দৈনিক ৰাশিফল ১৬ জুন ২০২৬

22

১ আহাৰ ,মঙ্গলবাৰ, ইং ১৬ জুন ২০২৬

১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জটিলতা আহিব পাৰে, লগ বন্ধু বা আত্মীয়ৰ পৰিয়ালৰ লগত সামান্য মনোমালিন্য হ’ব পৰে যদিও আজি বিবাহিত ব্যক্তি সকলে সন্তানৰ পৰা আনন্দ লাভ হোৱাৰ যোগ দেখা যায়।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব,ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, যদিও আজি আপুনি সামান্য মিছা অপৱাদ পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জয় লাভ কৰিব, প্ৰেমত আনন্দ বাঢ়িব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ সুনাম বৃঊ হোৱাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত যান বাহন উপকৃত হ’ব, আপোনাৰ দ্বাৰা আন ব্যক্তিৰ উপকাৰ হ’ব যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য মনোমালিন্য সৃষ্টি হ’ব পাৰে লগতে আজি আপোনাৰ সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা ভংগ হ’ব পাৰে, সৰু সুৰা কথাতে মনত সামান্য অশান্তিৰ সৃষ্টি হ’ব পাৰে, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত ভাতৃ স্থানীয় ব্যক্তিৰ পৰা সামান্য বাধাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, ধন- সম্পত্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য শত্ৰু বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত যান বাহনৰ ক্ষেত্ৰত শুভ বুলি কব পাৰি, কৰ্মত সন্মান বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত যশস্যা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত খেলুৱৈ সকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি ঠগ- প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ’ব লগতে আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত সামগ্ৰী লাভ কৰিব, যদিও আজি আপুনি বিশ্বাস ভংগ হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে মনৰ চিন্তা ধাৰা সামান্য খেলিমেলিৰ আহিব পাৰে লগতে আজি আপোনাৰ মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.