ৰিমঝিম বৰঠাকুৰ
বাকচৰ চাবিকোছা বিচাৰি আছোঁ, পোৱা নাই কত বা থলোঁ ৷ অলপ সময়ৰ আগতেতো ইয়াতেই থৈ গৈছিলেঁ ! এই সৰু কথাটোকে পাহৰিব লাগেে ! ছেহ, বৰ বেয়া কথা হল ৷ কেইদিনমানৰ আগতে বিয়া পতা কাষৰ ঘৰৰ লৰাটোৱে কইনাজনী ফুৰাবলৈ আনি গামোচা এখন আৰু ধুতি এখন দি সেৱা এটা কৰিলে ৷ মই বাৰু ন–দম্পতীহালক আশীর্বাদ এটা দিলোঁৱেই, তথাপিও ন–ছোৱালীজনীক কিবা এটা নিদিলে বৰ বেয়া লাগিব ৷ মিনতিক আগতে দেখিছোঁ নহয়, কোনোবা ন–দম্পতী আহিব বুলি শুনিলেই কিবা এটাৰ দিবলৈ যোগাৰ ৰাখেই দেখোন ৷ কোনোবা হঠাতে আহি ওলালেও মিনতিয়ে এহটো বাকচ খুঁচৰিয়ে কিবা এটা উলিয়াই থয় ৷ কেতিয়াবা আকৌ আগতীয়াকৈ খবৰ দিয়াসকলৰ বাবে মোৰ হতুৱাই হাটৰ পৰাই কিবা এটা অনাহ থয় ৷ এতিয়া আকৌ মই
ছেহ, আজিকালি কথা পাহৰিবলৈ লোৱা কথাটো বৰ বেয়া হৈছে! আগতে দেখোন কথাবোৰ ইমান বেছি মনত থাকে, সেই কাৰণে মিনতিৰ পৰা কেতিয়াবা গালিহে খাওঁ ৷ সৰু কালততো কথাবোৰ ভালকৈ মনত ৰখা, বস্তুবোৰ পৰিপাটীকৈ ৰখাৰ কাৰণে ঘৰৰ সকলোৱে যিকোনো দৰকাৰী বস্তু মোকে থবলৈ দিছিল ৷ দৰকাৰী বুলিবলৈনো আমাৰ ঘৰত আছিল কি ! কেতিয়াবা একণীয়া পাৰ এটা ঘৰৰ কাষৰ খুৰীজনীয়ে লৈ গলে হাতৰ টিপতে মাক দি থৈ যোৱা দুটকাটো আকৌ মায়ে মোকে থবলৈ দিয়ে ৷ তাৰ কাৰণ অৱশ্যে কেহবাটাও, মায়ে নিজেই থলে পাহৰিব, দেউতাৰ হাতত দিলে সেহটো কেতিয়াও ঘূৰাহ নাপাব, ভাইটি–ভণ্ঢি দুয়োটাই দেখা পালে আকৌ মাৰ পৰা কুটুৰি কুটুৰি দহ পইচা এটা লৈ গজেন খুৰাৰ দোকানলৈ দৌৰ দিব লজেঞ্চ কিনিবলৈ ৷ সেয়েহে কিজানি এনেকুৱা ধৰণৰ বস্তুবিলাক সুৰক্ষিত অৱস্থাত ৰাখিবলৈ মোৰ হাততে জমা দিয়ে ৷ ময়ো দৰকাৰ অনুসৰি সেইবোৰ সময়ত উলিয়াই দি থাকোঁ ৷
এতিয়া চাবিকোছা বিচাৰি নাপাইহে মহা পয়মাল লাগিছে৷ ন–ছোৱালীজনীৰ সৈতে লৰাকণ আগফালে বহি আছে আৰু মই ইয়াত চাবি বিচাৰি ধৰফৰাই মৰিছোঁ ৷ এতিয়া চাবিটো থোৱা স্থানটো পাহৰাৰ অজুহাতত ছোৱালীজনীক একো এটা দিব নোৱাৰিলে মিনতিয়ে কথাটোত বৰ দুখ পাব ৷ এইবোৰ কথাতে মোৰ মিনতিৰ ওপৰত অভিমান জাগে ৷ আগতে নিজৰ কাম নিজেই কৰি লোৱা, সকলো বস্তুৰে হিচাপ–নিকাচ নিজেহ ৰখা মানুহজনক মিনতিয়ে একেবাৰে বেয়া কৰি পেলালে ৷ অফিচলৈ যোৱা আৰু হাটৰ পৰা সপ্তাহটোৰ কাৰণে দৰকাৰী ঘৰুৱা বস্তুকেইটা অনাৰ বাদে সকলো মিনতিয়ে নিজৰ কৰি লোৱাৰ পিছত এই পদ্ম শহকীয়াৰ একো কামেই নোহোৱা হল ৷ নিজেই একো কৰিব নলগীয়া সোণালী সুযোগকণ নেহেৰুৱাই উপভোগ কৰি থাকোঁতে হঠাৎ মিনতিজনী নোহোৱা হোৱাত মই নিজৰ ঘৰতে আলহী হোৱাদি হলোঁ ৷
আজি যদি মিনতি থাকিলহেঁতেন তাই লৰালৰিকৈ গৈ যৌতুকত অনা ট্ৰাংকটোৰ পৰা চাদৰেই হওক বা ব্লাউজেই হওক কিবা এটা খুঁচৰি উলিয়ালেহেঁতেন ৷ এতিয়া মইনো এই অকলশৰীয়া মানুহটোৱে ছোৱালীজনীক কি দি ! সেয়ে এশ টকা দুশ টকা কি আছে তাকে বিচাৰিবলৈ ড্রাংকটো খুলিবলৈ আহি চাবিটোৱে বিচাৰি পোৱা নাই নহয় ৷ ইফালে ঘৰৰ বস্তু ইফাল–সিফাল কৰিবলৈ আছেনো কো ! বস্তুবোৰ উলিয়াই থলেও ঠাইতে থাকে ৷ কিন্তু আগৰে পৰা সকলো বস্তু ট্ৰাংকতে থোৱাৰ অভ্যাস যে সেয়ে এতিয়াও এটকাটোও তাতে ভৰাই থওঁঁ ৷ চাবি বিচাৰি উথপথপখন কৰি থাকোঁতেই সিহঁতহাল যাবলৈ বুলি উঠি মাত লগাবলৈ একেবাৰে ভিতৰ পালেহি ৷
ৰবাহে কত যোৱা বুলি মুখখন মেলোঁতেহ ন–কইনাই বিদায় জনোৱাৰ উদ্দেশ্যে মাত লগালে হব বৰতা, আপোনাৰ পৰা পোৱা আশীর্বাদেকণেই যথেষ্ট ৷ ওলাই আহক, একো বিচাৰি কষ্ট কৰিব নালাগে ৷
মহ যে তাইক দিবলৈ কিবা বিচাৰি আছিলোঁ এই নতুন ছোৱালীজনীয়ে কেনেকৈ গম পাে ! মই উঠি আহোঁতে কৈ থৈ আহিছিলোঁ নেকি ! নে অভিজ্ঞতাৰ ভিত্তিত তাই অনুমান কৰি ললে কথাটে! এইটো কিন্তু হব পাৰে, এই মাইকী মানুহবোৰে বহুত কথা নোকোৱাকৈয়ে বুজি পাই যায় ৷ এই মনটো বেয়া লাগিল নহয় এনেকৈ যাবলৈ দিবলৈ ৷ কিন্তু উপায়টো নাই সেয়ে সিহঁতক বিদায় দিবলৈকে পদূলিলৈ ওলাই আহিলোঁ ৷ আজি মিনতি থকাহেঁতেন কলেহেঁতেন দেখিছে বুুা বুলি কলে মানি নলয়, এতিয়া দেখোন অলপ সময়ৰ আগতে থোৱা চাবিটোকে বিচাৰি নাপালে ৷ এইটো লওক, সেই গজালটোতে ওলোমাহ থৈছিল ৷ মিনতিয়ে জানে মোৰ দুর্বল জেগাকণ কত খোঁচটো মাৰিব লাগে ৷
মিনতিয়ে মোক বিয়াৰ পাছৰ পৰাই ধেমালিতে কেতিয়াবা বুুা বুলি কৈছিল, যিটো মই একেবাৰে বেয়া পাইছিলোঁ ৷ তেওঁ পিছে মোক বয়সৰ কথা কৈ সকীয়াই থাকি মোতকৈ আগতেই একো এটা গম নিদিয়াকৈ এই সংসাৰৰ পৰা ফালৰি কাটিলে ৷ অথচ মোতকৈ দহ বছৰৰ সৰুও আছিল ৷ একচল্লিশটা বছৰে একেলগে থাকি শেষত একো এটা গম নিদিয়াকৈ মিনতি সিপুৰী পালেগৈ ৷ মানুহ কিছুমানে কয় মিনতি বৰ ভাগ্যশালী, শিৰৰ সেন্দূৰকণ নমচাকৈয়ে, বার্ধক্যৰ একো কষ্ট ভোগ নকৰাকৈয়ে যাব পাৰিলে ৷ কিন্তু কোনে বুুজিব তেওঁ যে মোক অকলশৰীয়া কৰি থৈ গল ৷ কেতিয়াবা মোৰো অনুভৱ হয় তেওঁৰ লগতে একেলগে মোকো লৈ যোৱাহেঁতেন৷ দুয়ো নজনা নিচিনা জগত এখনত আকৌ এবাৰ একেলগে থাকিলোঁহেঁতেন ৷ কিন্তু পাঁচ বছৰীয়া নাতিটোৰ মাতটো শুনিলে দেখোন আকৌ বিশ বছৰমান জীয়াই থাকিবলৈ মন যায় ৷ তেতিয়া আকৌ মিনতিক কওঁ দেখিছা, মোক ঠগি এৰি থৈ গৈ কি পালা, এতিয়া ৰিয়ানক ককাক–আইতাক দুয়োটাৰে মৰম ময়েই দিবলগীয়া হৈছে ৷
অৱশ্যে এক কথাত মোৰো নিজকে বুুা বুলি মানি লবলৈ মন নাযায়৷ তেসত্তৰ বছৰহে হৈছে, তথাপি মানুহবোৰে আজিকালি মোক দেখিলে বিশেষকৈ ডেকাচামে আলৰ বুুাক কৰাৰ দৰে পুতৌ কৰে হেৰৌ ৷ মোক নালাগে ঔ এইবোৰ পুতৌ, ভাল নাপাও! ওলাই–মেলি গলে এতিয়াতো আৰু ডেকা যেন অনুভৱ হয় ৷ ডেকা যেন নালাগিবনো কিয় লৰাই যে এইবাৰ পূজাত আহি এটা দুটাকৈ সৰি লাপুং হবলৈ বাকী থকা দাঁতকেইটাও একেবাৰে সৰুৱাই নতুন দুপাৰি ডালিমগুটীয়া দাঁত লগোৱাহ থৈ গৈছে ৷ কেইদিনমান অৱশ্যে অলপ দিগদাৰ হৈছিল কৃত্রিম দাঁত দুপাৰিৰ সৈতে গোটা বস্তুবোৰ চোবাবলৈ ৷ সেয়ে ভাত খোৱাৰ সময়ত খুলি থৈ আলু দুপাৰিৰে যি পাৰি চোবাই চোবাই খাইছিলোঁ ৷ তাকে দেখি লৰাৰ যি ধমধমনি, দাঁত লগাই নোচোবোৱালৈকে নেৰিলে৷ লাহে লাহে অভ্যাস কৰি এতিয়া সৰু চাই মাংস এটুকুৰা কৃত্রিম গুৰি দাঁত দুটাৰ মাজতে পেলাই কচককৈ কামোৰ এটা মাৰি চোবাব পৰা হলোঁ ৷ চকুকেহটাও দেখুৱাওঁঁতে অলপ পাৱাৰ বঢ়াই দিলে ৷ এতিয়া আৰু আগৰ দৰে জলকতবক নেদেখো ৷ চুলিকেইডালকো নতুন ৰূপ দিবলৈ বেছি সময় নালাগিল ৷ গোটেহখিনি অংগ–প্রত্যংগকে নতুন ৰূপ দিছোঁ যেতিয়া চুলিকেইডালেনো কত জগৰ লগালে ৷ সেয়ে অলপ কলপ লগাহ বগা হোৱাকেইডাল কলা কৰি পেলালোঁ ৷ বগা হোৱাকেইডালো কলা কৰিলোঁ, মানে কলানো আছিল কেইডা ! ইমানখিনি ৰূপান্তৰৰ পিছত এতিয়া আৰু মোক কোনেও বুুা হৈছো বুলি সকীয়াহ থাকিব নোৱাৰে ৷
পূজাত কেইদিনমান বেছিকৈয়ে ঘৰত থাকিবলৈ অহা লৰা–বোৱাৰী পুনৰ নিজৰ কর্মক্ষেত্রলৈ উভতি যোৱাৰ আগ দিনাৰ ঘটনা ৷ নাতিকণক লগত লৈ চোতালতে চকী এখন পাৰি বহি আছেছা ৷ তাক বোলে আজি মই যিমান সাধু জানো সকলো কৈ শেষ কৰিব লাগে ৷ নহলে আৰু কেতিয়া আকৌ সাধু শুনাৰ সুযোগ পাব ঠিক নাই ৷ ময়ো তাৰ পছন্দমতে এটা এটাকৈ সাধুবোৰ কৈ গৈছোঁ, সিয়ো কৈ শলাগি গৈ আছে ৷ সাধু শুনি থকাৰ মাজতে হঠাৎ সি মোৰ শোটোৰা–শোটোৰ পৰা ছালৰ হাতখন ধৰি ছালখন টানি সুধিলে,
ককা তোমাৰ স্কিনখন ইমান লুজ কিয় বডী লোচন নলগোৱা নেকি মই দেউতাক কম তোমাক বডী লোচন এটা আনি দিব তাৰ কথা শুনি ইমান সময় হাঁহি বিৰিঙি থকা মোৰ মুখখন তেনেই শুকাবলৈ ধৰা ভেণ্ডিটোৰ দৰে হল ৷ এইবোৰ যে এতিয়া লোচন নে ফোচনে কাম নিদিয়ে, বয়স হোৱাৰ কাৰণেহে এনেকুৱা হৈছে বুলি কবলৈ গৈও কৰবাত কিবা এটাই মোক হেঁচা মাৰি ধৰিলে দেখোন ৷ কবলৈ মন নগল এইবোৰ যে বয়সৰ লগে লগে হোৱা দেহত হোৱা পৰিৱর্তন ৷ এনেকৈ কলে যদি সিয়ো মোক বুুা হৈছো বুলি সকীয়াই থাকিবলৈ লয! দাঁতকেইপাৰি আৰু চকুকেইটাৰ দৰে ছালখনৰো কিবা ব্যৱস্থা কৰি আগৰ নিচিনা শিতশিতিয়া কৰিব নোৱাৰিে !
লৰাটোৱে এইবাৰ মোকো লগতে যোৱাৰ কথা কৈছিল ৷ কিন্তু মিনতিৰ স্মৃতিখিনিক এই প্রকাণ্ড ঘৰটোত অকলশৰে তলা মাৰি থৈ যাবলৈ মন নগল ৷ বহুত কাকূতি–মিনতি কৰাৰ পিছতো মোৰ মন নলৰাত যোৱাৰ আগে আগে পুত্রই কৈ থৈ গল অকলে অকলে ঘূৰি নুফুৰিবা ৷ হাতত ফোনটো ৰাখিবাই, কিবা গা–চা বেয়া লাগিলেই মোক ফোন কৰিবা ৷ মোকটো কলেই, লগতে মোৰ লাখুটি হিচাপে থৈ যোৱা বিপুলকো সকীয়াই থৈ গল ৷
কি যে দিন আহি! সেই পিটকলি লৰাটো, পঁয়ত্রিশ বছৰৰ আগতে যি আমাৰ জীৱনলৈ আহি আমাক সম্পূর্ণ এটা নতুন পৰিচয় দিছিল ৷ আমাৰ বিয়াৰ পাঁচ ছয় বছৰৰ পিছত যাৰ আগমনে আমালৈ কঢ়িয়াই আনিছিল এটা নতুন জীৱন, যিয়ে জীয়াই থকাৰ হেপাহ দুগুণে বঢ়াইছিল ৷ কৰবাত কিবা টোপ পৰে বুলি আতৌপুতৌকৈ ডাঙৰ কৰা মোৰ নিজৰ সন্তানেও ভাবিলে মই যে বুুঢ়া হলেঁ ! এতিয়াও জলজল–পটপটকৈ মনত আছে তাৰ জন্মত ওচৰৰ সকলোকে মাছ বিলোৱা কথাটো ৷ মিনতিৰ কি যে স্ফূর্তি সেইদিনা সকলোৱে যেতিয়া কৈছিল লৰাই মাকৰ গঢ় ললে ৷ মিনতিৰ দুই ওঁঠত ওলমি পৰা সন্তুষ্টিৰ হাঁহিটোলৈ আজিও মনত পৰে ৷
কেইদিনমানৰ আগতে নন্দেশ্বৰ উকীলৰ লৰা ৰাজাক লগ পালোঁ ৷ নন্দেশ্বৰ আৰু মই আকৌ ক মানৰ পৰাই একেলগে পঢ়া । তাৰ পুতেকটো মোৰ লৰা বাবাৰ বয়সৰেহ প্রায় ৷ কেনেকুৱা লাগে ভাবিলে দুয়োটা একেলগে ডাঙৰ হোৱা, এতিয়া আকৌ দুয়োটা এটা এটা সন্তানৰ বাপেকী হল ৷ সি মোক লগ পাই খা–খবৰ সুধিলে, লগতে বাপেকৰ কথাও কলে ৷ আজিকালি বোলে বাপেকে বৰকৈ অকলে ওলাই–সোমাই ফুৰিব নোৱাৰে মানে সিহঁতে নিদিয়ে ৷ সি আকৌ মোকো সকীয়াই থৈ গল, যাতে অকলে অলৌ–টলৌকৈ ঘূৰি নাথাকোঁ ৷ তাৰ কথাত বুজা গল মানে নন্দেশ্বৰৰ অৱস্থাও মোৰ দৰে ৷ কেঁচা ৰবাব টেঙাকে ফুটবল কৰি কিমাননো নেখেলিলো অহ ৷ ইটোৱে সিটোক লেং মাৰি কিমান পৰিলো, তেতিয়াই হাত–ভৰি একো নাভাঙিল, এতিয়া আকৌ সিহঁতে আমাক ওলাই–সোমাই ফুৰিবলৈ নিদিযে ! কিবা এটা খঙে আহি চুলিৰ আগ চুলেহি ৷
নাতিটো পৰহি গুচি যোৱাৰ পিছত ঘৰখন একেবাৰে মৰিশালি যেন হল ৷ কতো কাৰো মাত এষাৰ শুনিবলৈ নাই ৷ তাতে দুপৰীয়া সময়খিনিত ওচৰ–চুবুৰীয়া সকলো ভাতকেইটা খাই অলপ বিছনাত পৰে ৷ এইখিনি সময়ত আৰু বেছি নীৰৱতাই বিৰাজ কৰে ৷ মইহে দিনত শুবলৈ বাদ দিলোঁ ৷ দিনত শুলে ৰাতি টোপনি নাহে আৰু এইহেন ঘৰটোত অকলে ৰাতিটো উজাগৰে থাকিবলগীয়া হোৱাৰ সমান কষ্টকৰ কাম নাই ৷ পুৱাবেলা ন–দম্পতীহাল আহি কথা দুই–এটা পাতি যোৱাত সময়কণ সোনকালে যোৱা যেন লাগিল ৷ এতিয়া দুপৰীয়াৰ মুঠি ধৰাৰ পিছতহে সময় দেখোন স্থবিৰ হৈ ৰৈছে ৷ ইফালে মূৰৰ ওপৰত চেংচেঙীয়া ৰদৰে বেলিটো ৷ কি কৰিম কি নকৰিম ভাবি খন্তিখন উলিয়াই লৈ ফুলনিখনকে অলপ চাফা কৰো বুলি সোমালোঁ ৷ বিপুলে সদায় সেইখনত হাত লগায়েই, কৰিবলগীয়া একোৱেই নাই, তথাপি সময়টো যাওক বুলিয়েই সোমাবলৈ ধৰোঁতেই, দুপৰীয়া ভাত খোৱা বাচনকেইটা ধুবলৈ অহা বনকৰা মানুহজনী পমিলাই মোক খন্তিখনৰ সৈতে দেখি এহ বুুঢ়া বয়সত আপোনাক কিহে পাইছে ! থকা দিনকেইটা ভালকৈ থাকক বুলি যিহে বকনি মেলিলে, খন্তি তাহৰ হাতত গতাই একেকোবে আহি শোৱনিকোঠা পালোঁহি ৷ মানে এয়ো মোক তেনেকৈয়ে ভাবিবলৈ লে ! বুুঢ়া হবলৈ মন নকৰা মানুহটোক হহঁতবোৰে কিয় ইমান জোৰ কৰি বুুঢ়া শব্দটো মন–মগজুত ভৰাই দিয়াৰ চেষ্টা চলাইছে ৷ মূৰটো কিবা আচন্দ্রাই কৰা যেন লাগিল ৷ ইমান ডেকা তজবজীয়া মানুহটোক আজিকালি যে চবেই বয়স হৈছে বুলি খেংখেঙাই থকা হল ৷ বয়স যেনিবা হলেই, সেইবুলিয়েই মই এতিয়া বিছনাত পৰি থাকিম নেকি !
খঙে–ৰাগে শোৱনিকোঠাৰ মিনতিয়ে লগত অনা ডাঙৰ পালেংখনত বহি থাকোঁতে চকুত পৰিল পালেংখনৰ কাষৰ টেবুলখনৰ ওপৰতে থকা আমাৰ বিয়াৰ কেইদিনমান পিছতে ষ্টুডিত গৈ তোলা ফটোখন ৷ সেইখনকে বুকুতে সাবটি বিছনাত পৰিলোঁ ৷ এনেকুৱা মুহূর্তত মিনতিলৈ বৰকৈ মনত পৰে ৷ মোৰ এনেকুৱা অসহায় অৱস্থাত মিনতিজনী লাখুটিডালৰ দৰে আগত আহি থিয় হৈছিলহি ৷ মিনতিয়ে মোতকৈ আগতে গৈ বৰ ভাল কাম কৰিলে চাে ! অন্ততঃ এইবোৰ কথা শুনিব লগা নহল ৷
মই জানো সকলোৱে মোৰ ভালৰ কাৰণে কয় ৷ অকলশৰীয়া বয়সস্থ মানুহ, কিবা এটা হৈ বিছনাত পৰি থাকিলে কি হব ৷ কিন্তু মোৰ যে নিজকে তেনেদৰে ভাবিবলৈ মন নাযায় ৷ পৰালৈকে অন্ততঃ নিজৰ কামকেইটা নিজে কৰি থাকিবলৈ মন যায় ৷ মন যায় ওলাই গৈ লগৰবোৰৰ লগত ক্ষন্তেক মনৰ কথা পাতিবলৈ ৷ নিজকে বুুাৰ দৰে ভাবি লোকৰ পুতৌৰ পাত্র হবলৈ একেবাৰে মন নাযায়৷ তাকেহ যে বাকীবোৰে নুবুজে ৷ আজি মিনতি তুমি কাষত থকা হলে সকলো খুলি কলোঁহেঁতেন ৷ তুমিতো মোক বুঢ়া বুুঢ়া বুলি ধেমালিতেহে কৈছিলা, তুমি যে মোতকৈ দহ বছৰৰ সৰু আছিলা সেই কাৰণে ৷ কিন্তু আজি মোক সকলোৱে সঁচাকৈয়ে কয় মোৰ বয়স হল বুলি ৷ মা এতিয়া মই তোমাৰ ওচৰলৈ যাবলৈহে সাজু হব লাগে অ মিনতি ৷ বুুঢ়া হবলৈ মন নাযায়, মৰিবলৈ মন নগলেও এতিয়া ভাবিছে সোনকালে ভগৱানে তোমাৰ ওচৰলৈ লৈ যাওক ৷ তুমি যতেই আছা তালৈকে ময়ো গৈ আকৌ এবাৰ দুয়ো একেলগে থাকিম ৷ মনৰ কথাবোৰ পাতিম ৷ লাহে লাহে মোৰ মনটো মৰি আহিবলৈ ধৰিছে ৷
ভাবি থকা কথাবোৰ যে মোৰ কেতিয়া ডাঙৰ ডাঙৰ শব্দৰে বাহিৰলৈ ওলাই আহিল গমেই নাপাওঁ ৷ অকলে অকলে কথা পাতি থকা দেখি চাগে পমিলাই ভয় খাই লৰাক জনালে নেকি ! সিও ভয় খাই মোক ফোন কৰি সুধিলে দেউতা তুমি ঠিকে আছাতো, ছুগাৰৰ দৰব খাই আছানে৷ মই মহেনক পঠিয়াইছোঁ প্রেছাৰটো জোখাবলৈ আৰু কি কি সুধি আছিল শুনিবলৈ মোৰ মন নগল ৷ মহেন আহিও কি কৰিব, প্রেছাৰটো জুখি এই বয়সত এহটো নকৰিব, সিটো নাখাবকৈ এবকলা মেলি গুচি যাব ৷ লৰাই কোৱা কথাকেহটা বাধ্য ছাত্রৰ দৰে শুনি থাকি, অলপ সময়ৰ পিছত ফোনটো কাটি দি আমাৰ ফটোখন পুনৰ বুকুৰ মাজত লৈ শুই পৰিলোঁ ৷
কাষত এয়া মিনতি, মোৰ মূৰৰ শিতানতে বহিছে ৷ মোৰ মূৰটো আলফুলকৈ তেওঁৰ কোলাত লৈ পিহি দিছে আৰু কৈছে তুমি বুুা হোৱা নাই অ ৷ অকলে থাকা কাৰণেহে মানুহবোৰে অলপ বেছিকৈ ভয় কৰে ৷ তুমি থাকাচোন নিজৰ মনৰ মতে৷ তথাপি লৰাৰ কথা নুশুনাকৈ নাথাকিবা ৷ মহতো নায়েই, এতিয়া অন্ততঃ তুমিয়েহ তাৰ সাহস, তোমাৰো ঘপককৈ কিবা এটা হৈ যায় বুলি সি ভয় খায় অ কথাখিনি কৈয়ে মিনতি হঠৎ নোহোৱা হৈ যোৱাত মহ ধৰফৰাই উঠি বহি পৰিলোঁ ৷ চাৰিওফালে চাই দেখোঁ কোনো নাই ৷ মাত্র দিনৰ পোহৰ গৈ অন্ধকাৰে আৱৰি ৰখা ৰুমটোত কৰবাৰ পৰা জোনাকী পৰুৱা এটা উৰি ফুৰা তাৰ ধিমিকধামাক পোহৰটোহে মোৰ চকুত পৰিল ৷ এনে লাগিল এইটি যেন জোনাকী পৰুৱাৰ ৰূপত মিনতিজনী আহি মোৰ মৰি আহিবলৈ ধৰা মনটো কণমানি পোহৰটিয়ে পোহৰাই ৰাখিবলৈ ৰুমটোত উৰি ফুৰিছে ৷
Comments are closed, but trackbacks and pingbacks are open.