২৩ আহাৰ, বুধবাৰ, ইং ৮ জুলাই ২০২৬
১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত উৎসৱ পাৰ্বনত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ ব্যৱসায়িক ভাৱে লাভাৱান্বিত হোৱাৰ যোগ দেখা যায়।
২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত সৌভাগ্যৰ উদয় হব, ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব, লগতে আজি আপোনাৰ ভোজন বিলাস ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, পাৰিবাৰিক সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত জয় লাভ হোৱাৰ যোগ দেখা যায়।
৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সামান্য ক্ষতিৰ সন্মূখীন হোৱাৰ যোগ দেখা যায়।
৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন সম্পত্তি আহিব, লগ বন্ধুৰ আগমন হ’ব ঘৰলৈ, লগতে আজি আপোনাৰ প্ৰেম আৰু কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়।
৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক অশান্তিৰ সৃষ্টি হ’ব পাৰে, কৰ্মত লগ বন্ধুৰ পৰা সামান্য বাধাৰ সন্মুখীন হ’ব পাৰে লগতে আজি আপোনাৰ সৰু সুৰা কথাতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত লগ বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব, লগতে আজি আপোনাৰ ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰে যদিও আজি আপোনাৰ শৰীৰত সামান্য ৰোগ হোৱাৰ যোগ দেখা যায়।
৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত হঠাতে হাতলৈ ধন- সম্পত্তি আহিব, যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগ নহ’লে সামান্য জটিলতাৰ সৃষ্টি হ’ব পাৰে লগতে আজি আপোনাৰ সৰু সুৰা কথাতে মনত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হব, ধন- সম্পত্তি আহিব হাতলৈ, যদিও আজি আপোনাৰ দেহ মনত আঘাত পাবলগীয়া হোৱাৰ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায় বাণিজ্যত সফলতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সামান্য মিছা অপৱাদ পাৱলগীয়া হ’ব পাৰে, লগতে আজি আপোনাৰ কৰ্মত ভাতৃ স্থানীয় ব্যক্তিৰ পৰা সামান্য বাধাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত কৰ্মত লগ বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব, শিল্পী সকলৰ কৰ্মত শুভ বুলি কব পাৰি, যদিও আজি আপোনাৰ মনটো সামান্য অস্থিৰ হোৱাৰ যোগ দেখা যায়।
১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে আজি খেলুৱৈ সকলৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
Comments are closed, but trackbacks and pingbacks are open.