শাৰদীয় মহালয়াৰ তাৎপর্য

ৰীমা শর্মা

শৰৎ কাল বুলিলেই হালিজালি পৰা মনোৰম শুভ্র কঁহুৱাৰ নাচোন, নিয়ৰসিক্ত শেৱালিৰ সুবাস, নির্মল নীলা আকাশ আৰু চৌদিশে শক্তিৰূপিনী দেৱী আগমনৰ আভাস ৷ এই মোহনীয় সময়তে উজ্জ্বল আলোকসজ্জা, নয়নাভিৰাম বিশাল পূজা মণ্ডপ আৰু আকর্ষণীয় প্রতিমাৰে, ভক্তবৃন্দই আয়োজন কৰে আড়ম্বৰপূর্ণ দেৱী পূজাৰ৷ এই দেৱী পূজাৰ প্রাক্ক্ষণত মহালয়া এটি বিশেষ পালনীয় দিন ৷ বহুতৰ ধাৰণা এই যে কেৱল দুর্গা দেৱীৰ আগমনহে মহালয়াৰ বিশেষত্ব ৷ কিন্তু মহালয়াৰ তাৎপর্যৰ আৰু বেলেগ দিশ আছে, সেই বিষয়ে এটি চমু আভাস দাঙি ধৰা হল ৷ মহালয়াৰ বৈশিষ্ট্য এনেধৰণৰ

  • পিতৃ পক্ষৰ অন্তিম দিন
  • উপৰিপুৰুষৰ প্রীতার্থে পিণ্ডদান
  • দেৱী পক্ষৰ আৰম্ভণি
  • দুর্গা পূজাৰ আনুষ্ঠানিকতা প্রাৰম্ভ
  • দুর্গতিনাশিনীৰ মর্ত্যত প্রৱেশ
  • নৱৰাত্রি উৎসৱ আৰম্ভ
  • ত্রেতাযুগত শ্রীৰামচন্দ্রৰ পিণ্ডদান–কালবোধন্ ৷

পিতৃপক্ষ কি প্রবাদমতে, মহাবীৰ কর্ণই কুৰুক্ষেত্র যুদ্ধত বীৰগতি প্রাপ্ত হৈ নিজ শুভকর্মৰ ফলত স্বর্গত স্থান পাইছিল ৷ সৰগত তেওঁক খাদ্যৰ পাত্রত কেৱল স্বর্ণ, ৰৌপ্য, ৰত্ন, অলংকাৰ আদিহে দিয়া হৈছিল ৷ সূর্যপুত্রই এই বিষয়ে প্রশ্ন  কৰাত দেৱৰাজ ইন্দ্রই উত্তৰ দিয়ে, তুমি পৃথিৱীত বসবাস কৰা কালছোৱাত পিতৃব্য বা উপৰি পুৰুষৰ উদ্দেশ্যে কোনো জল, অন্ন আদি দান কৰা নাই, তুমি যি দান কৰিছা, সেয়া কেৱল ধন, সোণ, ৰূপ, অলংকাৰ আদিহে ৷ তেতিয়া কর্ণই কলে, পূর্বপুৰুষ আৰু তেওঁলোকৰ নিমিত্তে বিহিত পাৰলৌকিক কর্মৰ বিষয়ে মোৰ কোনো জ্ঞান নাছিল, সেয়ে মোক এবাৰ সুযোগ দিয়া হওক, যাতে মই প্রয়াত উপৰিকুলৰ বাবে তর্পণ কৰিব পাৰোঁ ৷ সেইমর্মে কর্ণক একপক্ষ কাল পূর্বপুৰুষৰ পিণ্ডদানৰ বাবে ধৰিত্রীলৈ পঠিওৱা হয় ৷ এই পক্ষটিক কোৱা হয় পিতৃপক্ষ ৷ ই আহিন মাহৰ কৃষপক্ষ, যাৰ অন্তিম দিন অমাৱস্যা আৰু মহালয়া ৷

হিন্দু ধর্মৰ মান্যতা অনুসৰি, মনুষ্যই নিজৰ স্থূলদেহ ত্যাগ কৰি নিজ নিজ কর্ম অনুসৰি চৈধ্য ভুবনৰ কোনোবা এঠাইত থিতাপি লয় ৷ চৈধ্য ভুবন ভূভাগক লৈ ওপৰৰ পিনে সাতখন আৰু ভূভাগৰ তলৰ পিনে সাতখন ৷  প্রবাদ মতে, মৃত্যুকালত মানুহে লোভ, মোহ, কাম, ক্রোধ, পাপ আদিৰ দ্বাৰা প্রভাৱিত হৈ থাকিলে পৃথিৱীৰ নিম্নমুখী ভুবনবোৰ যেনে অতল, ভিতল, সুতল, তলাতল, মহাতল, ৰসাতল আৰু পাতালৰ কোনোবা এখনত বাস কৰে৷ আনহাতে, মৃত্যুমুখী মানৱে এই ৰিপুসমূহ জয় কৰি ধর্মক আশ্রয় কৰি নশ্বৰদেহ ত্যাগ কৰিলে ঊধর্বমুখী ভুবন যেনে ভূ পৃথ্বী, ভূব, স্বর্গ, মহা, জন, তপ আৰু সত্য আদি লোকত বাস কৰে ৷ সেয়েহে মৃত্যুকালত মানুহক শাস্ত্রাদি কথা শ্রৱণ, মনন, কীর্তনেৰে পৰলোকপ্রাপ্তি হোৱাত গুৰুত্ব দিয়া হয় ৷ সি যি কি নহওক, বিশ্বাস মতে এই পিতৃ পক্ষৰ সময়ত, পৰলোকগামী মাতৃকুল, পিতৃকুল স্নেহবশতঃ ধৰিত্রীলৈ নামি আহে আৰু জীৱিত প্রজন্মৰ কুশল মংগল অৱস্থা প্রত্যক্ষ কৰে৷ গতিকে প্রথামতে, এই সময়ত উত্তৰ পুৰুষে পূর্বপুৰুষৰ প্রতি  তর্পণ তৃপ্ত আৰু পার্বণ শ্রাদ্ধ শ্রদ্ধা কৰিলে পৰলোকগামী উপৰিপুৰুষ সন্তুষ্ট তথা সুপ্রসন্ন হৈ জীৱিতসকলৰ ধন–যশ–সমৃদ্ধিৰ বাবে আশীর্বাদ কৰে ৷ তদুপৰি বিভিন্ন কাৰণ যেনে দুর্ঘটনা, অপমৃত্যু, আত্মহত্যা আদিৰ বাবে যদি বংশৰ পূর্বতন কোনো মৃত ব্যক্তিৰ শৱদাহ কৰিব পৰা নগল, পাৰলৌকিক হিতার্থে মহালয়াৰ দিনা সেই ব্যক্তিৰ নামত পিণ্ডদান কৰিলে অশান্ত আত্মা উদ্ধাৰ হৈ ঊধর্বলোকৰ পিনে গতি কৰে বুলি বিশ্বাস চলি আহিছে ৷ সাধাৰণতে পিতৃপক্ষৰ অন্তিম দিনা, অর্থাৎ অমাৱস্যা তথা মহালয়াৰ দিনা পৰৱর্তী প্রজন্মই পূর্বপুৰুষৰ প্রতি শ্রদ্ধাপূর্বক স্মৰণেৰে নদীত পিণ্ডদান কৰে ৷ এই পিণ্ড তর্পণত থাকে চাউল বা চাউলৰ গুড়ি, ঘি, মৌ, কল, তিল, জল, তুলসী, কুশ, সূতা, ফুল আদি ৷ গতিকে পূর্বৱর্তী আৰু পৰৱর্তী বংশৰ পাপ স্খলনেৰে জন্ম জন্মান্তৰ ধৰি কুলগোষ্ঠীৰ মংগল তথা সদ্গতি কামনা কৰি, প্রসিদ্ধ পিতৃপক্ষৰ অন্তিম দিনা পিণ্ডদান কৰাতো মহালয়াৰ এক বিশেষ তাৎপর্য আছে ৷ কোনো কাৰণত কোনোবাই বার্ষিক শ্রাদ্ধ কৰিব নোৱাৰিলে মহালয়াৰ দিনা পিণ্ডদানেৰে সেই অপূৰিত কার্য সমাধা হয়৷ হিন্দু ধর্মাৱলম্বী মননশীল উত্তৰাধিকাৰী লোকে পিণ্ডদানক গোত্রীয় কৌলিন্য ৰক্ষা হেতু এক গভীৰ দায়বদ্ধতা বুলি কুলাচাৰ পালন কৰে ৷ মহালয়াৰ দিনা গয়াকে আদি কৰি বিভিন্ন পৱিত্র স্থানত গণপিণ্ডদান কৰা হয় ৷

দেৱীপক্ষঃ  মহালয়াৰ পিছদিনাই শুক্লা প্রতিপদৰ পৰা লক্ষ্মী পূর্ণিমালৈকে দেৱীপক্ষ থাকে ৷ এই দেৱীপক্ষৰ ভিতৰতে নৱৰাত্রি তথা শাৰদীয় দুর্গোৎসৱ আৰু লক্ষ্মীদেৱীৰ পূজা ৷  এই দেৱীপক্ষত তিথি, নক্ষত্রাদি যোগৰূপ প্রাকৃতিক সংঘটনৰ সুফল, মাতৃসাধকসকলে লাভ কৰি অমোঘ সিদ্ধিক অর্জন কৰে ৷ দেৱীপক্ষৰ ভিতৰত ঐশ্বর্য–বিভূতিৰ অধিষ্ঠাত্রী দেৱী আদ্যাশক্তি মহালক্ষ্মী ব্রত আৰু পূজা ৷ এই লক্ষ্মীদেৱীৰ উপাসনাই মনুষ্যৰ জীৱনলৈ ধন–সম্পত্তি, ঐশ্বর্য, বিভূতি আৰু শান্তিৰ স্থিতি ৰক্ষা কৰে বুলিয়ে প্রতিটো গৃহত লক্ষ্মীদেৱীলৈ শৰাই আগবেোৱাটো এক প্রচলিত নিয়ম ৷

মহালয়াৰ দিনাই দুর্গা পূজাৰ আনুষ্ঠানিকতা আৰম্ভ হয় ৷ এই দিনটোতে মৃণ্ময়ী শিল্পীয়ে, দশভুজাৰ তেজস্বী প্রতিমাত চকু অংকন কৰে আৰু ৰং দিয়া কার্য আৰম্ভ কৰে ৷

মহালয়াৰ দিনাই মাতৃ দুর্গাৰ এই ধৰিত্রীত সর্বভূতে অধিষ্ঠান ঘটে ৷ সেইদিনা সিদ্ধিপ্রদ গণেশ, সুদর্শন কার্তিক, বিশ্বৰূপা লক্ষ্মী আৰু ব্রহ্মৰূপা সৰস্বতীসহ দুর্গাবাহিনী, সিংহসহিত অন্যান্য বাহনসহ, মর্ত্যত প্রৱেশ কৰে ৷ হাতত আনে অব্যর্থ নানান দিব্যাস্ত্র আৰু দেহত অভেদ্য কৱচমালা ৷

মহালয়াৰ পিছদিনাই আৰম্ভ হয় নৱৰাত্রি ব্রত ৷ এই ব্রত আর্য–নার্য মাতৃপূজা সংসৃক্তিৰ সমন্বয় বুলিব পাৰি ৷ শৈলপুত্রী, ব্রহ্মচাৰিণী, চন্দ্রঘণ্টা, কুষ্মাণ্ডা, স্ক্ন্দমাতা, কাত্যায়নী, কালৰাত্রি, মহাগৌৰী আৰু সিদ্ধিদাত্রী নামেৰে দুর্গাদেৱীৰ নটা ৰূপ নৱদুর্গাক নটা দিনত আৰাধনা কৰা হয় ৷ বহুতে এই ন দিনৰ বাবে অখণ্ড, অনির্বাপিত জ্যোতি স্থাপনা কৰি দিবাৰাত্রি অহৰহ বন্তিগছি লাই ৰাখে ৷ মাতৃভক্তই কায়মনোবাক্যে, মানসিক, কায়িক, বাচিক পৱিত্রতা ৰক্ষা কৰি, যম, নিয়ম, সংযম, ধ্যান, স্মৰণ, পূজনেৰে এই ব্রত নির্মল অন্তঃকৰণেৰে পালন কৰিলে পৰমেশ্বৰী দেৱীৰ কৃপা লাভ কৰিবলৈ সক্ষম হয় বুলি ধর্মীয় বিশ্বাস প্রচলিত ৷ এই দিনত বহুতে নিৰজ্জলা উপবাসেৰে, শৰীৰ বিশুদ্ধিকৰণ কৰাৰ উপৰি লাভ কৰে অদ্ভুত শক্তি আৰু অনুপ্রেৰণা ৷

মহালয়াৰ এই দিনটোতে লংকাবিজয়ৰ প্রাক্ক্ষণত ৰঘুবংশীয় শ্রীৰামচন্দ্রই উপৰিপুৰুষসকৰ উদ্দেশ্যে পিতৃতর্পণ কৰিছিল আৰু অকালবোধন কৰি দুর্গা পূজা কৰিছিল ৷ দশমীৰ দিনা দুৰাচাৰী ৰাৱণ বধ কৰি বিজয় সাব্যস্ত কৰিছিল ৷ উত্তৰ ভাৰতত ৰাৱণ বধৰ আনন্দোৎসৱক দশহাৰা আৰু পূর্ব ভাৰতত মহিষাসুৰ বধেৰে বিজয় লাভ কৰা উৎসৱক বিজয়া দশমী হিচাপে পালন কৰা হয় ৷ কৰুণ অনুভূতিৰে ভক্তসকলে সিদিনাই দুর্গা–বাহিনীক পানীত বিসর্জন দি কৈলাসলৈ বিদায় সম্ভাষণ জনায় ৷

বর্ষচক্র অনুসাৰে, মলমাস পৰিলে কদাচিৎ মহালয়াৰ দিনটোৰ সলনি হয় ৷ এই দিনটোত শ্রদ্ধাশীল হৈ পূর্বপুৰুষক তর্পণ কৰাৰ উপৰি এই দিনটোতে আৱাহন কৰা হয়, শক্তিস্বৰূপিনী মাতৃ দুর্গাক যি বিশ্ব চৰাচৰৰ প্রতিটো জীৱৰ জননী জগতধাৰিণী ৷ তেওঁ আসুৰিক দৈত্যশক্তিৰ প্রতিভূ দুর্দান্ত প্রতাপী মহিষাসুৰ সংহাৰিণী তথা ভক্তৰ দুখবিনাশিনী ৷ মহালয়াৰ দিনা মন্ত্রমুগ্ধ চণ্ডীপাঠ আৰু সুমধুৰ স্তুতি বন্দনাৰে আমি ভৱানী–ভৈৰৱীক আমন্ত্রণ জনাওঁ, জাগতিক দুখ–দুর্দশা আৰু অপায়–মংগল দূৰ কৰি তেওঁ যেন আমালৈ কঢ়িয়াই আনে যশ, শান্তি, ঐশ্বর্য, সমৃদ্ধি আৰু দিয়ে অন্তৰত সাহস আৰু শক্তি ৷ সমাজ কলুষিত কৰা অশুভ শক্তিক ওফৰাই শান্তি আৰু সার্বিক সমাজ কল্যাণৰ প্রত্যাশা কঢ়িয়াই সমন্বয়ৰ বার্তা বহন কৰা শাৰদীয় উৎসৱ হিন্দুসকলে পালন কৰি লাভ কৰে বিমল আনন্দ আৰু অপাৰ আধ্যাত্মিক গৌৰৱ ৷

ফোনঃ  ৮১৩৪০-৪৪৮৮৭

You might also like
Leave A Reply

Your email address will not be published.