এগৰাকী ভাৰতীয় শ্বিণ্ডলাৰৰ কাহিনী

পংকজ কুমাৰ নেওগ

দ্বিতীয় বিশ্বযুদ্ধৰ ইলকাষ্ট বা গণহত্যাৰ সময়ত ১২০০ ইহুদীক নিজৰ কাৰখানাত নিয়োগ কৰি জীৱন ৰক্ষা কৰা জার্মান উদ্যোগপতি তথা নাজী পার্টীৰ সদস্য অস্কাৰ শ্বিণ্ডলাৰৰ জীৱন কাহিনীক ষ্টিভেন স্পিলবার্গে ১৯৯৩ চনত শ্বিণ্ডলার্চ লিষ্ট নামৰ ঐতিহাসিক কথাচিত্রখনত অমৰ কৰি তুলিছে ৷ ইহুদী সম্প্রদায়ৰ সদস্যসকলক গণহত্যাৰ ভয়াৱহতাৰ পৰা উদ্ধাৰ কৰা অস্কাৰ শ্বিণ্ডলাৰৰ দৰে আন লোক আছিল যদিও সততে আমি পাহৰি যোৱা এগৰাকী ব্যক্তি হল মহাৰাজা দুলীপ সিং আৰু তেওঁৰ প্রথমা পত্নী বাম্বা মুলাৰৰ কন্যা ৰাজকুমাৰী কেথেৰিন দুলীপ সিং ৷ ভাৰতীয় শ্বিণ্ডলাৰ বুলি বিদিত কেথেৰিনে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হংলেণ্ডলৈ নিৰাপদ যাত্রাৰ পথ প্রশস্ত কৰি বহু হহুদী পৰিয়ালক নাজী জার্মানীৰ কবলৰ পৰা ৰক্ষা কৰিছিল ৷ কেথেৰিনে তেওঁলোকক ধন, টকা–পইচাৰে সহায় কৰাৰ উপৰি বাকিংহামশ্বায়াৰত থকা নিজৰ আৱাসত আশ্রয় দিছিল ৷ এলজিবিটিকিউ (LGBTQ) আন্দোলনৰ এগৰাকী অগ্রণী আৰু যুক্তৰাজ্যৰ  মহিলা ভোটাধিকাৰ আন্দোলনৰ এগৰাকী প্রবল সমর্থক কেথেৰিনে এক উল্লেখযোগ্য জীৱন যাপন কৰিছিল আৰু তেওঁৰ বিষয়ে অতি কম লোকহে অৱগত ৷

মহাৰাজ ৰঞ্জিত সিংহৰ কনিষ্ঠ পুত্র মহাৰাজা দুলীপ সিং ১৮৪৩ চনত শিখ সাম্রাজ্যৰ সিংহাসনত আৰোহণ কৰাৰ সময়ত তেওঁৰ বয়স আছিল মাত্র পাঁচ বছৰ ৷ এংলো–শিখ যুদ্ধত একেৰাহে পৰাজয়বৰণ কৰাৰ পিছত অৱশেষত ব্রিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শিখ সাম্রাজ্যক নিজৰ তললৈ আনি মাত্র ১০ বছৰীয়া মহাৰাজগৰাকীক পদচ্যুত কৰিবলৈ সক্ষম হয় ৷ পূর্বৰ প্রজাসমূহে মহাৰাজ দুলীপ সিঙক সমর্থনৰ দ্বাৰা পুনৰ যাতে সিংহাসনত বহুৱাব নোৱাৰে, তাৰ বাবে ব্রিটিছে তেওঁক ফতেহগড়ত অস্ত্রোপচাৰ বিশেষজ্ঞ ডাঃ জন লগিনৰ তত্ত্বাৱধানত ৰাখে ৷ এইদৰে তেওঁক প্রজাসকলৰ পৰা বিচ্ছিন্ন কৰা হয় ৷ তেওঁ ব্রিটিছ সাংসৃক্তিক পৰিৱেশত আৰু ব্রিটিছ ৰীতি–নীতিৰে মিছনেৰীৰ অধীনত থাকি ডাঙৰ–দীঘল হয় ৷ ১৮৫৪ চনৰ মার্চ মাহত তেওঁক গ্রেট ব্রিটেহনলৈ স্থানান্তৰ কৰা হয় ৷ ইংলেণ্ডত থকা সময়ছোৱাত দুলীপ সিঙে সন্মানীয় মহাৰাজা খিতাপ ৰাখিবলৈ অনুমতি পায় আৰু ৰাণী ভিক্টোৰিয়াৰ সৈতে তেওঁৰ ঘনিষ্ঠতা বাঢ়ি আহে ৷   প্রকৃততে মহাৰাজা দুলীপ সিঙৰ সৈতে ৰাণী ভিক্টোৰিয়াৰ ইমানেই ভাল সম্বন্ধ আছিল যে তেওঁ দুলীপ সিঙৰ সন্তানকেহটাৰ  গডমাদাৰ বা ধর্মমাতা হৈ পৰিছিল ৷

১৮৭১ চনৰ ২৭ অক্টোবৰত লণ্ডনৰ নাহটছব্রিজত জন্মগ্রহণ কৰা কেথেৰিন শিখ সাম্রাজ্যৰ শেষ সম্রাট মহাৰাজা দুলীপ সিং আৰু তেওঁৰ প্রথমা পত্নী বাম্বা মুলাৰৰ দ্বিতীয়া কন্যা ৷ মহাৰাজ ভাৰতলৈ উভতি যাবলৈ বহুতো অসুবিধাৰ সন্মুখীন হৈছিল আৰু তেওঁ উভতি যাবলৈ চেষ্টা কৰি থাকোঁতে তেওঁৰ কন্যা বাম্বা ছফিয়া জিন্দান, কেথেৰিন হিল্ডা দুলীপ সিং আৰু ছফিয়া আলেকজেন্দ্রাক ৰাণী ভিক্টোৰিয়াই হেম্পটন কর্ট পেলেচৰ ফেৰাডে হাউছত থোৱাৰ ব্যৱস্থা কৰিছিল ৷

পঞ্জাৱ ভ্রমণৰ শেষ প্রচেষ্টা বিফল হোৱাৰ সাত বছৰৰ পিছত ১৮৯৩ চনত ৫৫ বছৰ বয়সত মহাৰাজা দুলীপ সিঙৰ পেৰিছত মৃত্যু হয় ৷ তেওঁৰ মৃত্যুৰ পিছত ৰাণী ভিক্টোৰিয়াই কেথেৰিন আৰু তেওঁৰ দুগৰাকী ভগ্নীক আর্থাৰ অলিফেণ্ঢ আৰু তেওঁৰ পত্নীৰ তত্ত্বাৱধানত ৰাখে ৷ আর্থাৰ অলিফেণ্টৰ পিতৃ আছিল মহাৰাজা দুলীপ সিঙৰ ৰাজকীয় পৰিচাৰক ৷ তেওঁলোকৰ তত্ত্বাৱধানত থাকোঁতে কেথেৰিনে প্রথমবাৰৰ বাবে তেওঁৰ গৱর্নেছ জার্মানীৰ কাচেলৰ ফ্রাউলিন লিনা শ্বেফাৰক লগ পায় ৷ লিনা আছিল কেথেৰিনতকৈ প্রায় ১২ বছৰ ডাঙৰ আৰু তেওঁলোকৰ মাজত এক বিশেষ আৰু অন্তৰংগ সম্পর্কৰ আৰম্ভণি হয় ৷ বায়েক বাম্বাৰ সৈতে কেথেৰিন অক্সফর্ডৰ ছমাৰভিল হলত পেে আৰু এই সময়ছোৱাত তেওঁ সাঁতোৰ, ভায়লিন আৰু সংগীতৰো ব্যক্তিগত শিক্ষা লাভ কৰে ৷ তিনিগৰাকী বায়েক–ভনীয়েকৰ ভিতৰত কেথেৰিনক আটাইতকৈ ধুনীয়া বুলি গণ্য কৰা হৈছিল , ১৮৯৫ চনত বাকিংহাম পেলেচত তেওঁ আৰু তেওঁৰ ভগ্নীদ্বয়ে ফেশ্বনেবল বগা ৰেচমৰ সাজ–পোছাক পৰিধান কৰি ৰাণী ভিক্টোৰিয়াৰ অভিষেক বল নাচত ব্রিটিছ উচ্চ সমাজৰ সৈতে পৰিচয় হয় ৷ ব্রিটিছ উচ্চ সমাজত এনে বল নাচসমূহক কোৱা হৈছিল ডেবুটাণ্ট বল (Debutante ball) ৷

১৯০৩ চনত কেথেৰিনে ভাৰত ভ্রমণ কৰি লাহোৰ আৰু কাশ্মীৰ, ডেলহাউচি, ছিমলা, অমৃতসৰ আদি ঠাহৰ পূর্বপুৰুষৰ ঘৰলৈ যায় আৰু কাপুৰথালা, নভা, জিন্দ, পাটিয়ালা আদি ৰাজকীয় ৰাজ্য পৰিদর্শন কৰি ৰাজকীয় আৰু স্থানীয় লোক উভয়ৰে সৈতে মত বিনিময় কৰে ৷ ১৯০৪ চনৰ মার্চ মাহত ভাৰতৰ পৰা উভতি অহাৰ পিছত কেথেৰিন তেওঁৰ প্রাক্তন গৱর্নেছ লিনা শ্বেফাৰৰ সৈতে কাচেলৰ ব্লেক ফৰেষ্ট আৰু ড্রেছডেনত বাস কৰিবলৈ লয় আৰু ছুহজাৰলেণ্ডত থকা পৰিয়ালৰ লোককো সাক্ষাৎ কৰে ৷ তেওঁৰ ভগ্নী ছফিয়াক সাধাৰণতে গ্রেট ব্রিটেহনৰ ভোটাধিকাৰ আন্দোলনৰ মুখ্য আৰু সক্রিয় সদস্য হিচাপে স্বীকৃতি দিয়া হয় ৷ মহিলা সামাজিক আৰু ৰাজনৈতিক সংঘৰ সদস্য হিচাপে এমেলিন পেনখ্রাষ্টৰ দৰে ব্যক্তিৰ সৈতে অন্যান্য বিষয়ৰ লগতে ছফিয়াই মহিলাৰ বাবে ভোটাধিকাৰৰ বাবে  প্রচাৰ চলাইছিল ৷ কেথেৰিনেও ফচেট মহিলা ভোটাধিকাৰ গোট আৰু মহিলাৰ জাতীয় ইউনিয়ন ভোটাধিকাৰ সমিতিৰ সদস্য হিচাপে এই আন্দোলনত প্রভাৱশালী আৰু গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল ৷ তদুপৰি ব্রিটিছ উচ্চ সমাজত থকা মর্যাদাৰ হেতু কেথেৰিনে ভোটাধিকাৰীসকলৰ বাবে ধন সংগ্রহ কৰিবলৈ সক্ষম হৈছিল ৷

১৯১২ চনত এটা গুৰুত্বপূর্ণ অভিযানৰ আৰম্ভণিতে তেওঁ কয় আমাৰ কার্যৰ এই জটিল পর্যায়ত কোনো প্রচেষ্টা আৰু ত্যাগ অত্যধিক হব নোৱাৰে ৷ আমি এই অভিযানত জয়ী হবলৈ আপোনালোকৰ পৰা সকলো প্রকাৰৰ সহায় বিচাৰিছোঁ ৷ ১৯২৮ চনত ২১ বছৰৰ ওপৰৰ সকলো ব্রিটিছ মহিলাক ভোটাধিকাৰ প্রদান কৰা হয় ৷ ১৯০৮ চনত কেথেৰিন আৰু লিনা শ্বেফাৰ একেলগে থাকিবলৈ জার্মানীলৈ গুচি যায় যদিও ছফিয়াই তেওঁলোকৰ সম্পর্কক অন্তৰংগ বুলি অভিহিত কৰে ৷ প্রথম বিশ্বযুদ্ধৰ আৰম্ভণিৰ পৰা ১৯২০ আৰু ১৯৩০ৰ দশকলৈকে এই দম্পতীটো মিউনিখ আৰু কাচেলত বাস কৰিছিল ৷ লিনা শ্বেফাৰে তেওঁলোকৰ সম্পর্কক সৰু ঘৰত বাস কৰা দুটা সৰু এন্দুৰ বুলি বর্ণনা কৰিছিল ৷ দম্পতীটোৱে বেছিভাগ সময় দীঘলীয়া খোজ কাঢ়ি, বাগিচাত খেতি আৰু ঘৰতে ৰন্ধা–বঢ়া কৰি সময় কটাইছিল ৷ কেথেৰিনে ছফিয়ালৈ লিখামতে তেওঁলোকৰ সময়বোৰ এহদৰেই ভালকৈ আৰু আনন্দৰে পাৰ হৈছিল ৷

কিন্তু ১৯৩০ দশক ওচৰ চাপি অহাৰ লগে লগে আৰু নাজীয়ে জার্মানীৰ নিয়ন্ত্রণ দখল কৰিবলৈ আৰম্ভ কৰাৰ সময়তে কেথেৰিন আৰু লিনাৰ যুটি স্থানীয় নাজীসকলৰ চকুত পৰে আৰু তেওঁলোক নানা ধৰণৰ বিপদৰ সন্মুখীন হবলগীয়া হয় ৷ এই সকলো বিপদ আওকাণ কৰিও কেথেৰিন লিনাৰ সৈতে একেলগে থাকে আৰু ১৯৩৭ চনৰ আগষ্ট মাহত ৭৯ বছৰ বয়সত লিনাৰ মৃত্যুৰ সময়লৈকে বহুতো ইহুদী পৰিয়ালক তেওঁ পলায়ন কৰাত সহায় কৰে ৷ নাজীবাদে জার্মান ৰাজনীতি আৰু সমাজৰ ওপৰত সম্পূর্ণ নিয়ন্ত্রণ লাভ কৰাৰ লগে লগে আৰু যুদ্ধ সমাসন্ন হৈ পৰাত কেথেৰিনে জার্মানীত থকাৰ সিদ্ধান্ত প্রত্যাহাৰ কৰে ৷ লিনাৰ মৃত্যুৰ পিছত জার্মানীত থকাৰ তেওঁৰ কোনো আকর্ষণ নোহোৱা হল ৷ নাজীসকলে কেনেকৈ ৰাজহুৱাভাৱে সমকামিতাক নিন্দা কৰে, সেই বিষয়ে সতর্ক কৰি কেথেৰিনৰ প্রতিৱেশী আৰু একাউণ্ঢেণ্ঢ ডঃ ফ্রিটিজ ৰাটিগে তেওঁক জার্মানী এৰি যাবলৈ সকীয়াই দিছিল ৷ ১৯৩৭ চনৰ নৱেম্বৰ মাহৰ ভিতৰত কেথেৰিনে সকলো সম্পত্তি বিক্রী কৰি ছুইজাৰলেণ্ড হৈ ইংলেণ্ডলৈ পলায়ন কৰে ৷ যোৱাৰ আগতে তেওঁ জার্মান ইহুদী পৰিয়াল দুটাক ইংলেণ্ডলৈ নিৰাপদ পথ বিচাৰি উলিওৱাত সহায় কৰিছিল ৷

ইহুদীসকলক নাজীৰ কবলৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্রত কেথেৰিনৰ উল্লেখযোগ্য ভূমিকা আৱিষ্কাৰ কৰাৰ বহুখিনি কৃতিত্ব লেখক, হতিহাসবিদ আৰু শিল্প সংগ্রাহক পিটাৰ বান্সৰ হাতলৈ যায় ৷ পিটাৰ বান্সে বিশ্বজুৰি ৰক্ষা পোৱা বহু পৰিয়াল আৰু তেওঁলোকৰ বংশধৰসকলক বিচাৰি উলিয়াই ব্যক্তিগতভাৱে সাক্ষাৎকাৰ লৈছিল ৷ কেথেৰিনৰ অৱদানৰ বহুতো স্মৃতিকথা তেওঁৰ Sovereign, Squire and Rebel. Maharajah Duleep Singh and the Heirs of a Lost Kingdom শীর্ষক গ্রন্থখনত ঠাহ পাহছে৷ বান্সে হনষ্টাগ্রাম পোষ্ট এটাত উল্লেখ কৰিছে এনে এটা পৰিয়াল নাজীৰ পৰা ৰক্ষা পোৱা আছিল জার্মানীৰ কাচেল নিৱাসী হর্নষ্টেহন পৰিয়াল ৷ গেষ্টাপোৰ মুৰববী এছ এছ ৰেহনহার্ড হেইড্রিচৰ কবলৰ পৰা ৰক্ষা কৰি ১৯৩৯ চনত ৰাজকুমাৰী কেথেৰিনে এই পৰিয়ালটোক ইংলেণ্ডলৈ লৈ আহিছিল ৷ এচেক্স কালচাৰেল ডাহভাৰচিটী প্রজেক্টে কেথেৰিনৰ প্রচেষ্টাৰ বিষয়ে এইদৰে বর্ণনা কৰিছে-  কেথেৰিনে জার্মানী এৰি যোৱাৰ আগে আগে কেহবাটাও ইহুদী পৰিয়ালক নাজী ইলকাষ্টৰ পৰা পলায়ন কৰাত সহায় কৰিছিল ৷ ১৯৩৮ চনত কেথেৰিনৰ বন্বুূ ডাঃ ইর্নষ্টেইনক গ্রেপ্তাৰ কৰি বার্লিনৰ ওচৰৰ অৰেনিয়েনবার্গ কনচেনড্রেচন কেম্পত আবদ্ধ কৰি ৰখা হয় ৷ ইর্নষ্টেইন পৰিয়ালৰ নিয়দাতা (Guarantor) হিচাপে কেথেৰিনে তেওঁৰ মুক্তি নিশ্চিত কৰাত সহায় কৰিছিল ৷ ক্রিষ্টেলনাচ্ট নাইট অৱ ব্রকেন গ্লাছৰ পিছতে ইর্নষ্টেইনক গ্রেপ্তাৰ কৰা হৈছিল ৷ ই আছিল ৰাষ্ট্র অনুমোদিত কার্যসূচী হিচাপে নাজীসকলে ইহুদীসকলৰ ঘৰ, বিদ্যালয় আৰু ব্যৱসায়িক প্রতিষ্ঠানসমূহৰ ওপৰত কৰা নির্দয় আৰু হিংসাত্মক আক্রমণ ৷ কেথেৰিনে ভায়লিনবাদক আলেকজেণ্ডাৰ পলনাৰিফ আৰু মেয়াৰষ্টেইন পৰিয়ালক জার্মান কনচেনট্ৰেচন কেম্পত মৃত্যুৰ ভাবুকিৰ পৰা পলাই অহাত সহায় কৰিছিল ৷ পৰিয়ালকেইটাই কেথেৰিনৰ সৈতে বাকিংহামশ্বায়াৰৰ পেন (Penn)ৰ কলহেচ হাউছত থাকিবলৈ আহিছিল ৷ দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ পিছতো কেথেৰিনে ১৯৪২ চনত মৃত্যুৰ আগলৈকে জার্মান–ইহুদী শৰণার্থীসকলক সহায়ৰ হাত আগবঢ়াই আহিছিল ৷

পিটাৰ বান্সে এটা পডকাষ্টত লক্ষ্য কৰা মতে এটা সময়ত বাকিংহামশ্বায়াৰত কেথেৰিনৰ ঘৰত ইমানেহ ইহুদী জার্মান বাস কৰিছিল যে তেওঁৰ গাঁৱৰ স্থানীয় মানুহে এই  জার্মান লোকসকল কৰ পৰা আহিছে বুলি যথেষ্ট শংকিত হৈ পৰিছিল ৷ সেই সময়ত ইংলেণ্ডো যুদ্ধত ব্যস্ত হৈ আছিল ৷ ইহুদী শৰণার্থীৰ উপৰি জার্মান লুফ্টৱাফেৰ(German Luftwaffe) প্রচণ্ড বোমা বিস্ফোৰণৰ সন্মুখীন হোৱা আৰু লণ্ডনৰ পৰা উদ্ধাৰ কৰা শিশুসকলকো কেথেৰিনে আশ্রয় দিছিল ৷ এই শিশুসকলৰ ভিতৰত আছিল লণ্ডন বৰো অৱ হলিঙৰ (Borough of Ealing) শ্বার্লি ফিনষ্টাৰ আৰু তেওঁৰ দুজন ভাতৃ৷ উদ্ধাৰ কৰা নাবালক–নাবালিকাস গ্রহণৰ বাবে কেথেৰিনৰ একমাত্র চর্তটো আছিল, সেহসকলৰ সৈতে এজন প্রাপ্তবয়স্ক্ অভিভাৱকৰ উপস্থিতি ৷ শ্বার্লিৰ মাক স্কুলৰ শিক্ষয়িত্রী আছিল হেতুকে তেওঁ নিজৰ সন্তানৰ সৈতে স্কুলৰ সকলো ছাত্র–ছাত্রীক লগত লৈ গৈছিল ৷ সকলোকে বাকিংহামশ্বায়াৰৰ পেন গাঁৱত থাকিবলৈ ঠাই দিয়া হৈছিল ৷ বান্সৰ সৈতে হোৱা কথা–বতৰাত এতিয়া প্রয়াত শ্বার্লিয়ে কেথেৰিনৰ সৈতে কটোৱা সময়খিনিৰ কথা কয় আৰু এহ সময়বোৰ কিমান সুখ আৰু উচ্ছলতাৰে ভৰা আছিল, সেই কথা ৰোমন্থন কৰে ৷   শৰণার্থীগৰাকীয়ে নাজী জার্মানীৰ পৰা ৰক্ষা পোৱা এজন হহুদী বেহেলাবাদকৰ কথাও মনত পেলাই কৈছিল মোৰ জন্মদিনত তেওঁ স্কুলীয়া লৰা–ছোৱালীবোৰক মনোৰঞ্জন দিছিল আৰু প্রতিদিনে সন্ধিয়া আহাৰ গ্রহণৰ সময়ত ৰাজকুমাৰী কেথেৰিনৰ বাবে বেহেলা বজাইছিল ৷

১৯৪২ চনৰ ৮ নৱেম্বৰত হূদৰোগত আক্রান্ত হৈ কেথেৰিনৰ মৃত্যু হয় ৷ তেওঁৰ মৃত্যুৰ পিছত ১৯৯৭ চনৰ জুলাই মাহলৈকে তেওঁৰ বিষয়ে বহুলাংশে পাহৰি যোৱা হৈছিল ৷ যেতিয়া ছুইজাৰলেণ্ডৰ বেংকসমূহে দ্বিতীয় বিশ্বযুদ্ধৰ  পিছত ৫০০০ টা দাবী নকৰা একাউণ্ঢৰ এখন দীঘলীয়া তালিকা প্রকাশ কৰে, সেই সময়ত কেথেৰিনৰ নাম পুনৰ চর্চালৈ আহে ৷ ছুইচ বেংকৰ এহ একাউণ্টৰ তালিকাত বেছিভাগ আছিল ইলকাষ্টৰ বলি হোৱা লোক ৷ বার্নৰ ইউবিএছ এজি বেংকত ১৯৩০ চনত শেষবাৰৰ বাবে খোলা এটা ভচ্ট আৰু কেথেৰিন দুলীপ সিং আৰু লিনা শ্বেফাৰৰ যৌথ একাউণ্ঢ আছিল ৷ এখন ন্যায়াধিকৰণে ঘোষণা কৰা মতে অৱশেষত কেথেৰিনৰ এক লাখ পাউণ্ডৰ সম্পত্তি পাকিস্তানৰ কৰিম বক্স ছুপ্রা নামৰ লোক এজনৰ পৰিয়াললৈ যায় ৷ কৰিম বক্স ছুপ্রাই কেথেৰিনৰ জ্যেষ্ঠ ভগ্নী  ৰাজকুমাৰী বাম্বা ছফিয়া জিন্দন ছাডাৰলেণ্ডৰ বাবে কাম কৰিছিল ৷ তিনি বাই–ভনীৰ কোনো এগৰাকীৰে সন্তান নাছিল ৷ এইখিনিতে নিঃসন্দেহে কব পাৰি যে ৰাজকুমাৰী কেথেৰিনে এৰি থৈ যোৱা দৃষ্টান্ত আছিল অতি অসাধাৰণ আৰু অনুপ্রেৰণাদায়ক ৷ তেওঁ নিশ্চিত কৰি থৈ গৈছিল যে নাজীসকল পৰাস্ত হোৱাৰ পিছত ভৱিষ্যৎ প্রজন্মৰ ইহুদী পৰিয়ালসমূহ এদিন পুনৰ ঠন ধৰি উঠিব ৷

ফোনঃ +৯৬৮-৯৯৬৭-২৭৮১

You might also like

Comments are closed, but trackbacks and pingbacks are open.