দৈনিক ৰাশিফল ১০ জুন ২০২৬

8

২৬ জেঠ, বুধবাৰ , ইং ১০ জুন ২০২৬

১.মেষ ৰাশি(অ,আ,ল): ব্যৱসায়ীসকল লাভৱান হ’ব। মাতৃৰ শৰীৰ সম্পৰ্কে সচেতন থাকক। শিক্ষক, উকীল আদিৰ মধ্যম৷ ভ্ৰমণত সাৱধান হওক। প্ৰেমত শুভ সংযোগ।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): আৰ্থিকত ব্যয়ৰ বাবে চিন্তিত হ’ব। নতুন কর্মত ব্যস্ততা বৃদ্ধি পাব। অংশীদাৰী ব্যৱসায়ত শুভ ফল পাব। দাম্পত্য জীৱনত অশান্তিৰ কাৰকতা।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): ওচৰ-চুবুৰীয়াৰ লগত কিবা আহুকাল পাব। কর্মক্ষেত্ৰত আর্থিক লেনদেনত সাৱধান। নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ। বিদ্যাত শুভ।

৪.কৰ্কট ৰাশি(ড,হ): কর্মক্ষেত্ৰত কিছু বাধাৰ কাৰকতা। অংশীদাৰী কৰ্মত মিশ্ৰিত ফল লাভ কৰিব। বিবাহৰ যোগাযোগত শুভ। ভ্ৰমণত অৰ্থ হানিৰ যোগ।

৫.সিংহ ৰাশি (ম,ট): ব্যৱসায়ত আয় বৃদ্ধি পাব। ঘৰুৱা দিশত শুভ বুলি ক’ব পাৰি। বন্ধুৰ পৰা সতর্ক হ’ব। দাম্পত্যত শুভ। কর্মসূত্রে ভ্ৰমণৰ যোগ।

৬.কন্যা ৰাশি(ঠ,প,ন): খৰচৰ ক্ষেত্ৰত সতর্ক থাকিব। নিবনুৱাৰ বাবে মধ্যম দিন। পিতৃ-মাতৃৰ স্বাস্থ্য ভালে নাযাব। প্রেমত নতুন সমস্যাই দেখা দিব পাৰে।

৭.তুলা ৰাশি(ৰ,ত): উচ্চ শিক্ষাৰ্থীৰ বাবে শুভ সংযোগ। দেহৰ কষ্টৰ উপশম পাব। প্ৰাপ্য ধনৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা। প্ৰেমত শুভ।

৮.বৃশ্চিক ৰাশি(ন,য): নিবনুৱা ব্যক্তিৰ কৰ্ম প্ৰাপ্তিত বাধা আহিব পাৰে৷ আৰ্থিক দিশত শুভ। দাম্পত্য জীৱন মধ্যমীয়া। বিদ্যাত জটিলতা কম।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): পাৰিবাৰিক দিশত চিন্তা থাকিব। নতুন সম্পদ ক্রয় কৰিব পাৰে। ঊর্ধ্বতন কৰ্তৃপক্ষৰ লগত মতানৈক্য হ’ব পাৰে। প্ৰেমত মতবিৰোধ।

১০.মকৰ ৰাশি(খ,জ): ওচৰ-চুবুৰীয়াৰ লগত মানসিক সংঘাত। ব্যৱসায়ীসকলৰ ব্যস্ততা বাঢ়িব। প্ৰেমত মধ্যম। বিবাহৰ যোগাযোগত শুভ।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): পুৱাৰ ভাগত অনুকূল। সৰু-সুৰা সমস্যাত বিব্রত বোধ কৰিব। আর্থিকত বিশেষ বাধা নাই যদিও ব্যৱসায়ত লোকচানৰ সংকেত।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মানসিক চাপ বৃদ্ধি পাব। বিদ্যাত যত্ন লওক। শৰীৰ সম্পৰ্কীয় কথাত সাৱধান হোৱা উচিত। শিল্প-সংস্কৃতিত সুনাম।

You might also like

Comments are closed, but trackbacks and pingbacks are open.