দৈনিক ৰাশিফল ১১ জুলাই ২০২৬

12

২৬ আহাৰ, শনিবাৰ, ইং ১১ জুলাই ২০২৬

১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভাল খৱৰ লাভ কৰিব , কৰ্মত আনৰ বিশ্বাসী হ’ব পাৰিব, লগতে আজি আপুনি যান বাহন ক্ৰয় কৰিবলৈ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য পৰিশ্ৰম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হব, আপোনাৰ দ্বাৰা পিতৃ -মাতৃৰ কৰ্মত শুভ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ শান্তি বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হ’ব পাৰে লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সকলো দিশতে সজাগ হোৱাটো ভাল হ’ব।

৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, প্ৰেমত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত আনৰ পৰা সহায় সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।

৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে ৰাজনৈতিক সা- সুবিধা লাভ কৰিব, প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য জটিলতা আহিব পাৰে লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে আজি আপোনাৰ দেহ যনত সামান্য আঘাত পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ’ব, কৰ্মস্থানত সামান্য পৰিবৰ্তন আহিব পাৰে, লগতে আজি আপোনাৰ পাৰিবাৰিক সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত কৰ্মত যশস্যা বাঢ়িব, যদিও আজি আপুনি কৰ্মত সিদ্ধান্ত গ্ৰহণ কৰোতে সজাগ হোৱাটো ভাল হ’ব লগতে আজি আপোনাৰ সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব, নতুন নতুন কৰ্ম লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য খৰচ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.