গ্রীষ্মঃ ই যে সম্ভাৱনা–যন্ত্রণাৰে ভৰপূৰ এক অনন্য ঋতু

প্রণতি দেৱী শর্মা

ঋতু আহে ঋতু যায় ৷ প্রকৃতিৰ চিৰন্তন আকূতিত বছৰে বাগৰ সলোৱাৰ দৰেই ঋতুৱে ঋতুৱে বৈভৱৰ বতৰা লৈ মানুহক দি যায় জীৱনৰ সুৰীয়া বাঁহীৰ সুৰ ৷ মোহময়ী ঋতুৰ বিতোপন শোভাই মানুহক চিৰপ্রফুল্লিত কৰি ৰাখে প্রতিনিয়ত ৷ প্রতিজন মানুহৰ যেনেকৈ পছন্দৰ একোটা ৰং থাকে, এপাহ ফুল থাকে ঠিক সেইদৰেই থাকে এটা প্রাণৰ ঋতু ৷  গ্রীষ্ম, বর্ষা, শৰৎ, হেমন্ত, শীত বসন্তৰ বৈভৱৰ মাজত সকলো ঋতু ভাল নালাগিলেও ভিন্ন ঋতুৰে থাকে নিজস্ব মহিমা আৰু বৈশিষ্ট্য ৷ গ্রীষ্মকালীন সময়ে অঁকা ছবি বর্ষাৰ বুকুত ঘন বাৰিষাৰ নিনাদিত পদ হৈ বাজে সকলোৰে বুকুত ৷ সেয়ে গুণগুণাবলৈ মন যায়– বৰষা ঋতু ভাল পাওঁ মই ৷ বাৰিষাৰ অন্তত বসন্তৰ বা লাগি বুকুত বিনাই উঠে জীৱন– যৌৱনৰ গীত ঢোল–পেঁপা–গগনা অথবা  কুলি, কেতেকীৰ হিয়াভগা মাত হৈ ৷ চকুৰ আগত জিলিকি উঠে কপৌ, নাহৰ, তগৰ, ভাটৌ, কেতেকী, মালতী, খৰিকাজজাইৰ অনুপম আভাস ৷ বসন্ত ঋতুত প্রাণ পাই উঠা প্রকৃতিৰ মনোমোহা আৱেষ্টনীতে অনেক প্রতিশ্রুতি লৈ আগমন ঘটে গ্রীষ্ম ঋতুৰ ৷ লাহে লাহে নামি অহা গ্রীষ্মৰ নিশাবোৰত অহা ধুমুহা–শিলাবৃষ্টিয়ে সোঁৱৰাই দিয়ে মানুহৰ জীৱন সংগ্রামৰ কথা ৷ প্রকৃতিৰ অনন্ত শক্তিৰ ওচৰত হাৰ মানিব নোখোজা মানুহৰ বাবে সেয়ে গ্রীষ্মকালীন সময়খিনি যিদৰে এক সম্ভাৱনাময় সময় সেইদৰে চৰম দুর্যোগৰো সময় ৷

গ্রীষ্মৰ আগমনৰ লগে লগে অসমৰ কৃষিভূমিত কৃষকৰ খোজ খৰ হৈ পৰে ৷ দুহাতত গজি উঠে সম্ভাৱনাময় সপোনৰ বীজ৷ ঘনঘোৰ মেঘে গ্রীষ্মৰ আকাশত মেঘৰ মাদল বজোৱাৰ লগে লগে কৃষকৰ মন উৰুলিকৃত হৈ পৰে ৷ ঘৰে ঘৰে মুনিহ–তিৰোতাৰ ব্যস্ততা বাঢ়ে ৷ পথাৰবোৰ বৰষুণৰ পানীৰে উপচি পৰে ৷ খৰালি শুকাই যোৱা খাল–ডোংবোৰ পানীৰে উপচি পৰাৰ লগে নৈবোৰো সগর্ভা হয় ৷ গ্রীষ্মৰ বতাহে মনৰ মায়াৱী বনত চেতনাৰ ছিটিকনি ছটিয়াই দিয়াৰ সময়ত শ্রমজীৱী মানুহৰ কেঁচা ঘাম মিলি যায় মাটিৰ লগত ৷ কামৰ যেন সীমা নাহকিয়া হয় এইখিনি সময়ত ৷ সপোনে পোখা মেলাৰ সময়ত ভৱিষ্যতৰ ভঁৰাল টনকিয়াল কৰিবলৈ কঁকালত টঙালি বান্ধে সকলো শ্রেণীৰ মানুহে ৷ বৰষুণৰ মাজতে প্রখৰ ৰদে দহি পুৰি নিয়ে তেজাল শৰীৰ ৷ ঘর্মাক্ত আৰু ৰদে পোৰা শৰীৰৰ প্রতি যেন কাৰো ভ্রূক্ষেপ নাথাকে ৷

গ্রীষ্মৰ সময়ছোৱাহ হৈছে বছৰৰ ভিতৰত আটাহতকৈ উষ সময় ৷ পৃথিৱীৰ উত্তৰ গোলার্ধত  সাধাৰণতে জুন– জুলাই আৰু আগষ্টৰ সময়ছোৱাকেই  গ্রীষ্মৰ সময় বুলি কোৱা হয় ৷ অসমীয়া বর্ষপূঞ্জী অনুসৰি জেঠ আৰু আহাৰ মাহকেই গ্রীষ্মৰ সময় বুলি ধৰা হয় ৷ এই সময়ত জলবায়ুত আর্দ্রতাৰ পৰিমাণ বাঢ়ি যায় ৷ এই সময়ক পৃথিৱীৰ সকলো ঠাইতেই কর্মোদ্যমৰ সময় বুলি কোৱা হয় ৷ বিশেষকৈ শীতপ্রধান দেশবোৰত গ্রীষ্মৰ আগমনে কঢ়িয়াই আনে অনন্য প্রতিশ্রুতি ৷  শীতকালত সেইবোৰ দেশত কোনো ফলৰ উৎপাদন নহয় ৷ ৰদ, বতাহ, বৰষুণৰ বাবে অপেক্ষা কৰি থাকিবলগীয়া হয় বীজ অংকুৰণৰ বাবে ৷ এইখিনি সময়ত সূর্যৰ প্রচণ্ড তাপে যেনেকৈ ধৰা উত্তাপিত কৰি তোলে, ঠিক সেহদৰে তীব্র খৰাঙেও নেতিবাচক প্রভাৱ পেলায় প্রকৃতিৰ ওপৰত ৷ ইয়াৰ মাজতে ফলে–ফুলে জাতিষ্কাৰ কৰি তোলে আমাৰ সেউজীয়া ধৰণী ৷ জাতিষ্কাৰ হয় শাৰী শাৰী গাঁওবোৰ, অৰণ্যবোৰ, হাবিবোৰ৷ ঘৰে–ঘৰে, বাৰীয়ে–বাৰীয়ে আমে যেনেকৈ মলিয়াই কঁঠালে তেনেকৈ মুচিয়ায়৷ পনিয়ল, লিচু, লেতেকু আদি ফলবোৰো উভৈনদী হৈ পৰে গ্রীষ্মকালীন সময়তে ৷ কেৱল ফলেই নহয় ভিন্নৰঙী ফুলেৰেও প্রকৃতি জকমকাই উঠে ৷ কৃষচূড়া, কামিনী কাঞ্চন, ৰাধাচূড়া, সোণাৰু, মাধৈমালতী, গধূলিগোপাল, নয়নতৰা, কুঞ্জলতা নার্জী, জিনিয়া, কাঠমালতী গোলাপ, ধঁতুৰা, কুঞ্জলতা আদি কিমান যে ফুলৰ সমাহাৰ ঘটে ৷  ফুলৰ পৃথিৱীখনৰ দৰেই ফলৰ পৃথিৱীখনো উভৈনদী হৈ পৰে ৷ এইখিনি সময়তে তৰমুজ, আম, কঁঠাল, অমিতা, মধুৰী, ষ্ট্রবেৰী, আঙুৰ, আনাৰস, লিচু আদি ফলমূলবোৰো পর্যাপ্ত পৰিমাণে হয় ৷ সূর্যৰ তাপ প্রখৰ হয় বাবে শাৰীৰিক দুর্বলতাও বহু পৰিমাণে বৃদ্ধি পায় গ্রীষ্মৰ সময়ত৷ লগে লগে বিভিন্ন বেমাৰে শৰীৰক আক্রমণ কৰে ৷ চিকিৎসকসকলৰ মতে বেছিকৈ ঘামি থকাৰ বাবে আমাৰ শৰীৰবোৰক এই সময়ছোৱাত পানীৰ যথেষ্ট প্রয়োজন হয় ৷ অসহ্য গৰমত ছাটিফুটি লগাৰ লগতে পেটৰ অসুখ, ছালৰ অসুখ, ঘামচি, বদহজম, ভাইৰেল ফিভাৰ আদি বেমাৰেৰ প্রাদুর্ভাৱ বেছি হয় ৷ সেয়ে খাদ্যগ্রহণৰ বেলিকা আমি সচেতন নহলে যথেষ্ট অসুবিধাৰ সন্মুখীনো হব লগা হয় ৷ ফলমূলৰ ৰস অধিক খোৱাৰ লগতে দৈনিক দুই–তিনি লিটাৰ পানী খোৱাটো অতি প্রয়োজনীয় বুলি চিকিৎসকে সকীয়াহ থাকে ৷ কেৱল সিমানেই নহয়  কুঁহিয়াৰৰ ৰস, নেমুৰ চৰবত, বেল, তৰমুজ, ডাবৰ পানী খোৱাতো অত্যন্ত জৰুৰী আমাৰ শৰীৰৰ বাবে ৷ পদপথৰ খাদ্যভ্যাস এহখিনি সময়ত ত্যাগ কৰা উচিত ৷ কাৰণ পদপথৰ খাদ্যত বেমাৰৰ বীজাণু বিয়পি থকাৰ বাবে বহু সময়ত মুখৰ লোভত পৰি বেমাৰত ভুগিব লগাও হব পাৰে ৷

এই গ্রীষ্মকালীন সময়ছোৱাতে মনলৈ আহে গৰম বন্ধৰ কথা ৷ আমি যেতিয়া শিক্ষার্থী আছিলোঁ গৰম বন্ধৰ মাদকতাই আছিল সুকীয়া ৷ গৰম বন্ধৰ কথাই ৰোমাঞ্চিত কৰি ৰাখিছিল আমাৰ মন আৰু মগজু ৷ গৰম বন্ধ অহাৰ লগে লগে আম কঁঠাল, লেতেকু, পনিয়ল, জামু বিচাৰি বাৰীবোৰলৈ কিমান যে হেঁপাহেৰে চাইছিলোঁ ৷ আজিকালিৰ পৰিৱেশ যথেষ্ট সলনি হলেও কিছু কিছু ঠাইত সেই সজীৱ সময় আজিও আছে ৷ আজিৰ প্রজন্মৰ বহুতে প্রকৃতিৰ কোলাত মুক্ত বিচৰণ কৰাতো দূৰৰে কথা এটা বন্দিত্বৰ জীৱনহে অতিবাহিত কৰিছে ৷ জাল–জুলুকি লৈ উজানৰ মাছ বিচাৰি ফুৰা দিনবোৰ যেন মহৰ শিঙৰ দৰেই বেয়া হৈ পৰিল ৷ ফলশ্রুতিত ঋতুৰ পৰিৱর্তনে আজি আৰু বহুতৰ  মনৰ মাজত অপৰিমেয় সুখ আৰু সুন্দৰতাৰ সৃষ্টি নকৰে ৷ যান্ত্রিকতাই কোঙা কৰা জীৱনত মানুহ একো একোটা যন্ত্র হৈ পৰাৰ সময়ত গ্রীষ্মৰ নৈ–বিলবোৰতো নাহকিয়া হৈ আছে পূর্বৰ দৰে মাছ–পুঠি ৷ নৈপৰীয়া আবেলিবোৰ সময়ৰ চোতালত ক্রমে নিস্তেজ হৈ অহাৰ সময়ত মানুহে শুনিবলৈ পাহৰা হৈ আহিছে বৰষুণৰ গান ৷ চাৰিওফালে অভাৱ–ভিযোগ, কটা–মৰা আৰু কপটতাই ঘেৰি ধৰিছে জনাৰণ্য ৷

শৰতৰ পৰা আৰম্ভ কৰি বসন্ত ঋতুলৈকে এয়া উৎসৱ–পার্বণৰ সময় বুলি কোৱা হয় ৷ এইখিনি সময়তে বিভিন্ন ধৰণৰ উৎসৱ পালন কৰা হয় যদিও উত্তৰ–পূর্বাঞ্চলৰ কিছুমান জাতি–জনগোষ্ঠীয়ে গ্রীষ্মকালৰ প্রখৰ ৰদ আৰু গৰমকো নেওচি বৰ উলহ–মালহেৰে তেওঁলোকৰ প্রাণৰ উৎসৱবোৰ পালন কৰে ৷ এই উৎসৱবোৰৰ ভিতৰত অসমৰ অম্বুবাচী মেলা, ৰাভাসকলৰ বায়খো উৎসৱ, এতৰ উৎসৱ আৰু চলুং উৎসৱ অন্যতম ৷

অম্বুবাচী অসমৰ  গ্রীষ্মকালীন উৎসৱ বুলি কলে সাধাৰণতে আমাৰ হিন্দুসকলে আহাৰ মাহত পালন কৰা সাথ, আমতিৰ কথাকে প্রথমতে মনলৈ আহে ৷ এই উৎসৱ হল শক্তিপূজাৰ বাবে পালন কৰা এক উৎসৱ ৷ গুৱাহাটীৰ কামাখ্যা মন্দিৰত এই উৎসৱ অতি আড়ম্বৰপূর্ণভাৱে উদ্যাপিত কৰা হয় ৷ দেশ–বিদেশৰ পর্যটকো আহি অম্বুবাচীৰ সময়ত মা কামাখ্যাক দর্শন কৰে ৷ বিভিন্ন ঠাইৰ পৰা অহা সাধু–সন্ন্যাসীয়ে কামাখ্যাৰ পীঠত পূজা–র্চনা আগববায়হি ৷ এই পূজাৰ যথেষ্ট নীতি–নিয়ম আছে ৷ প্রবাদ অনুসৰি অম্বুবাচীৰ সময়ত পৃথিৱী চুৱা হয় ৷ সেইবাবে অম্বুবাচী প্রবৃত্তিৰ লগে লগে কামাখ্যাধামৰ দুৱাৰ বন্ধ কৰি দিয়া হয় ৷ চতুর্থ দিনা দেৱীক স্নান কৰাই পূজা–র্চনা দিহে ভক্তৰ দর্শনার্থে মন্দিৰৰ দুৱাৰ খুলি দিয়া হয় ৷ কেৱল অসমতেই নহয়, উত্তৰ–পূবৰ প্রায়বোৰ ঠাইতে এই সময়ত অম্বুবাচীৰ সময়ত যথেষ্ট নীতি–নিয়ম পালন কৰে ৷ ব্রাহ্মণৰ বিধৱাসকলে অম্বুবাচীৰ প্রবৃত্তিৰ পৰা নিবৃত্তিৰ দিনটোলৈকে কেৱল ফলাহাৰ গ্রহণ কৰিয়েই থাকে ৷ অম্বুবাচীৰ সময়ত দেশৰ বিভিন্ন প্রান্তৰ পৰা অহা ভক্তসকলৰ লগতে বিদেশৰ পৰা অহা ভক্তসকলে সেই তিনি দিন কামাখ্যা মন্দিৰৰ চৌপাশে থাকি নাম–কীর্তন কৰি থাকে ৷ মন্দিৰৰ বাহিৰতে ধূপ–দীপ লাই দেৱীক বাহিৰৰ পৰাই সেৱা জনায় ৷ অম্বুবাচীৰ সময়ত সমগ্র অসমতে এক উছৱমুখৰ তথা আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে ৷ প্রতিঘৰ মানুহেহ প্রবৃত্তিৰ পৰা নিবৃত্তিৰ দিনলৈকে নিয়ম পালন কৰে ৷ আনকি পথাৰতো হাল বোৱা, গছৰ পৰা ফলমূল, শাক–পাচলি নিছিঙে ৷ মাটিও নাখান্দে ৷ নিবৃত্তিৰ পিছত সকলোৱে ঘৰৰ কাপোৰ–কানি সকলো তিয়াই ঘৰ–দুৱাৰ মচি–কাচি সাথ ভঙাৰ নিয়ম পালন কৰে ৷  অসমত গ্রীষ্মকালত পালন কৰা এই অম্বুবাচীৰ পিছত মনবোৰ পৱিত্রতাৰে ভৰি পৰা যেন লাগে ৷

ৰাভাসকলে কৃষিভিত্তিক বায়খো উৎসৱ জেঠ মাহৰ পূর্ণিমা তিথিত পালন কৰা হয় ৷ এই উৎসৱত ছাথাৰ গীত–নৃত্য পৰিৱেশন কৰা হয় ৷ সম্প্রীতি, ভাতৃত্ব আৰু একতাৰ এনাজৰী সুদৃ কৰাত এনে উৎসৱ–পার্বণসমূহ্ যথেষ্ট ভূমিকা পালন কৰে ৷  উত্তৰ–পূব ভাৰতৰ ভিন্ন জাতি–জনগোষ্ঠীৰ লগতে অসমতো এইখিনি সময়ত বহুকেহটা কৃষিভিত্তিক উৎসৱ পালন কৰা হয় ৷

অৰুণাচল প্রদেশৰ আদি জনজাতিসকলৰ সাংসৃক্তিক জীৱন বৰ সুন্দৰ আৰু বৈশিষ্ট্যপূর্ণ ৷ আদিসকলৰ উৎসৱসমূহো মূলতঃ কৃষিভিত্তিক যদিও ধর্মীয় বা আধ্যাত্মিক ভাবেৰে উজ্জীৱিত হৈ থকাটো পৰিলক্ষিত হয় ৷ তেওঁলোকে গ্রীষ্মকালত পালন কৰা এতৰ আৰু চলুং উৎসৱ সাধাৰণতে জেঠ–আহাৰ মাহত পালন কৰে ৷ এই উৎসৱ পোহনীয়া জীৱ–জন্তুবিলাকৰ মংগল কামনা কৰি ভগৱানৰ ওচৰত পূজা–র্চনা কৰা হয় ৷ পূর্ণিমাৰ ৰাতি এই উৎসৱ উপলক্ষে দেলং নৃত্য পৰিৱেশন কৰে ৷ এতৰ উৎসৱত মিৰি বা পুৰোহিতে প্রাণী আৰু উদ্ভিদৰ সৃষ্টিতত্ত্বৰ সূত্র পাঠ কৰে আৰু গায় ৷ দেৱতা, মানুহ, জীৱ–জন্তু আৰু শস্যৰ মাজত যোগসূত্র সৃষ্টিয়েই এতৰ উৎসৱৰ লক্ষ্য ৷  ঠিক তেনেকৈ চলুং উৎসৱ জুলাই আৰু আগষ্ট মাহত পালন কৰে ৷ এই উৎসৱ পাঁচ দিনৰ পৰা দহ দিনলৈকে পালন কৰা হয় ৷ এই উৎসৱত দেশ আৰু সমাজৰ  মংগল কামনা কৰি ভগৱানৰ ওচৰত প্রার্থনা জনোৱা হয় ৷

গ্রীষ্মৰ পাছতেই ধৰালৈ নামি আহে বৰষা ৷ কি যে সম্ভাৱনাময় ঋতুৰ নাম এই বৰষা ৷ মেঘৰ পদূলিত উখল–মাখল পৰিৱেশ ৷  চৌপাশে বাজি উঠে বৃষ্টিৰ মাদল ৷ বীজে পোখা মেলে এই বাৰিষাৰ বুকুত ৷ শৈশৱ, কৈশোৰ, জীৱন যৌৱনজুৰি থকা বৰষাৰ খিলখিল হাঁহি মৰা সেউজীয়াৰে ভৰুণ পথাৰখনৰ সৈতে বিলীন হৈ পৰাৰ সময়তো গ্রীষ্মই আনে অনেক প্রতিশ্রুতি ৷  বৰষাৰ প্লাৱনময় সম্ভাৱনাৰ পথাৰত ভৰ বাৰিষাৰ গানে আমাক হঁহুৱাই,  কন্দুৱাই ৷ ঋতুৰ বৈভৱেৰে বাৰিষা ৰাতি কোনোবা কবিৰ মনত পৰে অৰুন্ধতী অথবা জীৱনৰ নিনাদিত পদলৈ ৷ সময় নিৰৱধিৰ কোলাত ঋতুৰ অন্তহীন বিচিত্রতাত মানুহে সুহুৰিয়াহ আহিছে প্রাণৰ গান ৷ কাৰণ

ঋতুৰ পোছাক পিন্ধি

ৰঙীন ছাতি মেলি

সময় আহে আৰু যায়

গ্রীষ্মৰ চোতালেদি

ৰদ আৰু বৰষুণক মাতি

মাতি ৷৷

ফোনঃ  ৯৯৫৪৩-৭৪৮৯৮

You might also like

Comments are closed, but trackbacks and pingbacks are open.