টেষ্টত পাৰফেক্ট–১০

যোগেশ কলিতা

ক্রিকেট। অনিশ্চয়তাৰ খেল, য’ত সকলো সম্ভৱ ৷ অসম্ভৱৰ কোনো বিষয় ক্রিকেটৰ জগতত নাই ৷ সেয়া বিগত সময়ৰ ক্রিকেটত দেখি আহিছে সকলোৱে ৷ নিশ্চিত পৰাজয়ৰ পৰা খেল জিকোৱা বহু টেষ্টৰ সাক্ষী হৈ ৰৈছে ক্রিকেটপ্রেমী ৷ যিকোনো মুহূর্তত খেলৰ গতি সলনি হোৱাৰ সময়ত খেলৰ মজাই বেলেগ ৷ বিশেষকৈ টেষ্টৰ কথাই সুকীয়া ৷ তাৰকা ক্রিকেটাৰৰ হঠাৎ ছন্দপতনৰ ৰূপ সকলোৱে দেখে ৷ এটা ছেছনত হঠাৎ কোনো খেলুৱৈ হৈ পৰে তাৰকা ৷ কিন্তু তেনে এগৰাকী খেলুৱৈয়ে হৈ পৰে পৰৱর্তী সময়ত দলটোৰ ভাৰসা ৷ ঋষভ পণ্টে অষ্ট্রেলিয়াত খেলা স্মৰণীয় ইনিংছটোৰ কথা পাহৰে কোনে ৷ নিশ্চত বিপদত পৰাৰ পিছত ভাৰতীয় দলক ঐতিহাসিক জয় আনি দিয়া ভাৰতৰ এই তাৰকাগৰাকী হৈ পৰিছে এতিয়া দলটোৰ বিশ্বাসী বেটছমেন ৷ ইংলেণ্ডৰ তাৰকা অলৰাউণ্ডাৰ বেন ষ্টকছৰ এছেজত সেই নাটকীয় ইংনিছটো সর্বকালৰ অন্যতম শ্রেষ্ঠ ইনিংছ হিচাপে বিবেচিত হৈছে ৷ নৱম উইকেটত সতীর্থ জেক লীছৰ সৈতে শতকীয় ইনিংছ খেলা তাৰকাগৰাকীৰ সৈতে বেট ধৰাগৰাকীয়ে মাত্র কেইটামান ৰানহে সংগ্রহ কৰিছিল ৷ বাকী সমস্ত ৰান বেন ষ্টকছৰ বেটৰ পৰা আহিছিল আৰু হেডিংলেত ইংলেণ্ডক দিছিল ঐতিহাসিক জয় ৷

কিন্তু টেষ্ট ক্রিকেটত অন্য এক বিৰল অভিজ্ঞতা তথা ইতিহাসৰ সাক্ষী হবলৈ ক্রিকেট অনুৰাগীসকল বহু বছৰ অপেক্ষা কৰিবলৈ সক্ষম হয় ৷ এই বিশেষ ইতিহাসৰ সাক্ষী মাত্র আজিলৈ ক্রিকেট বিশ্ব তিনিবাৰহে সক্ষম হৈছে ৷ যাক পাৰফেক্ট–১০  বুলি অভিহিত কৰা হয় ৷

ইতিহাসৰ আৰম্ভণি হৈছিল ২৫ জুলাই ১৯৫৬ চনত ৷ বিপক্ষ দল অষ্ট্রেলিয়া ৷ ইংলেণ্ডৰ তাৰকা বলাৰ জিম লেকৰৰ ক্ষুৰধাৰ বলিঙৰ আগত শিৰনত কৰিছিল অষ্ট্রেলিয়ান দলটোৱে ৷ এটা ইংনিছৰ আটাইকেইটা উইকেট দখল কৰিছিল জিম লেকৰে৷ সেই মহান ইনিংছৰ কথা ইতিহাসৰ পাতত লিখা ৰৈছে সোণোৱালী আখৰেৰে ৷ লেকাৰৰ সেই ইনিংছটোত তেওঁ ৫১.২ অভাৰ বলিং কৰিছিল ৷ এই অভাৰকেইটাৰ ২৩ অভাৰত কোনো ৰান নিদিয়া লেকাৰে খৰচ কৰিছিল ৫৩ ৰান ৷ লেকাৰে এই ইতিহাস ৰচিছিল ইংলেণ্ডৰ মানচেষ্টাৰত ৷ লেকাৰৰ এই ক্ষুৰধাৰ বলিঙৰ চিকাৰ হৈছিল ক্রমে কলিন মেকডনাল্ড, জিম বুর্কে, নেইল হার্ভে, ইয়ান ক্রেইগ, কেইথ মিলাৰ, কেন মেককে, ৰণ আর্চাৰ, ৰিচি বেনাউড, লেন মাডুকছ আৰু ইয়ান জনছন ৷

তাৰ পিছত সুদীর্ঘ ৪৩ বছৰ ৷ লেকাৰৰ ইতিহাস ভাঙিলে এজন ভাৰতীয়ই ৷ নাম তাৰকা লেগ স্পীনাৰ অনিল কুম্বলে ৷ পাকিস্তানৰ বিৰুদ্ধে তেওঁ এই কৃতিত্ব অর্জন কৰিছিল ৷ তাৰকা লেগ স্পীনাৰগৰাকীয়ে এই ইতিহাস ৰচিবিলৈ ২৬.৩ অভাৰ বল কৰিব লগা হৈছিল ৷ ৯ অভাৰ কোনো ৰান নিদিয়া কুম্বলেৰ খৰচ হৈছিল ৭৪ ৰান ৷ মুম্বাইত এই কৃতিত্বৰ অধিকাৰী হৈছিল ১৯৯৯ চনৰ ৪ ফেব্রুৱাৰীত ৷ অনিল কুম্বলেৰ স্পীনভেল্কিত দিশহাৰা হৈছিল পাকিস্তানৰ তাৰকাসমৃদ্ধ দলটো ৷ তেওঁলোক হল ক্রমে চৈয়দ আনোৱাৰ, শ্বাহিদ আফ্রিদী, ইজাজ আহমেদ, ইনজামামুল হক, মহম্মদ ইউছুফ, মইন খান, ছালিম মালিক, ৱাছিম আক্রাম, মুস্তাক আহমেদ আৰু ছাকলেইন মুস্তাক ৷

ইতিহাসৰ পাতত আকৌ এটা নাম অন্তর্ভুক্ত হল ২০২১ বর্ষত ৷ ভাৰতীয় বংশোদ্ভৱ নিউজিলেণ্ডৰ তাৰকা স্পীনাৰ আজাজ পেটেলে এটা ইনিংছত ভাৰতৰ আটাইকেইটা উইকেট দখল কৰি এই কৃতিত্বৰ অধিকাৰী হয় ৷ ভাৰতৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত এই ইতিহাস সৃষ্টি কৰে আজাজ পেটেলে ৷ আজাজে এই সাফল্যৰ বাবে ৪৭.৫ অভাৰ বলিং কৰিব লগা হয় ৷ ১২ অভাৰ কোনো ৰান নিদিয়া স্পীনাৰগৰাকীয়ে ১১৯ ৰান খৰচ কৰি এই বিৰল কৃতিত্বৰ অংশীদাৰ হয় ৷ আজাজে ভাৰতৰ ক্রমে মায়ংক আগৰৱাল, শুভমন গীল, শ্বেটেশ্বৰ পূজাৰা, বিৰাট কোটলি, শ্রেয়াছ আয়াৰ, ঋদ্ধিমান সাহা, ৰবিচন্দ্রন অশ্বিন, অক্ষৰ পেটেল, জয়ন্ত যাদৱ আৰু উমেশ যাদৱক আউট কৰি পাৰফেক্ট–১০ত তৃতীয়জন ক্রিকেটাৰ হিচাপে নিজৰ নাম অন্তর্ভুক্ত কৰে ৷

১৯৫৬ চনৰ পৰা ৪৩ বছৰ পিছত ভাৰতৰ অনিল কুম্বলেই গঢ়া ইতিহাসৰ পিছত ২২ বছৰৰ পিছত আজাজ পেটেলৰ এই ইতিহাস ৰচিত হয় ৷ অনিশ্চয়তাৰে ভৰা ক্রিকেটত আৰু কিমান বছৰ অপেক্ষা কৰিব লাগিব এই অভিলেখ চাবলৈ সেয়া সময়েহে ক’ব ৷

ফোন: ৬০০১৫-২১৭৮০

You might also like
Leave A Reply

Your email address will not be published.