দুৱাৰমুখত জিভাৰ জুতি অনলাইন ফুড
ফার্ণাজ নার্গিছ কৰিম
আখলত খাদ্যৰ গোন্ধ৷ কেতিয়াবা যদি মাংস, কেতিয়াবা মাছ, কেতিয়াবা শাক–পাচলি, কেতিয়াবা আলুপিটিকা, কেতিয়াবা কণীৰ আলুৰ বিবিধ ব্যঞ্জন৷ মাৰ হাতৰ পোলাও, বিৰিয়ানি, কোর্মা অথবা পচলা, মাছৰ টেঙাৰ জোল৷ খাদ্যৰ তালিকা আৰু জিভাৰ সোৱাদ…