ড: স্মৃতিমালা শর্মা
পৰিৱেশ বিজ্ঞানী প্রফেছৰ কৌশিক বৰুৱাৰ হাতত ডি এছ এল আৰ কেমেৰাটো লৈ ঘন জংঘলৰ মাজে মাজে লুংলুঙীয়া বাটটোৰে আগবাঢ়িল ৷ প্রায় তিনিটা দশকৰ অন্তত নিজৰ জন্মস্থানলৈ ঘূৰি আহিছে প্রফেছৰ বৰুৱা ৷
কাঞ্চনপুৰ ৷ এই সৰু গাঁওখনতে জন্ম হৈছিল খ্যাতনামা পৰিৱেশবিদ কৌশিক বৰুৱাৰ ৷ জলসিঞ্চন বিভাগৰ অভিযন্তা পিতৃ সর্বেশ্বৰ বৰুৱাৰ কর্মসূত্রে শৈশৱ–কৈশোৰৰ ষোল্লটা বসন্ত কাঞ্চনপুৰতে পাৰ কৰিছিল কৌশিক বৰুৱাই ৷ কাঞ্চনপুৰৰ কাষেদিয়েই বৈ গৈছিল কাঞ্চনমতী নদী ৷ খৰালিৰ শান্ত সমাহিত কাঞ্চনমতীয়ে বাৰিষা উগ্রমূর্তি ধাৰণ কৰি দুয়োপাৰ ওপচাহ প্লাৱন আনিছিল ৷ কাঞ্চনপুৰৰ গঞাৰ হেঁপাহৰ সেউজীয়া ৰোৱাতী পথাৰবোৰ কাঞ্চনমতীৰ বানে বিধবস্ত কৰি তুলিছিল ৷ খেতিপ্রধান গাঁওবাসীৰ সোণোৱালী সপোন এটা প্লাৱনতে চূৰমাৰ হৈছিল ৷ প্রতিবছৰেই গাঁৱৰ এই পৰিৱেশটোৱে দুচকু সেমেকাই তুলিছিল অনুভূতিপ্রৱণ কৌশিক বৰুৱাৰ ৷ এই বানপানী প্রতিৰোধৰ উপায় চিন্তা কৰি কৰি পঢ়া টেবুলতে টোপনি গৈছিল কৌশিক ৷
‘বৰমাক লগাইহে দিম ৷ পঢ়িবলৈ এৰি তুমি টেবুলত শুহ আছা হ’বলা ?’
কৰৱীৰ চিনাকি মাতটোত খকমককৈ সাৰ পাহ উঠিছিল কৌশিকে ৷
‘নক’বা মাক ৷ মই কিবা এটা ভাবি আছিলোঁ ৷’
কৰৱীয়ে মনে মনে আশা কৰিছিল, কৌশিকে চাগৈ তাইৰ কথাই ভাবি থকা বুলি কব ৷ চঞ্চল মনটোৰ কৌতূহল বশ কৰিব নোৱাৰি তাই পুনৰ সুধিলে,
‘মোৰ কথাই ভাবি আছিলা ন ?’
‘কাম নাই নেকি মোৰ ?’
‘ইস তুমি যে খিৰিকীৰে দুপৰীয়া আমাৰ ঘৰৰ ফালে চাই থাকা, মই দেখা নাই বুলি ভাবিছা ?’
‘খিৰিকীৰে মই কাঞ্চনমতীক চাওঁ ৷ তোমাক খিৰিকীৰে চোৱাৰ কি দৰকাৰ দিনটোত দুই–তিনিবাৰ তুমি আমাৰ ঘৰলৈ আহাই দেখোন ৷’
‘আৰু নাহোঁ যোৱা ৷’ অভিমান কৰি ঘৰলৈ যাবলৈ ওলোৱা কৰৱীৰ সোঁহাতত ধৰি ৰখাই দিয়ে কৌশিকে ৷
একো নামাতি তলমূৰ কৰি ৰয় কৰৱী ৷
‘কৰৱী, সঁচাকৈয়ে তুমি জানিবলৈ বিচৰানে মই কি ভাবি ভাবি টোপনি গৈছিলোঁ ? ‘
কৰৱীৰ মুখখন হঠাতে উজ্জ্বল হৈ উঠে ৷ গাল দুখন ৰঙা পৰি আহে ৷ বুকুৰ ধপধপনি বাঢ়ে ৷
‘মই কি ভাবি আছিলোঁ জানা, আমি যেতিয়া ডাঙৰ হম, কাঞ্চনমতী নদীৰ কাষে কাষে ঢেৰ গছ পুলি ৰুম ৷ গছ–গছনিয়ে বানপানী প্রতিৰোধ কৰিব পাৰে ৷ খহনীয়া ৰোধ কৰিব পাৰে ৷ ইয়াত এখন অৰণ্য গঢ়ি উঠিলে কাঞ্চনপুৰত প্রতিবছৰে বানপানী বহুত কমি যাব ৷ গাঁওবাসীৰ মুখত হাঁহি বিৰিঙি উঠিব ৷ ‘
কৰৱীয়ে কৌশিকৰ কথাবোৰ মন দি শুনিছিল ৷
জলসিঞ্চন বিভাগৰ চতুর্থবর্গৰ কর্মচাৰী ৰমণী দাসৰ কন্যা কৰৱী ৷ কৌশিক আৰু কৰৱী একেখন বিদ্যালয়তে পঢ়ে ৷ কৌশিক কৰৱীতকৈ দুটা শ্রেণী ওপৰত ৷
কাঞ্চনমতী নদীৰ পাৰত অৱস্থিত জলসিঞ্চন বিভাগৰ চৰকাৰী আৱাসিক চৌহদত কেহবাটাও কোৱার্টাৰ আছে যদিও স্থায়ীভাৱে সর্বেশ্বৰ বৰুৱা আৰু ৰমণী দাসৰ পৰিয়াল দুটাহে কোৱার্টাৰত থাকে ৷ সেয়েহে দুয়োখন ঘৰৰ মাজত আছে এক আন্তৰিক সহৃদয়তা ৷
কাঞ্চনমতী নদীৰ পাৰত বালিঘৰ খেলি খেলি কৌশিক আৰু কৰৱী ডাঙৰ হৈছে ৷ যিমানেই শৈশৱৰ পৰা কৈশোৰৰ ফালে গতি কৰিছে কৌশিকৰ প্রতি কৰৱীৰ অনুভৱবোৰ সলনি হৈছে ৷ কৌশিকক দিনটোত এবাৰ নেদেখিলে মনটো ভাল নালাগে তাইৰ ৷
মথাউৰিটোত বহি নদীৰ পানীৰ জলতৰংগ চাহ আত্মবিভোৰ হৈ থকা কৌশিকৰ কাণত বন এডাল সুমুৱাই দি কৰৱীয়ে সোধে, ‘তুমি যে নদীখন ইমান মন দি চাহ থাকা ?’
‘মোৰ ভাল লাগে ৷’
‘মই যে ওচৰত থাকিলেও এবাৰো তুমি মোৰ ফালে নোচোৱা ৷ নদীখনলৈ হিংসাই লাগে মোৰ ৷’
‘কি যে ছোৱালী তুমি ৷ সদায় তোমাক দেখিয়ে থাকোঁ দেখোন ৷ বেলেগকৈ আকৌ চাবলৈ কি আছে ?’
তুমি কিতাপৰ পোক ৷ আৰু একো বুজি নোপোৱা ৷
‘এনে বুজি পোৱাজনী…’ কৌশিকে মুখৰ ভিতৰতে কয় ৷
কৰৱীৰ যে কেতিয়াবা চিঞৰি চিঞৰি কবলৈ মন যায়, ‘কৌশিক দাদা, মই তোমাৰ প্রেমত পৰিছোঁ ৷ তুমি নুবুজা কিয় ?’
পিছমুহূর্ততে তাই ভাবে, ‘মই কিয় আগতে কম, তুমিওতো মোক ভালপোৱা ৷ তুমি নোকোৱা কিয় ?’
সময়বোৰ পাৰ হৈ যায় ৷ এদিন অসমৰ ভিতৰতে ষষ্ঠ স্থান পাই মেড্রিকৰ ডেওনা পাৰ হয় কৌশিকে ৷ কটন কলেজত উচ্চ শিক্ষাৰ বাবে যাবলৈ ওলোৱা কৌশিকৰ কোঠালৈ কৰৱী সোমাই আহে ৷
তুমি মোলৈ চিঠি লিখিবা কৌশিক দাদা ৷ মহানগৰীলৈ গৈ মোক পাহৰি নাযাবা ৷
কৌশিকো আৱেগিক হৈ পৰে ৷
‘তোমাক আৰু এই নদীখনক মই কেতিয়াও পাহৰিব নোৱাৰোঁ, কৰৱী ৷ তুমি ভালকৈ পঢ়া–শুনা কৰিবা ৷’
কৌশিকৰ দেউতাকৰ প্রমোচন হ’ল ৷ কাঞ্চনপুৰৰ চৰকাৰী আৱাস এৰি সর্বেশ্বৰ বৰুৱাৰ পৰিয়াল গুৱাহাটীলৈ গুচি গ’ল ৷ কৌশিকে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাও সুখ্যাতিৰে উত্তীর্ণ হৈ পৰিৱেশ বিজ্ঞান পঢ়িবলৈ বেংগালুৰুলৈ গ’ল ৷ পৰিৱেশ বিজ্ঞানতে মন–প্রাণ সঁপি দিয়া কৌশিক বৰুৱা এতিয়া জার্মানীৰ এটা বিখ্যাত পৰিৱেশ বিজ্ঞান প্রতিষ্ঠানৰ প্রফেছৰ ৷ কেইবাটাও বিখ্যাত প্রকল্পৰ গৱেষণাৰ বাবে বিভিন্ন বঁটাৰে সন্মানিত হৈছে কৌশিক বৰুৱা ৷
গৱেষণাতেই আত্মনিয়োগ কৰা কৌশিক বৰুৱা আজি কাঞ্চনপুৰলৈ ঘূৰি আহিছে ৷ কাঞ্চনপুৰ এতিয়া আৰু বানেগৰকা গাঁও হৈ থকা নাই ৷ কাঞ্চনমতী নদীৰ পাৰে পাৰে কাঞ্চনপুৰ গাঁৱৰ এটা বিস্তৃত অঞ্চলজুৰি এখন অটব্য অৰণ্য গঢ়ি উঠিছে ৷ আগতে ইয়াত অৰণ্য নাছিল ৷ এতিয়া নদীৰ মথাউৰিটোৰ কাষে কাষে অসংখ্য গছ ৷ চৰাই–চিৰিকটিৰ কিচিৰ–মিচিৰ কাকলিয়ে কৌশিক বৰুৱাক নষ্টালজিক কৰি তুলিছে ৷ ইমান দিনে গৱেষণাই জীৱনৰ মূল লক্ষ্য বুলি ভাবি থকা কৌশিক বৰুৱাৰ আজি কৰৱীলৈ মনত পৰিছে ৷
চৰাই–চিৰিকটিৰ মাত শুনি আত্মবিভোৰ হৈ পৰা কৌশিকক যেন পিছফালৰ পৰা কোনোবাই হঠাতে আহি কব, ইমানকৈ কি ভাবি আছা ।
মই কেতেকী, মই কেতেকী বুলি কেতেকী চৰাই এজনীৰ মাত অৰণ্যৰ গভীৰতাৰ পৰা ভাহি আহিল ৷ প্রফেছৰ কৌশিক বৰুৱাৰ এনেকুৱা লাগিল সেয়া যেন কৰৱীৰহে মাত মই কৰৱী, মই কৰৱী ৷
কৰৱীলৈ আজি বৰকৈ মনত পৰিছে কৌশিক বৰুৱাৰ ৷ কৰৱীৰ শেষ চিঠিখনত কৰৱীয়ে কৌশিকক নিজৰ বিয়ালৈ মাতিছিল ৷ গৱেষণাত ব্যস্ত হৈ থকা কৌশিক আহিব পৰা নাছিল ৷ তাৰ পিছৰে পৰা কৰৱীৰ লগত যোগাযোগ সম্পূর্ণৰূপে বন্ধ হৈ পৰিছিল ৷
জংঘলৰ মাজৰ লুংলুঙীয়া বাটটোৰে কৌশিক বৰুৱা আগবাঢ়ি গৈ থাকিল ৷ জংঘলৰ মাজতে এটা সৰু চাংঘৰ দেখি কৌশিক বৰুৱা ৰৈ গ’ল ৷ চাংঘৰটোৰ চৌহদত বিভিন্ন ঔষধি আৰু ফলৰ গছ ৷ এজাক বান্দৰে চাংঘৰটোৰ তলে–ওপৰে জঁপিয়াই ধেমালি কৰি আছে ৷ কের্কেটুৱা এটাই পোৱালি এটাৰ সৈতে আম গছজোপাৰ ডালৰ পৰা কৌশিক বৰুৱাৰ ফালে ৰ লাগি চাইছে ৷ চল্লিশোধর্ব মহিলা এগৰাকীয়ে ৰ’দত আদা শুকুৱাইছে ৷ কৌশিক বৰুৱা চৌহদটোলৈ সোমাই গ’ল ৷
মহিলাগৰাকীয়ে আচৰিত হৈ কলে,
কৌশিক দাদা, তুমি ৷
কৰৱী তুমি ৷
কৰৱী বহুত সলনি হ’ল ৷ কিন্তু কৰৱীৰ শুৱলা মাতটোৰ আন্তৰিকতা একেই আছে ৷ সেয়ে কৌশিক বৰুৱাৰো চিনি পাবলৈ বেছি সময় নালাগিল ৷ আজি প্রায় ত্রিশটা বসন্তৰ অন্ততঃ কৰৱীৰ মুখামুখি হৈছে কৌশিক ৷
ইমান বছৰৰ মূৰত যে তোমাক দেখা পালোঁ ৷
সঁচাকৈয়ে বহুত বছৰেই হল ৷ কিন্তু তুমি এই অটব্য অৰণ্যখনৰ মাজত কি কৰিছা ?
এতিয়া এই অৰণ্যখনেই মোৰ ঘৰ ৷
তোমাৰ স্বামী কত থাকে ?
একো উত্তৰ নিদিলে কৰৱীয়ে ৷
তুমিতো মোক বিয়ালৈ মাতিছিলা কৰৱী
সেইবোৰ বহুত কথা কৌশিক দাদা ৷
কবানে মোক কথাবোৰ ৷
কিছু সময় চিন্তা কৰি কৰৱীয়ে কৈ গ’ল ৷
মোৰ জীৱনৰ লক্ষ্য একো নাছিল ৷ এটা সময় আছিল মোৰ সকলো চিন্তাৰ আদি আৰু অন্ত আছিলা তুমি ৷ যেতিয়া তুমি জার্মানীলৈ গৱেষণা কৰিবলৈ গলা, তেতিয়া হঠাতে তোমাৰ এটা সপোনৰ কথা মোৰ মনত পৰিল ৷ আৰু মই সেই সপোনটোৰ সৈতে বিবাহত বহাৰ সিদ্ধান্ত ললোঁ ৷ কাঞ্চনমতীৰ পাৰত প্রথম গছপুলিটো আমি একেলগে ৰুম বুলি ভাবিছিলোঁ ৷ সেয়েহে তোমাক নিমন্ত্রণ জনাইছিলোঁ ৷ তুমি নাহিলা যদিও মই নিৰুৎসাহ নহলোঁ ৷ প্রতিদিনেই তোমাৰ সপোনটো জীয়াই ৰাখিবলৈ মই সিদ্ধান্ত ললোঁ ৷ গছপুলি ৰুহ গলোঁ ৷ গছপুলিবোৰৰ যত্ন ললোঁ ৷ লাহে লাহে গছৰ সংখ্যা বাঢ়ি গ’ল ৷ সৰু হাবিখনে অৰণ্যৰ ৰূপ ল’লে ৷ যোৱা কেইবাবছৰো কাঞ্চনপুৰত বানপানী হোৱা নাই ৷
কৰৱী, মই শব্দহীন হৈ পৰিছোঁ ৷ সেই অবুজ সৰু ছোৱালীজনী কেতিয়া ইমান বুজন হল ৷
সময় আৰু পৰিস্থিতিয়ে মানুহক বাধ্য কৰে ৷
মহ এটা কথা ভাবিছোঁ কৰৱী ৷
কৰৱীৰ মুখত কোনো কৌতূহল নাই ৷
কি কথা ?
মই জার্মানীৰ পৰা একেবাৰে ইয়ালৈ গুচি আহিম ৷
ইয়ালৈ আহি কি কৰিবা ?
আমি অসমৰ প্রতিখন নদীৰ পাৰে পাৰে একোখন সপোনৰ সেউজীয়া অৰণ্য গঢ়ি তুলিম ৷
এজাক শীতল বতাহে দুয়োকে শিহৰিত কৰি তোলে ৷ বনৰীয়া কপৌফুলৰ এটি মিঠা সুগন্ধি চৌপাশে বিয়পি পৰে ৷
ফোন : ৯৭০৬৪-১০৮১৩