দৈনিক ৰাশিফল ৬ জুলাই ২০২৬

8

২১ আহাৰ, সোমবাৰ, ইং ৬ জুলাই ২০২৬

১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ কৰিব, নতুন নতুন প্ৰেমৰ আৰম্ভণি হ’ব পাৰে, লগতে আজি আপোনাৰ ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব,বিবাহিত প্ৰাৰ্থী সকলৰ ঘৰত বিবাহ আলোচনা হ’ব পাৰে, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি আপোনাৰ মনটো সামান্য উদ্বিগ্ন হোৱাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব পাৰে,ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য আঘাত পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত দেহ মনত সামান্য অৱসাদ ভাৱ বাঢ়িব পাৰে, শত্ৰু ভয় বাঢ়িব পাৰে, লগতে আজি আপোনাৰ মনটো সামান্য চঞ্চল হোৱাৰ যোগ দেখা যায়।

৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মানসিক ক্লেষ ভাৱ বাঢ়িব পাৰে, মহিলা সকলে মনত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে, লগতে আজি আপোনাৰ দেহ মনত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে লগতে আজি আপোনাৰ মনটো সামান্য উদ্বিগ্ন হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ শান্তি বাঢ়িব, কৰ্মত সন্মান বাঢ়িব, লগতে আজি আপোনাৰ উৎসৱ পাৰ্বনত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত সামাজিক কৰ্মত সন্মান বাঢ়িব, ৰাজহুৱা কৰ্মত ব্যস্ততা বাঢ়িব, লগতে আজি আপোনাৰ আয় উপাৰ্জন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব যদিও আজি আপুনি সজাগ নহ’লে ভ্ৰমণত সামান্য বাধাৰ সৃষ্টি হ’ব পাৰে, লগতে আজি আপোনাৰ মনৰ পৰা অহংকাৰ ভাৱ পৰিত্যাগ কৰিবলৈ চেষ্টা কৰিব।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত ভ্ৰমণত সুখ শান্তি বাঢ়িব, ব্যৱসায় বানিজ্যত সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য জটিলতা আহিব পাৰে।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত লগ বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব, ব্যৱসায় বানিজ্যত সফলতা লাভ কৰিব, প্ৰেমত আনন্দ বাঢ়িব যদিও আজি আপোনাৰ দেহ মনৰ পৰা এলাহ ভাৱ পৰিত্যাগ নকৰিলে সামান্য ক্ষতিৰ সন্মূখীন হোৱাৰ যোগ দেখা যায়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.