ফুল আমাৰ জীৱনৰ সুবাস
ফুলৰ বাগিচাৰ যি গৌৰৱ, সেয়া হল প্রকৃতিৰ হূদয় ৷ ফুলে কেৱল শৰীৰ বা মনটোকে তৃপ্ত নকৰে, ই যে আত্মাৰো তৃষা পূৰণ কৰে ৷ কেৱল বাগিচাৰ মালীয়েহে জানে ফুলবোৰে কেনেকৈ মানুহৰ আশা আৰু সুখ হৈ ফুলে ৷ মনোৰঞ্জনেৰে মানসিক স্বাস্থ্য গঢ়ে ৷ মনৰ মেজাজ নির্ণয় কৰি শান্তি দিয়ে ৷ ঋণাত্মক চিন্তা আৰু অনুভৱক দূৰ কৰে ৷ ফুলৰ বাগিচাই আমাক মুগ্ধ কৰি লৈ যায় ৰদৰ কোলালৈ, যত আমি পাওঁ ভিটামিন ডি শৰীৰৰ বাবে, প্রেৰণা পাওঁ মনৰ বাবে৷ ফুলে আমাৰ মগজুত ৰাসায়নিক শিহৰণ জগাই সুখ দিয়ে, স্মৃতিবোৰ ফুলৰ সুগন্ধ হৈ জীৱনত বিয়পি পৰে ৷ সমুদ্র মন্থনত ওলোৱা পাৰিজাত ফুলৰ পুলিটোক দেৱৰাজ ইন্দ্রই লৈ গৈছিল পত্নী ইন্দ্রাণীক উপহাৰ দিবলৈ ৷ স্বর্গত লহপহকৈ বাঢ়ি ফুলিছিল পাৰিজাত ফুল ৷ এই ফুলৰ বাবে কৃষ্ণৰ পত্নী ৰুক্মিণী আৰু সত্যভমাৰ মাজত কিমান যে অভিমান অৱশেষত কৃষ্ণই পাৰিজাত ফুল আনিবৰ বাবে স্বর্গলৈ গৈ যুদ্ধ কৰিব লগা হৈছিল৷ ইন্দ্র–কৃষ্ণ, শচী–সত্যভমাৰ হেঁপাহৰ পাৰিজাত ফুল ৷ ফুলেৰে ভৰি থাকে আমাৰ পৌৰাণিক আৰু লোকগাথাসমূহ৷ আধুনিক জীৱনৰো সপ্তম আষ্চর্যৰ এটি হৈ ৰৈছে বেবিলনৰ ওলমা বাগিচা ৷ যুদ্ধ, খহনীয়া আৰু ভূমিকম্পয়ো যাৰ সৌন্দর্য হ্রাস কৰিব পৰা নাই ৷ যি ফালেই চাওঁ, পৌৰাণিক দিনবোৰতো পাওঁ হেৰাই যোৱা ফুলৰ সুবাস ৷ বাইবেলৰ মতেও The book of Genesis বেবিলনবাসীয়ে ফুলৰ সাজোনেৰে এখন সুন্দৰ নগৰী নির্মাণেৰে নিজৰ নাম ৰাখি থৈ যাব খুজিছিল ৷ গ্রীক বুৰঞ্জীবিদসকলেও এনে ওলমা বাগিচাৰ কথা লিখি থৈ গৈছে, যাক বিশেষ ব্যতিক্রমী কাৰিকৰী কৌশলেৰে পানী দিয়াৰ ব্যৱস্থা কৰা হৈছিল ৷ ডাটচ্সকলৰ সোণালী যুগত এক টিউলিপ মেনিয়াই গঢ় লৈ উঠিছিল ৷ সুদৃশ্য টিউলিপৰ থোপাবোৰৰ মূল্যই চমক সৃষ্টি কৰিছিল খ্রীঃপূঃ ১৬৩৪ আৰু ১৬৩৭ৰ কালছোৱাত৷ টিউলিপৰ মূল্যই এক সাধাৰণ লোকৰ বার্ষিক আয়কো চেৰ পেলাইছিল ৷ টিউলিপছ হৈ পৰিছিল সম্পদ–আভিজাত্যৰ প্রতীক৷ লাহে লাহে ই শিল্পকলা, উৎসৱবোৰতো প্রভাৱ পেলাইছিল ৷ দুষ্প্রাপ্য ফুলবোৰৰ বাবে মানুহ যেন বলিয়া হৈ পৰিছিল ৷ ক্রেতাই এশ বা হাজাৰ বাগিচা কিনাৰ প্রতিশ্রুতি পূৰণ কৰিব নোৱাৰি হাহাকাৰ কৰিছিল ৷ কাৰোবাৰ কীর্তি খহিছিল, কাৰোবাৰ সম্পর্ক ভাগিছিল ৷ আজিও হাজাৰ হাজাৰ অনুৰাগীয়ে টিউলিপৰ অপূর্ব বাগিচা দর্শন কৰি সৌভাগ্যৱান হয় ৷ যশ চোপ্রাই দিল চিলা ছবিৰ জৰিয়তে টিউলিপ বাগিচাৰ যেন অমৰত্বহে প্রদান কৰিলে ৷
ভার্ছেইলছৰ প্রাসাদত থকা বিশাল বাগিচাবোৰ চল্লিশ বছৰ ধৰি নির্মাণ কৰা হৈছিল ৷ আমাৰ দেশলৈ মোগলসকলে মোগল গার্ডেনৰ ধাৰণা আনিছিল ৷ ওখ প্রাচীৰেৰে ঘেৰা বর্গক্ষেত্র বা আয়তাকাৰ ফুলৰ বাগান ৷ পিছলৈ ইয়াক বিশেষধৰণে শোভাবর্ধন কৰাৰ ন ন কৌশল লোৱা হৈছিল ৷ স্থাপত্যৰ ন ন প্রযুক্তিৰে পানীৰ ফোঁৱাৰা, জলপ্রপাত আৰু পানী দিয়াৰ বিভিন্ন প্রণালী তৈয়াৰ কৰা হৈছিল ৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে আমাৰ ৰাষ্ট্রপতি ভৱনৰ মোগল গার্ডেনত ১৫৯বিধ গোলাপ ফুল আছে ৷ ইয়াৰে কলা গোলাপ হল এক বিৰল প্রজাতি ৷
ফুলৰ বাগিচাই যুগ যুগ ধৰি মানুহক সন্মোহিত কৰি আহিছে ৷ ৰজাৰ পৰা সাধাৰণ প্রজালৈকে সকলোৱেই ফুলৰ সৌন্দর্যত মুগ্ধ৷ ফুল আমাৰ জীৱনৰ সুবাস ৷