গ্ৰীষ্মকালত আমৰ জুতিঃ ঘৰতেই বনাওক সুস্বাদু ৰেচিপি

7

গৰমৰ এই দিনকেইটাত আমৰ সোৱাদ নোলোৱাকৈ থকাটো অসম্ভৱ। প্ৰচণ্ড গৰমত শৰীৰ শীতল কৰি ৰাখিবলৈ আমৰ পানীয় অতিকৈ উপকাৰী। কেঁচা হওক বা পকা, আমেৰে প্ৰস্তুত কৰা কেইটামান অতি জনপ্রিয় আৰু সুস্বাদু খাদ্যৰ ৰেচিপি এইবাৰ জুতি জীৱনৰ শিতানলৈ আগবঢ়োৱা হৈছে—

১/ আম আৰু নাৰিকলৰ আইচক্রীম

কি কি লাগিব?

এটা আম, এটা সৰু নাৰিকল, ১৮টা আলমণ্ড, ১৫টা মাখানা, ১৫টা কাজুবাদাম, সৰু কাপেৰে একাপ গাখীৰ, ৬ চামুচ চেনি, ১০ গ্রাম পাউডাৰ গাখীৰ

তৈয়াৰ কৰা প্ৰণালীঃ প্রথমে ১৫টা মাখানা, ১৫টা কাজুবাদাম আৰু ১৮টা আলমণ্ড, একাপ গাখীৰত ৩০ মিনিট তিয়াই থৈ আলমণ্ডৰ বাকলিবোৰ আঁতৰাই আকৌ ১০ মিনিটমান গাখীৰত তিয়াই থ’ব। তাৰ পিছত এটা নাৰিকল সৰু সৰুকৈ টুকুৰা কৰি, ক’লা বাকলিবোৰ এৰুৱাই লৈ মিক্সিত লাহে লাহেকৈ ভালদৰে মিহিকৈ পেষ্ট কৰি লৈ পাত্ৰ এটাত ২ চামুচ গাখীৰ দি ভালদৰে মিহলাই থৈ দিব। এতিয়া সেই সকলো তিয়াই থোৱা গাখীৰখিনিৰ লগত ১০ গ্রাম পাউডাৰ গাখীৰ আৰু ৬ চামুচ চেনি দি ভালদৰে মিক্সিত পেষ্ট কৰি ল’ব । তাৰ পিছত তাত এটা আম সৰু সৰুকৈ টুকুৰা কৰি সেইখিনিৰ লগত দি আকৌ ভালদৰে পেষ্ট কৰি, নাৰিকলখিনিৰ লগত ভালদৰে মিহলাই এটা দীঘল টিফিন বা পাত্ৰত সেইখিনি ঢালি দি তাৰ ওপৰত এলুমিনিয়ামৰ ফয়েল পেপাৰেৰে ভালদৰে ঢাকি, ডীপ ফ্ৰীজত ১০ ঘণ্টা মান থৈ পৰিৱেশন কৰিব ।

২/ আমৰ ভাপা দৈ

কি কি লাগিব?

৪০০ গ্রাম মিঠা দৈ, আধা কাপ আমৰ পেষ্ট, আধা কাপ মিল্কমেইড, ৬টা মান পিষ্টা বাদাম, অকণমান ৰিফাইন তেল, বেকিং পেপাৰ আৰু এলুমিনিয়াম ফইল পেপাৰ

তৈয়াৰ কৰা প্ৰণালীঃ প্ৰথমে এখন চেকনিৰ ওপৰত পাতল কাপোৰ এখন পাৰি লৈ তাত দৈখিনি চেকি, তাৰ ওপৰত ওজন থকা পাত্ৰ এটাৰে ঢাকি ৩০ মিনিটমানৰ বাবে থৈ দৈৰ পানীখিনি নিগৰিবলৈ দিব । সেইখিনিত আধা কাপ আমৰ পেষ্ট আৰু আধা কাপ মিল্কমেইড দি ভালদৰে মিহলাই ল’ব। এটা কেক টিন লৈ তাত অকণমান ৰিফাইন তেল সানি তাত বেকিং পেপাৰখন পাৰি তাৰ ওপৰত সেইখিনি ঢালি দি, টিনটো অকণমান ভালদৰে লৰাই দি, এলুমিনিয়াম ফইল পেপাৰেৰে ভালদৰে ঢাকি দিব । এটা পেন লৈ জোখমতে পানী দিব যাতে ষ্টেণ্ডডালৰ আধালৈ পানী থাকে, তাৰ ওপৰত টিনটো বহুৱাই দি ঢাকনি লগাই গেছৰ জুই মিডিয়াম কৰি ৪০ মিনিট মান ভাপত সিজিবলৈ দি, অলপ ঠাণ্ডা হ’লে ফ্ৰীজত ৫ ঘণ্টা মান থৈ দিব। তাৰ পিছত টিনটো উলিয়াই, পেপাৰখন গুচাই এখন প্লেটত সেইটো ওলটাই দি তাৰ ওপৰত পিষ্টাৰ সৰু সৰু টুকুৰাৰে সজাই পৰিৱেশন কৰিব ।

৩/ আমৰ শ্বেক

কি কি লাগিব?

২টা পকা আম, ৪০ গ্রাম পাউডাৰ গাখীৰ, ৪ চামুচ চেনি, এগিলাচ ঠাণ্ডা গাখীৰ, ৪টা পিস্তা বাদাম, ৪টা মান আলমণ্ড আৰু পুদিনা পাতৰ আগ ।

তৈয়াৰ কৰা প্ৰণালীঃ প্রথমে ২টা পকা আম বাকলি গুচাই টুকুৰা টুকুৰ কৰি কুটি ল’ব। তাৰ পিছত মিক্সিৰ জাৰত আমাৰ টুকুৰাবোৰ দি (৫ টুকুৰা মান ৰাখি থ’ব) তাত এগিলাচ ঠাণ্ডা গাখীৰ, ৪০ গ্রাম পাউডাৰ গাখীৰ, ৪ চামুচ চেনি দি পেষ্ট কৰি ল’ব। এতিয়া এটা গিলাচত সেইখিনি ঢালি দি, তাৰ ওপৰত আমৰ টুকুৰা, পিষ্টাবাদাম আৰু আলমণ্ড মিহিকৈ কুটি লগতে পুদিনা পাতৰ আগ দি পৰিৱেশন কৰিব ।

বৰষা শৰ্মা

You might also like

Comments are closed, but trackbacks and pingbacks are open.