লোক–সংস্কৃতিৰ অমূল্য সম্পদ বিয়ানাম

বর্ণালী কটকী ওজা

অসমৰ জাতীয় জীৱনৰ বর্ণাঢ্য ইতিহাসৰ সৈতে যুক্ত হৈ আছে জনগোষ্ঠীয়সমূহৰ সাংসৃক্তিক ইতিহাস, লোক–পৰম্পৰাৰে সমৃদ্ধ সমন্বয়ৰ ইতিহাস ৷ সেয়ে অসমৰ জাতীয় জীৱনত উৎসৱ–নুষ্ঠানৰ গুৰুত্ব অপৰিসীম ৷ এই উৎসৱ–অনুষ্ঠানসমূহৰ ভিতৰত মানুহৰ জীৱনবোধৰ লগত একাত্ম বিবাহ অনুষ্ঠানেই হৈছে সর্বজনগ্রাহ্য এক সামাজিক অনুষ্ঠান ৷ বিবাহ উৎসৱ এনে এক অনুষ্ঠান, যত বিবিধ বৈচিত্র্যপূর্ণ কার্যক্রমণিকাই প্রদান কৰিছে এক সুকীয়া বর্ণ গৌৰৱ ৷ এয়া অসমীয়া জাতীয় জীৱনৰো স্বকীয় বৈশিষ্ট্য ৷

বিবাহৰ লগত ওতপ্রোতভাৱে সংযুক্ত হৈ আছে হিয়া উবুৰিয়াই গোৱা সুৰীয়া বিয়ানামবোৰ৷ বিয়া এখনৰ অবিচ্ছেদ্য অংশ হিচাপে বিয়ানামৰ গুৰুত্ব অপৰিসীম ৷ লোকমনৰ সৰল অভিব্যক্তি প্রকাশক বিয়ানামবোৰে বিয়া এখনৰ বিচিত্র কার্যক্রমণিকাক বর্ণময় ফুলৰ পাপৰিৰ দৰে জাতিষ্কাৰ কৰি তোলে ৷ সেয়ে লৌকিক পৰম্পৰাৰে সমৃদ্ধ বিয়ানামসমূহ অসমীয়া জাতীয় ঐতিহ্যৰো দলিলস্বৰূপ ৷ বিয়ানাম নাৰী হূদয়ৰ সুকোমল অভিব্যক্তি ৷ বিষাদ–মধুৰ বেদনাৰ অনুপম শৈলী এই বিয়ানামসমূহ কেৱল নাৰীৰেই সৃষ্ট ৷ নাৰী হূদয়ৰ কৰুণ কোমল মমতাসিক্ত হূদয়ৰ প্রতিচ্ছবি এই বিয়ানামসমূহত প্রতিফলিত হৈছে নাৰীৰ বিচিত্র আৰু বিস্তৃত মনোভাব ৷

নাৰী মনৰ স্বাভাৱিক প্রকাশ এই বিয়ানামসমূহ ৷ অতীজৰে পৰা পৰম্পৰাগতভাৱে নদীৰ সোঁতৰ দৰে প্রৱাহিত হৈ আহিছে বিয়ানামৰ ফল্গুধাৰা ৷ বিয়ানামসমূহৰ সুৰৰ সাংগীতিক ব্যঞ্জনাই সহজেই শুনোতাৰ হূদয় আকর্ষিত কৰে ৷ সুৰ–শব্দ–ছন্দ আৰু উপমাৰ সংমিশ্রণত নাৰী হূদয়ৰ পৰা স্বতঃস্ফূর্তভাৱে নিগৰি অহা বিয়ানামসমূহ সঁচাকৈয়ে অনুপম আৰু অনন্য৷ বিয়া ঘৰখনৰ প্রতিটো পল, প্রতিটো ক্ষণ জীপাল কৰি তোলে বিয়ানামে ৷ উছাহ আৰু অনুৰাগে তজবজীয়া কৰে সকলোৰে মন–প্রাণ ৷ সূক্ষ্ম সূক্ষ্ম অনুভূতিৰ সাক্ষী হৈ ৰয় ৰভাতল ৷ আয়তীসকলে বিয়া অনুষ্ঠানৰ প্রতিটো পর্বতে খাপ খোৱাকৈ ৰচা বিয়ানামসমূহে তেওঁলোকৰ অনন্য সৃজনী প্রতিভাৰ পৰিচয় দিয়ে ৷ বিয়া শব্দটোৰ লগত জডিত হৈ আছে কাৰুণ্য ৷ ছোৱালী হৈছে আমাৰ সমাজত জিৰণীয়া মৌ, শিমলু তুলা ৷ বিয়া এখনৰ প্রতিটো মুহূর্তই গীত ৷ প্রাঞ্জল ভাষাৰে, জডতাহীন কণ্ঠৰে, সাধাৰণ শব্দ উপমাৰে তৎমুহূর্ততে ৰচনা কৰি বিয়ানাম গোৱাৰ যি মাদকতা, সেয়া অসাধাৰণ আৰু অনন্য ৷ নাৰী মনত সুপ্ত হৈ থকা অনেক কল্পনা লোক–সমাজলৈ যেন বিয়ানামসমূহৰ জৰিয়তে গাগৰি উজাৰি বাগৰি যায় ৷

সাংসৃক্তিক পৰম্পৰা হিচাপে জোৰণৰে বিবাহকার্যৰ শুভাৰম্ভ হয় ৷ বিয়ানামৰ ফল্গুধাৰাও আৰম্ভ হয় জোৰণ অনুষ্ঠানৰ পৰাই৷ জোৰণ বিয়া এখনৰ প্রথম মাংগলিক অনুষ্ঠান ৷ জোৰণ আহি কইনাঘৰৰ পদূলি পাওঁতে কইনাৰ মাকে শৰাইত তামোল–পাণ, ধূপ–ধূনা, সুগন্ধিৰে ফুলাম গামোচাৰে বা–দি আদৰি আনে৷ উৰুলি জোকাৰ দি আয়তীসকলে কইনা উলিয়াই আনিবলৈ গায় :

অ’মন তৰা

জোৰণ আহিছে অযোধ্যাৰ পৰা ৷

কইনাক জোৰণ পিন্ধাই অনুষ্ঠানটি সমাধা কৰাত সকলোৱে সহায় কৰে৷ তাৰো আগতে দৰাই কইনালৈ কি কি পঠিয়াইছে সেই এটা চিন্তনীয় বিষয়৷ আৰু তাতকৈয়ো চিন্তনীয় হল, জোৰণ পিন্ধাবলৈ কি কি নিব৷ বিয়ানামতে আছে :

খাৰু–মণি কুণ্ডল লোৱা সাতেসৰী

তেল–সেন্দূৰ–ফণী লোৱা শৰাইখনি ভৰি৷

পাটৰ, মুগাৰ, সূতাৰ কাপোৰ আৰু মেজাংকৰি,

ভাৰখনি সজাই লোৱা অতি যতন কৰি৷

পেৰা ভৰাই আনি লোৱা বিচিত্র বসন,

তামোল–কটাৰী লোৱা সুগন্ধি চন্দন৷

তামৰে কলসী লোৱা ৰূপৰ আমদালি,

মাহে হালধি লোৱা টোপোলাতে বান্ধি৷

দ্বাৰকাৰ নৰ–নাৰী জোৰণ লৈয়া যোৱা,

কৃষ্ণৰ অলংকাৰ আজি ৰুক্মিণীক পিন্ধোৱা৷

কইনাক উদ্দেশ্যি আয়তীসকলে গায় :

মাৰাৰ অলংকাৰ খুলি থৈয়ে দিয়া,

দেউতাৰাৰ অলংকাৰ থোৱাহে৷

ৰামে দি পঠাইছে সুবর্ণ অলংকাৰ,

হাতে যোৰে কৰি লোৱাহে৷

সৌন্দর্যৰ প্রতীক সেন্দূৰ নাৰীৰ শিৰৰ ভূষণ ৷ দৰাৰ মাকে কইনাৰ শিৰত সেন্দূৰ পিন্ধায় ৷ সেন্দূৰৰ ফোঁট দি আ–লংকাৰ পিন্ধায় ৷

আজি আইদেউৰ জীৱনৰে

সৌভাগ্যৰ দিন

শিৰত সেন্দূৰ ল’লা তুমি

সৌভাগ্যৰে চিন ৷

হিন্দু ধর্মৰ নাৰীয়ে শিৰত সেন্দূৰ লোৱাটো বাধ্যতামূলক ৷ ই অসমীয়া সংসৃক্তিৰো প্রতীক ৷ সেইদৰে সেন্দূৰ শক্তি আৰু সামর্থ্যৰো প্রতীক ৷ সেন্দূৰে নাৰীৰ মানসিক দৃতাও বঢ়ায়৷

কইনাক জোৰণত অনা বস্তু পিন্ধাই এটা সময়ত শেষ হয়৷ আয়তীসকলৰ নাম কিন্তু শেষেই নহয় :

লোৱা তামোল কটাৰী,

আজিৰ পৰা হলা আইদেউ লোকৰ ঘৰৰ বোৱাৰী ৷

পৰম্পৰাগত লোকাচাৰ আৰু ধর্মীয় পৰিৱেশত সৃষ্টি হোৱা বিয়ানামসমূহত দৰাক বিষ্ণু, ৰামচন্দ্র অথবা শিৱ ৰূপে গণ্য কৰা হয়৷ পুৰাণ, মহাভাৰত, ৰামায়ণৰ চৰিত্রসমূহ যেতিয়া আত্মীয় ৰূপত আৰোপিত হয়, তেতিয়া শ্রোতাসকল আপোনা–আপুনি এখন কাল্পনিক জগতলৈ গুচি যায় ৷ আনহাতে কইনাক ৰুক্মিণী, জানকী, পার্বতী আদি ৰূপত, মাকক দৈৱকীৰ ৰূপত কল্পনা কৰি বিয়ানামসমূহ ৰচা হয় ৷ মর্ত্যতে সৰগ ৰচনা হয় : যেতিয়া বিয়ানামসমূহত কৃষ্ণ–ৰুক্মিণী, হৰ–গৌৰী, অর্জুন–সুভদ্রা, ৰাম–সীতা, ঊষা–নিৰুদ্ধ, বেউলা–লখীন্দৰ আদি দেৱ–দেৱতাক সম্বোধন কৰা হয় ৷

নাৰীসুলভ কোমলতা আৰু অনুভূতিপ্রৱণতাৰ বাবেই বিয়া এখনৰ ভিন ভিন অৱস্থাৰ গুৰুত্ব উপলব্ধি কৰি পর্যায়ক্রমে অনুষ্ঠিত হোৱা পর্বসমূহ সমাধা কৰিবলৈ নাৰীসকল তৎপৰ হৈ থকা দেখা যায় ৷ নামসমূহ তেওঁলোকৰ মুখত আখৈ ফুটাদি ফুটে ৷ বিয়ানাম গোৱাত কোন কিমান পার্গত তাতে ওলাই পৰে ৷ কইনাক জোৰণ পিন্ধাওঁতে গোৱা যোৰানাম এফাঁকি এনেধৰণৰ:

কলখোৱা বাদুলী কিনো আইদেউ আজলি,

কেমিকেলৰ নেক্লেচ্ডাল সোণৰ বুলি পিন্ধিলে ৷

কল খাই পেলালা কলৰে গুটি,

কাপোৰযোৰ আনিছে বাইদেউলৈ চুটি ৷

সেইযোৰ কাপোৰনো কেনেকৈ পিন্ধা,

ভিনদেউ আহিলে ওভোতাই দিবা ৷

সোণৰ চাকি শলা ৰূপৰে গছা,

ব্লাউজটো আনিছে গালৈকে নটা ৷

থৈ দে থৈ দে দুৱাৰৰ চুকত,

দৰাটো আহিলে মাৰিবি বুকত৷

এনেদৰে ৰং–ৰহইচ আৰু পৰম্পৰাগত ৰীতি–নীতিৰে কইনাক জোৰণ পিন্ধোৱা হয় ৷ জোৰণত দৰাৰ মাকে কইনাৰ মাকক সাৰ কাপোৰ এযোৰ আগববায়৷ দৰাৰ নোৱনি সাজ, ঘট–টেকেলি, মাহ–হালধি আৰু আনবোৰ বস্তুও আধা আধা ভাগ কৰি কইনাৰ হাতেৰে স্পর্শ কৰাই দৰাৰ ঘৰলৈ পঠিওৱা হয় ৷ দৰাৰ ঘৰৰ সকলো অতিথিকে কইনাই মান ধৰি সেৱা কৰে আৰু খোৱা–বোৱা কৰি উঠাৰ পিছত সন্মানসহকাৰে দৰাঘৰীয়াক বিদায় দিয়াৰ পিছতেই জোৰণ কার্যৰ সামৰণি পৰে৷

*****

দৰা বা কইনাক নোৱাবলৈ আয়তীসকলে ওচৰৰ নদী বা পুখুৰীৰ পৰা পানী তুলিবলৈ যাওঁতে বিয়ানামেৰে মুখৰ কৰি তোলে৷ পানী তুলিবলৈ যাওঁতে গায়ন–বায়ন আৰু ঢুলীয়াও যায়৷ এই বর্ণাঢ্য সমদলত শত শত বিয়ানামে আনন্দৰ বন্যা বোৱাই দিয়ে৷

                জয় কাষতে কলচী     জয় ওলোৱা দৈৱকী

                                জল ভৰা যমুনালৈ যাওঁ,

                জয় যমুনাৰে জলে                  জয় কৰে তলে বলে

                                জয় জানো কত বেলি পাওঁ ৷

                জয় দূৰৈকৈ পুখুৰী                  জয় খন্দালা ৰামচন্দ্র

                                জয় বন্ধালা সেন্দূৰী আলি ৷

জয় সেন্দূৰী আলিতে             জয় দৈয়ে খোজ কােে

                                জয় সেই ঘাটে তোলা ৰাম পানী৷

*****

ফুল চন্দন তুলসী

ভৰিল নে নভৰিল

ৰাধা তোমাৰ কলচী

ৰাধাই পানী তোলে, ফুল চন্দন তুলসী

কানায়ে দলিয়াই ফুল চন্দন তুলসী

ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী৷

তামোল–পাণ, টকা–সিকি জলকুঁৱৰীলৈ উছর্গা কৰি সেৱা জনায় ছুৰী কটাৰীৰে তিনিবাৰ পানী কাটে কইনাৰ মাকে ৷ তিনিবাৰ পেলাই শেষৰবাৰত ঘট পানীৰে সম্পূর্ণ কৰে৷ তেতিয়া আয়তী সবে নাম গায় এনেদৰে :

আকাশতে লি আছে থুপি থুপি তৰা

দৈৱকীয়ে পানী তোলে নাচে অপেচৰা ৷

ইপাৰৰে চাকনৈয়া সিপাৰৰে ঢৌ

তামৰে কলচী ৰাধা ভৰিল নে নৌ ৷

কইনা ঘৰৰ জোৰণৰ দিনা দৰা ঘৰৰ পৰা দি পঠিওৱা গাঠিয়ন খুন্দিবৰ পৰত আয়তীয়ে গায় :

উজনি ৰাজ্যৰ গন্ধে গাঠিয়নে

নামনি ৰাজ্যৰে পটা

সাতো আয়তীয়ে গাঠিয়ন খুন্দিছে

উৰুলি এজোলোকা দিয়া ৷

পানী তোলা পর্বটোত আয়তীসকলে খুব স্ফূর্তি কৰে৷ ঢোলৰ ছেৱে ছেৱে বিহু নাচে৷ থিতাতে ৰচনা কৰি গোৱা সুমধুৰ নামসমূহৰ উপৰি যোৰানামো গায় :

জয় কইনা, দৰাৰ মাক লেতেৰী

জয় নোধোৱে টেকেলি

অ’মন জৰী, পানী তুলিবলৈ নানিলা গাড়ী

নৈ হ’ল দূৰণি বাট হল ঘূৰণি

গোপিনীৰ নচলে ভৰি

অত ধন–সোণ কেলেই লাগিছে

বিয়ালৈ নানিলা গাড়ী ৷

বিয়া এখনৰ পানী তোলা পর্বটো বৰ মনোমোহা ৷ এই অনুষ্ঠানৰ বিয়ানামসমূহত প্রতিটো ক্ষণৰ জীৱন্ত ছবি ফুটি উঠে ৷

দৰা বা কইনাক নোৱাবলৈ আয়তীসকলে এইদৰে আহ্বান জনায় :

আহা আইদেউ বহাহি

গংগাজল আনিছোঁ শিৰ পাতি লোৱাহি৷

চালত পানী দিবা আহা আইদেউ বহাহি ।

ধাৰে নিছিঙিবা আহা আইদেউ বহাহি…

মঙল চাই টেকেলি থবাহে

আহা আইদেউ বহাহি

গংগাজল আনিছোঁ শিৰ পাতি লোৱাহি ৷

কইনাক নোৱাবলৈ সজোৱা বেইৰ চাৰিওফালে কইনাৰ মাকে কইনাজনীক তিনিবাৰ প্রদক্ষিণ কৰাব৷ বেইৰ মাজত থোৱা তামুলীপীৰা বা চামৰ পীৰাখনত কইনাক বহিবলৈ দি প্রথমে কইনাৰ মাকে কইনাৰ মূৰত তেল দিয়ে৷ আয়তীসকলে তেতিয়া গায় :

জয় মাকে পীৰা পাৰি

জয় ফুৰিছে বিচাৰি

জয় আইদেউ কেনিবা গ’লেহে ৷

জয় আইদেউ আছেগৈ

জয় কুণ্ডিল নগৰত

জয় ঘিলা খেলিবলৈ পায়হে ৷

এই ধৰণৰ ইমান সুন্দৰ ব্যঞ্জনাময় বর্ণনা বিয়ানামৰ বাহিৰে আৰু ক’তো পোৱা নাযায়হ্ল, যত মূর্ত হৈ উঠে নাৰী মনৰ ভাবগধুৰ অনুভূতি আৰু মমতাসিক্ত হূদয়ৰ প্রতিচ্ছবি ৷

বিয়াঘৰৰ মাংগলিক কার্যসমূহৰ ৰীতি–নীতিসমূহ দৰাঘৰ আৰু কইনাঘৰত একেই ৷ থিতাতে ৰচি বিয়ানাম গোৱা আয়তীসকলে তৎক্ষণাতে যোৰানামো জুৰিব পাৰে : পথাৰৰ পকাধা/নোৱতি মতা ডাং/নোৱাব নেজান কিয় ?/বোপাক নোৱাবলৈ বায়েক আহিছে/জেঠায়েক নাহিলনো কিয়/দিবলৈ আনিছে ফটাজাল এখি/ভিনীহিক বন্ধকত দিয/ক’লা বৰা ধানৰে লদা হৰি হৰি/ক’লা বৰা ধানৰ ল/দৰা নোৱাবলৈ নবৌৱেক আহিছে/যেন নামঘৰৰ ডবা ৷

কইনাক নোওৱা পর্ব শেষ হ’লে বেইৰ চাৰিওফালে এখন চেলেং চাদৰেৰে দুগৰাকী আত্মীয় মহিলাই কইনাক বেৰি ধৰে ৷ আয়তীয়ে বিয়ানাম গায় :  গা ধুই আইদেৱে মাকক সুধিে/ঐ ৰাম কি সাজ পিন্ধিব পায় হে/ছাতে শুকুৱা, মুঠিতে লুকুৱা/ঐ ৰাম সেই সাজ পিন্ধিব পায় হে/সেউতী নিপিন্ধো মালতীও নিপিন্ধে/নিপিন্ধো খৰিকাজাঁই হে/সাগৰৰ মাজতে আছে পাৰিজাত/সেই ফুল পিন্ধিব পাই হে ৷

কাপোৰ সলোৱাৰ পিছত পাঁচগৰাকী আয়তীয়ে দুনৰিৰ পৰা সকলোৱে কেইটামান চাউল হাতৰ মুঠিত লৈ কইনাৰ মূৰত ধৰে ৷

আগত দিয়া পাছত দিয়া পঞ্চ আয়তীয়ে

দুর্বা ঘাটৰ পানী আনি আইদেউৰ মূৰত দিয়ে,

কি ৰাম ৰাম আইদেউৰ মূৰত দিয়ে৷

এইদৰে বিয়াঘৰৰ প্রতিটো ক্ষণতে জাউৰিয়ে জাউৰিয়ে বিয়ানামেৰে ৰজনজনাই থাকে৷ কইনাক সজাবৰ সময়তো গায় :

অ’ মোৰ অমিয়া

কইনা সজাবলৈ নাহে সমনীয়া ৷

ড্রেছিং টেবুল আগত লৈ

পেইণ্ঢ কৰা অকলে

আজি কিয় ৰৈ আছা

লোকে সজাই দিবলে ৷

দিনটো বিয়াঘৰৰ অনেক ৰীতি পালন কৰি আলহী অতিথি খুৱাই–বুৱাই অটাওঁতে সন্ধিয়া লাগি ভাগে ৷ সন্ধিয়াৰ পিছত কইনাজনীক নোৱাই–ধুৱাই সজাবলৈ আৰম্ভ কৰা হয় ৷ মৰলৰ সন্মুখত কইনা সজাই থাকোঁতে গোৱা বিয়ানামসমূহ বৰ মনোমোহা :

অ’ মন তৰা

মালা গাঁঠা কইনা

পালেহি দৰা

                                                                                                                                                তুলিতে তলিচা         বহিছে ললিতা

                                শৰাই লৈ মেলিছে চুলি

দহো আঙুলিতে                       ৰত্ন লিছে

                                নেপুৰে ধৰিছে তুলি ৷

কঁকালত জিলিকে                  পাটৰে মেখেলা

                                গুণাই তিৰেবিৰে কৰে

আইদেউৰ মুখলৈ                   চাবকে নোৱাৰি

                                হীৰা কি মুকুতা জ্বলে ৷

বিয়াঘৰৰ নানানটা আনুষ্ঠানিকতাৰ পিছত বৰযাত্রী কইনাঘৰৰ পদূলিমুখত থিয় হয়হি ৷ সেই মুহূর্তত আকুল প্রতীক্ষাৰ মুহূর্ত ৷ আছে অনেক ৰীতি–নীতি, আছে অনেক বিয়ানামৰ সুমধুৰ সুৰ :

মেঘ বৰণ শ্যামতনু হাতে বংশী ধৰি

কলৰ তলত ৰৈয়া আছে মুকুন্দ মূৰাৰী ৷

ইফালে কইনাৰ কাষত বহি থকা আয়তীসকলে বিৰতিহীনভাৱে নাম গায়েই থাকে : বহল সাগৰ যেনেকৈ/দেউতাৰাৰ মৰম তেনেকৈ/দেউতাৰাক বাৰু এৰি থৈ/যাবা আইদেউ কেনেকৈ/কটাৰীখন হাতত লৈ/দেউতাই তামোল কাটি/ভাবি ভাবি দেউতা যে/অচেতন হৈ পৰি/বহল সাগৰ যেনেকৈ/মাৰাৰ মৰম তেনেকৈ/মাৰাক বাৰু এৰি থৈ/যাবা আইদেউ কেনেকৈ ?/মৰমৰ ভণ্ঢীয়ে মাৰাক বুজাব/জী তোলে দানলৈ পুত্র তোলে পুণ্যলৈ/তাকে ভাবি মা অ’ শান্তি আনা মনলৈ ৷

কইনা সজাওঁতে গোৱা যোৰানামবোৰে বিষাদত আক্রান্ত কইনাৰ লগতে আত্মীয়সকলৰ মনতো হাঁহিৰ খোৰাক জোগায় ৷

আইদেউক সজাবলৈ আহিছা হয়

গাটো দেখিয়েই লাগিছে ভয়

মুখতো দেখিছা মিচিকি হাঁহি

গোটেই গাতে দেখিছোঁ ভেঁকুলীৰ চাঁহি

খজুৱাই খজুৱাই কৰিলে ঘা

ছমাহ বছৰেকত নোধোৱে গা

চকুযোৰ দেখিছোঁ পোতা পুখুৰী

মুখখন দেখিছোঁ বোন্দা মেকুৰী

গালতো দেখিছো দ দ খাল

লুচি ভাজিবলৈ হবনে ভাল ৷

দৰাক হোমৰ গুৰিত বহুৱাই দিয়াৰ পিছত পুৰোহিতৰ নির্দেশ অনুযায়ী হোৱা বিবাহকার্য বৈদিক পদ্ধতিৰে সমাধা হয় ৷ তাতো বিয়ানাম জাউৰিয়ে জাউৰিয়ে গায় :

আমৰখৰি জাপি জাপি পাতি থৈছে হোম

মন্ত্র  পঢ়ি অগ্নি  পুৰোহিত বামুণ ৷

কইনাক হোমৰ গুৰিলৈ উলিয়াই নিওঁতে গায়  :

হাতত পুষ্পৰ মালা সখীসৱ লৈয়া

স্বামী বৰিবলৈ যায় ভীষ্মকৰ কন্যা ৷

গৈ পাবা হোমৰ সভা বহি পাবা বৰ

কৃষ্ণ হেন স্বামীপাবা চিন্তানো কিহৰ৷

ৰভাতলীত দৰাঘৰৰ নামতী আৰু কইনাঘৰৰ নামতীৰ মাজত চলে যোৰা নামৰ প্রতিযোগিতাও৷ কইনাঘৰীয়া নামতীয়ে গায় :

অ’ পকা থেকেৰা

দৰাটো আহিছে কিনো চাবা চেহেৰা

তেল পেৰিবৰে পোলা হৰি হৰি

তেল পেৰিবৰে পোলা

আমাৰে আইদেউ অতিকৈ ধুনীয়া

দৰাটো এলান্ধু কলা

অ মন ৰাচ

দৰাঘৰৰ নামতী

চেঙেলী মাছ

জঁপিয়াই জঁপিয়াই

খাললৈ যায়

কণা মুচৰিয়ে ধৰি ধৰি খায়

কাঁহী–বাটি জাপ জাপ

দৰাঘৰৰ নামতীৰ

মুখে কৰে কাপ্ কাপ্ ৷

দৰাঘৰীয়া নামতী ৰৈ থাকিবনে আয়তীসকলৰ মুখেৰে আখৈ ফুটাদি ফুটে :

টেবুলতে তাচপাত কইনাঘৰৰ নামতী মুখ নহয় কচুপাত

ওচৰ চাপি নাহিব খজুৱাব আমাৰ গাত৷

কাঁহী–বাটি দম দ কইনাঘৰৰ নামতীক

গোবৰতে পুতি থম৷

শিৱসাগৰ নাজিৰ কইনাধৰা মানুহজনীৰ, কেইটকা হাজিৰা ৷

লাহে লাহে যোৰানামৰ চোক কমি আহে৷ নামতীয়ে ক্ষমা খোজে নামেৰেই :

আমডালি গাঁঠিলোঁ, দর্জাই দর্জাই আঁৰিলোঁ

কোনেও বেয়া নাপাবাদেই ধেমালিহে কৰিলোঁ ৷

লাহে লাহে বিয়াৰ অন্তিম মুহূর্ত আৰম্ভ হয়৷ সলনি হয় বিয়ানামৰ বিষয়বস্তু ৷ হাঁহি–স্ফূর্তিৰ পৰিৱেশ ম্লান পৰি আহে ৷ আয়তীসকলৰ বুকু ভেদি যোৱা বিয়ানামসমূহে সকলোৰে চকু সেমেকাই তোলে৷ কইনাজনী চিৰদিনৰ বাবে নতুন ঘৰখনলৈ যোৱাৰ সময় সমাগত৷ আয়তীসকলৰ নামে পৰিৱেশটো আৰু গধুৰ কৰি তোলে :

হাত ত পাণ বঁটা লৈ, মাৰাক মাতাগৈ

মৰমৰ মা অ , যাবলৈ ওলালো

যাবৰে সময়ত, সেৱাহে জনালোঁ ৷

ডঙ্ম প্রফুল্ল দত্ত গোস্বামীৰ মত অনুসৰি উল্লেখ কৰিব পাৰি : The namatis genious is revealed most when she has to give expression to the atmosphere of sadness that prevails when the dear girl is to be parted with and taken away.’

হাঁহি আৰু চকুলো জীৱনৰ চিৰলগৰী ৷ সুখ–দুখৰ মাজেৰেই চলে জীৱনৰ ৰথ ৷ সেয়েহে একেটা মুদ্রাৰ ইপিঠি–সিপিঠিৰ দৰে হঁাহি আৰু কান্দোনৰ চিৰপৰিচিত নামসমূহ নামতীৰ প্রাণৰ পৰা নিগৰি নিগৰি বৈ আহে :

এঙনি জেঙনি                        তিনি ফেৰেঙনি

                                মাণিক থোপাথুপি ফুলে

হৰলৈ গৌৰীক                       নিদিওঁ নুবুলিবা

                                সৃষ্টি বাঢ়িব লাগে ৷

বিয়ানামৰ ৰচয়িতাসকলে জীৱন আৰু জগত সম্পর্কত যি অভিজ্ঞতা আহৰণ কৰিছে সেয়াই অর্থপূর্ণ কবিত্ব শক্তিলৈ ৰূপান্তৰ হৈছে ৷ বিয়ানামসমূহত এফালেদি প্রকাশ হৈছে নাৰী মনৰ গভীৰ উপলব্ধি আৰু আনহাতেদি আৱেগ–নুভূতিৰ অকৃত্রিম প্রকাশ৷ অসমীয়া নাৰীৰ হিয়াৰ অন্তর্তলীৰ পৰা সৃষ্টি হোৱা মোহনীয় বিয়ানামসমূহ অসমীয়া গীতি সাহিত্যৰো অমূল্য সম্পদ ৷

ফোন : ৯১০১৪-৩৯৭৮৩

You might also like
Leave A Reply

Your email address will not be published.