২৯ আহাৰ, মঙ্গলবাৰ, ইং ১৪ জুলাই ২০২৬
১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত উৎসৱ পাৰ্বনত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, কৰ্মচাৰী সকলৰ সুনাম বাঢ়িব, লগতে আজি আপোনাৰ নতুন নতুন কৰ্ম সুযোগ সুবিধা লাভ হোৱাৰ যোগ দেখা যায়।
২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ৰাজহুৱা কৰ্মত ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগ নহ’লে আনৰ অবিশ্বাসী হ’ব পাৰে, লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব, পাৰিবাৰিক সুখ শান্তি বাঢ়িব, বিবাহিত প্ৰাৰ্থী সকলৰ বিবাহৰ যোগ দেখা যায় যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সুনাম বাঢ়িব, ধন- সম্পত্তি সঞ্চয় বাঢ়িব, যদিও আজি আপোনাৰ যাত্ৰাত বিঘিনি ঘটিব পাৰে
৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হব, ভাল খাদ্য গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জয় লাভ কৰিব, কৰ্মত যশস্যা বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সামান্য সম্পদ হানি হোৱাৰ যোগ দেখা যায়।
৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত অধিক দ্বায়িত্ব বাঢ়িব পাৰে, কৰ্মত সন্মান বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ হোৱাৰ যোগ দেখা যায়।
৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি সাধন হব, উত্তম ভোজন লাভ কৰিব, লগতে আজি আপোনাৰ লগ বন্ধুৰ পৰা কৰ্মৰ সামান্য বাধাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত সঞ্চয় বাঢ়িব, কৰ্মত সামান্য জটিলতা আহিব যদিও আজি আপুনি কৰ্মত লগ বন্ধুৰ পৰা সহায় সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।
১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, কৰ্মত নতুন নতুন যোগাযোগ কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি আনে সন্দেহ কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত কৰ্মত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হব, হাতলৈ ধন- সম্পত্তি আহিব, লগতে আজি আপোনাৰ কৰ্মত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ হোৱাৰ যোগ দেখা যায়।
১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হব, খেলুৱৈ সকলৰ সুনাম বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত অধিক ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
Comments are closed, but trackbacks and pingbacks are open.