বর্ণালী কটকী ওজা
যিমানেই দুখত নাথাকক আপুনি, আপোনাৰ মন–প্রাণ যিমানেই ভাৰাক্রান্ত নহওক কিয়, একমাত্র সংগীতেই দিব আপোনাক শান্তি, দিব নতুনত্ব ৷ বুদ্ধি আৰু বিবেকৰ নতুন ৰূপ মন যত চিন্তা, অনুভূতি, আৱেগ, ইচ্ছা আৰু কল্পনাৰ মাধ্যমত তাৰ প্রকাশ হয় ৷ মানুহৰ মগজুত উদ্ভুত হোৱা শৰীৰ বৃত্তিক সকলো কর্ম–কাণ্ডৰ লগতে মন জড়িত হৈ থাকে ৷ মনৰ সহায়তেই মানুহে জীৱন কালত সকলো ক্রিয়া–কাণ্ড কৰে ৷ কেতিয়াবা হাহি কেতিয়াবা কান্দো ! এইসমূহৰ আঁৰত থাকে মন যি মানুহৰ আটাইতকৈ শক্তিশালী যন্ত্র, যাক নিয়ন্ত্রণ কৰাৰ অধিকাৰ কেৱল মানুহৰ হাতৰ মুঠিত থাকে ৷ মনক নিয়ন্ত্রণ কৰিব নোৱাৰাৰ ফলত কিমানৰ যে কি বিলাই–বিপত্তি নহয় ! বয়সভেদে মানুহৰ মন সালসলনি হোৱাটো চিৰন্তন সত্য ৷ শ্রীমন্ত শংকৰদেৱৰ জীৱনৰ প্রথম বৰগীত ভাগিয়েই আছিল মন মেৰি ৰাম চৰণেহি লাগু ।
এই যে দেখাকে দেখি আমাৰ মন যায়, খাবলৈ, যাবলৈ, চাবলৈ, ফুৰিবলৈ, থাকিবলৈ, হবৈ ! এইবোৰো মনৰেই দোষ! কাৰণ বান্ধিলেই মন শিলৰ খুঁটি, মেলিলেই মন ঘোঁৰাৰ চুটি ৷ মনৰ কোনো ওজন নাই, নাই পৰিসীমা, ই স্ব–আলোকিত, স্ব–মহিমাৰে মণ্ডিত ৷ ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ সুন্দৰপিয়াসী মনে কেৱল বিচাৰি ফুৰিছিল সুন্দৰ আৰু সুন্দৰ
মোৰে মন বনতে তই কি বাঁহী বজালি, অ সুন্দৰ !
মনক একোৰেই বিভক্ত কৰিব নোৱাৰি ৷ ভাৱ–নুভৱ, অনুভূতি, যুক্তি, কল্পনা ইত্যাদি এই সকলো মাথোঁ মানসিক ক্রিয়া ৷
বিহুগীতসমূহত বিহুৱা ডেকাৰ মন কমোৱা তুলাৰ দৰে উৰে, ঘৰতো নবহে মন সমনীয়া পথাৰতো নবহে মন কমোৱা তুলাবোৰ যেনেকৈ উৰিছে তেনেকৈ উৰিবৰ মন ডঃ ভূপেন হাজৰিকাৰ বিখ্যাত গীতটিতো তাৰেই প্রকাশ কঁহুৱা বন মোৰ অশান্ত মন, আলফুল হাতেৰে লোৱা সাৱটি মানুহৰ মনৰ তিনিটা স্তৰ থাকে, সেইকেইটা হলঃ
১) সচেতন মন, ২) অৱচেতন মন আৰু ৩) অতিসচেতন মন৷ সচেতন মনে যুক্তি, ভাল–বেয়া বিচাৰ, চিন্তা আৰু বিশ্লেষণ কৰে৷ ভাল লগা, ভাল নলগা, ভালপোৱা, বেয়া পোৱা, খং, ঘৃণা, ঈর্ষা, সুখ–দুখ, আনন্দ, বেদনা এইবোৰ উপলব্ধি কৰোৱায় ৷ মন যদি নিদিলা হূদয় কিয় ভুলালা মিছা মিঠা সপোনেৰে হিয়া মোৰ কঁপালা বুলি গীতিকাৰে প্রেয়সীৰ ওচৰত কৰা অভিমান সচেতন মনৰে ক্রিয়া ৷
স্মৃতিবোৰ জমা হয় অৱচেতন মনত ৷ ভাল স্মৃতি, বেয়া স্মৃতি এই সকলো ৷ আমাৰ অতীতৰ অভিজ্ঞতা, আৱেগ–নুভূতি, ভাৱ, কথা–বতৰা, ক্রিয়া–প্রতিক্রিয়া ইত্যাদি স্মৃতিৰ ৰূপত অৱচেতন মনত সোমাই থাকে ৷ বহুতো গীত আৰু কবিতাত কবি–গীতিকাৰৰ অৱচেতন মনৰ প্রকাশ ঘটে ৷ এটা মাত্র উদাহৰণ ।
মন মোৰ উৰি গুচি যায়
কি জানো পায়ো হেৰুৱায়
আৱেগৰ উতনুৱা বা
পচোৱাৰ বোকোচাতে যা
কণ্ঠ ঃ অংগৰাগ পাপন মহন্ত
অতি সচেতন মন প্রকৃততে শান্ত, সমাহিত আৰু পৱিত্র স্মৃতিৰ আধাৰ ৷
মনৰ খবৰ আছে ডাৱৰত তোমাৰ চকুৰ
মনৰ খবৰ আছে উশাহত তোমাৰ বুকুৰ
মনৰ খবৰ আছে জোন–চেঁচা শেঁতা কপালত ৷
গীতিকবি নৱকান্ত বৰুৱাৰ অতি সচেতন মনৰ পৱিত্র স্মৃতিৰ আধাৰত ৰচিত এই গীত তাৰেই আধাৰ ৷
প্রাণ ঃ
যাক চুই চাব নোৱাৰি, যাক স্পর্শ কৰিব নোৱাৰি, যাক কেৱল বুজিবহে পাৰি সেয়াই প্রাণ ৷ যেতিয়ালৈকে প্রাণ থাকে তেতিয়ালৈকে জীৱন্ত৷ বহুতে প্রাণ আৰু আত্মাক একাকাৰ কৰিব খোজে ৷ কিন্তু আমি টোপনিত লালকাল হৈ থাকিলেও আত্মাটো বিচৰণ কৰি ফুৰে বুলি কয় জ্যোতিষ শাস্ত্রবিদসকলে ৷ বিশ্বাস কৰা–নকৰাৰ কথা সুকীয়া প্রাণ কিন্তু শৰীৰতে সোমাই থাকে ৷ প্রাণৰ বিপৰীত শব্দ নিষ্প্রাণ ৷ এফাঁকি লোকগীত
এই প্রাণ গোপাল
পাতিলা মায়াৰে খেলা
অ মোৰ দয়াল অ
হূদয় ঃ
হূদয় অর্থাৎ হূদপিণ্ড ৷ এই হূদপিণ্ড অতিশয় ব্যস্ত ৷ শৰীৰৰ সর্বত্র তেজৰ সঞ্চালন কৰি থকাই হূদপিণ্ডৰ মুখ্য কাম ৷ আমাৰ খং, ৰাগ, অভিমান, ভালপোৱা, বেয়াপোৱা ধৰণৰ আৱেগ জড়িত ধাৰণাৰ উৎপত্তি স্থল হূদয় বুলি যে কোৱা হয় হূদপিণ্ডৰ সেইবোৰ ভাবিবলৈ আহৰি নাই ৷ মিনিটত বাসত্তৰ জ্জচ্বাৰ ই সংকুচিত আৰু প্রসাৰিত হৈ থাকিব লাগে, শৰীৰৰ সর্বত্র তেজ চলাচল কৰাব লাগে ৷ গতিকে আৱেগৰ ভাৰ ববলৈ হূদয়ৰ সময় কত সাহিত্যইহে মানুহৰ সকলো ধাৰণাৰ বাহক বুলি হূদয়খনক দোষে ৷ গীতিকবিয়ে এনেই কৈছেে !
আমাৰ ব্যথাত তোমাৰ হূদয় নীলা
তোমাৰ মেঘত আমাৰ বেলিৰ লীলা
হূদয় শব্দৰ আভিধানিক অর্থ হল মন, অন্তঃকৰণ, চিত্ত ৷ হূদয় সম্পর্কিত কেইটিমান বৰ আকলুৱা শব্দ আছে ৷ ধৰি লৈছো, হূদয়ংগম অর্থ বোধগম্য অথবা উপলব্ধি ৷
হূদয়গ্রাহী মনোৰম, চিত্তাকর্ষক
হূদয়ৱান উদাৰচিত্ত, মহাপ্রাণ, মহানুভৱ, সহানুভূতিশীল
হূদয়গত মনোমত
হূদয়বিদাৰক অত্যন্ত শোকজনক, মর্মভেদী
হূদয়ভেদী দুঃখজনক, মর্মান্তিক, পীড়াদায়ক
হূদয়হীন নির্দয়, নির্মম
হূদয়াৱেগ উদ্দীপনা, চিত্তৰ চঞ্চলতা
হূদয়হান ভাৱপ্রৱণ, কোমল অন্তৰৰ ইত্যাদি ৷
অভিধানত যিয়েই নাথাকক লাগে, হূদয় সম্পর্কিত এই বিশেষণবোৰৰ প্রকৃততে হূদপিণ্ডৰে কোনো সম্পর্কযুক্ত নহয় ৷ আৱেগ–নুভূতি, উপলব্ধিৰে হূদয়ক সম্পর্কিত কৰাতো একপ্রকাৰ অর্থহীন ৷ আৱেগেৰে সম্পর্কিত এইসমূহ ক্রিয়া–কাণ্ডৰ উৎপত্তি স্থল মগজুহে ৷ আনহাতে হূদয়ে হিয়া নামেৰে ৰঞ্জিত ব্যঞ্জিত হৈ আৱৰি আছে সাহিত্যৰ বুকু ৷
হিয়াৰ মাজত তুমি আছা বুলি চাওঁতেই
তুমিচোন আছাহি বাজত
আকাশত, বতাহত, উৰণীয়া ধূলিৰ মাজত ৷
কণ্ঠ ঃ ডঙ্ম বীৰেন্দ্রনাথ দত্ত
স্বাভাৱিকতে মন–প্রাণ–হূদয় একেডালি সূতাতে গঁঠা এধাৰি কুসুমমালা, যত কাল্পনিক আৱেশৰ সুকোমল পাপৰিত নিয়ৰকণাৰ দৰে থূপ খায় আৱেগৰ সত্তা ৷ এই অনুভূতিসমূহক লৈ গীতিকাৰে গীতত, কবিয়ে কবিতাত যিমান চিত্রকল্প আঁকিছে তাৰ লেখ–জোখ নাই ৷
মানুহৰ হূদয়ত অর্থাৎ মগজুত সংগীতৰ যাদুকৰী শক্তিয়ে বিশেষ ধৰণে ক্রিয়া কৰে ৷ সংগীতৰ অবিহনে আৰু সংগীতৰ সহায়ত যি ক্রিয়া–প্রতিক্রিয়াৰ সৃষ্টি হয়, মগজুৱে সেয়া অনুভৱ কৰিব পাৰে ৷ মানুহৰ মনক সজীৱ, সতেজ আৰু প্রফুল্লিত কৰি ৰখাৰ ক্ষেত্রত সংগীতৰ গুৰুত্বপূর্ণ প্রয়োজন আছে ৷ মানসিক দুশ্চিন্তা বা অৱসাদ আঁতৰোৱাত সংগীতৰ প্রয়োগ অপৰিহার্য ৷ কেতিয়াবা একোৱেই ভাল নলগা হয়, সকলো ফালে মাথোঁ দুখ, হতাশা, অৱসাদ, তিক্ততা এইবোৰৰ পৰা পৰিত্রাণ পোৱাৰ উপায় একমাত্র সংগীত৷ এনেকুৱা কোনো মানুহ নাই যি গান শুনি বেয়া পায় ৷ একঘেয়ামি জীৱনলৈ পৰিৱর্তন আনিব পাৰে মধুৰ সংগীতে৷ গান শুনিলে মনোযোগ বৃদ্ধি পায়, অশান্ত মন হয় শান্ত ৷ মন মেলি দে তোৰ দুৱাৰ, শুনো সপোনৰ গান ৷