গোলকীয় উষতা, পৰিৱেশ নিয়ন্ত্রণত বনাঞ্চল

চিত্তৰঞ্জন ওজা

জলবায়ু পৰিবর্তনৰ আন্তঃচৰকাৰী পেনেলে (Intergovernmental panel on climate change) যোৱা বছৰ প্রকাশ কৰা প্রতিবেদনত এই কথা স্পষ্ট কৰিছে যে আজি বহু বছৰৰ পৰা আলোচনাৰ বিষয়বস্তু হৈ পৰা গোলকীয় উষতা এটা দুঃস্বপ্ন নহয়, আমি ভবাতকৈও অতি ভয়াৱহ ৰূপত সন্মুখীন হ’বলগীয়া হোৱা প্রধান সমস্যা ৷ কল–কাৰখানা, যাতায়াত, বনাঞ্চল ধবংসই  সৃষ্টি কৰা জলবায়ু পৰিৱর্তনে বিশ্বৰ সকলোকে আজি চিন্তান্বিত কৰি তুলিছে ৷ ঊনৈশ শতিকাৰ পৃথিৱী আৰু আজিৰ পৃথিৱীৰ মাজত আকাশ–পাতাল পার্থক্য দেখা যায় ৷ এই পৰিৱর্তনৰ বাবে মানৱ জাতি সম্পূর্ণ ৰূপে জগৰীয়া ৷ আধুনিক সভ্যতা বিকাশৰ লগে লগে আমি আমাৰ প্রাকৃতিক পৰিৱেশৰ ধবংস–যজ্ঞ আৰম্ভ কৰিলোঁ, যাৰ ফলত আজি জলবায়ু পৰিৱর্তনৰ কুপ্রভাৱৰ পৰিণতি ভোগ কৰিবলগীয়া  হৈছে ৷

গোলকীয় উত্তাপ হ’ল পৃথিৱীপৃষ্ঠৰ ঠিক উপৰিভাগৰ বায়ুৰ উষ্ণতা ৷ সামগ্রিকভাৱে স্থলভাগৰ লগতে জলভাগকে ধৰি পৃথিৱীপৃষ্ঠৰ বায়ুৰ গড় উষ্ণতা হ’ল ১৫ ডিগ্রী চেলছিয়াছ ৷ ঊনৈশ শতিকাৰ আৰম্ভণি অর্থাৎ শিল্প বিপ্লৱৰ পৰা বিংশ শতিকাৰ শেষলৈ গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিমাণ আছিল  ০.৯৯ ডিগ্রী চেলছিয়াছ ৷ একৈশ শতিকাৰ দুটা দশকত ই হয়গৈ ১.০৯ ডিগ্রী ৷ এই পৰিসংখ্যাই দেখুৱাই দিয়ে কিমান দ্রুতগতিত গোলকীয় উষ্ণতা বৃদ্ধি পাবলৈ ধৰিছে ৷ এই হাৰ চলি থাকিলে ২০৫০ চনৰ ভিতৰত ১.৫ ডিগ্রী চেলছিয়াছ আৰু ২০৮৫ চনৰ আগতেহ ২ ডিগ্রীৰ সীমা পাৰ হৈ যাব ৷ তেতিয়া আমি কি পৰিস্থতিৰ মুখামুখি হম তাক ভাবিলেই ভয় লাগে ৷

গোলকীয় উষতা বৃদ্ধিৰ মূল কাৰণ হ’ল সেউজ গৃহৰ প্রভাৱ ইংৰাজীত যাক কোৱা হয় গ্রীন হাউছ এফেক্ট ৷ বিভিন্ন উৎসৰ পৰা সৃষ্টি হোৱা সেউজ গৃহৰ গেছবোৰ যেনে কার্বন–ডাই– অক্সাহড্, মিথেন, নাইড্রাছ অক্সাইড, অজন, জলীয় বাষ্প আদিয়ে বায়ুমণ্ডলৰ চাৰিওফালে কুঁৱলীৰ সৃষ্টি কৰে, যাৰ ফলত সূর্যৰ পৰা বিকিৰিত ৰশ্মি বাহিৰলৈ ওলাই যাব নোৱাৰে, ফলত বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাবলৈ ধৰে ৷ বায়ুমণ্ডলত এই সেউজ গৃই গেছৰ উৎসবোৰৰ শতকৰা পৰিমাণ হ’ল কার্বন–ডাই– অক্সাইড্ ৫০%, মিথেন– ১০%, চিএফচি– ১৭%, অজন– ৮%, নাইড্রাছ অক্সাইড– ৪% আৰু জলীয় বাষ্প– ২% ৷

গোলকীয় উত্তাপ বৃদ্ধিৰ মুখ্য কাৰক হিচাপে দেখা দিয়া কার্বন–ডাই– অক্সাইড্ গেছ মূলতঃ সৃষ্টি হয় যান–বাহনত ব্যৱহাৰ হোৱা জীৱাশ্ম ইন্ধনৰ দহন, বনাঞ্চল ধবংস, ভূমি পৰিষ্কাৰ আৰু দহন, কল–কাৰখানা আৰু যিকোনো কার্বনযুক্ত পদার্থৰ দহন ইত্যাদি ৷  সেউজ গেছ নির্গমনৰ সূচক হৈছে কার্বন পদাংক ইংৰাজীত কার্বন ফুটপ্রিণ্ট ৷ এজন ব্যক্তি, এখন ঘৰ, একোটা প্রতিষ্ঠান, একোটা উদ্যোগ, এটা কার্যসূচী বা এখন দেশে বায়ুমণ্ডললৈ মুঠ কিমান কার্বন এৰি দিয়ে, সেয়াই হ’ল কার্বন পদাৰ্থ, যাৰ দ্বাৰা গোলকীয় তাপ বৃদ্ধিৰ হিচাপ কৰা যায় ৷ বিশ্বৰ সকলো দেশতকৈ আমেৰিকাৰ গড় কার্বন পদাৰ্থ বেছি ৷ ইয়াত এজন ব্যক্তিয়ে এবছৰত গড় কার্বন উৎপন্ন কৰে ২০ মেট্ৰিক টন যিটো বিশ্বৰ গড় উৎপাদনৰ পাঁচ গুণতকৈ বেছি ৷

গোলকীয় উষতা হ্রাস কৰিবলৈ প্রতিখন দেশে কার্বন পদাৰ্থ কমাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব ৷ নেট–জিৰো বা কার্বন নিঃসৰণশূন্য হৈছে এনে এক অৱস্থা যত দেশ এখনৰ পৰা নির্গমন হোৱা সেউজ গৃহ গেছসমূহ শোষণ আৰু নিষ্কাশনৰ দ্বাৰা ক্ষতিপূৰণ কৰা হয় ৷ উদাহৰণ হিচাপে বনাঞ্চল বৃদ্ধি কৰি কার্বন গেছৰ শোষণ বৃদ্ধি কৰিব পাৰি, নতুন প্রযুক্তি যেনে– কার্বন কেপচাৰ আৰু ষ্টোৰেজৰ দ্বাৰা সেউজ গৃহ গেছৰ পৰিমাণ অলপ হলেও কমাব পাৰি ৷ বিস্তৃত বনাঞ্চলৰ বাবে ভূটান আজি কার্বন–ঋণাত্মক দেশ হিচাপে পৰিগণিত হৈ আহিছে ৷ ২ ডিগ্রী চেলছিয়াছ উষ্ণতা বৃদ্ধিক প্রতিহত কৰিবলৈ  ২০১৫ চনত প্রায় সকলো দেশে লগ হৈ পেৰিছ চুক্তি স্বাক্ষৰিত কৰে ৷ এই চুক্তিৰ মতে সকলো দেশে কার্বন পদাৰ্থ কমাবলৈ চেষ্টা কৰিব আৰু ২০৫০ চনত সকলোৱে  কার্বন নিঃসৰণশূন্য দেশ হিচাপে নিজকে প্রতিষ্ঠিত কৰিব ৷

কার্বন নিঃসৰণশূন্যৰ লক্ষ্যত উপনীত হবলৈ দেশত বনাঞ্চল আৰু বৃক্ষ আচ্ছাদন এলেকা বৃদ্ধি কৰা আটাইতকৈ বেছি প্রয়োজন ৷ চৰকাৰী আৰু বেচৰকাৰী সংগঠনসমূহৰ ঐকান্তিক প্রচেষ্টাত দেশৰ বনাঞ্চল সংৰক্ষণত কিছু বছৰৰ পৰা সুফল পোৱা গৈছে ৷ এইখিনিতে উল্লেখ কৰিব পাৰি ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু বতৰ মন্ত্রালয়ে চলিত বছৰৰ জানুৱাৰী মাহত প্রকাশ কৰা ইণ্ডিয়া ষ্টেট অফ ফৰেষ্ট ৰিপর্ট–২০২১ ৷ এই প্রতিবেদন অনুযায়ী ভাৰতবর্ষৰ মুঠ বনাঞ্চল আৰু বৃক্ষ আচ্ছাদন এলেকাৰ পৰিমাণ হল ৮ লাখ বর্গকিলোমিটাৰ যি দেশৰ ভৌগোলিক এলেকাৰ ২৪ শতাংশ ৷ ভাৰতত যোৱা দুটা বছৰত  বনাঞ্চল আৰু বৃক্ষ আচ্ছাদন এলেকা ২২৬১ বর্গকিলোমিটাৰ বৃদ্ধিহে পাইছে, কমা নাই ৷ বনাঞ্চল বৃদ্ধি পোৱা ৰাজ্যবোৰৰ ভিতৰত প্রথমতে আছে অন্ধ্রপ্রদেশ, তাৰ পিছত তেলেংগানা, ওড়িশা, কর্ণাটক ৷ ইয়াৰ বিপৰীতে দুর্ভাগ্যজনকভাৱে যোৱা দুবছৰত উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যবোৰত বনাঞ্চল আৰু বৃক্ষ আচ্ছাদন এলেকা হ্রাস পাইছে ৷ বনাঞ্চল হ্রাস পোৱা ১০২০ বর্গকিলোমিটাৰ এলেকাৰ ২৫৭ বর্গকিলোমিটাৰ অৰুণাচল প্রদেশত, ২৪৯ বর্গকিলোমিটাৰ মেঘালয়ত,  ২৩৫ বর্গকিলোমিটাৰ নাগালেণ্ডত অৱস্থিত ৷ এই দুবছৰত অসমে হেৰুৱায় ১৫ বর্গকিলোমিটাৰ বনাঞ্চল ৷ আনহাতে ২০১৯ চনত প্রকাশিত প্রতিবেদনত উত্তৰ–পূর্বাঞ্চলে ২০১৭-১৯ৰ সময়খিনিত হেৰুৱাইছিল ৭৬৫ বর্গকিলোমিটাৰ বনাঞ্চল ৷ বনাঞ্চল ধবংসৰ বাবে যে উত্তৰ–পূর্বাঞ্চলৰ জনসাধাৰণ দায়ী তাক কোৱাৰ নিষ্প্রয়োজন ৷ এই প্রক্রিয়া যদি ভৱিষ্যতলৈ চলি থাকে তেনেহলে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ সকলো ৰাজ্যই বর্তমানতকৈও অতি ভয় লগা পৰিস্থিতিৰ সন্মুখীন হব লাগিব ৷

গছ আৰু মানুহৰ মাজত আদিম কালৰ পৰাই এটি মধুৰ সম্পর্ক আছে ৷ প্রস্তৰ যুগৰ প্রতিকূল পৰিৱেশত মানুহে কেৱল গছৰ বাবেই জীৱন ধাৰণ কৰিবলৈ সক্ষম হৈছিল ৷ হাজাৰ বছৰ আগত ধর্মগুৰু, ঋষি–মুনিসকলে গছপুলি ৰোপণ কৰি আশ্রম পাতি বসবাস কৰিছিল ৷ অতীজৰে পৰা আমি কিছুমান গছক যেনে– আঁহত, বট বৃক্ষ আদিক পূজা কৰি আহিছোঁ ৷ সম্রাট অশোকে ৰাজ্যৰ সকলো বাট–পথত গছপুলি ৰোপণ কৰাৰ কথা বুৰঞ্জীত পঢ়িবলৈ পোৱা যায় ৷ ভাৰতীয় দর্শনত গছক প্রাণী বুলি গণ্য কৰা হয় ৷ গছৰ অনুভূতি আছে, এডাল গছে আন এডালৰ লগত কথা পাতিব পাৰে, এনেধৰণৰ কথা ভাৰতবর্ষৰ লোককথা, লোক–কাহিনীত বিচাৰিলে অলেখ পোৱা যায় ৷ গছ কটাটো এটা জঘন্য পাপ কাম বুলি মানুহে বিশ্বাস কৰিছিল ৷

গছৰ যে জীৱন আছে, অনুভূতি শক্তি আছে তাক বৈজ্ঞানিকভাৱে প্রথমে প্রমাণ কৰিছিল পৃথিৱী বিখ্যাত বিজ্ঞানী ছাৰ জগদীশ চন্দ্র বসুৱে৷  তেওঁৰ আৱিষৃক্ত এছকোনোগ্রাফ যন্ত্রৰ মাধ্যমত উদ্ভিদৰ যে জীৱন আছে তাক প্রমাণ কৰিবলৈ তেওঁ সক্ষম হৈছিল ৷ সেয়া আছিল ঊনৈশ শতিকাৰ কথা ৷ একৈশ শতিকাৰ আৰম্ভণিতে পৰিৱেশ বিজ্ঞানী ছুজান ছিমার্ডে প্রমাণ কৰি দেখুৱায় যে গছৰ প্রাণ থকাৰ উপৰি ইজনে সিজনৰ লগত কথা পাতে ৷ মাটিৰ তলত ইজনে সিজনক খাদ্যৰ আদান–প্রদান কৰে আৰু নিজৰ মাজত যোগাযোগৰ এক মাধ্যম সৃষ্টি কৰে ৷ দুটা দশকৰ আগতে ছিমার্ডে গৱেষণা কৰি থকা সময়ত লক্ষ্য কৰে যে লেটিছ ভেঁকুৰজাতীয় পৰজীৱী এবিধে মাটিৰ তলত গছৰ শিপাবোৰৰ লগত এটা নেটৱর্ক সৃষ্টি কৰে ৷ এই নেটৱর্কৰ দ্বাৰা এডাল বৃক্ষই আন ডালৰ লগত যোগাযোগ সৃষ্টি কৰে ৷ আনকি এডাল বৃক্ষ কিবা কাৰণত পুষ্টিহীনতাত ভুগিলে ওচৰৰ বৃক্ষই এই ভেঁকুৰবিধৰ জৰিয়তে নিজৰ শৰীৰৰ পৰা পুষ্টিকৰ খাদ্য সেইডাল বৃক্ষলৈ পঠিয়াই দিয়ে ৷ অর্থাৎ বৃক্ষবোৰৰ মাজতো এডালে আনডালক সহায় কৰাৰ প্রচেষ্টা চলি থাকে ৷

ছিমার্ডে এখন গৱেষণামূলক প্রবন্ধত প্রকাশ কৰে যে অৰণ্যৰ গছবোৰে এখন সমবায় ভিত্তিত নিয়মৰ বান্ধোনেৰে বান্ধ খাই থাকে ৷ তেওঁ উল্লেখ কৰা বৃক্ষৰ এই নেটৱর্কক কোৱা হয় উড ৱাইড ৱেব ৷ ছুজান ছিমার্ডৰ বিখ্যাত কিতাপ Finding the Mother  Discovering the Wisdom of the Forest আমাজনত কিনিবলৈ পোৱা যায় ৷ কিতাপখনত বিশদভাৱে অৰণ্যৰ গছবোৰৰ নেটৱর্কৰ কথা বর্ণনা কৰিছে ৷ প্রথমবাৰৰ বাবে বিজ্ঞানীসকলে বিশ্বৰ ৭০খন দেশত থকা ২৮০০০ হাজাৰবিধ গছৰ উড ৱাইড ৱেব নেটৱর্কৰ মেপিঙৰ কাম কৰিছে ৷ বিজ্ঞানীসকলে অৰণ্যৰ মাটিৰ তলত থকা ভেঁকুৰৰ (mycorrhizal fungi) জৰিয়তে সৃষ্টি কৰা ইকছিষ্টেমক বুজিবলৈ সক্ষম হৈছে ৷ ছুইজাৰলেণ্ডৰ জুৰিখৰ বিজ্ঞানী থমাছ ক্রাউথাৰে কম্পিউটাৰৰ সহায়ত ভেঁকুৰ আৰু জীৱাণুৰ দ্বাৰা তৈয়াৰ কৰা গছৰ যোগাযোগৰ মাধ্যমৰ বিষয়ে বহু তথ্য লাভ কৰিছে ৷ প্রতিবিধ গছৰ বাবে মাটিৰ তলত ভেঁকুৰো বিভিন্ন ধৰণৰ সৃষ্টি হয় ৷ বিশ্বৰ ৯০% গছ এই যোগাযোগ মাধ্যমৰ লগত নিজকে সংযোগ স্থাপন কৰি আহিছে ৷ গছৰ এই নেটৱর্ক প্রায় ৪০০ মিলিয়ন বছৰৰ পৰা চলি অহিছে বুলি বিজ্ঞানীসকলে অনুমান কৰিছে ৷  গছৰ এই সামাজিক মাধ্যমৰ যোগাযোগৰ বিষয়ে পৰিৱেশ বিজ্ঞানীসকলে যি বিশদভাৱে গৱেষণা কৰি আছে, তাৰ পৰা আমি বহুতো নতুন নতুন কথা জানিবলৈ পাম বুলি আশা ৰাখিছোঁ ৷

গছপুলি ৰোপণৰ শ্লোগানবোৰ কিমান যে ভাল লগা এক বৃক্ষ দহ পুত্র সম আৰু গছ থাকিলেহে মানুহ থাকিব ইত্যাদি ৷ কংক্রিটৰ জগতৰ পৰা সপ্তাহটোত এবাৰ হলেও ওলাই আহি চহৰৰ সমীপত অৱস্থিত সেউজীয়া গছেৰে পৰিপূর্ণ ৰিজর্ট এখনত যাবলৈ সকলোৱে বিচাৰোঁ ৷ আমি সকলোৱে এখন সেউজীয়া পৃথিৱী নিবিচাৰোঁনে আহক আমি সকলোৱে মিলি এখন সেউজীয়া পৃথিৱী গগাৰ সপোন বাস্তৱায়িত কৰোঁ, আমাৰ চৌপাশৰ পৰিৱেশ সুৰক্ষিত কৰিবলৈ সংকল্পবদ্ধ হওঁ ৷ এই বিশাল বিশ্বব্রহ্মাণ্ডত মানৱ জাতি জীয়াই থাকিবলৈ অকল এটাই গ্রহ আছে ৷ সেয়েহে এহ সুন্দৰ পৃথিৱীখনক লগতে ইয়াৰ সকলো জীৱ–জন্তু, গছ–গছনিক ৰক্ষা কৰিবলৈ মানৱজাতি সংঘবদ্ধ হৈ কাম কৰিব লাগিব আৰু তাৰ বাবে কৰিবলগীয়া প্রথম আৰুে প্রধান কামটো হল বনাঞ্চল ৰক্ষা আৰু হয়াৰ পৰিসৰ বৃদ্ধি ৷

ফোনঃ  ৯৮৬৪০-৩৬১৪৩

You might also like
Leave A Reply

Your email address will not be published.