টাটু
ৰুবী বৰদলৈ
ছাইৰঙী চিঞাহীৰে হাতৰ ঠাৰিত লিখি লোৱা আখৰকেইটা দেখি পিচিমাক সুধিছিলোঁ কি হয় বুলি ৷ পিচিমা আছিল মামাহঁতৰ ঘৰত গাখীৰৰ যোগান ধৰা এগৰাকী দেচোৱালী মহিলা ৷ আচল নামটো কি আছিল নাজানিছিলোঁ ৷ মাত্র মামাহঁতে শিকাই দিয়াৰ দৰেই পিচিমা বুলি মাতিছিলোঁ ৷ উত্তৰত পিচিমাই কৈছিল হাতত সেয়া হেনো স্বামীৰ নাম ৷ তেওঁলোকৰ জনগোষ্ঠীয় পৰম্পৰা অনুসৰি পত্নীয়ে যিহেতু স্বামীৰ নাম মুখলৈ অনাটো পাপ, গতিকে বিয়াৰ সময়ত স্বামীৰ নামটো এইদৰে বেজীৰে খুঁচি খুঁচি লিখি লোৱাটো তেওঁলোকৰ এক প্রথা, যাতে স্ত্রীগৰাকীৰ পৰিচয়ৰ ক্ষেত্রত অসুবিধা আহি নপৰে ৷ প্রক্রিয়াটোৰ কষ্টখিনি অনুমান কৰি পিচিমালৈ দুখ লাগিছিল ৷ কিন্তু আজিৰ পৰা ত্রিশ–পঁয়ত্রিশ বছৰৰ আগৰ কষ্টকৰ এই প্রক্রিয়াটো যে বর্তমানে এক জনপ্রিয় অংগসজ্জা হৈ পৰিব বুলি তেতিয়া অনুধাৱন কৰিব পৰা নাছিলোঁ, যাক আমি এতিয়া টাটু বুলি জানো ৷ সম্প্রতি যি এক উল্লেখযোগ্য Fashion Statement ৷ ডাচ্চসকলৰ tattow শব্দৰ পৰাই tatto শব্দৰ উৎপত্তি হোৱা বুলি টাটু বিশেষজ্ঞসকলে দাবী কৰে ৷ যাৰ অর্থ হল খুঁচি দিয়া বা আঘাত কৰা ৷ কৌশলপূর্ণভাৱে বেজীৰ সহায়ত ছালৰ dermice তৰপত ৰঞ্জক পদার্থ ভৰাই বিভিন্ন নক্সাৰে দেহৰ মনোমত অংগসজাই লোৱা কলাকে টাটু বোলে ৷ ই অংগসজ্জাৰ এক পৌৰাণিক কলা ৷ পুৰাতত্ত্ববিদসকল মতে প্রস্তৰ যুগৰ পৰাই মানৱ জাতিৰ মাজত ইয়াৰ প্রচলন আছিল ৷ ১৯৯১ চনৰ ১৯ ছেপ্তেম্বৰত আল্পাইন পর্বতৰ তুষাৰাবৃত অঞ্চলৰ পৰা উদ্ধাৰকৃত তুষাৰ মানৱৰ দেহত থকা টাটুৰ উপস্থিতিয়ে হাজাৰ হাজাৰ বছৰৰ আগৰ পৰাই টাটুৰ অনুশীলন চলি আহিছে বুলি নিষ্চিত কৰে ৷ শৰীৰক কষ্ট দি অংগশোভন কৰা এই কলা প্রায় সমগ্র বিশ্বব্যাপী সমাদৃত হৈ আহিছে ৷ আলাস্কা, ছাইবেৰিয়া, ইজিপ্ত, ফিলিপাইন আদিত ই বহুলভাৱে প্রচলিত যদিও জাপান, উত্তৰ চীন তথা ভাৰতত ইয়াৰ সমাদৰৰ কথা উলাই কৰিব নোৱাৰি ৷ তথাপি সমাজৰ এটা চামে টাটুক সভ্য সমাজৰ পৰা নিলগাই থ’ব বিচাৰে৷
ভাৰতৰ উত্তৰ–পূবৰ চিৰসেউজ বনাঞ্চলৰ পৰা পশ্চিম তপ্ত মৰুভূমি তথা দক্ষিণৰ উপকূলীয় অঞ্চলসমূহৰ কিছুমান বিশেষ জনগোষ্ঠীৰ মাজত পৰম্পৰাগত ৰূপে প্রচলিত হৈ থাকিলেও উত্তৰ ভাৰতৰ কোনো কোনো উচ্চ বংশৰ মাজতো টাটু ব্যৱহূত হৈ আহিছে ৷ অৰুণাচলৰ আপাটানি আৰু চিংফৌসকলে পৰম্পৰাগতভাৱে টাটু আঁকি আহিছে ৷ তেওঁলোকৰ মহিলাসকলে ঘাইকৈ প্রতিদ্বন্দ্বী জনগোষ্ঠীৰ পুৰুষৰ কু–দৃষ্টিৰ পৰা নিজক বচাবলৈহে দেহৰ আন অনাবৃত অংশৰ লগতে মুখতো টাটু আঁকি নিজকে কুৰুপা সজাই লৈছিল আৰু ঠিক একেই প্রথা নাগালেণ্ডৰ কন্যাক নগাসকলৰ মাজতো প্রচলিত আছিল ৷ কিন্তু ১৯৭০ চনত প্রায় বাধ্যতামূলক এই টাটুক চৰকাৰৰ ফালৰ পৰা নিষিদ্ধ ঘোষণা কৰা হৈছিল ৷ ঠিক তেনেদৰে বিহাৰৰ ধানুক, ঝাৰখণ্ডৰ মুণ্ডা আৰু চাওতালীসকলৰ মাজত বংশানুক্রমিকভাৱে টাটুৰ ব্যৱহাৰ প্রচলিত হৈ আহিছে৷ ঝাৰখণ্ড আৰু বংগৰ বাসিন্দা চাওতালীসকলৰ মাজত ছাটী গুদাই বুলি এক কষ্টকৰ টাটু অকা নিয়ম আছে ৷ যিটো নিয়ম অনুসৰি যিকোনো ঋতুকালপ্রাপ্ত ছোৱালীয়ে বুকুত টাটু আঁকি লোৱাটো বাধ্যতামূলক ৷ বেজীৰে বুকুত নক্সা আঁকি তাত চাকিৰ ছাই আৰু গছৰ নির্যাস মিহলি অক মিশ্রণ সানি শেষত ৰিঠাগুটিৰে ভালদৰে ধুই টাটু অংকন প্রক্রিয়া সম্পূর্ণ কৰা হয় ৷ দক্ষিণ ভাৰতৰ এক জনগোষ্ঠীৰ মাজত আকৌ ভৰিৰ সৰু গাঁঠি আৰু কলাফুলতহে টাটু অকাৰ নিয়ম আছে ৷
প্রাৰম্ভিক পর্যায়ত টাটু আঁকোঁতে জন্তুৰ হাডৰ পৰা প্রস্তুত কৰা জোঙা আহিলা, ছাই আৰু গছৰ ৰস ব্যৱহূত হৈছিল ৷ কিন্তু ধাতু যুগৰ পৰা জন্তুৰ হাডৰ ঠাই লৈছিল ধাতুৱে ৷ ধাতু নির্মিত বেজী বা চোকা শলাৰ সহায়ত টাটু অঁকাৰ ব্যৱস্থা হল আৰু যাৰ ক্রম বিৱর্তনৰ ফল হল বর্তমানৰ টাটু মেচিন বা টাটু গান ৷ টমাছ আলভা এডিচনসৃষ্ট ইলেকড্রনিক পেনৰ আলমত এই টাটু মেচিন সাজি উলিয়াইছিল মেনফ্রেড নামৰ এজন জার্মান টাটু আর্টিষ্টে ৷ ইলেকড্রমেগনেটিক কইলেৰে কাম সম্পাদিত কৰা এই মেচিনৰ উপৰি ৰটাৰী, লাইনাৰ, শ্বেডাৰ ইত্যাদি বিভিন্ন ধৰণৰ টাটু মেচিন বর্তমান বজাৰত উপলব্ধ ৷ যিবোৰে বিভিন্ন আকৃতিৰ বেজী, ৰঙৰ কার্টিজেৰে মনোমোহা ৰঙৰ সমাহাৰেৰে বিভিন্ন টাটু আঁকে৷ কিন্তু উল্লেখনীয় টাটু মেচিনেৰে কম সময়ৰ ব্যয়েৰে অঁকা নিখুঁত ডিজাইনৰ টাটুৰ সম্ভাৱনাৰ সত্ত্বেও পৰম্পৰাগতভাৱে টাটু অঁকা কলা erezomi বর্তমানেও জাপানত জনপ্রিয় ৷
অংগসজ্জা টাটুৰ ঘাই উদ্দেশ্য যদিও ইয়াক বিভিন্ন সময়ত বিভিন্ন কাৰণত ব্যৱহাৰ কৰি অহা হৈছে ৷ কোনো বিশেষ ব্যক্তিৰ চিনাক্তকৰণৰ বাবেও টাটু ব্যৱহাৰ কৰা হয় ৷ নাজী বাহিনীয়েও ঘাইকৈ এই কাৰণতে ইয়াক ব্যৱহাৰ কৰিছিল ৷ তেওঁলোকে জীউছসকলৰ বাবে ত্রিভুজাকৃতি আৰু জার্মানসকলৰ বাবে z আকৃতিৰ টাটু ব্যৱহাৰ কৰিছিল ৷ কোনো কোনো দেশত কয়দী আৰু ক্রীতদাসকলক চিনাক্তকৰণৰ বাবেও ইয়াক ব্যৱহাৰ কৰিছিল ৷ সৌন্দর্য চর্চাৰ ক্ষেত্রতো চকুৰ ভ্রু যুগলক মনোমত আকাৰ দিয়া, ওঁঠত চিৰস্থায়ী ৰং দিয়া বা দেহৰ মনপছন্দ ঠাইত তিল আদি আঁকিবলৈও ই ব্যৱহূত হৈ আহিছে ৷ তদুপৰি বহুতো mastectomy সম্পন্ন হোৱা ব্যক্তিয়ে তেওঁলোকৰ বক্ষস্থলত breast reconstructionৰ পৰিৱর্তে টাটু আঁকি লোৱাকহে প্রাধান্য দিয়ে ৷
বর্তমান টাটু এক fashion statement ৰূপে পৰিগণিত হৈছে যদিও ইয়াৰ ড্রেণ্ড অহা–যোৱা কৰি থাকে ৷ কিন্তু তাৰ ভিতৰতো এচাম অনুৰাগী আছে টাটু এক ড্রেণ্ড নহয় ৷ তেওঁলোকৰ বাবে ই এক সৌন্দর্য চর্চাৰ মাধ্যম নহৈ নিজকে প্রকাশ কৰাৰ মাধ্যম বুলিহে গণ্য কৰে ৷
টাটু বর্ধিত জনপ্রিয়তাৰ বাবেই আজিকালি যথেষ্ট বিজ্ঞানসন্মত টাটু পার্লাৰ তথা ষ্টুডিঅ’ গঢ়ি উঠিছে, য’ত টাটু আর্টিষ্টসকলে নিজৰ সৃজনশীলতাৰে গ্রাহকৰ চাহিদাৰ ওপৰত ভিত্তি কৰি টাটু আঁকে ৷ টাটু এটাৰ গুণগত মান কলাত্মক প্রকাশৰ ওপৰতে আচলতে একোজন টাটু আর্টিষ্টৰ চাহিদা নির্ভৰ কৰে ৷ উল্লেখ্য যে তিনিজন টাটু আর্টিষ্টে তেওঁলোকৰ প্রতিভাৰ বলত দেশৰ বাহিৰত আন্তঃৰাষ্ট্রীয় পর্যায়তো সুনাম আৰু পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে ৷ তেওঁলোকে নিজৰ ক্ষেত্রখনৰ বাবে বিশেষ বিষয়বস্তু বাছি লৈছে, যত বংগৰ অভিনন্দন মিত্রই বংগৰ বিখ্যাত পটচিত্রক স্থান দিছে ৷ নাগালেণ্ডৰ মো নাগাই আকৌ বাছি লৈছে নগা জনজীৱন আৰু সংসৃক্তি ৷ ঠিক তেনেকৈ দিল্লীৰ মনজিৎ সিঙৰ টাটুত ৰূপ পায় বিভিন্নজন বিখ্যাত ব্যক্তি, ৰজা–মহাৰজাৰ পর্ড্রেইট ৷ কিন্তু এই টাটু পার্লাৰসমূহৰ আন এক গুৰুত্বপূর্ণ দিশ হৈছে স্বাস্থ্যসন্মতা আৰু পাৰিপার্শ্বিকতা ৷ পার্লাৰখনৰ আচবাব, আহিলাসমূহৰ সঠিক sanitation তথা sterillisatio হোৱাটো বাধ্যতামূলক ৷ অন্যথা সংক্রমিত হৈ ছালৰ বিভিন্ন জটিল ৰোগ হোৱাৰ সম্ভাৱনা থাকে ৷ ব্যক্তি এগৰাকীৰ বয়স, বৃত্তি তথা পদমর্যাদা সাঙুৰি অংকন কৰা টাটুৱে ব্যক্তিগৰাকীক আকর্ষণীয় কৰি তোলে ৷ গতিকে উক্ত দিশমূহ চালিজাৰি চাই ইচ্ছুকসকলে এটা বা ততোধিক টাটুৰ গৰাকী হব পাৰে ৷