ফাগুনত চুলিৰ যত্ন

ভানু শর্মা

এয়া ফাগুনৰ বতৰ৷ এই বতৰত বতাহ আৰু ধূলিৰ বাবে আমাৰ চুলি সৰে, ফাটে আৰু ছিঙি যায় ৷ ঠিক ছালৰো অৱস্থা খুব শুকান হয় আৰু বয়সৰ চাপ পৰে ৷ চুলি আৰু ছালৰ বাবে এই বতৰত বিশেষভাৱে যত্ন লব লাগে ৷ মই কেইটামান উপায় আগবঢ়ালোঁ ৷

এই মাহত আমাৰ খুব চুলি মৰে ৷ সেইবাবে চুলিৰ গুৰিত তুলসী পাত এমুঠি, ডালচেনি এক আঙুলিৰ সমান এটুকুৰা লব৷ তাৰ লগত মহাভৃংগৰাজ তেল প্রয়োজন অনুসৰি মিহলাব ৷ এই প্রলেপটো চুলিৰ গুৰিত লগাব ৷ আপুনি তুলসী আৰু ডালচেনিখিনি মহাভৃংগৰাজ তেলত সিজাই চেকি লব ৷ সপ্তাহত তিনিবাৰকৈ লগাই দুঘণ্টামান ৰাখি ছেম্পু কৰি দিব ৷ ডালচেনি লগোৱাৰ ফলত চুলিৰ গুৰিত অলপ লন হব ৷ ই তেজ সঞ্চালন কৰিব ৷ যাৰ ফলত চুলি গজাত সহায় কৰিব ৷ নোম ছিদ্রৰ মাজেৰে অক্সিজেন প্রবাহিত হব ৷ চুলিৰ গুৰি পৰিষ্কাৰ কৰিব ৷ গুৰিতে পুষ্টি যোগাব ৷ অৱশ্যে আজিকালি ডালচেনিৰ তেলো পোৱা যায় ৷

তুলসী পাতত মেগনেছিয়াম থাকে ৷ ফলত তেজ চলাচল সঠিকভাৱে হব ৷ ই চুলিৰ গুৰি সবল  কৰে ৷  ই উফি পৰিষ্কাৰ কৰে ৷ চুলি সৰাটো বন্ধ কৰে ৷ এণ্টি ফাংগাছ যিহেতু ধূলি আৰু বালিৰ বতৰ, গতিকে তুলসী পাতে চুলিৰ পৰা বেক্টেৰিয়া আঁতৰাত সহায় কৰে ৷ চুলিৰ গুৰিৰ পৰা অতিৰিক্ত তেলসমূহ শুহি লয় ৷

অৱশ্যে তুলসীৰ তেলত আজিকালি বজাৰত পোৱা যায় ৷ সদায় তুলসীৰ পাত খালে শাৰীৰিক আৰু মানসিক হেঁচা দূৰ কৰে ৷

মহাভৃংগৰাজ তেলৰ দ্বাৰা চুলিৰ গুৰিত পুষ্টি যোগায় ৷ চুলিৰ পৰা উফি আঁতৰায় আৰু চুলি গজাত সহায় কৰে৷ ইয়াৰ ঔষধি গুণ বহুতো আছে ৷ ই আমাৰ চুলিৰ গুৰিৰ পৰা অতিৰিক্ত তেল শুহি চিকচিয়াচ গ্লেণ্ডক সক্রিয় কৰি তোলে৷ চুলি পকাৰ পৰা বিৰত ৰাখে৷ ইয়াৰ ব্যৱহাৰ কৰাৰ ফলত মনৰ হেঁচা নাশ কৰে৷ সপ্তাহত তিনিবাৰ ব্যৱহাৰ কৰাৰ ফলত চুলি নাফাটে ৷ ই এণ্টি চেপ্ঢিক, এণ্টি বেক্টেৰিয়েল আৰু এণ্টি ইনফ্লেটৰি৷

প্রতিদিনে এই মিশ্রণটোৰ তৈয়াৰ কৰি এটা আইনাৰ বটলত ভৰাই ৰদত দিব৷ ইয়াক ব্যৱহাৰ কৰিলে তৎক্ষণাৎ কাম দিব৷ এক সপ্তাহৰ বাবে তৈয়াৰ কৰি থৈ দিব৷ যদি ডালচেনিৰ তেল, তুলসীৰ তেল পায়, কেৱল মহাভৃংগৰাজ তেল মিহলাই লব৷ ওকণি আৰু উফি বেছি থাকিলে টী ড্রী তেল এচামুচ মিহলাব৷ যদিহে চাৰি কাপ তেলৰ মিশ্রণ হয়৷ আপোনাৰ চুলি খুব তেলেতীয়া হলে তেলৰ সলনি তুলসী আৰু ডালচেনিৰ মিশ্রণ ব্যৱহাৰ কৰিব৷ কিন্তু তেলেতীয়া ছালৰ বাবে তেলযুক্ত আহাৰ গ্রহণ কৰাৰ পৰা বিৰত থাকিব৷

চুলিত সদায় প্রাকৃতিকভাৱে তৈয়াৰ কৰা ছেম্পু ব্যৱহাৰ কৰিব৷ কাৰণ ৰাসায়নিক সামগ্রী নাথাকে৷ ৰং আৰু সুগন্ধি নাথাকে৷ ছেম্পু কৰি সদায় কণ্ডিচনাৰ ব্যৱহাৰ কৰিব৷ তেতিয়া চুলি সৰাটো কমি যায়৷ আৰু চুলি ছিঙি নাযায়৷ সপ্তাহত এবাৰকৈ হেয়াৰ মাস্ক্ লগাব৷

বেছি উফি হলে তেঁতেলিৰ পানী আৰু চাউলৰ পানী মিহলাই এটা স্প্রে বটলত ভৰাই থব আৰু চুলিৰ গুৰিত স্প্রে কৰিব৷ ই চুলিৰ উফি আঁতৰাৰ উপৰি চুলি গজাত সহায় কৰিব৷

চুলিৰ বাবে প্রটিনযুক্ত আহাৰ গ্রহণ কৰিব৷ ই চুলিক শক্তিশালী কৰিব৷ আৰু চুলি ছিঙাৰ পৰা বিৰত ৰাখিব৷ আইৰনজাতীয় আহাৰ গ্রহণ কৰিব৷ ই চুলিত অক্সিজেনৰ যোগান ধৰিব৷ আৰু চুলিৰ স্বাস্থ্য ববাব৷ চুলি ফলিকলছসমূহত পুষ্টিৰ যোগান ধৰিব৷ ফলত চুলি উজ্জ্বলতা ববাব৷ সাগৰীয় খাদ্য চিকেন, ছয়াবিন, ব্রকলি, বীটৰোট, আপেল, পালেং শাক ইত্যাদি ভিটামিন চি, ই, এ–জাতীয় খাদ্য খাব৷ বেছিকৈ চুলি ছিঙিলে পালেং শাক খাব৷ নিস্তেজ চুলি হলে মিঠা আলু খাব৷ এনেদৰেই ফাগুনত আপোনাৰ চুলিৰ যত্ন কৰি স্বাস্থ্যৱান চুলিৰ অধিকাৰী হৈ থাকক৷

You might also like
Leave A Reply

Your email address will not be published.