নিঃসংগতাৰ লগৰী বাগিচা

কাকলি বৰা

চোতাল শুৱনি কৰা সৌন্দর্যৰ আকৰ ৷ এখন ঘৰৰ সৌন্দর্যতা নির্ভৰ কৰে বাগিচাৰ ওপৰত ৷ মন প্রফুল্লিত কৰিবৰ বাবে উদাসী মন লৈ এপলক বাগিচাত খোজ কাঢ়িলেই যথেষ্ট ৷ এটা পৰিয়ালৰ বাবে ঘৰখনেই হৈছে সুখ–শান্তি–আানন্দৰ আলয় ৷ আমাৰ এই সকলোৰে মৰমৰ ঘৰখনক আটকধুনীয়াকৈ সজাই তুলিব পাৰি এখন সুন্দৰ ফুলৰ বাগিচাৰে৷ যাক পুৱাই দেখি আমাৰ মন–প্রাণ সজীৱ হৈ উঠে ৷ যিসকল লোকৰ নিজাববীয়াকৈ এখন বাগিচা গঢ়িব পৰাকৈ ঘৰ–মাটি আছে, সেইসকলে সুন্দৰভাৱে এখন সুসংহত বাগিচা গঢ়ি তুলিব পাৰে ৷ আগৰ তুলনাত আজিকালি আমাৰ প্রায়বোৰ মানুহৰ ঘৰৰ সন্মুখত চোতাল নাই বুলিবই পাৰি ৷ সেয়া বিভিন্ন কাৰণত হব পাৰে৷ সেয়ে পদূলিমুখতেই হওক বা ঘৰৰ ছাদতেই হওক, একোখন ফুলনি বাগিচা কৰাটো  সকলোৱে প্রয়োজনবোধ কৰে ৷ এই ফুলনি বাগিচাবোৰ আটকধুনীয়া কৰি তোলে ৰং–বিৰঙৰ লাজুক লাজুকভাৱে ফুলি থকা ফুলবোৰে ৷

ফুল প্রকৃতিৰ সবাতোকৈ সুন্দৰ অলংকাৰ ৷ এই ফুলে সকলোৰে মনপ্রাণ আকর্ষিত কৰে ৷ ফুলৰ মধুময় সুবাসে চৌদিশে এক অভিনৱ পৰিৱেশৰ সৃষ্টি কৰে ৷ প্রকৃতিক জাগ্রত কৰি তোলে ৷  ফুলৰ মাজতেই আছে প্রেম, ভালপোৱা, আনন্দ, আৱেগ আৰু শিহৰণ ৷ ফুলে মানুহৰ জীৱন ৰঙীন কৰি তোলে ৷ নিষ্প্রাণ মনক সতেজ কৰিব পৰা মুখ্য আকৰ হৈছে ফুল ৷ ফুলৰ সৌন্দর্য সুধা পান নকৰা লোক হয়তো এই পৃথিৱীত দ্বিতীয়জন নোলাব ৷ ফুলক আলম কৰিয়েই সৃষ্টি হৈছে বহু গীত, কাহিনী তথা লোককথাৰ ৷ উদাসী মনক সুবাসিত কৰি তুলিব পাৰে এপাহি ফুলে৷ উৰুঙা উৰুঙা লাগি থকা মনক এপাহি ফুলে দিব পাৰে সৃষ্টিৰ অভিনৱ সমল ৷ ফুল মানুহৰ জীৱনৰ অবিচেছদ্য অংগ ৷

ঋতু অনুসৰি বিভিন্ন ধৰণৰ ফুলে বাগিচা শুৱনি কৰি তোলে৷ জাৰকালিত বাগিচাবোৰ মনোমোহা কৰি তোলে এই ফুলবোৰে মেৰীগল্ড, জিনিয়া, ডালিয়া, ক্রিচেনথিনিয়াম, পুটনিয়া গোলাপ, পপী, ছুইটপি৷ ইয়াৰ উপৰি নার্জী, মাধৈমালতী, অপৰাজিতা আদি ফুলবোৰে বাগিচাৰ সৌন্দর্য দুগুণে বৃদ্ধি কৰে ৷

ঋতুভেদে প্রকৃতিয়ে নৰূপেৰে সাজি–কাচি সকলোৰে মন আৱেগত উন্মনা কৰি তোলে ৷ জহকালি বা গ্রীষ্ম ঋতুত বাগিচা শুৱনি কৰা ফুলবোৰৰ ভিতৰত আমি লিলি, খৰগেছনট, কছমছ, পপীএনথৰিয়াম, জাববেৰিয়া, ডেইজী, এছিয়াটিকলিলি, অর্কিডকে ধৰি ভিন্ন ফুলৰ নাম কব পাৰোঁ ৷

বাগিচাবোৰ মানুহৰ নিঃসংগতাৰ লগৰীও হৈ পৰে ৷ মানুহ এটা সময়ত বহু বেছি নিঃসংগ হৈ পৰিব লগা এটা অৱস্থা আহি পৰে৷ এই সময়বোৰ বিভিন্ন লোকে বিভিন্ন ধৰণৰ নিজৰ নিজৰ ভাল কামবোৰ কৰি সময় অতিবাহিত কৰে ৷ সেয়া কিতাপ পপাই হওক বা বিভিন্ন খেল–ধেমালি কৰাই হওক, কিছুমানে আকৌ বিভিন্ন ধৰণৰ শাক–পাচলি আৰু ফুলনি বাগিচা পাতি কর্মব্যস্ত হৈ থাকিব বিচাৰে ৷ ইয়াৰ বাবে লাগে এক মৰম আকলুৱা সতেজ–সক্রিয় মন ৷

ব্যস্ততাপূর্ণ জীৱনৰ পৰা অৱসাদ, দুষ্চিন্তা, হতাশা আদি দূৰ কৰিবৰ বাবেও বাগিচাৰ আমি সহায় লব পাৰোঁ, যিয়ে আমাৰ দৃষ্টি আপোনা আপুনি আকর্ষণ কৰে ৷ যাৰ এপলক চাৱনিয়ে আমাৰ মনলৈ আনিব পাৰে এক তৃপ্তিৰ প্রশান্তি ৷

ফুলনি বাগিচাসমূহে অকল আমাক সময় অতিবাহিত কৰাৰেই নহয়, আমাৰ স্বাস্থ্য সুস্থ কৰি ৰখাতো এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে ৷ আমাৰ মনৰ লগত স্বাস্থ্যৰ এক নিবিড় সম্পর্ক আছে ৷  মন সজীৱ হৈ থাকিলেহে আমাৰ স্বাস্থ্য সুন্দৰ আৰু সতেজ হৈ থাকিব৷ সৰু সৰু ফুলৰ পুলিবোৰ ডাঙৰ হৈ একোজোপা পূর্ণাংগ ফুলগছলৈ ৰূপান্তৰিত হয়, যত নানান প্রকাৰৰ সুন্দৰ মনোমোহা থোপাথোপে ডালভৰি ফুলবোৰ ফুলি জাতিষ্কাৰ হব ৷ তেতিয়াই আমাৰ মন নতুন সৃষ্টিৰে উৎফুল্লিত হৈ পৰিব৷ উদ্ভিদেও মানুহৰ স্পর্শ ভাল পায় ৷ কিয়নো উদ্ভিদবোৰ অতি সংবেদনশীল আৰু স্পর্শকাতৰ৷ ফুলবোৰে লালন–পালন কৰোঁতাজনক সদায় অপেক্ষা কৰি ৰয়৷ ফুলবোৰৰ গুৰিত সাৰপানী দি তাক জীয়াই ৰখাই মানুহৰ মনত এক অতৃপ্ত আনন্দ প্রদান কৰে ৷

বর্তমান সময়ত মানুহ বিভিন্ন ৰোগত আক্রান্ত হোৱা দেখা যায়৷ যাৰ বাবে সকলোৱে স্বাস্থ্য সুস্থ কৰি ৰাখিবলৈ যত্ন কৰে৷ সেইবাবে সকলোৱে ব্যায়াম, খাদ্য তালিকা আদিৰ ওপৰত গুৰুত্ব দিয়ে ৷ ফুলৰ বাগিচাবোৰক যিসকল তদাৰক কৰে, তেওঁলোকৰ মনলৈ সদায় ইতিবাচক চিন্তা আহে ৷ ফুলনিত থকা সময়ত ফুলৰ ডালপাত কাটি, বন–জাবৰ খুঁচৰি পৰিষ্কাৰ কৰি থাকিলে মানুহৰ কঁকালৰ বিষ, আঁঠুৰ বিষ আদি নাইকিয়া হয় ৷ ইয়ো একপ্রকাৰৰ সুন্দৰ ব্যায়াম ৷ পুৱা–গধূলি বাগিচাত খোজকািিলে বিশুদ্ধ বায়ু সেৱন কৰাৰ লগতে আমাৰ মন–মগজু সজীৱ হৈ থাকে ৷ যিয়ে আমাৰ স্বাস্থ্য সুস্থ কৰি ৰখাত যথেষ্ট সহায়ক হৈ পৰে ৷

সুন্দৰ ফুলৰ বাগিচাবোৰ আমাৰ নিঃসংগৰ লগৰী হৈ পৰাৰ লগতে বাগিচা সাজি আমি আমাৰ লগতে আমাৰ চাৰিওফালৰ পৰিৱেশ সুস্থ কৰি ৰাখিব পাৰোঁ ৷ চাৰিওফালে সেউজীয়াৰে জাতিষ্কাৰ কৰি তুলিব পাৰোঁ ৷ ফুলনি বাগিচাত ফুলি থকা ফুলৰ ভিন্ন ঔষধি গুণে চাৰিওদিশৰ পৰিৱেশ বিশুদ্ধ কৰি তুলিব পাৰি ৷ ঘৰৰ সন্মুখত থকা তুলসী, পদূলিমুখত থকা শেৱালি, নিমগছ আদিয়ে বিভিন্ন বসন্তজাতীয় ৰোগ নিৰাময় কৰে৷ লগতে চৌপাশৰ বায়ু নির্মল কৰি ৰাখে ৷

বাগিচাই মানুহক জীয়াই ৰখাৰ প্রেৰণা প্রদান কৰে ৷ জীৱনটোক নতুনকৈ সজাই তুলিবলৈ সাহস দিয়ে ৷ জীৱনৰ সকলো অৱসাদ–হতাশা আদি আঁতৰাই অনাগত দিনবোৰ নকৈ সজাই তোলে ৷ জীৱনটো অতিবাহিত কৰিবলৈ এক অদম্য সাহস আৰু প্রেৰণাৰ আধাৰ কৰি লব পাৰি বাগিচাক ৷

ফোনঃ ৮৪৮৬৫-৪২৭৪০

You might also like
Leave A Reply

Your email address will not be published.