মুনীন হুজুৰী
শৰীৰটোৰ বিষয়ে জানি ইয়াৰ দ্বাৰা আপোনাক চিকিৎসকৰ কার্যত হস্তক্ষেপ কৰিব কোৱা নাই৷ ৰোগ প্রতিৰোধৰ বাবেহে আপোনাৰ শৰীৰটোৰ বিষয়ে জানিব কৈছেছা৷ নিজে ভুল কৰি বা জ্ঞানৰ অভাৱত ৰুগীয়া শৰীৰটো নি চিকিৎসকক ঠিক কৰিবলৈ দিয়াতকৈ যিমান পাৰি শৰীৰটোৰ ছিষ্টেম আৰু প্রয়োজনবোৰ জানি ৰোগ প্রতিৰোধত গুৰুত্ব দিয়াটো দৰকাৰ৷ এসময়ত চীন দেশত হেনো চৰকাৰী চিকিৎসকসকলক দৰমহা দিয়া হৈছিল একমাত্র ৰোগ প্রতিৰোধৰ বাবেহে, চিকিৎসাৰ বাবে নহয়৷ গতিকে চিকিৎসকসকলে বিভিন্ন প্রগ্রাম, আঁচনি আদিৰ দ্বাৰা ৰোগ প্রতিৰোধৰ ওপৰত যথেষ্ট গুৰুত্ব দিছিল৷ যদি চিকিৎসকজনৰ এৰিয়াত কোনো লোকৰ চিকিৎসাৰ প্রয়োজন হয়, তেন্তে মানুহজনক চিকিৎসাৰে আৰোগ্য কৰাটো চিকিৎসকজনৰ দায়িত্ব৷ ৰোগ প্রতিৰোধৰ বাবে বা সজাগতাৰ বাবে বহুতো চিকিৎসালয়ত নামমাত্র ব্যৱস্থা থাকে৷ প্রতিবছৰে স্বাস্থ্য পৰীক্ষণ, জীৱনশৈলীৰ পৰিৱর্তন, হেল্থ কার্ড আদিত স্বাস্থ্য সম্বন্ধীয় তথ্য অন্তর্ভুক্তিৰ দ্বাৰা স্বাস্থ্য সজাগতাৰ ব্যৱস্থাপনা আমাৰ দেশত নাই৷ ৰোগ প্রতিৰোধৰ বাবে বা সুস্বাস্থ্যৰ বাবে শৰীৰটোৰ বিষয়ে জানিব লাগে৷ পুৰণি কালত প্রায়ভাগ মানুহে নিজৰ শৰীৰ বিষয়ে জনাৰ ইচ্ছুক আছিল বুলি প্রমাণ পোৱা যায়৷ কিন্তু নতুন নতুন জীৱনশৈলী আৰু চিন্তাধাৰাৰ উদ্ভৱৰ ফলত বর্তমান বেছিভাগ মানুহে ৰোগ প্রতিৰোধক নিজে গুৰুত্ব দিয়াতকৈ ৰোগৰ পিছত চিকিৎসাৰ দ্বাৰা আৰোগ্য হোৱাত অধিক গুৰুত্ব দিয়ে৷ গতিকে শৰীৰটোৰ বিষয়ে সহজভাৱে জানিবলগীয়া মৌলিক কথা কিছুমান ইয়াৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ৷
শৰীৰটোক যদি আমি কম্পিউটাৰৰ লগত তুলনা কৰোঁ তেন্তে শৰীৰটোৰ অংগ–প্রত্যংগবোৰ হল হার্ডৱেৰসদৃশ আৰু ছফ্টৱেৰ অবিহনে এই হার্ডৱেৰবোৰে কাম কৰিব নোৱাৰে৷ ছফ্টৱেৰবোৰ হল আমাৰ পৰিৱেশৰ পৰা বা কিতাপ আদিৰ পৰা পিি–দেখি বা শুনি আহৰণ কৰা জ্ঞান বা বিশ্বাসবোৰৰ ওপৰত সৃষ্টি হোৱা মানসিকতা৷ যিবোৰ আমাৰ মগজুৰ চেণ্ড্রেল নার্ভাছ ছিষ্টেমৰ দ্বাৰা নিয়ন্ত্রিত হয়৷ আনহাতে জন্মতে লগত অহা ছিষ্টেমটো যাৰ দ্বাৰা উশাহ–নিশাহ, হার্ট বিট আদি অংগবোৰ স্বয়ংক্রিয়ভাৱে চলে অর্থাৎ অটোনোমাছ নার্ভাছ ছিষ্টেমটো হল কম্পিউটাৰৰ অপাৰেটিং ছিষ্টেমসদৃশ৷ অর্থাৎ ডচ, উইনডচ, লিনাক্স ইত্যাদিৰ দৰে৷ যিদৰে কম্পিউটাৰৰ ভাইৰাছে হার্ডৱেৰ আৰু ছফ্টৱেৰ দুয়োটা আক্রান্ত কৰিব পাৰে, ঠিক তেনেদৰে ছফ্টৱেৰসদৃশ মানসিক স্থিতি আৰু হার্ডৱেৰসদৃশ অংগ–প্রত্যংগবোৰ ভিন্ন ভাইৰাছসদৃশ ৰোগে আক্রান্ত কৰিব পাৰে৷ যিদৰে ছফ্টৱেৰত ভাইৰাছে আক্রমণ কৰিলে গোটেই ছিষ্টেমটো প্রভাৱিত হয়, ঠিক তেনেদৰে মানসিক স্বাস্থ্যৰ বিচ্যুতিৰ ফলত গোটেই শৰীৰটো ৰুগীয়া হব পাৰে৷ পৰিৱেশ, খাদ্যশৈলী, জীৱনশৈলী বা পানী ইত্যাদিৰ দ্বাৰা প্রধানতঃ শৰীটোত বেক্টেৰিয়া, ভাইৰাছ আদিৰে ইনফেক্চন হোৱাৰ সম্ভাৱনা অধিক থাকে৷ অথচ মানসিক স্বাস্থ্যৰ অৱনতিৰ ফলত ৰোগ প্রতিৰোধ ক্ষমতাৰ ক্ষয় হয়৷ মানসিক স্বাস্থ্যৰ অৱনতিৰ ফলত দেহত কৰ্টিচল নামৰ ৰসায়নবিধৰ সৃষ্টি হয়৷ যিয়ে দেহৰ বিভিন্ন অংগক প্রভাৱান্বিত কৰি ৰুগীয়া কৰি তোলে৷ শৰীৰটো ৰোগৰ পৰা বচাই ৰাখিবলৈ হলে লাগে অলপ সজাগতা৷ সজাগতা সন্তুলনৰ প্রতীক৷ মানসিক পৰিস্থিতিয়েই হওক বা দেহৰ অংগ–প্রত্যংগই হওক, সুৰক্ষিত কৰি ৰাখিবলৈ লাগে সন্তুলন আৰু সজাগতা৷ সন্তুলন মানে সকলো বস্তুৰ সীমিত মাত্রাত ব্যৱহাৰ কৰা আৰু সজাগতা মানে নিজে আহৰণ কৰা ভাল জ্ঞানবোৰ নিজৰ উন্নতিৰ বাবে ব্যৱহাৰ কৰা৷
প্রতিটো শৰীৰ যিহেতু পঞ্চভূতৰ দ্বাৰা গঠিত বুলি কয়, গতিকে এই পঞ্চভূতৰ বিষয়ে আমি জনাটো অতি দৰকাৰ৷ পঞ্চভূত অর্থাৎ জল, অগ্ণি, বায়ু, পৃথিৱী আৰু আকাশ এই পাঁচটা কাৰকৰ দ্বাৰাই শৰীৰৰ সৃষ্টি৷ জল, অগ্ণি,বায়ু বাৰু সকলোৱে বুজি পায়, কিন্তু পৃথিৱী আৰু আকাশ কি পৃথিৱী মানে মাটি আৰু প্রকৃতি৷ মাটিত আছে বিভিন্ন খনিজ আৰু প্রকৃতিত আছে জীৱনশৈলীৰ ব্যৱস্থাপনা৷ শৰীৰটো যদি প্রকৃতিৰ লগত মিলাই চলা যায়, তেন্তে নিৰোগী হৈ নিজৰ আয়ুস বৃদ্ধি কৰিব পৰা যায়৷ অর্থাৎ আমি নিজে নিজেই প্রাকৃতিকতাৰ পৰা আঁতৰি সুবিধা অনুসাৰে কৃত্রিমতাক অনুধাৱন কৰিছেছা আৰু নিজৰ শৰীৰটোৰ প্রতি বিপদ মাতি আনিছোঁ৷ ইয়াৰ যুক্তি হল মৰিবতো লাগিবই, গতিকে কৃত্রিমতাক উপভোগ কৰিয়ে মৰোঁ৷ কিন্তু কৃত্রিমতাক উপভোগ কৰি যদি চিকিৎসালয়লৈ অনবৰতে গৈ থাকি, উপার্জনবোৰ চিকিৎসা আৰু দৰবৰ নামতে খৰচ কৰি জীৱনটো দুখী কৰি লওঁ, তেন্তে উপভোগ কৰিলোঁ কি মদ খাই উপভোগ কৰিলোঁ ৰাতিটো আৰু পুৱা মূৰৰ বিষ, উঠিব মন নাযায় ইত্যাদিৰ দ্বাৰা নিজৰ জীৱনটো বিষময় কৰি তুলিলোঁ৷ ই কেনেধৰণৰ উপভোগ আনহাতে বিজ্ঞজনৰ মতে আকাশ মানে জ্ঞান৷ যি জ্ঞানেৰে নিজৰ শৰীৰটোক প্রকৃতিৰ লগত তাল–মিল ৰাখি সুন্দৰকৈ জীৱন যাপন কৰিব পাৰি৷ যিমানে আমি প্রকৃতিৰ লগত সংযোগ কম কৰিছেছা সিমানে আমাৰ শৰীৰে আমাক যাতনা দিয়ে৷ শৰীৰটোৱে বিচাৰে আমি পুৱাই উঠি সূর্যোদয় চাওঁ, কিন্তু ৰাতি দেৰিকৈ শোৱা অভ্যাসৰ বাবে সূর্যোদয়কেতিয়াও দেখিবলৈ নাপাওঁ৷ সূর্যোদয় নেদেখা ব্যক্তিসকলৰ শৰীৰত ভিটামিন ডি কমি যায়৷ ভিটামিন ডিৰ অভাৱত শৰীৰৰ বিভিন্ন অংগৰ ওপৰত প্রভাৱ পৰাৰ উপৰি মানসিক স্বাস্থ্যৰ ওপৰতো প্রভাৱ পৰে৷ ফলত দৰবৰ ওপৰত আশ্রিত হয় জীৱন৷ গধূলি সোনকালে খাদ্য খালে পুৱা ব্রেকফাষ্ট কৰা সময়লৈকে খাদ্য হজম কৰিবলৈ অধিক সময় শৰীৰৰ তন্ত্রবোৰে পায়৷ কিন্তু ৰাতি পলমকৈ খাদ্য খালে বা খাই লগে লগে শুই পৰিলে খাদ্য ভালদৰে হজম নহয়৷ খাদ্য নির্ধাৰিত সময়তকৈ অধিক সময় পাকস্থলীত উপস্থিত থাকিলে ই বিষাক্ত হৈ পৰে৷ সন্তুলিত আহাৰৰ বিষয়ে জ্ঞানৰ অবিহনে নিজৰ শৰীৰটো ৰুগীয়া কৰা সঘনে দেখা যায়, তথাপি শৰীৰৰ প্রয়োজন অনুসৰি ইয়াৰ সজাগতা দেখা নাযায়৷
শৰীৰৰ বাবে প্রাকৃতিকতা খাদ্যশৈলী আৰু জীৱনশৈলীত অন্তর্ভুক্তি সুস্বাস্থ্যৰ বাবে অতি প্রয়োজনীয়৷ আনহাতে মানসিক স্বাস্থ্যৰ বাবে অধ্যয়নৰ দ্বাৰা জ্ঞান আহৰণ আৰু মনটো একাগ্র আৰু স্থিৰ কৰি ৰখাৰ বাবে ধ্যান অতি প্রয়োজনীয়৷ কাৰণ মানসিক স্বাস্থ্যৰ বিচ্যুতিয়ে শৰীৰত অনেক ৰাসায়নিক বিক্রিয়াৰ সৃষ্টি কৰে, যিবোৰে শৰীৰৰ অংগ–প্রত্যংগৰ কার্যত বাধাৰ সৃষ্টি কৰি ৰুগীয়া কৰি তোলে৷ পুৰণি কালৰ পৰা শৰীৰ আৰু প্রকৃতিৰ সম্বন্ধৰ বিষয়ে ঋষি–মুনিসকলে অধ্যয়ন কৰি আয়ুস শত বছৰ অতিক্রম কৰিছিল৷ লাহে লাহে কৃত্রিমতাৰ আৱেশত আমি প্রায়বোৰে দৰব আৰু চিকিৎসাৰ ওপৰত নির্ভৰশীল হবলগীয়া হৈছে৷ গতিকে আমি যদি নিজৰ শৰীৰটোৰ প্রয়োজনবোৰ জানি, প্রকৃতিৰ লগত থকা শৰীৰ আৰু জীৱনৰ সম্বন্ধবোৰ বিশ্লেষণ কৰি ইয়াক অনুকৰণৰ অভ্যাস কৰোঁ, তেন্তে নিষ্চয়কৈ আমি এক সুস্থ আৰু দীর্ঘায়ু জীৱন যাপন কৰিব পাৰিম বুলি আশা কৰিব পাৰি৷
ফোন ঃ ৯৮৬৪০-৬৩৩৯৪