ফাৰনাজ নার্গিছ কৰিম
হাতৰ মুঠিতেই পৃথিৱীখন৷ এৰা, হাত–ভৰি নোহোৱা হোৱা মানে আপোনাক মোক আবদ্ধ কৰি ৰখা মবাইলটোৰ কথা কৈছোঁ ৷ যাৰ অবিহনে খোৱা–লোৱা, চলা–ফিৰা বা বেছিভাগ কামেই নচলা হৈছে ৷ ভাবিব নোৱাৰাকৈয়ে আমি পাৰ কৰি পেলাওঁ ঘণ্টাৰ পিছত ঘণ্টা, মিনিটৰ পিছত মিনিট, মবাইলটোৰ লগত৷ ভাল–বেয়া, সুবিধা–সুবিধাৰ কথা নকলোঁৱেই যেনিবা ৷ সলনি হোৱা সময়ৰ তাগিদাত সলনি হব ধৰিছে অভ্যাসবোৰো ৷ হোৱাটছএপ, ফেচবুক, ইনষ্টাগ্রাম, ৰীলছ আৰু কত যে কি ! ফেচবুক ষ্টৰী, হোৱাটএছ ষ্টেটাছ ৷ কতো আহৰি নাই ৷ আকাশৰ নীলা, জোনবাই ধুনীয়া, জোনাকী মেলৰ ভাগ লোৱা মানুহৰ সংখ্যা তাকৰ হল ৷ মনৰ ভঁৰাল উদং ৷ তথাপি মানুহ আৰু যন্ত্রৰ মাজৰ পার্থক্য হেৰাব নিদিয়া কিছুমান মানুহ ৰৈ গল ৷
স্নেপশ্বট এক
ছোৱালীজনীৰ অন্তৰখন বৰ কোমল ৷ ভালপোৱাৰ বাহিৰে একোৰে প্রয়োজনবোধ নকৰে ৷ তাইৰ নম্বৰত থকা, সমবয়সীয়া অথবা তাইতকৈ দুই–এবছৰ ডাঙৰ অৰুন্ধতীৰ প্রায়ভাগ হোৱাটছএপ ষ্টেটাছত তাই খুব সুন্দৰ ৰিপ্লাই দিয়ে ৷ মানুহ ভাল পাব জনা মানুহে, মানুহক ভাল লগা প্রত্যুত্তৰ, ফটোৰ ৰিপ্লাই অথবা অভিনন্দন জনাব পাৰে, জনাব জানে ৷ ঠেক মনৰ মানুহবোৰে নোৱাৰে ৷ সৰল ছোৱালীজনীৰ অকৃত্রিম প্রত্যুত্তৰত অৰুন্ধতীয়ে এটা স্মাইলী দি সামৰণি মাৰে ৷ যেনে তুমি ভালে আছা অথবা তহঁতৰ ভালনে বুলি সুধিলে টকা–পইচাহে খৰচ হব ৷ আনকি সহজ–সৰল ছোৱালীজনীক নিজৰ ফালৰ পৰা কাহানিও ভালে থাক বুলি মেছেজ এটা নিদিয়ে ৷ তৰা চাই খিৰিকীমুখত বহি ভালপোৱা ছোৱালীজনীয়ে আজিকালি মানুহক সমানেই মেছেজ, শুভেচ্ছা যাচিবলৈ মন নকৰা হল ৷ ভাল হোৱাৰো যে এটা সীমা থাকে, সেই কথা আদিতেই ভবাই নাছিল ৷
স্নেপশ্বট দুই
কাইলৈ দেওবাৰ ৷ দেওবাৰ বুলিলেই কিবা এটা ভাল লাগি থাকে ৷ ঠিক যেন পগলা প্রেমিক ৷ ঠিক পাগলাদিয়াৰ ঢৌ ৷ সপ্তাহৰ ছয়টা দিন কাম কৰাৰ পিছত এদিনৰ বিৰতি ৷ আজি তিনি দিন মান আগতে ভগদত্তই ৰাধিকাৰ সম্পর্কীয় দদায়েকজনে ফোন কৰিছিল, তেওঁৰ লৰাটোৰ অন্নপ্রাসনৰ নিমন্ত্রণ দিবলৈ ৰাস্তাত আহি থাকোঁতে কলটো মিছ হল ৷ ৰাধিকা ঘৰ সোমায়েই কলবেক কৰিলে, সি খুব আর্টিফিচিয়েল হৈ কলে কাইলৈ আহিবি, এইটো নম্বৰৰ পৰা গৃহিণীয়ে ফোন কৰিছিল ৷ লগ পাম দে বুলি সি এনেদৰে ফোনটো থৈ দিলে যেন কর্তব্যৰ খাতিৰত ফোনটো কৰি এটা অপ্রয়োজনীয় ফোন থৈ দিলে ৷ ৰাধিকা দুচকু নজনাকৈয়ে ভৰি পৰিল ৷ নামাতিলেও হয় দেখোন, কিয় নিমন্ত্রণ কৰিব লাগে দাদাই ৷ মই ভালে আছোঁনে নাই বুলি এবাৰলৈও নুসুধিলে, আৰু বৌৱেকজনী তেওঁ কি ইমান ব্যস্ত ফোনৰ সিটোপাৰে মাত এষাৰো লগাব নোৱাৰিলে এটা মেছেজ তাকো সম্ভৱ নহল আজি তাইৰ নিজৰ ককায়েক জীয়াই থখা হলে জানো এনে কৰিলেহেঁতেন তাইৰ নিজৰ ককায়েকে চৌবিবশ ঘণ্টাত পঁচিশবাৰ ফোন কৰিলেহেঁতেন, প্রতিবাৰতেই সি সুধিলেহেঁতেন কিবা খালিনে পূজা সংখ্যাৰ লিখাবোৰ লিখিলিনে তাই নগল ৷ সম্পর্কীয় দদায়েকৰ সন্তানৰ অন্নপ্রাসন খাবলৈ তাই মুঠেও নগল ৷ ডিজিটেল যুগত নিমন্ত্রণৰ এক নূ্যনতম ব্যৱহাৰ নজনা মানুহৰ ঘৰলৈ তাই নগলেও চলি যাব ৷ মাথোঁ সিহঁতৰ সন্তানটি সদায় ভালে থাকক, এয়াই আছিল তাইৰ প্রার্থনা ৷
স্নেপশ্বট তিনি
হোৱাটছএপ ষ্টেটাছত আজিকালি সকলোৱে নহলেও বেছিভাগেই নিজৰ ফটো, বিয়া–সবাহ ইত্যাদি আপডেট দিয়ে৷ সুকন্যাই তাইৰ প্রায়ভাগ বান্ধৱীৰ ষ্টেটাছত ৰিয়েকচন দিয়াৰ লগতে ভাল–বেয়াৰ খবৰ লয় ৷ সুকন্যাও আনবোৰ মানুহৰ দৰেই ব্যস্ত ৷ তাইৰো হাতত মাথোঁ চৌবিবশ ঘণ্টা সময়েই, আনবোৰৰ দৰেই ৷ তথাপি তাই মানুহৰ খবৰ লোৱাত কোনোদিন কৃপণালি নকৰে ৷ চাকৰিয়াল সুকন্যাই এটা সময়ৰ তাইৰ অন্যতম সখীক খবৰ সুধিলেই স্মাইলী দি ৰিপ্লাই দি থয় ৷ লাহে লাহে সুকন্যায়ো ভালে আছ বা ভালে থাক সুধিবলৈ এৰিলে ৷
দিনবোৰ উৰি উৰি গৈছে ৷ ডিজিটেল সময়ে কাকো এক মিনিট সময় বেছি দিয়া নাই ৷ তাৰ মাজতো সময় উলিয়াই আপোনাৰ ভালনে, তুমি ঠিক আছাতো অথবা কিবা দৰকাৰ হলে ফোন কৰিবি বুলি কোৱা মানুহবোৰৰ আন্তৰিকতাৰ তুলনা নাই ৷ জীৱনবোৰ সহজ আৰু সুন্দৰ হওক ৷ Sharing is good and with digital technology, sharing is easy.’
Comments are closed, but trackbacks and pingbacks are open.