নাৰী দিৱস আৰু অলপ আশা

পৰমজিৎ পাপলী কৌৰ

নতুন যুগৰ স্রষ্টা নাৰী, সৃষ্টিৰ মূলতে নাৰী৷ মমতাময়ী, মহিমাময়ী, মানৱদৰদী নাৰীৰ পৰিচয়ে সুকীয়া ৷ নাৰীয়ে অতীজৰে পৰা বিভিন্ন কার্যৰ দ্বাৰা ইতিহাসৰ পাতত নিজৰ সুকীয়া চাপ বহুৱাই আহিছে ৷ বৈদিক যুগত নাৰীয়ে শিক্ষাৰ ক্ষেত্রত বা আন কিছুমান অধিকাৰৰ ক্ষেত্রতো পুৰুষৰ লগত সমানে আগবাঢ়িব পাৰিছিল ৷ আনহে নালাগে মহিলাসকলে উপযুক্ত বয়সত বিবাহত বহাৰ লগতে নিজৰ পছন্দ অনুসৰি স্বামী নির্বাচন কৰাৰ ক্ষেত্রতো স্বাধীনতা পাইছিল, নহলে জানো সেই সময়ত সয়ম্বৰ প্রথাৰ প্রচলন থাকিল হয় যি সমাজত নাৰী জাতিক সন্মান কৰা হয়, সেই সমাজে জনচক্ষুৰ আগত এক সুকীয়া স্থান অধিকাৰ কৰে ৷ কিন্তু পাছৰ সময়ত বাল্য বিবাহ, সতীদাহ প্রথা, স্ত্রী শিক্ষাত বাধা, স্ত্রীক মুকলি জীৱন যাপনত বাধা আদিবোৰ সমস্যাই গা কৰি উঠে৷ তথাপি জানো প্রকৃত মানসিক শক্তি, উদ্যমক হেঁচা প্রয়োগ কৰি মাৰিব পাৰি বহুতৰ মতে ৰান্ধনি ঘৰত ভাত ৰন্ধা আৰু সন্তান জন্ম দিয়াৰ একমাত্র আহিলা হিচাপে বিবেচিত এই নাৰীয়ে কিন্তু সাধন কৰি দেখুৱায় বহুত অসাধ্য ৷ বহু দূৰলৈ নাযাওঁ, আমাৰ দেশৰ নাৰীয়েই বিশ্ব দৰবাৰত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হৈ আহিছে ৷ ১৮৫২ চনত সাৱিত্রী বাই ফুলেই সমাজত অস্পৃশ্য বুলি ভবা ছোৱালীবিলাকৰ বাবে এখন মহিলা বিদ্যালয় স্থাপন কৰে ৷ তেওঁ প্রথম মহিলা বিদ্যালয়ৰ প্রথম মহিলা শিক্ষয়িত্রী হিচাপেও পৰিচিত আছিল ৷ যেতিয়া আমাৰ দেশত ব্রিটিছ শাসন বিৰাজ কৰিছিল, সেই সময়তেই তেওঁ মহিলাৰ উন্নতিৰ হকে এনে পদক্ষেপ গ্রহণ কৰিছিল ৷ ৰাণী লক্ষ্মীবাই, দস্যুৰাণী ফুলন দেৱী, স্বামীৰ জীৱন ৰক্ষার্থে প্রাণ আহুতি দিয়া সতী জয়মতী, দেশৰ বাবে জীৱন ত্যাগ কৰা কনকলতা, সৰোজিনী নাইডু তথা বিজ্ঞান, ৰাজনীতি, কলা–সংসৃক্তি, মনোৰঞ্জন, খেল জগত, সাহিত্য চর্চাৰ লগতে নিজৰ ঘৰ–সংসাৰ পৰিয়াল সুচাৰু ৰূপে পৰিচালনা কৰি দেশক বীৰ সন্তান উপহাৰ দিয়া সকলো নাৰীকে আমি নতুন যুগৰ স্রষ্টা বুলি স্বীকাৰ কৰিব লাগিব ৷ কাৰণ এইসকলৰ অহোপুৰুষার্থ, চেষ্টা, ত্যাগ, অধ্যৱসায়ৰ ফলতে আমি মুকলিমূৰীয়া জীৱনটো উদ্যাপন কৰাৰ সুবিধা পাইছেছা ৷ নতুন যুগৰ নাৰী বুলিলেই আমাৰ বহুতৰে হয়তো ভাব হয় নৱপ্রজন্মৰ নাৰীৰ কথা ৷ যিয়ে আধুনিক পোছাক পৰিধান কৰি ন ন উপায়েৰে শাৰীৰিক সৌন্দর্য বৃদ্ধি কৰি বিলাসী বাহন এখন চলাই ওলাই গৈছে তথা ইংৰাজীত অলপ কথা পাতিছে ৷ কিন্তু ই সম্পূর্ণ ভুল ধাৰণা, নতুন নাৰী প্রকৃততে সেইসকলহে যিসকলৰ মনত সমাজৰ প্রতি, দেশৰ প্রতি, চুবুৰিৰ আন দহজনৰ প্রতি কিবা এটা নতুন কৰাৰ হেঁপাহ আছে ৷ নিজৰ জীৱনটো মাত্র নিজৰ বাবেই উপভোগ্য কৰি তোলাতকৈ আনজনৰ বাবে প্রয়োজনীয় কৰি তোলাটোহে নতুন নাৰীৰ লক্ষ্য হব লাগে ৷ আমাৰ দ্বাৰা যাতে আনৰ অপকাৰ নহয় উপকাৰহে সাধন হয়, তেনে ভাব নতুন নাৰীয়ে পোষণ কৰিব লাগে, আনৰ মুক্তিৰ পথ হব লাগে নতুন নাৰী ৷ সেই ফালৰ পৰা বিচাৰ কৰি চালে দেখা যায় যে বৈদিক যুগ, মধ্য যুগ, আধুনিক যুগ আদি সকলো সময়ৰ নাৰীকে নতুন নাৰী বোলাৰ স্থল আছে ৷ যিয়ে নিজৰ জীৱন দেশৰ কাৰণে, দহৰ কাৰণে আহুতি দিছে ৷ আহক আমি সকলো নতুন নাৰী হোৱাৰ পথত অগ্রসৰ হওঁ ৷ নাৰীৰ প্রকৃত সৌন্দর্য, শক্তি, উদ্যম, মানৱীয়তা  বিকশিত হওক ৷ বিশ্ব দৰবাৰত জিলিকক নাৰীৰ গুণ–গৰিমা ৷

সেই লক্ষ্যৰেই নাৰীক সঠিক মর্যাদা, সঠিক অধিকাৰ আৰু সুৰক্ষা প্রদানৰ প্রক্রিয়াক স্বীকৃতি প্রদান কৰাৰ লক্ষ্য ৰাখিয়েই পালন কৰি অহা হৈছে আন্তর্জাতিক নাৰী দিৱস ৷ ১৯০৯ চনত নিউয়র্কত নাৰী মুক্তি আন্দোলনে পোষা মেলে, পাছত ১৯১৪ চনৰ ৮ মার্চতহে বিশ্বজুৰি এই আন্দোলনে প্রাণ পায় উঠে ৷ নাৰী শ্রমৰ উচিত মর্যাদাৰ দাবী, উচিত মজুৰিৰ দাবী, সঠিক অধিকাৰ প্রাপ্যৰ দাবীৰ ভাবনা নিহিত ৰাখি এচাম সংগ্রামী নাৰী ওলাই আহিছিল ৷ অৱশেষত ১৯৭৫ চনত এই দিৱসে আন্তর্জাতিক মর্যাদা লাভ কৰিছিল ৷ এক কথাত কবলৈ গলে নাৰীক উচিত আৰু সঠিক নাগৰিকত্ব প্রদানৰ দাবী আছিল এয়া ৷ চাকৰি, মাতৃত্বৰ দায়িত্ব, সমাজৰ সকলো সৰু–বৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি যোৱা মমতাময়ী নাৰীয়ে নিশ্চয় সামাজিক, সন্মান পোৱা দৰকাৰ ৷ কিন্তু এই পদক্ষেপ বা কামবোৰ যদিহে চৰকাৰী কাগজে–পত্রই বা কোনো এটা বিশেষ দিনতেই সীমাবদ্ধ থাকে তেনেহলে কোনো বিশেষ সুফল পোৱা নাযায় ৷ ১৯০৯ৰ পৰা ২০২৩ চনলৈ দীঘলীয়া এক যাত্রা, কি পৰিৱর্তন হোৱা নাই এই সময়ছোৱাৰ ভিতৰত শিক্ষিতৰ হাৰ বাঢ়িছে, বিজ্ঞান–প্রযুক্তিয়ে চৌদিশে দপ্দপাইছে, সামাজিক আচাৰ–ব্যৱহাৰ নিয়ম–কৰণো পৰিৱর্তনৰ ঢৌত বদলি হল, তথাপিও যেন অতীতৰ সমাজ ব্যৱস্থাটোৰ কথা ককা–আইতা, জ্যেষ্ঠজনৰ মুখৰ পৰা শুনি অথবা কাগজে–পত্রই পঢ়িলে অনুমান হয় যেন এচামে নাৰীৰ প্রতি যি এক বদ মানসিকতা পোষণ কৰি ৰাখিছিল, সেয়া যেন বৰ বিশেষ ৰূপে সলনি নহল ৷ কিছুমানৰ বাবে নাৰী আজিও পণ্য বা উপভোগৰ সামগ্রী হৈয়ে থাকিল ৷ অতীতত এচাম পুৰুষে নাৰী পুৰুষতকৈ আগবাঢ়ি যোৱাটো সহ্য কৰিব পৰা নাছিল, যিটো আজিও প্রায়বোৰ ক্ষেত্রতে মাজে–সময়ে পৰিলক্ষিত হয়৷ কোনো প্রতিষ্ঠানত উচ্চ পদত যদি এগৰাকী নাৰী অধিষ্ঠিত হয় তেনেহলে সেই নাৰীগৰাকীৰ অধীনত কাম কৰিব লগা হলে এচাম বদ্ মানসিকতাৰ পুৰুষে নাৰীগৰাকীৰ নানা ধৰণৰ অনিষ্ট সাধনৰ চেষ্টা কৰাও দেখা যায়, যাতে সেই পদৰ পৰা তেওঁ অব্যাহতি লয় ৷ আনহে নালাগে যুৱতী–মহিলাই গাড়ী–মটৰ চলালে লগত বহি যাবলৈও হীনমন্যতাত ভোগে, পুৰুষ জাতিটোৰ কিছুসংখ্যকে৷ কুমাৰী পূজা, দেৱী পূজা আমাৰ সমাজত বর্তমানো প্রচলিত হৈ আছে ৷  নাৰীৰ আগত ভদ্র, অমায়িকভাৱে কথা এষাৰ পাতিলেও নিজৰ পুৰুষত্ব যোৱা বুলি ভবাজনেও কিন্তু দেৱীৰ চৰণ স্পর্শ কৰি কোনো নিসিজা কাম সমাধা কৰাৰ বাবে আশিস বিচাৰে ৷ এনে ধৰণৰ কিছুমানেই আকৌ পিছমুহূর্ততেই ফুল কুমলীয়া নাবালিকা নাইবা বুঢ়ী আইজনীকো নিজৰ কামনাৰ বলি সজাবলৈ কুণ্ঠিত নহয় ৷ আনহাতে পাৰিবাৰিক ক্ষেত্রতো দেখা যায় যে পত্নী যদি উচ্চশিক্ষিতা বা ভাল চাকৰিয়াল তেনেহলে পতি হীনমন্যতাত ভোগে৷ যদি সকলো দিশে এনেবোৰ মানসিকতাই বিৰাজ কৰে তেনেহলে জানো বছৰৰ এটা দিন আন্তর্জাতিক নাৰী দিৱস হিচাপে পালন কৰি কিবা লাভ আছে যিসকল পুৰুষে নাৰীৰ উন্নতিত গৌৰৱান্বিত হয়, মাতৃ–ভগ্নী , পত্নীৰ মর্যাদা অনুভৱ কৰিব পাৰে, সেইসকলে সদায় নাৰী দিৱসৰ অনুভূতিক, ভাৱনাক জাগ্রত কৰি সজাগ হৈ থকাটো দৰকাৰ, যাতে সমাজৰ কলুষিত মানসিকতাৰ গৰাকীৰ উচিত শাস্তি দিব পৰাত সহায়ক হয় ৷ এইক্ষেত্রত নাৰীসকলো সদায় সজাগ, সচেতন আৰু সক্রিয় হৈ থকাটো দৰকাৰ ৷ যি সমাজত নাৰীক সু–মর্যাদা দিয়া হয়, সেই সমাজ সুস্থৰূপে পৰিচালিত হয় ৷ শেষত সকলো মমতাময়ী, মহীয়সী, গৰীয়সী নাৰীলৈ নাৰী দিৱসৰ শুভকামনা ৷

ফোন ঃ ৮৬৩৮১-৯৪১৫০

You might also like
Leave A Reply

Your email address will not be published.