অনুপমা বৰগোহাঁই
আমি সকলোৱে জীৱনত সফল হব বিচাৰোঁ ৷
সাধাৰণতে আমি সেইসকল লোককে সফল বুলি ভাবো যিসকলে পঢ়া–শুনা, খেলা–ধূলা, সাহিত্য, সংসৃক্তি, ৰাজনীতি, অর্থনীতি, ব্যৱসায় আদি যিকোনো এক বা অনেক দিশত উন্নতি কৰে, খ্যাতি অর্জন কৰে ৷ কিন্তু সকলো দিশতে উন্নতি কৰিলেও যিসকল লোকে ব্যক্তিগত জীৱনত শান্তি–আনন্দ অনুভৱ নকৰে, অধিকতৰ সময়তে সমাজ, ব্যক্তি, পৰিৱেশ আৰু নিজক লৈ অসন্তুষ্ট হৈ থাকে, সদায় নিজৰ বাবে সময়ৰ অভাৱ অনুভৱ কৰে– এনে লোকক আমি সফল বুলি কব পাৰোঁনে আমি বাহ্যিক দৃষ্টিত সফল বুলি বহু লোকেই ডিপ্রেচনৰ স্বীকাৰ হৈ আত্মহত্যাৰ চিন্তা কৰে, বহুতে মনোৰোগ বিশেষজ্ঞৰ পৰামর্শ লৈ নিতৌ দৰব খাই দৈনন্দিন জীৱনৰ অস্থিৰতা কম কৰিছে ৷ যোৱা কত বছৰত আমি সফল বুলি ভবা বহুতো জনপ্রিয় ব্যক্তি, অভিনেতা–ভিনেত্রীয়ে আত্মহত্যা কৰিছে ৷ ইমান জনপ্রিয়, খ্যাতিৱান আৰু সম্পত্তিশালী হোৱা সত্ত্বেও এইসকল ব্যক্তিয়ে কিয় জীৱনৰ প্রতি মোহ হেৰুৱাই পেলায় কিয় নিজক শেষ কৰি পেলায় প্রতিজন সমাজহিতৈষী ব্যক্তিৰে এই বিষয়ে চিন্তা আৰু অধ্যয়ন কৰাৰ প্রয়োজনীয়তা আছে ৷
আজিৰ যান্ত্রিক, ব্যস্ততা আৰু প্রতিযোগিতাৰে ভৰা সমাজত প্রতিজন লোকৰে নিজৰ শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যৰ যতন লোৱাটো অতি প্রয়োজনীয় কথা হৈ পৰিছে ৷ মানসিক স্বাস্থ্যৰ যতন নোলোৱাৰ বাবেই মনৰ ভিতৰত সৃষ্টি হোৱা চিন্তা আৰু আৱেগৰ উত্তাল ঢৌত মানুহ উটি–ভাহি যায় ৷ উত্তাল আৱেগক নিয়ন্ত্রণ বা সংযত কৰিব নোৱাৰাৰ বাবেই মানুহে নিজক বা আনকো ক্ষতি কৰিব পৰা কাম কৰে ৷ গতিকে আৱেগক নিয়ন্ত্রণ কৰাটো বহুত গুৰুত্বপূর্ণ ৷
আৱেগক নিয়ন্ত্রণ কৰিবলৈ কোৱা বা লিখা সহজ, কিন্তু বাস্তৱত প্রয়োগ কৰাটো বৰ সহজ নহয় ৷ আৱেগক নিয়ন্ত্রণ কৰিবৰ বাবে নিৰৱচিছন্নভাৱে কঠোৰ মানসিক অনুশীলন কৰিব লাগে ৷ নিৰৱচিছন্নভাৱে কঠোৰ মানসিক অনুশীলন কৰাটো সকলোৰে বাবে সহজ নহয় ৷ কিন্তু এই পৃথিৱীত মানুহে কৰিব নোৱাৰা একো কাম নাই ৷ কঠোৰ মানসিক অনুশীলন নকৰাকৈয়ো সহজে কেনেকৈ আৱেগক সংযত কৰিব পাৰি অর্থাৎ ঋণাত্মক আৱেগ মন বেয়ালগা অনুভূত হলে তৎমূহূর্ততে ধনাত্মক আৱেগ মন ভাল লগালৈ কেনেকৈ পৰিৱর্তন কৰিব পাৰি, তাৰো উপায় বিচাৰি পোৱা গৈছে ৷
১৯৭০ চনত ডাঃ জর্জ গুডহার্ট, ডাঃ জন ডাইমণ্ড আৰু ডাঃ ৰজাৰ কেলাহান এই তিনিজন ডাক্তৰে আৱিষ্কাৰ কৰিছিল যে কোনো আৱেগিক বা শাৰীৰিক সমস্যাত সেই বিষয়ত মৌখিকভাৱে মনোনিৱেশ কৰি হাতেৰে আকুপাংচাৰ পইণ্ঢসমূহক হেঁচা দিলে ৰোগীসকলৰ মাজত আচৰিত ধৰণৰ সকাহ হয় ৷ বিশেষকৈ ৰোগীসকলৰ ভয় আৰু মানসিক চাপ কমে ৷
ডাঃ কেলাহানে তেওঁলোকৰ এই আৱিষ্কাৰ যাক টেপিং প্রগ্রেম বা TFT Thought Field Therapy নাম দি এই পদ্ধতি পেটেণ্ঢ কৰি ৰাখিছে ৷ TFT অতি ফলপ্রসূ আৰু আজিও ব্যাপকভাৱে চলি আছে যদিও এই প্রক্রিয়া বেচ জটিল ৷ ই মূলতঃ কেৱল থেৰাপিষ্ট বা প্রক্রিয়াটো শিকিবলৈ যথেষ্ট আর্থিক বিনিয়োগ কৰিবলৈ ইচ্ছুকসকলৰ বাবেহে সুলভ ৷ কিন্তু কেলাহানৰ এজন ছাত্র, ষ্টেনফর্ডৰ এজন প্রশিক্ষিত অভিযন্তা আৰু NLP Neuro Linguistic Programming ৰ স্নাতকোত্তৰ গেৰী ক্রেগে ইয়াক সৰলীকৃত ৰূপত সংশ্লেষণ কৰি সকলোৱে ব্যৱহাৰ কৰিব পৰাকৈ সহজ কৰি তুলিলে ৷ গেৰী গ্রেগে আৱিষ্কাৰ কৰা এই কৌশলটোকে EFT Emotional Freedom Technique বুলি কোৱা হয় ৷
EFT অর্থাৎ আৱেগিক স্বাধীনতা লাভৰ কৌশল প্রক্রিয়াৰ পাঁচটা স্তৰ আছে ৷ সেই স্তৰকেইটা হল
সমস্যাটো চিনাক্ত কৰা
এই কৌশল ফলপ্রসূ হবলৈ হলে ব্যক্তিজনে প্রথমে নিজৰ মাজত থকা সমস্যা, যিটোৰ বাবে মন বেয়া লগা আৱেগ যেনে– খং, দুখ, ভয় আদি সৃষ্টি হৈছে, সেয়া চিনাক্ত কৰিব লাগিব ৷ এটা সময়ত মাত্র এটা সমস্যাৰ ওপৰত গুৰুত্ব দিলে ভাল ৷
প্রাৰম্ভিক তীব্রতাৰ পৰীক্ষা
সমস্যাটো চিনাক্ত কৰাৰ পিছত তাৰ তীব্রতাৰ এটা মান নির্ধাৰণ কৰিব লাগিব ৷ অর্থাৎ যদি খং অনুভৱ হৈছে ৷ কিমান তীব্র খং অনুভৱ হৈছে তাৰ এটা নম্বৰ ০ৰ পৰা ১০ স্কেলত নিজে দি লব লাগে ৷ ১০ নম্বৰ মানে অতি বেছি খং আৰু ২ বা ১ নম্বৰ মানে অলপ খং উঠা ৷ আৱেগৰ তীব্রতাৰ এই স্কেলটোৱে ব্যক্তিজনে অনুভৱ কৰা আৱেগিক বা শাৰীৰিক বিষ আৰু অস্বস্তিৰ মূল্যায়ন কৰে ৷
ছেটআপ বা বাক্যাংশ স্থাপন
এতিয়া কি সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিছে তাক ব্যাখ্যা কৰা এটা বাক্যাংশ স্থাপন কৰিব লাগিব ৷ এই বাক্যাংশত দুটা মূল লক্ষ্যৰ ওপৰত গুৰুত্ব দিব লাগিবঃ
- সমস্যাৰ বিষয়সমূহ স্বীকাৰ কৰা ৷
- সমস্যাৰ মাজতো নিজকে গ্রহণ কৰা ৷
সাধাৰণ ছেটআপ বাক্যাংশটো হলঃ
মোৰ এই সমস্যাটো নিজৰ বিশেষ সমস্যাটোৰ বিষয়ে উল্লেখ কৰিব থাকিলেও মই নিজকে গভীৰভাৱে ভাল পাওঁ আৰু নিজক সম্পূর্ণৰূপে গ্রহণ কৰোঁ ৷
বাক্যাংশটো নিজৰ সমস্যাৰ লগত খাপ খাব লাগিব আৰু আন কাৰোবাৰ সমস্যাক সম্বোধন কৰিব নালাগিব ৷
উদাহৰণস্বৰূপে, কাৰোবাৰ যদি মাতৃ অসুস্থ হৈ আছে তেওঁ এনেদৰে কব নালাগে মোৰ মা অসুস্থ হলেও মই নিজকে গভীৰভাৱে ভাল পাওঁ আৰু সম্পূর্ণৰূপে গ্রহণ কৰোঁ ৷ সমস্যাটোৱে সৃষ্টি কৰা দুখৰ পৰা উপশম পাবলৈ হলে সমস্যাটোৱে কেনে আৱেগৰ অনুভৱ কৰায়, তাক লৈ মনোনিৱেশ কৰিব লাগিব ৷ এই পৰিস্থিতিত বাক্যাংশটো এনেদৰে স্থাপন কৰিব লাগিব
মা অসুস্থ বুলি মই দুখী হলেও মই নিজকে গভীৰভাৱে ভাল পাওঁ আৰু সম্পূর্ণৰূপে গ্রহণ কৰোঁ ৷
EFT টেপিং ক্রম
EFT টেপিং ক্রমটো হৈছে ৯টা মেৰিডিয়ান বিন্দুত পদ্ধতিগত টেপিং বা হাতৰ আঙুলিৰে টুকুৰিওৱা ৷
প্রথমে কাৰাটে চপ পইণ্ঢত আনখন হাতৰ চাৰিটা আঙুলিৰে টুকুৰিয়াই টেপিং কৰি ৩নং স্তৰত স্থাপন কৰা ছেটআপ বাক্যাংশটো তিনিবাৰ কব লাগে ৷
তাৰ পিছত একাদিক্রমে ভ্রু, চকুৰ কোণ, চকুৰ তল, মূৰৰ তালু, নাকৰ তল, থুঁতৰি, কলাৰবনৰ আৰম্ভণি, বাহুৰ তলত দুটা আঙুলিৰে সামান্য হেঁচা দি টুকুৰিয়াই সেই বিশেষ আৱেগটোৰ পৰা মুক্ত হলো বুলি কব লাগে ৷ বাহুৰ তলত টুকুৰিয়াই শেষ হোৱাৰ পিছত পুনৰ কাৰাটে চপত ছেট আপ বাক্যাংশটো কৈ এটা ক্রম শেষ কৰিব লাগে ৷
শৰীৰৰ বাহিৰত আৰু আভ্যন্তৰীণ অংগৰ সৈতে মিল থকা ১২টা প্রধান মেৰিডিয়ান বিন্দু আছে ৷ কিন্তু ই এফ টিয়ে মূলতঃ ৯টা মেৰিডিয়ানত গুৰুত্ব আৰোপ কৰে ঃ
- কাৰাটে চপ হাতৰ কনিষ্ঠ আঙুলিৰ তলৰ অংশঃ ক্ষুদ্রান্ত্রৰ মেৰিডিয়ান৷
- মূৰৰ তালুঃ Governing Vessel৷
- দুই ভ্রুৰ আৰম্ভণিঃ মূত্রাশয়ৰ মেৰিডিয়ান ৷
- চকুৰ কাষঃ পিত্তথলীৰ মেৰিডিয়ান ৷
- চকুৰ তলতঃ পেটৰ মেৰিডিয়ান৷
- নাকৰ তলতঃ Governing Vessel৷
- থুঁতৰিঃ Central Vessel৷
- কলাৰবনৰ আৰম্ভণিঃ বৃক্কৰ মেৰিডিয়ান ৷
- বাহুৰ তলতঃ প্লীহাৰ মেৰিডিয়ান ৷
চূড়ান্ত তীব্রতা পৰীক্ষা কৰা
EFT টেপিং ক্রমৰ শেষত, আৱেগৰ তীব্রতাৰ স্তৰ ০ৰ পৰা ১০ৰ ভিতৰত কিমান হল তাক নির্ধাৰণ কৰিব লাগে ৷ সেই নম্বৰটো প্রাৰম্ভিক তীব্রতা স্তৰৰ সৈতে তুলনা কৰি যদি আপুনি ০ পোৱা নাই, তেন্তে পুনৰ এই প্রক্রিয়া পুনৰাবৃত্তি কৰিব লাগে ৷
ডাঃ কালাহান আৰু গেৰী ক্রেগে প্রমাণসহকাৰে দেখুৱাইছে যে EFT প্রক্রিয়াত তেওঁলোকৰ ওচৰলৈ অহা আশী শতাংশ লোক উপকৃত হৈছে৷ বাকী ২০ শতাংশ লোকেও নিয়মীয়াকৈ আৰু শুদ্ধভাৱে EFT কৰিলে সফল হব বুলি আশা কৰিব পাৰি ৷ আৱেগৰ ঢৌত উটি–ভাহি নিজক কষ্ট দিয়া আৰু নিজৰ বহু সময় অনাইক খৰচ কৰাতকৈ এনে এটা পদ্ধতি প্রয়োগ কৰিলে সফল নহলেও অপকাৰ নহয় বুলি দৃতাৰে কব পাৰি ৷
উপসংহাৰঃ আৱেগিক স্বাধীনতা লাভ কৰাৰ এই কৌশলৰ বিষয়ে অসমীয়া ভাষাত লিখাৰ প্রচেষ্টা হয়তো ময়েই প্রথম কৰিছোঁ ৷ যিকোনো এটা নতুন বিষয় শিকিবৰ বাবে যথেষ্ট সময়, অধ্যয়ন আৰু নিজস্ব অভিজ্ঞতাৰ প্রয়োজন ৷ মই এই বিষয়ে দেশী আৰু বিদেশী বহু লোকৰ পৰা প্রশিক্ষণ লৈছোঁ ৷ নিজে উপকৃত হোৱাৰ লগতে বহু লোকক এই কৌশলৰ প্রশিক্ষণ দি তেওঁলোকো উপকৃত হোৱা প্রত্যক্ষ কৰিছোঁ ৷ এই লেখাটো অসমীয়া পাঠকক আৱেগিক স্বাধীনতা লাভ কৰাত সহায় কৰাৰ এক ক্ষুদ্র প্রচেষ্টা ৷