মনোজ কুমাৰ শ্রুতিকৰ
হানয়ত চাৰি দিন কটোৱাৰ পিছত আমি ডিচেম্বৰৰ একত্রিশ তাৰিখে হানয়ৰ নই বাই আন্তর্জাতিক বিমানবন্দৰৰ পৰা ডানাঙলৈ বুলি ওলালোঁ ৷ বিমানবন্দৰ সঠিক সময়তে পালোঁহি যদিও বিদেশী পর্যটকৰ সমাগম দেখি আমাৰ ভয় লাগিছিল, তথাপি পাৰপত্র আৰু টিকটৰ কামখিনি সময়মতেই শেষ কৰি ভিয়েটনাম এয়াৰৰ বিমানত বহিলোঁ ৷
প্রায় ডেৰ ঘণ্ঢাৰ যাত্রাৰ পিছত আহি ডানাঙৰ আন্তর্জাতিক বিমানবন্দৰত অৱতৰণ কৰাৰ আগেয়েই মই খিৰিকীৰে, তলত ডানাং চহৰখন চোৱাৰ ইচ্ছা পূৰণ কৰিলোঁ ৷ বিমানেৰে তলত যি দৃশ্য দেখিছিলোঁ, তাৰ পৰাই বিশাল ডানাং চহৰখনৰ ধাৰণা এটা কৰিব পাৰিছিলোঁ ৷ এই ডানাঙতেই হান নদীখন আহি পূব চীনসাগৰত পৰিছে ৷ দীঘল দীঘল শ্বেডবোৰেৰে বৃহৎ অঞ্চলজুৰি থকা ডানাঙৰ ঔদ্যোগিক পামবোৰ দেখি ধৰিব পাৰিছিলোঁ, পৃথিৱীৰ দ্রুততম অর্থনৈতিক উন্নয়নৰ দেশ ভিয়েটনামৰ ৰূপৰেখা ৷ হান নদীৰ পাৰত আৰু দক্ষিণ চীন সাগৰৰ অৱবাহিকাত অৱস্থিত ডানাং এটা ডাঙৰ বন্দৰো ৷
বিমানবন্দৰৰ বাহিৰত আমাৰ বাবে অপেক্ষা কৰি থকা ৭-৮জনীয়া যাত্রীবাহী বাছ এখনত বস্তু–বাহানিৰে উঠিলোঁ ৷ তেতিয়া সময় দুপৰীয়াৰ দুই বাজিল ৷ আমাৰ অনুৰোধত ড্রাইভাৰে আমাক দুপৰীয়াৰ আহাৰৰ বাবে ভিয়েনামী ৰেস্তোৰাঁ এখনলৈ লৈ গল ৷ আইনাৰ ডাঙৰ ডাঙৰ একোৱাৰিয়ামবোৰত বিভিন্ন ধৰণৰ সাগৰীয় মাছবোৰ ঘূৰি ফুৰাৰ দৃশ্য চায়েই ভাল লাগিল ৷ আমি সদায় নদীৰ মাছ খাই থকাৰ বাবে সাগৰীয় মাছৰ সোৱাদৰ লগত অভ্যস্ত হওঁতে অলপ সময় লাগিছিল ৷ ডানাঙৰ পৰা প্রায় ত্রিশ কিলোমিটাৰ নিলগৰ হো–আন নামৰ সৰু চহৰ এখন পালোঁহি ৷ চহৰখনৰ চাৰিওফালে গাঁওবোৰ থকাৰ কাৰণে তাত এটা গাঁৱলীয়া পৰিৱেশ বিৰাজ কৰিছিল৷ বাটত ভিয়েটনামী টুপী পৰিহিত বহুতো পুৰুষ–মহিলাক চাইকেলেৰে অহা–যোৱা কৰা দেখিছিলোঁ ৷ ডানাঙৰ পৰা হো–আনলৈ অহা পথছোৱা চাৰিলেনযুক্ত, কিন্তু চহৰখনৰ ভিতৰুৱা ৰাস্তাবোৰ দুই লেনযুক্ত ৷
হোটেলত গৈ অলপ সময় বিশ্রাম কৰি আমি বছৰটোক বিদায় দিবৰ বাবে সাজি–কাচি হো–আন চহৰৰ চিটী চেণ্টাৰলৈ বুলি ওলালোঁ ৷ আমি থকা হোটেলৰ পৰা চিটী চেণ্টাৰ প্রায় দুই কিলোমিটাৰ বাবে টেক্সিৰে যোৱাটোকেই সিদ্ধান্ত ললোঁ ৷ চিটী চেণ্টাৰৰ এডোখৰ নির্দিষ্ট ঠাইত টেক্সি ষ্টেণ্ড ৷ বাটৰুৱাৰ সুবিধাৰ বাবে টেক্সিবোৰ জনবহুল বজাৰ এলেকাৰ মাজেৰে যাবলৈ নিদিয়ে ৷ আমি খোজেৰেই যোৱাৰ সিদ্ধান্ত ললোঁ ৷
টেক্সিৰ পৰা আমি নামিছোঁহে, এনেতে কিন্কিন্কৈ বৰষুণ দিবলৈ ধৰিলে ৷ আমি বৰষুণলৈ কেৰেপ নকৰি ৰাস্তাৰ কাষৰ দোকানৰ পৰা সকলোৰে কাৰণে পলিথিনৰ ৰেইন কোট কিনিলোঁ ৷ ভাৰতীয় মুদ্রাৰ হিচাপত, প্রতিটোত প্রায় ২৫-৩০ টকাকৈ পৰিছিল ৷ ছল চাই কঠীয়া পৰাৰ দৰে, তাৰো মানুহবোৰে বৰষুণৰ দিনত ৰেইন কোট, ছাতি আদি আৰু গ্রীষ্মকালত ভিয়েটনামী টুপী, ফলৰ ৰস আদি বিক্রী কৰে ৷ মানে, একেজন মানুহেই বছৰটোত দুই তিনি ধৰণৰ ব্যৱসায় কৰে ৷ মানুহবোৰ দেখাত আমাৰ অসমীয়া মানুহৰ দৰেই, কিন্তু ভীষণ পৰিশ্রম কৰিব পাৰে ৷ প্রায় এক কিলোমিটাৰমান পথ আমি এখন ডাঙৰ বজাৰৰ মাজেৰেই আগবাঢ়লোঁ ৷ গোটেই পথটোত কাগজ আৰু বাঁহেৰে নির্মিত বিভিন্ন ৰঙৰ হো–আন লেণ্ঢার্ন Ho-Ann Foldable Lanternৰে উদ্ভাসিত কৰি ৰাখিছে ৷ প্রত্যেকেই যেন বছৰটোক বিদায় দি নতুন বছৰটোক আদৰিবলৈ সাজু ৷
আমি হো–আনৰ মাজেৰে বৈ যোৱা থু–বন নদীৰ ওপৰত দ্বিতীয় মহাযুদ্ধৰ সময়ত জাপানীসকলে নির্মাণ কৰা জাপান ব্রিজেৰে পাৰ হৈ সিপাৰ পালোঁগৈ৷ হো–আনখন ভিয়েটনামৰ কোৱান–নাম প্রদেশত অৱস্থিত এখন প্রসিদ্ধ চহৰ৷ ইয়াক আগতে ফাই–ফ বুলিছিল যদিও পিছত হো–আন–ফ ভিয়েটনামী শব্দৰ সমাহাৰত ইয়াৰ নাম হো–আন হয় ৷ বিভিন্ন ৰঙৰ লাইট, লেণ্ঢার্ন আৰু সংগীতৰ সমাহাৰত সেই সন্ধিয়াটো আমাৰ বাবে এটা পাহৰিব নোৱাৰা দিন ৷ মুকলি ঠাই এডোখৰত ডাঙৰ মঞ্চ এটাত ভিয়েটনামী শিল্পীসকলে বিভিন্ন বাদ্য যন্ত্র লৈ সংগীত পৰিৱেশন কৰি আছিল ৷ গানৰ ভাষাটো বুজি পোৱা নাছিলোঁ যদিও সংগীতৰ মাদকতাই আমাকো আত্মহাৰা কৰি তুলিছিল ৷ আমি ওচৰৰে ৰেস্তোৰাঁ এখনত ৰাতিৰ সাঁজ সমাপ্ত কৰি খোজেৰেই টেক্সি ষ্টেণ্ড পাই তাৰ পৰা হোটেল পাওঁতে প্রায় বাৰ বাজিল ৷ হোটেলত আমি সকলোৱে ইজনে সিজনক নতুন বছৰৰ আদৰণি জনাই নিদ্রাদেৱীৰ কোলাত জিৰণি ললোঁ ৷
হো–আন চহৰৰ দোকান–বজাৰত চামৰাৰে তৈয়াৰী কোট, জেকেট, এয়াৰবেগ, জোতা–চেণ্ডেল, মানীবেগ আৰু মহিলাৰ হেণ্ডবেগবোৰৰ পয়োভৰ দেখি তবধ মানিলোঁ ৷ হো–আনৰ আন এটা আকর্ষণীয় বস্তু হল, বাঁহেৰে সজা ডাঙৰ বেলুন আকৃতিৰ ৰং–বিৰঙৰ জাপি থব পৰা লেণ্ঢার্ন ৷
আমি দুহেজাৰ বিশ চনৰ প্রথম দিনটোত বানাহিল চাবলৈ বুলি ওলালোঁ ৷ ড্রু অংচং পাহাৰত অৱস্থিত এই পর্যটন কেন্দ্রলৈ বছৰি প্রায় ১৫ লাখ পর্যটকৰ সমাগম ঘটে৷ আমি হোটেলৰ পৰা ১০/১২জনীয়া সৰু বাছ এখনত হো–আনৰ পৰা ডানাঙলৈ যাত্রা কৰাৰ পিছত বানাহিলৰ কেব্ল কাৰৰ পইণ্ঢ পালোঁহি ৷ আমি বাছৰ পৰা নামি আমাৰ গাইড হেঙ মুনৰ নির্দেশমতে আগবাঢ়িলোঁ ৷ সাগৰপৃষ্ঠৰ পৰা ১৫০০ মিটাৰ উচ্চতাত থকা এই পর্যটন কেন্দ্রত বতৰ মুকলি থাকিলে তলত সাগৰৰ দৃশ্য বৰ ভালদৰে দেখা যায় ৷
কেব্ল কাৰ পইণ্ঢত যাত্রীৰ ভিৰ নিয়ন্ত্রণ কৰিবৰ কাৰণে ডাঙৰ আহল–বহল ঘৰ এটাৰ ভিতৰতে অকোৱা–পকোৱা পথ ৷ পথৰ দুয়োকাষে হয় ফুলৰ বাগিচা নহয় ৰং–বিৰঙৰ মাছ থকা দীঘল দীঘল সৰু পুখুৰীবোৰ ৷ সেইবোৰ চাই চাই কেব্ল কাৰৰ পিক আপ পইণ্ঢনো কেতিয়া পালোঁহি গমেই নাপালোঁ ৷ মুঠ ৬জনকৈ যাত্রী কঢ়িয়াব পৰা চাৰিওপিনে আইনাৰে আবৃত গোলাকৃতিৰ কেবিনবোৰ ইটোৰ পিছত সিটোকৈ আহি থাকে ৷ আমি গাইডৰ নির্দেশমতে, কেবিনত ৬জন বহিলোঁ ৷ যাত্রী উঠাৰ পিছতে কেবিনৰ দর্জা স্বয়ংক্রিয়ভাৱে বন্ধ হৈ যায় ৷ কেব্ল কাৰক আমি ৰোপৱে বুলিহে জানিছিলোঁ ৷
কেব্ল কাৰত উঠাৰ পিছতে আমাৰ কেবিনটো আকাশমার্গত ভাস্যমান হল ৷ কেবিনৰ ওপৰৰ সংলগ্ন হাঁকোটাৰে, ওপৰৰ কেব্লৰ লগত সংযুক্ত ৷ যাওঁতে তলত পাহাৰ, ঘন হাবি–জংঘল আৰু সৰু সৰু নদীবোৰ মন কৰিছিলোঁ ৷ যেন আমি এখন শব্দবিহীন হেলিকপ্ঢাৰতহে গৈ আছো, এনে লাগিল ৷ আমি যোৱাৰ দিনা বতৰ ডাৱৰীয়া হৈ থকাৰ কাৰণে, শুভ্র ডাৱৰ ফালি আমাৰ কেবিনটো ক্রমাৎ পাহাৰৰ ওপৰলৈ গতি কৰিছে ৷ পিছলৈ চালে, আমাৰ পিছৰ ওপৰলৈ উঠা কেবিনবোৰ আৰু আগলৈ চালে উভতি অহা কেবিনবোৰ ৷ কি যে এক নান্দনিক দৃশ্য ৷ শব্দৰে বা ভাষাৰে বুজোৱাটো টান ৷ যিমানে পাহাৰৰ ওপৰলৈ গৈ আছোঁ, সিমানেই বেছি ডাৱৰ দৃশ্যমান হল ৷
বানাহিল পোৱাৰ পিছত আমি কেব্ল কাৰৰ কেবিনৰ পৰা নমাৰ পিছত আমাৰ গাইডে আমাক ফ্রেন্স ভিলেজৰ প্রধান ঘৰবোৰ Landmark চিনাকি কৰাই, আমাক দুপৰীয়াৰ আহাৰৰ টিকটবোৰ দিলে ৷ আমাৰ গাইড হেঙ মুনে আমাক সকলোকে গির্জাঘৰ এটাৰ ওচৰলৈ লৈ গৈ, দুপৰীয়াৰ আহাৰৰ পিছত সেই স্থানতেই দুই বজাত লগ পাবলৈ কলে ৷ ফ্রেন্স ভিলেজত থকা বিভিন্ন ঘৰসমূহ আৰু আশে–পাশে থকা ঠাইবোৰ, তাতে ডাঙৰকৈ মেপ এখন চিহ্ণিত কৰা আছে ৷
বানাহিলৰ পাহাৰত ফৰাচী শাসকসকলে কলৰ খেতি কৰিছিল ৷ ইয়াক তেওঁলোকে বানানা হিল Banana Hill বুলিছিল এই বানানা হিলতে ফৰাচী চৰকাৰে পর্যটকসকলৰ বিনোদনৰ বাবে পর্যটন কেন্দ্র আৰম্ভ কৰে৷ ১৯১৯ চনত পর্যটকৰ ৰুমত সাপ ওলোৱাৰ বাবে ই বহু বছৰ ধৰি পৰিত্যক্ত হৈ আছিল ৷ পিছত ২০০৭ চনত চান ৱর্ল্ড এণ্ঢাৰপ্রাইজ নামৰ প্রতিষ্ঠানে এই কেন্দ্রটোৰ আৰম্ভণি কৰে ৷ তেওঁলোকেই যাত্রীসকলৰ অহা–যোৱাৰ বাবে ২০০৯ চনত অত্যাধুনিক কেব্ল কাৰৰ নির্মাণ কৰে ২০১৩ চনত ইয়াৰ শুভাৰম্ভ হয় ৷ ড্রুংচং পাহাৰলৈকে এই কেব্ল কাৰৰ দৈর্ঘ্য প্রায় ৬ কিলোমিটাৰ ৷
দুপৰীয়াৰ আহাৰৰ আগেয়ে আমি তিনি মহলীয়া ফেণ্ঢাচী পার্কৰ ভিতৰত সোমাই দেখিলোঁ বিভিন্ন ধৰণৰ ইলেকট্ৰনিক যন্ত্রৰ খেলৰ সমাহাৰ ৷ আমাৰ আনন্দমেলাৰ দৰে মেৰী গ ৰাউণ্ড, ফেৰীজ হুইল আৰু বেলেগ বেলেগ ধৰণৰ আনন্দদায়ক খেলাধূলাবোৰ আছে ৷ পিছে, আমি গৈ ডেকা–গাভৰুৱে নাচ–বাগ কৰা মঞ্চ এটাৰ সন্মুখতহে বহিলোঁগৈ ৷ তেওঁলোকে প্রদর্শন কৰা লোকনৃত্য চাই আপ্লুত হলোঁ ৷
ভিয়েটনামত ফ্রান্সৰ শাসন প্রায় ৮০ বছৰ চলিছিল ৷ ইয়াৰ ভাষা, সাহিত্য, কৃষ্টি–সংসৃক্তিত ফ্রান্সৰ প্রভাৱ বাৰুকৈয়ে পৰিছিল ৷ ভিয়েটনামৰ বয়সিয়াল লোকসকলে এতিয়াও ফৰাচী ভাষা আৰু কলা–কৃষ্টি অনুসৰণ কৰে৷ মঞ্চত পৰিৱেশন কৰা সংগীত আৰু নৃত্য ফৰাচী শৈলীৰ আছিল ৷
আমি দুপৰীয়াৰ আহাৰৰ বাবে ফেণ্টচী পার্কৰ বিশাল ৰেস্তোৰাঁখনত আমাক গাইডে দিয়া টিকেটেৰে প্রৱেশ কৰিলোঁ ৷ খোৱাৰ ব্যঞ্জনৰ বিভিন্নতা আৰু সংখ্যা দেখি আচৰিত হলোঁ ৷ ইয়াত নিৰামিষভোজীসকল বিমর্ষ হোৱাৰে কথা, কাৰণ ইয়াত হাঁহ, গৰু, ছাগলী, ভেডাৰ পৰা ঘঁৰিয়াললৈকে বিশবিধমান মাংসৰ ব্যঞ্জন৷ ঠিক তেনেকৈয়ে বিভিন্ন ধৰণৰ ফলৰ ৰসৰ পৰা আদি কৰি চাহ–কফীলৈকে আন আনবোৰ৷ মুঠতে, যোগ্য ভোগ্য বসুন্ধৰা ৷ মুঠতে খাব পৰা লোকৰ বাবে, ই স্বর্গৰ নন্দন কানন ৷
দুপৰীয়াৰ আহাৰৰ পিছত, আমি আমাৰ গাইড হেঙ মুনৰ নির্দেশমতে গির্জাঘৰত আহি তাইৰ কাৰণে অপেক্ষা কৰিলোঁ ৷ ঠিক দুই বজাত আমাৰ গাইড আহি আমাক বানাহিলৰ এক বিশেষ আকর্ষণ গল্ডেন ব্রিজ দেখুৱাবলৈ লৈ গল ৷ ফ্রেন্স ভিলেজৰ ফেণ্ঢাচী পার্কৰ পৰা আমি আকৌ কেব্ল কাৰেৰে থিয়নে থাই গার্ডেনত গল্ডেন ব্রিজলৈ বুলি ওলালোঁ ৷ এই দলংখনৰ দৈর্ঘ্য ১৫০ মিটাৰ আৰু বহল ১২ মিটাৰ যদিও ইয়াৰ নির্মাণ স্থাপত্যবিদ্যাৰ এক অপূর্ব নিদর্শন আৰু পৃথিৱীৰ ভিতৰতে অদ্বিতীয় ৷ দলংখনৰ দুয়োটা মূৰে দুখন সোণালী হাতে দলংখনক যেন ধৰি ৰাখিছে ৷ দলংখনৰ দৃশ্য সঁচাকৈয়ে বৰ মনোমোহা ৷ আমি ভালেখিনি সময় দলংখনত কটালোঁ ৷ এই দলংখন পর্যটকৰ বাবে ২০১৮ চনত মুকলি কৰা হয় ৷
বানাহিলৰ দর্শন শেষ কৰি আমি পুনৰ কেব্ল কাৰেৰে ওভতনি যাত্রা আৰম্ভ কৰিলোঁ ৷ সন্ধিয়া আহি হো–আনৰ আমাৰ হোটেল পালোঁহি ৷ পিছদিনা পুৱা বিমানেৰে আমি হো–চি–মিন চহৰলৈ যোৱাৰ কথা ৷ সেইদিনা আমি অলপ আগতীয়াকৈ ৰাতিৰ আহাৰ কৰি বিছনাত শুই পৰিলোঁ ৷
ফোনঃ ৯৯৫৪২-৫৯৩৫৭