ সুস্থ হব পাৰে, জীৱনৰ প্রতিটো ক্ষেত্রত সফল হব পাৰে, দাম্পত্য জীৱন সুখ–সমৃদ্ধিৰে ওপচাহ তুলিব পাৰে, ভয়ক জয় কৰিব পাৰে, নিজৰ মনটোক সদায় যুৱ কৰি ৰাখিব পাৰে আৰু জীৱনৰ যিকোনো বাধাক হাঁহিৰে পৰাজিত কৰিব পাৰে ৷
ফোনঃ ৯৮৬৪২-৬৯৬৪০
Comments are closed, but trackbacks and pingbacks are open.