মনোজ কুমাৰ শ্রুতিকৰ
আমি সৰুতে স্কুলত পঁঢ়োতে জানানে নামৰ কিতাপ এখনত পৃথিৱীৰ সপ্তম আচাৰ্য্য় বিষয়ে পঢ়িবলৈ পাইছিলোঁ ৷ চীন দেশৰ প্রাচীৰো এই সপ্তম আচাৰ্য্য়ৰে এক ৷
১৯৬২ চনৰ চীনা আক্রমণৰ সময়ত বা পৰৱর্তী সময়ত চীন দেশৰ প্রতি এক অনীহা ভাৱ আহিছিল, যদিও সামগ্রিক পৰিস্থিতিত চীন দেশৰ পৰিৱর্তনে, পুনৰ চীন দেশৰ প্রতি মোক আকৃষ্ট কৰিলে আৰু চীন দেশৰ পৰিৱর্তনৰ ছবিখন নিজ চকুৰে চাবৰ বাবে মন গল ৷
১৯৪৭ চনত চীন দেশ ভাৰততকৈ দুখীয়া আৰু পিছপৰা দেশ আছিল, কিন্তু মাত্র ৫০-৬০ বছৰৰ ব্যৱধানত, চীন দেশ আজি পৃথিৱীৰ সামৰিক বা অর্থনৈতিক ক্ষেত্রত দ্বিতীয় শক্তিশালী দেশ ৷ এনে এখন দেশ চোৱাৰ আগ্রহ বাৰু কাৰ নাথাকিব
২০১৫ চনৰ এপ্রিল মাহত আমি কক্স এণ্ড কিং নামৰ ট্ৰেভেল এজেঞ্চীৰ যোগে গাইপতি এক লাখ ছয় হাজাৰ টকা দি, আমাৰ দুয়োৰে বাবে টিকট কৰিলোঁ ৷ চীন দেশৰ মুদ্রা এক ইউৱানৰ বাবদ আমাৰ দেশৰ এঘাৰ টকা দি অলপ বিদেশী মুদ্রা গুৱাহাটীৰ চলিডাছ ফৰেক্স Solidus Forex নামৰ প্রতিষ্ঠানৰ পৰা কিনি, ২০১৫ চনৰ ১৭ মেত গুৱাহাটী বিমানবন্দৰৰ পৰা কলকাতাৰ বিমানবন্দৰলৈ উৰা মাৰিলোঁ ৷ কলিকতাৰ আন্তর্জাতিক বিমানবন্দৰটো ওপৰ মহলাত ৷ যথা সময়ত আমি ইষ্টার্ন চাইনা এয়াৰলাইনছৰ কাউণ্ঢাৰত চেকইন কৰি, ৰাতি প্রায় বাৰ বজাত চীন দেশৰ কুনমিং বিমানবন্দৰলৈ উৰা মাৰিলোঁ ৷
বেইজিঙৰ দ্রাঘিমাংশ ১১৮ ডিগ্রী পূব আৰু আমাৰ ভাৰতৰ দ্রাঘিমাংশ ৮২ ডিগ্রী পূব ৷ সেয়ে দুয়োখন দেশৰ মাজৰ সময়ৰ ব্যৱধান ২ ঘণ্ঢা ২৪ মিনিট৷ চীন দেশৰ সময় আমাতকৈ আগবঢ়া ৷ মিনু ৱাডিয়া নামৰ জ্জপ্ত বছৰীয়া ওখ–পাখ পার্চী ভদ্রলোক এজনক কক্স এণ্ড কিঙে আমাৰ গাইড হিচাপে নিযুক্তি দিছিল৷ কক্স এণ্ড কিঙৰ চীন দেশলৈ যোৱা কুৰিজনীয়া পর্যটক দলটোৰ বেছিভাগ পশ্চিমবংগৰ মাৰোৱাৰী, বঙালী আৰু বিহাৰী সম্প্রদায়ৰ লোক ৷ ২০১৫ চনৰ ১৭ মেৰ ৰাতি কলকাতাৰ পৰা বিমানেৰে ২ ঘণ্টা ২৫ মিনিট উৰাৰ পিছত, চীন দেশৰ সময় অনুসৰি পুৱা ৫ বাজি ১৫ মিনিটত ভাৰতীয় সময় মতে পুৱা মান বজা কুনমিং বিমানবন্দৰত অৱতৰণ কৰিলোঁ ৷ বিমানবন্দৰত Immigration মানে সেই দেশত প্রৱেশৰ প্রক্রিয়া শেষ কৰি, আকৌ চিয়ান চহৰলৈ যাৱৰ বাবে ইষ্টার্ন চাইনা এয়াৰলাইনছৰ বিমানেৰে, পুৱা দহ বজাত উৰা মাৰি, ২ ঘণ্টা ১৫ মিনিটৰ বিৰতিৰ পিছত, চিয়ান চহৰৰ চিয়ানয়াং বিমানবন্দৰত অৱতৰণ কৰিলোঁ ৷ আমাৰ টোপোলা–টাপলিবোৰ সংগ্রহ কৰাৰ পিছত, চিয়ানৰ লোকেল গাইড মিছ মেই নামৰ মহিলাই আমাক আদৰিলে ৷ ইংৰাজীত Xian লিখে যদিও মানুহে ঠাইখনৰ উচ্চাৰণ চিয়ান বুলিহে কয় ৷
মিছ মেইয়ে আমাক বিমানবন্দৰতে থকা চীনা ৰেস্তোৰাঁ এখনলৈ দুপৰীয়াৰ আহাৰৰ বাবে লৈ গল ৷ ভাত পানী খোৱাৰ পিছত আমাক চিটি হোটেল চিয়ানলৈ বাছেৰে লৈ গল ৷ হোটেলত অলপ সময় জিৰাই–শঁতাই, আমি গধূলি মান বজাত গংগা নামৰ ভাৰতীয় ৰেস্তোৰাঁ এখনলৈ ৰাতিৰ সাঁজৰ বাবে গলোঁ ৷ ৰাতিৰ আহাৰৰ পিছত চীন দেশৰ এহেজাৰ বছৰৰ আগৰ টাং ৰাজবংশৰ Tang Dynasty দিনত জনপ্রিয় হোৱা চাগান শৈলীৰ সংগীত আৰু নৃত্য কলা প্রায় দুঘণ্টাৰ বাবে উপভোগ কৰিলোঁ ৷ আমাৰ কাৰো চীনা ভাষাতো বাদেই, চীন দেশৰ কলা–কৃষ্টিৰ বিষয়ে তিলমানো জ্ঞান নাছিল, যদিও বাদ্য যন্ত্র আৰু সংগীতৰ তাল, লয় আৰু মূর্ছনাই, আমাৰ সকলোৰে মনত এক পাহৰিব নোৱাৰা স্মৃতি আঁকি থৈ গল ৷ খোৱা–বোৱাৰ ক্ষেত্রত চীন দেশত থকা আমাৰ ভাৰতীয় ৰেস্তোৰাঁবোৰত, আমাৰ ভাৰতৰ দৰেই খাওঁতে বুফে Buffet পদ্ধতিৰে মেইন প্লেট আৰু কাটা চামুচৰ ব্যৱহাৰ কৰে ৷ কিন্তু চীনা ৰেস্তোৰাঁৰ ভিতৰত ৰঙ্মজন মানুহ বহি খাব পৰা ঘূৰণীয়া ডাঙৰ টেবুল কেইখনমান থাকে৷ টেবুলখনৰ মাজভাগতে খোৱা বস্তুবোৰ ৰাখে৷ প্রত্যেকখন চকীৰ বাবে একোখনকৈ সৰু কোৱার্টাৰ প্লেট, চামুচ আৰু ঘটী আকৃতিৰ পাত্র এটাত চপষ্টিকবোৰ ৰাখে ৷ চীনাসকলে চামোচ বা কাটা চামোচৰ সলনি চপষ্টিক ব্যৱহাৰ কৰে ৷ খোৱা আৰম্ভ হয় চুপেৰে ৷ চুপ শেষ হোৱাৰ পিছতহে বাকীবোৰ ব্যঞ্জন আৰম্ভ কৰে ৷ চীন দেশৰ মানুহে আমাৰ বৰাচাউলৰ দৰে আঠাযুক্ত চাউলৰ Sticky Rice ভাতহে খায়৷ ৰুটী–পৰঠাৰ ব্যৱহাৰ নাই ৷ ৰেস্তোৰাঁত সাধাৰণতে গৰুৰ মাংস পৰিৱেশন নকৰে ৷
১৯ মেৰ দিনা পুৱাৰ জলপানৰ পিছত আমি বাছেৰে চিয়ান চহৰৰ পৰা প্রায় দূৰৰ চিয়াহে Xiahe গাঁৱলৈ টেৰাকোট্টা Terracotta শৈলীৰে নির্মিত যোদ্ধাসকলৰ খননস্থলী চাবলৈ ওলালোঁ ৷ ১৯৭৪ চনত পানীৰ নাটনিৰ বাবে গাঁওবাসীয়ে এটা পুখুৰী খন্দাৰ সিদ্ধান্ত লয় ৷ কিন্তু পুখুৰীটো খান্দোতে প্রায় পুৰণি এই মূর্তিসমূহ আৱিষ্কাৰ হয় ৷ চীন দেশৰ প্রথম সম্রাট শ্বিন শি হুৱাঙৰ Qin Shi Huang সমৰৰ বাবে সাজু থকা এই সৈন্যসকলৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে, মানুহ বা ঘোঁৰাৰ সমান আকৃতিৰ মূর্তিসমূহ তৈয়াৰ কৰি, তেওঁলোকক ইয়াতে সমাধিস্থ কৰা হৈছিল বুলি অনুমান কৰা হয় ৷ ইয়াত মুঠ তিনিটা পুখুৰী খান্দি প্রায় ৮০৯৯ সৈন্য, ১৩০খন যুদ্ধৰ ৰথৰ লগতে ৫২০টা ঘোঁৰা আৰু ১৫০জন মান অশ্বাৰোহী সৈন্যৰ মূর্তি উদ্ধাৰ কৰা হয় ৷ এই মূর্তিবোৰৰ উচ্চতা তেওঁলোকৰ পদবী অনুযায়ী আৰু সেইবাবেই বোধকৰো মুখ্য সেনাপতিৰ মূর্তিটো আটাইতকৈ ওখ ৷ লিংটং প্রদেশৰ চিয়ানৰ শ্বানসীৰ Shanxi জিয়াহে নাম গাঁওখনত, এই মূর্তিবোৰ পর্যটকৰ বাবে সযতনে ৰখা হৈছে ৷
সেইদিনাৰ দুপৰীয়াৰ আহাৰৰ পিছত আমি চিয়ান চহৰলৈ ঘূৰি আহি ১৩৭৪ খ্রীষ্টাব্দত সম্রাট ইউৱান চিয়ান চহৰখনৰ সুৰক্ষাৰ বাবে নির্মাণ কৰা সেই ঐতিহাসিক প্রাচীৰখন চাবলৈ ওলালোঁ ৷ পাঠকসকলে এইখনকে চীনৰ প্রাচীৰ বুলি নাভাবিব, কাৰণ চীনৰ প্রাচীৰ ৰাজধানী চহৰ বেইজিঙৰ সমীপতহে আছে ৷ প্রাচীৰখনৰ ভূমিত ইয়াৰ প্রস্থ ১৫ মিটাৰ আৰু ওপৰত ১২ মিটাৰ আৰু উচ্চতাও ৰচ্ মিটাৰ ৷ এই প্রাচীৰখন দীঘে ৪ কিঃমিঃ আৰু পুতলে ৩ কিঃমিঃ দীঘল আৰু পৰিসীমা ১৪ কিলোমিটাৰ ৷ প্রাচীৰৰ চাৰি দিশে চাৰিখন প্রকাণ্ড দুৱাৰৰ সৈতে চাৰিটা সুউচ্চ নিৰীক্ষণ চকী ৷ চিয়ানৰ পুৰণি চহৰখন এই প্রাচীৰৰ পৰিসীমাৰ ভিতৰত আৰু নতুন চহৰখন প্রাচীৰৰ পৰিসীমাৰ বাহিৰত ৷ পুৰণি চহৰৰ ঘৰবোৰ বৰ ওখ নহয় যদিও ঘৰবোৰে চীনা স্থাপত্যৰ নিদর্শন বহন কৰিছে ৷ নতুন চহৰৰ আকাশলংঘী সুউচ্চ অট্টালিকাবোৰত আধুনিক স্থাপত্য বিৰাজমান ৷
নতুন চহৰৰ পথবোৰ তিনিলেনযুক্ত হোৱাৰ উপৰি চাইকেল আৰু সুক্টাৰ আৰোহীৰ বাবে সুকীয়া লেনৰ ব্যৱস্থা আছে ৷ চাইকেলৰ লেন আৰু দোকান বজাৰৰ মাজৰ ঠাইবোৰ ৰংচঙীয়া ফুলনিৰে জাতিষ্কাৰ ৷ চাৰিআলিবোৰৰ দুয়োকাষে মুকলি ঠাইবোৰত সকলো বয়সৰে মানুহৰ ব্যায়াম কৰাৰ মুকলি ঠাই৷ তাত পুৱা–গধূলি, সংগীতৰ তালে তালে পুৰুষ–মহিলাই ব্যায়াম কৰে ৷ পুৱা আকৌ শ শ পুৰুষ–মহিলাই হাতত ঝাডু লৈ মূলপথ আৰু পদপথসমূহ চাফা কৰাৰ দৃশ্য সঁচাকৈয়ে চাবলগীয়া৷ আমাৰ দেশতো এনে ব্যৱস্থা থকা হলে স্বচ্ছ ভাৰত অভিযানৰ একো প্রয়োজন নাথাকিলেহেঁতেন ৷
২০ মেৰ দিনা পুৱাৰ জলপানৰ পিছত চিয়ান চহৰৰ প্রসিদ্ধ পৰিব্রাজক হিউ এন চাঙৰ বাইল্ড গুজ পেগোডা চাবৰ বাবে ওলালোঁ ৷ চীন দেশত সাম্যবাদ প্রৱর্তন হোৱাৰ পিছত পুৰণি মঠ–মন্দিৰবোৰ ভাঙি নেপেলাই, সেইবোৰ পর্যটকৰ আকর্ষণৰ কেন্দ্রৰূপে গঢ়ি তুলিছে, কাৰণ তেনেবোৰ স্থানত থকা ঐতিহাসিক মূর্তি বা চিত্রসমূহ এতিয়াও ইতিহাসৰ সাক্ষী হৈ আছে ৷ এই পেগোডাটোত খুউব কমসংখ্যক ভিক্ষুকহে দেখা পালোঁ ৷ এই পেগোডাটোৰ সংগ্রহালয় বিভিন্ন চিত্রবোৰত বেহা–বেপাৰৰ বাবে প্রখ্যাত ছিল্ক্ৰুটৰ বাহিৰেও ভাৰতৰ পৰা চীন দেশত বৌদ্ধধর্ম কেনেকৈ প্রচাৰ হৈছিল, তাক অংকন কৰা আছে ৷ চীন দেশৰ ৰাজবংশবোৰত বৌদ্ধ ধর্মক ৰাজধর্ম হিচাপে মান্যতা দিয়া হৈছিল ৷
পিছবেলা দুপৰীয়াৰ আহাৰৰ পিছত আমি শ্বান শ্বি Shan Xi সংগ্রহালয়ত প্রৱেশ কৰিলোঁ ৷ ইয়াত মৃৎশিল্পৰে নির্মিত প্রায় মান সংগৃহীত সামগ্রী দেখিলোঁ ৷ সকলো চাবৰ বাবে বহুত সময়ৰ প্রয়োজন হয় ৷ আমি ঘৰত ব্যৱহাৰ কৰা চীনা মাটিৰ সামগ্রীসমূহৰ জন্মস্থান যে আচলতে, চীন দেশ, এই সংগ্রহালয় চোৱাজনে মর্মেমর্মে অনুভৱ কৰিব৷ সংগ্রহালয় চোৱাৰ পিছত চিয়ান চহৰক বিদায় দি চহৰখনৰ মধুৰ স্মৃতি বুকুত লৈ চিয়ান ৰেলৱে ষ্টেচন পালোঁহি ৷ আমাৰ গন্তব্যস্থান ৰাজধানী চহৰ বেইজিঙলৈ যাবৰ বাবে ষ্টেচনৰ প্রৱেশ পথৰ স্কেনিং মেচিনত ব্যয়–বস্তুসমূহ পৰীক্ষা কৰোৱাই পাছপর্ট দেখুৱাই ষ্টেচনৰ মূলগৃহত প্রৱেশ কৰিলোঁ ৷ তাত চীনা ভাষাত LED বর্ডত আহিবলগীয়া আৰু যাবলগীয়া ট্ৰেইনসমূহৰ সম্পূর্ণ বিৱৰণ দেখিলোঁ, আৰু আমাৰ ট্ৰেইনখনৰ বাবে কোন প্লেটফর্মৰ কোন স্থানত ৰব লাগিব, তাৰ নির্দেশনা দিয়া আছে ৷ আমাৰ গাইড মিছ মেইয়ে আমাক প্লেটফর্মৰ নির্দিষ্ট ঠাইলৈ আনি, নির্দিষ্ট দবাত আমাক উঠাইহে, তাৰ পৰা বিদায় লৈছিল ৷ ট্ৰেইনখনত উঠাৰ পিছত দেখিলোঁ, দবাৰ আমাৰ ৰুমটো মাত্র চাৰিজন যাত্রীৰ বাবেহে ৷ তলত দুখন বিছনা আৰু ওপৰত দুখন বিছনা ৷ আমাৰ ভাৰতীয় ৰেলৱেৰ আগৰ প্রথম শ্রেণীৰ দবাবোৰৰ নিচিনা ৷ বিছনাবোৰত ঢকঢকীয়া বগা বিছনা চাদৰ আৰু গাৰুগিলিপ ৷ আমাৰ দবাটোলৈ এগৰাকী মহিলা পৰিচাৰিকা আহি প্রথমতে আমাৰ টিকটবোৰ পৰীক্ষা কৰি, খোৱাৰ অর্ডাৰ লৈ গল ৷ অলপ সময়ৰ পিছতে তাই আহি আমাক খোৱাৰ আহাৰ আৰু পানীৰ বটল আদি দি গলহি ৷ খোৱা–বোৱাৰ পিছতে তাই আহি সেইবোৰ সামৰিও লৈ গলহি ৷ টয়লেট, কমোড আৰু ৱাশ্ববেচিনবোৰ ইমান চাফা যে কতো এটা দাগ চকুত নপৰিল ৷ টয়লেটত গৰম পানীৰ ব্যৱস্থাও আছিল ৷ ট্ৰেইনখনৰ গতিবেগ যদিও আমাৰ ৰাজধানী এক্সপ্রেছৰ দৰে, কিন্তু কতো কোনো জোকাৰণি অনুভৱ নকৰিলোঁ ৷ চিয়ানৰ পৰা বেইজিঙলৈ ১২১৬ কিঃমিঃ বাটৰ বাবে আমাক প্রায় ঘণ্ঢা সময় লাগিব বুলি পৰিচাৰিকাগৰাকীয়ে জনালে ৷ আমাৰ সহযাত্রী কলিকতাৰ সান্যাল পৰিয়ালৰ লগত ভ্রমণৰ বিভিন্ন অভিজ্ঞতাৰ কথা পাতি, ৰাতিৰ ভোজন কৰি, নিদ্রাদেৱীৰ কোলাত বিশ্রাম কৰি পুৱাই বেইজিং ষ্টেচন পালোঁহি ৷
Comments are closed, but trackbacks and pingbacks are open.