মাণিক পাল
যোৱা ২৬ মে তাৰিখটো ভাৰতীয় হিন্দী সাহিত্যৰ বাবে এক চিৰস্মৰণীয় আৰু সোণোৱালী দিন হৈ থাকিব ৷ লগতে ভাৰতবাসীৰ বাবে এক নতুন আশাৰ কিৰণ আৰু সম্ভাৱনা হৈ থাকিব ৷ কাৰণ উক্ত দিনাই এগৰাকী ভাৰতীয় লেখিকাহ নিজৰ হিন্দী উপন্যাসৰ বাবে প্রথমবাৰ লাভ কৰিলে ২০২২ বর্ষৰ আন্তঃৰাষ্ট্রীয় বুকাৰ বঁটা৷ হিন্দী ভাষাৰ প্রথমখন উপন্যাস যিখনে এই বুকাৰ বঁটা লাভ কৰিলে ৷ সেই ভাৰতীয় প্রথম লেখিকাগৰাকী হল গীতাঞ্জলি শ্রী ৷ তেওঁ হল এগৰাকী হিন্দী ঔপন্যাসিক আৰু চুটি গল্পকাৰ ৷ তেওঁ এই বঁটা লাভ কৰে ২০১৮ চনত প্রকাশিত তেওঁৰ পঞ্চমখন উপন্যাস ৰেট সমাধিৰ বাবে, যিখন উপন্যাসক ২০২১ চনত অনুবাদ কৰে জনপ্রিয় অনুবাদক ডেইজী ৰকৱেলে আৰু হংৰাজীত উপন্যাসখনৰ নাম দিয়ে টম্ব অৱ ছেণ্ড ৷ ২০২২ চনত এই পুৰস্কাৰৰ বাবে মুঠ ১৩খন গ্রন্থক তালিকাভুক্ত কৰা হৈছিল ৷ তাৰে ভিতৰত শেষ হাঁহি মাৰিবলৈ সক্ষম হয় গীতাঞ্জলি শ্রীৰ এই উপন্যাসখনে ৷ এই বঁটাৰ বাবে তেওঁ আন ৫জন ফাইনেলিষ্টক পৰাস্ত কৰে ৷ তেওঁলোক হ’ল পোলিশ লেখিকা আৰু সমাজকর্মী ওলগা তোকাৰজু, আর্জেণ্ঢিনাৰ ক্লাউদিয়া পিনেহৰো, দক্ষিণ কোৰিয়াৰ লেখিকা বোৰা চুং ৷
বিশ্ব সাহিত্যৰ অন্যতম মর্যাদাসম্পন্ন আৰু অস্কাৰ অৱ সাহিত্য নামে পৰিচিত বঁটাবিধেই হল আন্তঃৰাষ্ট্রীয় বুকাৰ বঁটা ৷ এই বঁটা ১৯৬৭ চনত প্রথমবাৰৰ বাবে সূচনা কৰা হয় ৷ সেই সময়ত হয়াৰ নাম আছিল বুকাৰ মেককনেল প্রাইজ ৷ ইংৰাজী ভাষাতে লিখা আৰু গ্রেট ব্রিটেইন বা আয়াৰলেণ্ডত প্রকাশিত উপন্যাসৰ বাবে এই পুৰস্কাৰ প্রদান কৰা হয় ৷ বুকাৰ প্রাইজ ফাউণ্ডেচনে গঠন কৰি দিয়া সাতজনীয়া বিচাৰকৰ দলে বুকাৰ বঁটাৰ বাছনি কৰে ৷ ভাৰতৰ পৰা ইতিমধ্যে চাৰিজনকৈ লেখকে এই বঁটা লাভ কৰিছে ৷ তেওঁলোক হল ১৯৮১ চনত মিডনাইট চিলড্রেনছ উপন্যাসৰ বাবে ছলমান ৰুশ্বডী, ১৯৯৭ চনত দ্য গড অৱ স্মল থিং উপন্যাসৰ বাবে অৰুন্ধতী ৰায়, ২০০৬ চনত দ্য ইনহেৰিটেঞ্চ লছ উপন্যাসৰ বাবে কিৰণ দেশায় আৰু ২০০৮ চনত দ্য হুৱাইট টাইগাৰ উপন্যাসৰ বাবে অৰবিন্দ আদিগা ৷ কিন্তু এওঁলোক সকলোৱে এহ বঁটা লাভ কৰে নিজৰ নিজৰ হংৰাজী কিতাপৰ বাবে ৷ কিন্তু ২০২২ চনৰ এই বঁটা গীতাঞ্জলি শ্রীয়ে লাভ কৰে নিজৰ হিন্দী উপন্যাসৰ বাবে ৷ সঁচাকৈয়ে ই হিন্দী ভাষা আৰু সাহিত্যৰ বাবে আনন্দ আৰু গর্বৰ খবৰ ৷ এই বঁটাৰ সৈতে গীতাঞ্জলি শ্রীয়ে লাভ কৰা ৫০ হাজাৰ পাউণ্ড অর্থাৎ ৬৯ হাজাৰ ডলাৰ, ভাৰতীয় টকা মতে প্রায় ৫১ লাখ টকা অনুবাদক ডেহজী ৰকৱেলৰ লগত সমানে ভগাই লব ৷
উপন্যাস টম্ব অৱ ছেণ্ডত লেখিকা গীতাঞ্জলি শ্রীয়ে এজনী ৮০ বছৰীয়া বিধৱা মহিলাৰ জৰিয়তে ভাৰত আৰু পাকিস্তানৰ আন্তঃৰাষ্ট্রীয় সীমাক নিঃশেষ কৰি ব্যক্তিমূল্যক স্থাপিত কৰে ৷ এগৰাকী বৃদ্ধ মহিলাৰ কল্পনাই প্রমাণিত কৰে যে আন্তঃৰাষ্ট্রীয় সীমাবোৰৰ অস্তিত্ব আচলতে মানুহৰ অন্তৰ বা হূদয়ত নাই, এহবোৰ বাহ্যিক প্রদর্শনহে মাথোঁ ৷ উপন্যাসখনৰ মূল কেন্দ্রবিন্দু হল এইজনী ৮০ বছৰীয়া বিধৱা মহিলা৷ যিগৰাকী মহিলাই নিজৰ স্বামীৰ মৃত্যুৰ পিছত হতাশাত ভোগে আৰু জীৱনৰ প্রতি থকা সকলো মোহ ত্যাগ কৰি শাশ্বত মৃত্যুৰ বাবে অপেক্ষা কৰে আৰু নিজৰ পৰিয়ালৰ সদস্যসকলৰ প্রতিও পিঠি দিয়ে ৷ কিন্তু পৰিয়ালৰ সদস্যসকলৰ তাগিদাত তেওঁ হতাশাৰ পৰা নিজৰ মন–মস্তিষ্ক্ক মুক্ত কৰে আৰু নিজৰ অতীতৰ স্মৃতিক ৰোমন্থন কৰিবলৈ ভাৰত–পাকিস্তানৰ সীমা পাৰ কৰি তেওঁ পাকিস্তানত যোৱাৰ কথা কল্পনা কৰে ৷ কাৰণ উপন্যাসৰ কাহিনী মতে তেওঁ ভাৰত–পাকিস্তানৰ বিভাজনৰ পিছত বহু স্মৃতি পাকিস্তানতে থৈ আহে আৰু ভাৰতত আহি স্থায়ীভাৱে সংস্থাপিত হয় ৷ নিজৰ স্মৃতিৰ ডেউকা মেলি তেওঁ কল্পনাৰ আকাশত পাকিস্তানত এৰি অহা নিজৰ অতীতৰ সোণোৱালী দিনবোৰ ৰোমন্থন কৰে, যত তেওঁ নিজৰ বাল্যকাল, যৌৱন কালৰ সকলো স্মৃতি আৰু পৰিৱেশ হূদয়ত পুনৰ সজীৱ কৰে ৷ মুঠতে উপন্যাসখনত লেখিকাই মানৱীয় সংবেদনা ৮০ বছৰীয়া মহিলাৰ মাধ্যমেৰে বর্ণনা কৰিছে ৷
গ্রন্থখনৰ প্রথম পাত লুটিয়ালে আপোনালোকে পঢ়িবলৈ পাব শব্দ আৰু ভাষাৰ এক মনোৰম উপস্থাপন এটা কাহিনী নিজে নিজক কব, কাহিনী সম্পূর্ণও হব আকৌ কাহিনী অসম্পূর্ণ হৈও থাকিব, যিটো কাহিনীৰ চলন ৷ মনোৰম কাহিনী যত দেশৰ সীমা আছে আৰু এজনী মহিলা আছে যি আহে আৰু যায় আৰ–পাৰ নিজ ইচ্ছা মতে ৷ মহিলা আৰু দেশৰ সীমা যেতিয়া একলগ হয় তেতিয়া কাহিনী নিজে নিজে সৃষ্টি হয় ৷ বৰং মহিলাসকল নিজেই হল একো একোটা কাহিনী৷ তাৰ পিছত যি বতাহ বলে তাত কাহিনী উৰিবলৈ ধৰে আৰু অস্তমিত সূর্যই কাহিনীৰ বহু বন্তি লাহ আকাশৰ মেঘত ওলমাই দিয়ে আৰু এই সকলো গাথাত জড়িত হৈ যাবলৈ ধৰে ৷ যদি এজন ব্যক্তিয়ে নিজৰ ভাৱনাৰ সাগৰক কলমৰ সহায়ত উকা কাগজৰ বুকুত শব্দৰ মালাৰে লিখিবলৈ ধৰে তেতিয়া সি এনে এক কাহিনী ৰচনা কৰে, যাৰ দ্বাৰা লোক অনুপ্রাণিত হয় আৰু শিকিবলৈ যত্ন কৰে ৷ শিকাৰ পিছত আগবাঢ়ি যায়, যৰ পৰা অভিৰোচনৰ কেন্দ্র নিজে নিজে ওলাই আহে ৷ এনেকুৱা উপন্যাস এখন পঢ়িবলৈ পাব আপোনালোকে টম্ব অৱ ছেণ্ডত ৷ আন্তঃৰাষ্ট্রীয় বুকাৰ বঁটা লাভ কৰাৰ পিছত গীতাঞ্জলি শ্রীয়ে কয় মই কেতিয়াও বুকাৰ বঁটাৰ সপোন দেখা নাছিলোঁ ৷ এয়া সম্ভৱ হব বুলিও ভবা নাছিলোঁ ৷ এয়া মোৰ বাবে বৃহৎ স্বীকৃতি ৷ মোৰ আৰু এই কিতাপখনৰ পিছত হিন্দী আৰু অন্য দক্ষিণ এছিয়াৰ ভাষাৰ মাজত এক সাহিত্যিক আৰু সমৃদ্ধ পৰম্পৰা আছে ৷ এই ভাষাৰ কিছু জনপ্রিয় আৰু সফল লেখকক জানিবলৈ বিশ্ব সাহিত্য সমৃদ্ধ হব ৷ এই ধৰণৰ কথোপকথনত জীৱনৰ শব্দাৱলী বৃদ্ধি পাব ৷ বুকাৰ বঁটাৰ বিচাৰকৰ অধ্যক্ষ ফ্রেংক ৱাহনিয়ে বঁটা প্রদান কৰি কয় আমি গীতাঞ্জলি শ্রীৰ লিখন আৰু ডেইজী ৰকৱেলৰ অনুবাদ পপাৰ পাছত উপন্যাস টম্ব অৱ ছেণ্ডৰ সামর্থ্য, তীক্ষ্ণতা আৰু চঞ্চলতাত আপ্লুত হওঁ ৷ এইটো ভাৰত আৰু ইয়াৰ বিভাজনক লৈ লিখা এখন অসাধাৰণ উপন্যাস, যিয়ে মন্ত্রমুগ্ধ কৰে ৷ এই উপন্যাসে যুৱক, পুৰুষ, মহিলা, পৰিয়াল আৰু ৰাষ্ট্রক কেইবাটাও নিদর্শন দেখুৱায় ৷
গীতাঞ্জলি শ্রীৰ জন্ম হৈছিল ১৯৫৭ চনত উত্তৰ প্রদেশৰ মেহনপুৰীত ৷ তেওঁৰ দেউতাক এজন আমোলা বিষয়া আছিল বাবে তেওঁ উত্তৰ প্রদেশৰ বিভিন্ন চহৰত ডাঙৰ–দীঘল হয় ৷ তেওঁ নতুন দিল্লীৰ দিল্লী বিশ্ববিদ্যালয়ৰ লেডী শ্রীৰাম কলেজত পঢ়ে ৷ তেওঁৰ প্রথম গল্প বেল পত্র ১৯৮৭ চনত সাহিত্য আলোচনী হেঞ্চত (Hans) প্রকাশিত হয় ৷ ১৯৯১ চনত তেওঁৰ প্রথমখন চুটিগল্পৰ সংকলন অনুগুঞ্জন প্রকাশিত হৈছিল ৷ তেওঁ এজনী লেখিকা হিচাপে খ্যাতি অর্জন কৰে মাই নামৰ উপন্যাসৰ হংৰাজী অনুবাদৰ পিছত ৷ উপন্যাসটোত উত্তৰ ভাৰতীয় মধ্যবিত্ত পৰিয়ালৰ তিনি প্রজন্মৰ নাৰী আৰু তেওঁলোকৰ আশে–পাশে থকা পুৰুষসকলৰ পৰিৱেশক বর্ণিত কৰিছে ৷ ছার্বিয়ান, কোৰিয়ান ভাষাকে ধৰি বিভিন্ন ভাষাত মাই উপন্যাসখন অনুবাদিত হৈছে ৷ এই উপন্যাসখনক ইংৰাজীত অনুবাদ কৰে সাহিত্য অকাডেমি বঁটাপ্রাপ্ত লেখক নীতা কুমাৰে ৷ উপন্যাসখন উর্দু ভাষাত অনুবাদ কৰিছে বসহিৰ উনৱানে ইন্তিজাৰ হুছেইনৰ পাতনিৰ সৈতে ৷ ফৰাচী ভাষাত অনুবাদ কৰিছে এনি মণ্টাউটে, জার্মানী ভাষাত অনুবাদ কৰিছে ৰেইনহোল্ড শেহনে ৷ তেওঁৰ দ্বিতীয়খন উপন্যাস হমাৰা চহৰ উচ বৰছ, উত্তৰ প্রদেশৰ বাবৰি মছজিদ ধবংসৰ ঘটনাক লৈ ৰচিত ৷ তেওঁৰ চতুর্থখন উপন্যাস খালী জগহ প্রকাশিত হৈছিল ২০০৬ চনত ৷ এই উপন্যাসখন হংৰাজীত অনুবাদ কৰিছে নিবেদিতা মেননে দ্য এম্পটি স্পেচ নামেৰে ৷ তেওঁৰ পঞ্চমখন উপন্যাস হল ২০১৮ চনত প্রকাশিত ৰেট সমাধি, যিখনৰ বাবে তেওঁ এহবাৰ আন্তঃৰাষ্ট্রীয় বুকাৰ বঁটা লাভ কৰিলে ৷ আন্তঃৰাষ্ট্রীয় বুকাৰ বঁটা লাভ কৰাৰ আগতে তেওঁ ইন্দু শর্মা কথা সন্মান লাভ কৰিছে ৷ তেওঁ সাংসৃক্তিক মন্ত্রালয় ভাৰত আৰু জাপান ফাউণ্ডেচনৰ এজনী সহকর্মী আছিল ৷ তেওঁ থিয়েটাৰতো অংশগ্রহণ কৰে আৰু লেখক, শিল্পী, নৃত্যশিল্পী আৰু চিত্রশিল্পীৰ সমন্বয়ত গঠিত থিয়েটাৰ গ্রুপ বিভাডিৰ (Vivadi) লগতো কাম কৰে ৷
টম্ব অৱ ছেণ্ডৰ অনুবাদক ডেইজী ৰকৱেল হল উত্তৰ নিউ হংলেণ্ডৰ হিন্দী আৰু উর্দু সাহিত্যৰ এগৰাকী চিত্রশিল্পী আৰু অনুবাদক৷ হিন্দী আৰু উর্দু ভাষাৰ পৰা ইংৰাজীলৈ অনুবাদ কৰা তেওঁৰ কিছুমান গ্রন্থ হল উপেন্দ্রনাথ আশকেৰৰ ফ্লায়িং লাল(২০১৫), ভীষম সাহানীৰ আমাছ (২০১৬, খাদিজা মস্তৰৰ দ্য উহমেন কোর্টিয়ার্ড৷ কৃষ বসতিৰ চূডান্ত উপন্যাসৰ অনুবাদ ইয়াতে এটি গুজৰাট তাতে এটি গুজৰাটৰ বাবে তেওঁ ২০১৯ চনত অলডো এণ্ড জিন স্ক্যগলিওন অনুবাদ পুৰস্কাৰ লাভ কৰে ৷ তেওঁ দ্য লিটল বুক অৱ টেৰৰ নামৰ গ্রন্থখন লিখে, যিখন এখন উগ্রপন্থীৰ বিশ্বযুদ্ধৰ ওপৰত চিত্রকর্মৰ প্রবন্ধ ৷ ২০১৪ চনত তেওঁ টেষ্ট(Taste) নামৰ উপন্যাস লিখিছে, যিখন ফক্সহেড বুকছ নামৰ প্রকাশনৰ দ্বাৰা প্রকাশিত হৈছিল ৷
মুঠতে গীতাঞ্জলি শ্রীৰ ৰেট সমাধি হল এজনী বৃদ্ধ মহিলাৰ জীৱনগাথা, যত আছে বন্ধুত্ব, বিভাজন, আহ–পুত্র, আহ–পুত্রী আৰু প্রেমৰ ৰসালতা ৷ সম্পূর্ণ বিশ্ব বিভিন্ন আন্তঃৰাষ্ট্রীয় সীমাৰে বিভাজিত হৈ আছে ৷ কিন্তু এই সীমাৰেখাৰ কোনো অস্তিত্ব নাই চৰাহ, নদী, বায়ু আৰু শব্দৰ ৷ শব্দই ভাষাৰ সীমাক অতিক্রম কৰি পাঠকৰ হূদয়ত নিজৰ স্থান বিচাৰি লয় ৷ উপন্যাসৰ চৰিত্রই নিজৰ মাটি, নিজৰ দেশৰ সুগন্ধ অন্য ভাষাৰেও ঠিক তেনেকৈয়ে বিলাব পাৰে, যেনেকৈ নিজৰ ভাষাৰে সম্ভৱ ৷
ফোনছঃ ৮৬৩৮৯-৪৭২৯২