উজ্জ্বল জ্যোতি দাস
উৎসৱ–পার্বণৰ দিনবোৰ আহিলেই গাঁওখনে প্রাণ পাই উঠে ৷ গাঁৱৰ ডেকা–বুুঢ়া সকলোৱেই সাতামপুৰুষীয়া শিল্পকলাটিৰে ব্যস্ত হৈ পৰে ৷ হয়, সেইখন গাঁওখনৰ কথাকে আপোনালোকক আজি কব ওলাইছে , গাঁওখন ধুবুৰী জিলাৰ অন্তর্গত আশাৰীকান্দি গাঁও Asharikandi৷ ধুবুৰীৰ প্রাণকেন্দ্রৰ পৰা এই গাঁওখনলৈ পাঁচখন গাঁও মিলি হৈছে এই বৃহৎ গাঁওখন, যাৰ আয়তন প্রায় ১৮১ হেক্টৰ দূৰত্ব মাথোঁ ১৪ কিলোমিটাৰ আৰু প্রখ্যাত গদাধৰ নৈৰে পৰিৱেষ্টিত৷ পশ্চিমবংগ, মেঘালয় আৰু বাংলাদেশৰ সীমাৰ ওচৰত এই গাঁওখন অৱস্থিত ৷ ইয়াত বসবাস কৰা লোকসকলৰ পূর্বপুৰুষ ব্রিটিছ ৰাজত্বৰ কালছোৱাত বাংলাদেশৰ পৰা প্রব্রজন কৰিছিল বুলি উল্লেখ আছে ৷ প্রথমে এওঁলোকে গৌৰীপুৰৰ জমিদাৰী ৰাজপৰিয়াললৈ নিজৰ উৎপাদিত সামগ্রী প্রধানকৈ মাটিৰে নির্মিত বাচন–বর্তন যোগান ধৰিছিল আৰু ৰাজপৰিয়ালেই এই শিল্পটিৰ বিকাশ সাধনত প্রধান ভূমিকা লৈছিল ৷
টেৰাকোটা পোৰামাটি আৰু মাটিৰ বাচন–বর্তনৰ বাবে সমগ্র ভাৰতবর্ষতে এই গাঁওখন আজি বিখ্যাত হৈ পৰিছে৷ ইয়াত নির্মিত টেৰাকোটাৰ মূর্তিয়ে আন্তঃৰাষ্ট্রীয় স্বীকৃতিও ইতিমধ্যে পাইছে ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ মন–কী–বাত নামৰ জনপ্রিয় অনুষ্ঠানটিত এই গাঁওখনৰ শিল্পকর্মৰ বিষয়ে আলোচনা হোৱা কথাই অঞ্চলটিৰ গুৰুত্বতাকে সূচায় ৷ বিশ্বকর্মা পূজা, দুর্গা পূজা, লক্ষ্মী পূজা, দেৱালী আদিৰ সময়ত গাঁওখনত উছৱমুখৰ পৰিৱেশে বিৰাজ কৰে ৷ ইয়াত উৎপাদিত মাটিৰ সামগ্রী ক্রয় কৰিবলৈ উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহে এই সময়ছোৱাতে ৷
দৰাচলতে পাঁচশ বছৰৰো অধিক পুৰণি আশাৰীকান্দিৰ এই শিল্পকলা উদ্যোগ ৷ জগতগুৰু শ্রীমন্ত শংকৰদেৱে এই অঞ্চললৈকে আহি খোলৰ ধূন্ অংশৰ বাবে প্রয়োজনীয় মাটিভাগ সংগ্রহ কৰিছিল বুলি জনশ্রুতি আছে ৷ প্রখ্যাত শ্রীশ্রীধাম ৰামৰায় কুঠিৰ সত্রখন এই অঞ্চলতে অৱস্থিত ৷
পূর্বতে মাত্র ষাঠিটামান পৰিয়ালতে এই থলুৱা শিল্পটিৰ উৎপাদন সীমাবদ্ধ আছিল যদিও এতিয়া ইয়াৰ সংখ্যা বাঢ়ি এশ তেৱান্নটা পৰিয়াললৈ বিয়পি পৰিছে ৷ ধীৰেন চন্দ্র পাল এই শিল্পকর্মৰে জডিত এজন পুৰণি আৰু অভিজ্ঞ শিল্পী ৷ তেওঁৰ গোটেই পৰিয়ালটোৱেই শিল্পকর্মটিৰে জড়িত ৷ তিনিজন পুত্রৰ উপৰি বোৱাৰী, নাতি–নাতিনীও কেইবাদশক ধৰি শিল্পটিৰে জডিত আছে ৷ দৃষ্টিশক্তি কমি যোৱাৰ বাবে সম্প্রতি শিল্পীগৰাকীয়ে এই কামৰ পৰা আঁতৰি আছে যদিও তেওঁৰ পুত্র দেবদাস পাল আৰু গকুল পালে বিশেষভাৱে শিল্পকর্মটিৰে নিজকে জড়িত ৰাখিছে ৷ এওঁলোককে লৈ গাঁৱৰ প্রায় ৫১৫জন লোক এই শিল্পটিৰে জড়িত আছে ৷ ইয়াৰ বাহিৰেও অন্য প্রায় ডেৰ হাজাৰ লোক বেহা–বেপাৰৰ দিশটিৰে জড়িত ৷
ৰবীন্দ্র ভাৰতীৰ পৰা ফাইন আর্ট পেইণ্টিং বিষয়ত উত্তীর্ণ শিল্পী দেবদাস পালৰ মুখেৰে তেওঁলোক প্রখ্যাত পালবংশৰ লোক আমি জানিব পাৰিলোঁ, গাঁওখনত বাস কৰা জনসাধাৰণৰ আর্থিক দিশটি এতিয়াও যথেষ্ট শোচনীয়৷ শিক্ষা–দীক্ষাৰে কম–বেছি পৰিমাণে শিক্ষিত নতুন চামটোৱে থলুৱা শিল্পকলাৰ ব্যৱসায়টিত জড়িত হোৱাৰ সলনি অন্য বৃত্তিৰ প্রতিহে আকর্ষিত হৈছে, যিটো খুবেই উদ্বেগজনক বিষয় ৷ থলুৱা শিল্পটিৰ প্রতি নতুন চামক আকর্ষিত কৰিব নোৱাৰাৰ বাবেই দৰাচলতে এনে হবলৈ পাইছে ৷ সেয়ে পালে এনে অৱস্থাৰ অৱসানার্থে চৰকাৰক উপযুক্ত আঁচনি গ্রহণ কৰিবলৈ অনুৰোধ জনাইছে ৷ Skill developmentৰ দৰে আঁচনি এইক্ষেত্রতো গ্রহণ কৰি অত্যাধুনিক যন্ত্রপাতিৰ ব্যৱহাৰেৰে শিল্পটিৰ উৎপাদন বঢ়োৱাৰ লগতে জড়িত ব্যক্তিসকলৰ পৰিশ্রম লাঘৱ কৰিব পাৰিলেহে নতুন চামে এই শিল্পটিৰ প্রতি আকর্ষিত হব বুলি তেওঁৰ ধাৰণা ৷
যুৱ শিল্পীগৰাকীয়ে অলপতে নয়দাত অনুষ্ঠিত পুতলাৰ বৃহৎ শিল্প প্রদর্শনী এখনতো অংশগ্রহণ কৰিছে ৷ উন্নত যন্ত্রপাতিৰ ব্যৱহাৰেৰে ভাৰতৰ অন্য ঠাইবোৰত যিধৰণে মূর্তি, পুতলা আদি নির্মাণ কৰা হয়, একেদৰে অসমতো ইয়াৰ বহুল প্রয়োগ হলেহে চাহিদা অনুসৰি উৎপাদন বঢ়াব পৰা যাব ৷ এই কামৰ যথেষ্ট চাহিদা আছে ৷
আশাৰীকান্দিৰ হাতীমা পুতলা শীর্ষক টেৰাকোটা পুতলাটি এতিয়া পৃথিৱী বিখ্যাত ৷ সিন্ধু সভ্যতাৰ লগত জড়িত ধুবুৰীৰ এই প্রাচীনতম শিল্পকলাই প্রতিজন লোককে এতিয়া আকর্ষিত কৰে ৷ কোনো সা–সৰঞ্জাম নোলোৱাকৈ স্থানীয় প্রতিজন লোকেই হাতীমা পুতলা মূর্তিটি অনায়াসে খালী হাতেৰেই বনাব পাৰে ৷ বতৰৰ উৎপাদন বুলিবলৈ কিন্তু দীপাৱলীৰ গছাহে তেওঁলোকৰ ৷ বিভিন্ন চানেকিৰে এই গছাবোৰ দৃষ্টিনন্দনকৈ তেওঁলোকে সাজি উলিয়ায় ৷
২০১৯ চনত আশাৰীকান্দিৰ থলুৱা শিল্পটিৰ গাঁওখনক ভাৰত চৰকাৰে দেশৰ বৃহৎ ক্লাষ্টাৰ–ভিলেজৰ মান্যতা প্রদান কৰে ৷ তাৰ পিছতেই এই শিল্পটিয়ে ঠন ধৰি উঠিছিল যদিও ইয়াৰ পিছতে দেশজুৰি হোৱা লকডাউনে ব্যৱসায়টিত মাধমাৰ শোধালে ৷ শিল্পকলাটিৰে জডিত লোকসকল দিশহাৰা হল ৷ স্থানীয় অনুষ্ঠান–প্রতিষ্ঠানৰ্ লগতে নিকটৱত্ বেটেলিয়ন কেম্পৰ বিষয়াবর্গৰ পৰা লাভ কৰা আর্থিক সাহায্যইহে শিল্পীসকলক সকাহ দিলে ৷
আচলতে আশাৰীকান্দি নামৰ বৃহৎ গাঁওখন বিবিধ ধর্মাৱলম্বীৰ বাসভূমি ৷ ইয়াৰ মাজৰ কুমাৰ আৰু কৈৱর্ত সম্প্রদায়ৰ লোকসকলেই মূলতঃ এই শিল্পটিৰে জড়িত ৷ ইয়াত বসবাস কৰা পাল বংশীয় লোকসকলো কুমাৰ শ্রেণীৰে অন্তর্ভুক্ত ৷ যোগেশ চন্দ্র পাল, গকুল পাল, নিখিল পাল, জ্যোৎস্না পাল, শেৱালি পালকে প্রমুখ্য কৰি পাঁচ শতাধিক লোক এই শিল্পৰে জড়িত আৰু প্রত্যেকেই বেচ নিষ্ঠাৰে নিজৰ কামখিনি কৰি আছে ৷
আমি জানিব পাৰিলোঁ, বইলা, পিতনা, আশী, কাঠি আদি থলুৱাভাৱে নির্মাণ কৰি লোৱা সঁজুলিয়েই সততে এই কামৰ বাবে তেওঁলোকে ব্যৱহাৰ কৰে ৷ গদাধৰ নৈৰ উৎপত্তিস্থল শিলাইপাৰৰ পৰা সংগ্রহ কৰা আলতীয়া হীৰামাটি বুলিও জনা যায় মাটিভাগ এই কামৰ বাবে উপযুক্ত ৷ এই অংশৰ মাটিভাগ মাটিৰ কামৰ বাবে বিশ্বৰ ভিতৰতে শ্রেষ্ঠতম বুলি স্বীকৃতি পাইছে ৷ ২০০৫ চনত নেচনেল জিগ্রাফী ছচাইটী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূতত্ত্ব বিভাগে চলোৱা এক গৱেষণাত এই কথা প্রমাণিত হৈছিল ৷ ঘাম ভাবটো এই মাটিত নাথাকে ৷
আশাৰীকান্দিৰ প্রয়াত সৰলা দেৱীয়ে শিল্পী ধীৰেন পালৰ মাক এই থলুৱা শিল্পৰ বিকাশৰ বাবে কৰা কামৰ স্বীকৃতি স্বৰূপে ৰাষ্ট্রীয় বঁটাৰে সন্মানিত হৈছিল৷ ১৯৮২ চনত ৰাষ্ট্রপতি জ্ঞানী জাইল সিঙৰ পৰা বঁটাটি তেওঁ গ্রহণ কৰিছিল ৷ মন কৰিবলগীয়া কথা যে ভাৰতবর্ষত এনে কামৰ বাবে তেৱেঁ প্রথমবাৰৰ ৰাষ্ট্রীয় বঁটাৰে সন্মানিত হৈছিল ৷ প্রখ্যাত হাতীমা পুতলা এওঁৰেই সৃষ্টি ৷ একেদৰে এই গাঁৱৰে গণেশ পালে নিজাববীয়াকৈ নির্মাণ কৰা গণেশৰ মূর্তিৰ বাবে ৰাজ্যিক পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷ পর্যটনৰ যথেষ্ট সম্ভাৱনা থকা গাঁওখনক অসম চৰকাৰে ইতিমধ্যে মডেল ভিলেজৰ স্বীকৃতি দিছে ৷
আশাৰীকান্দিত থলুৱাভাৱে নির্মিত হাতীমা পুতলা, মাহুত বন্ধু, পক্ষীৰাজ ঘোঁৰা, পক্ষীৰাজ নাও, হাতীমা গছা, প্রদীপদানি, পৰম্পৰাগত চাইকেল আদিৰ লগতে আটকধুনীয়া ফুলৰ টাব্ আদিয়ে পোৰামাটিৰ বজাৰখন আজিওবেছ জাকতজিলিকা কৰি ৰাখিছে ৷ আমি আশা ৰাখিম এই থলুৱা শিল্পীসকলে পুৰণি শিল্পনির্মিতিটিৰ চর্চা অব্যাহত ৰাখি দেশৰ চহকী শিল্প পৰম্পৰাক দুগুণে সমৃদ্ধশালী কৰিব ৷ আশাৰীকান্দিৰ যাৰ অর্থঃ আহাৰ মাহৰ কান্দোন, আহাৰ মাহত ঠাইডোখৰত হোৱা প্রবল বানপানীয়ে মানুহখিনিক চকুলো টোকাই বুলি কোৱা হয় এই শিল্পৰ দ্রুত প্রসাৰে সুখৰ কান্দোন হৈ প্রতিখন ঘৰ উজলাই তোলক এই আশা আমি ৰাখিলোঁ ৷
ফোনঃ ৯১০১৩-৬০১৪৯