আহমণি গোহাঁই দিহিঙীয়া
কচুশাক, মচন্দৰি, কণবিলাাহীৰে বাহুমাছৰ তৰকাৰী
উপকৰণ-
কচু শাক এমুঠি
মচন্দৰি পাতৰ আগ এমুঠি
কণবিলাহী জোখমতে
মাছ ৫/৬ টুকুৰা
আলু এটা
নহৰু ৫/৬ কোঁহ
আদাৰ পেষ্ট ১ চাহ চামুচ
কেঁচা জলকীয়া ৩/৪টা
পিঁয়াজ এটা
মগুদাহল এমুঠি
প্রস্তুত প্রণালী : প্রথমে কচু শাকখিনি চোঁচ গুচাই টুকুৰাকৈ কাটি মচন্দৰি, মগুদাইল, আলুৰে সৈতে অলপ বহল কৰি লব ৷ বহল কৰি পানী টুকি লব ৷ এতিয়া মাছকেইডোখৰ আধা ভাজি লব ৷ মাছ ভজা তেলতে মিহিকৈ কুটি লোৱা পিঁয়াজ, মিহিকৈ কুটি লোৱা নহৰু, আদাৰ পেষ্ট আৰু কেঁচা জলকীয়া ফুৰণত দিব ৷ অলপ ভাজি কণবিলাহীখিনি তেলত দিব ৷ ভাজি থাকোঁতেই বহল কৰি থোৱা কচুশাকখিনিও তাতে দি ভাজি থাকিব ৷ নিমখ–হালধি জোখ মতে দিব ৷ অলপ সময় ভাজি জোখত পানী আৰু মাছকেইডোখৰ দি ভালকৈ কম জুইত উতলিবলৈ দিব ৷ এনেকৈ অলপ সময় উতলাই জোলখন ডাঠ হলে এটুকুৰা নেমু চেপি নমাই থব ৷ মচন্দৰি, কচুশাক, কণবিলাহীৰ মাছৰ তৰকাৰীখন সঁচাকৈয়ে অতি সোৱাদযুক্ত ৷ আপোনাক সকলোৰে জ্ঞাত কচুশাকত থকা ভৰপূৰ আইৰন, বিলাহীত থকা ভিটামিন চি আমাৰ শৰীৰৰ বাবে অতি প্রয়োজনীয় ৷
বাবৰি, পালেঙেৰে ৰৌ মাছৰ টেঙা–জলা পাতল জোল
উপকৰণ-
ৰৌমাছ ৪/৫ টুকুৰা
বাবৰি ৮/৯টা মান আগ
কুমলীয়া পালেং আধা মুঠি
আলু এটা বহল কৰি লব ৷
বিলাহী দুটা গুটি গুচাই পেষ্ট বনাই লব ৷
জলকীয়া ২/৩টা
পিঁয়াজ এটা
তেজপাত এখিলা
প্রস্তুত প্রণালী : প্রথমে মাছখিনি ভালকৈ ধুই নিমখ–হালধি সানি আধা ভাজি লব ৷ আলু বহল কৰি টুকুৰা কৰি লব ৷ বিলাহী আৰু জলকীয়া একেলগে পেষ্ট বনাই লব ৷ পালেঙৰ পাত মিহিকৈ কুটি লব ৷ মাছ ভাজি হলে সেই তেলতে মিহিকৈ কুটি লোৱা পিঁয়াজ ফুৰণত দিব ৷ পিঁয়াজ ৰঙচুৱা হলে পেষ্ট কৰি থোৱা বিলাহীখিনি দি অলপ ভাজিব ৷ বিলাহীৰ পানী কমিলে আলু আৰু পালেংখিনি দি কম জুইত ভাজি থাকিব ৷ পালেংখিনি গলি গলে জোখত পানী আৰু মাছখিনি দি উতলিবলৈ দিব ৷ জোখমতে নিমখ–হালধি দিব ৷ এনেকৈ জোলখন ভালকৈ উতলাই তেল বিৰিঙি আহিলে খুব মিহিকৈ বাবৰিখিনি কাটি ২/৩ মিনিট কম জুইত থৈ নমাই গৰমে গৰমে পৰিৱেশন কৰিব ৷ বাবৰিৰ নিজস্ব সুগন্ধৰে মাছৰ জোলখনৰ স্বকীয় মাত্রা দিয়ে ৷
ৰহদৈৰে ভাঙন মাছৰ জোল
শীতকাল বুলি কলেই বিভিন্ন ধৰণৰ ৰং–বিৰঙৰ শাক–পাচলি আৰু ৰঙীন ফল–মূলবোৰে চকুৰ আগেদি অগা–দেৱা কৰে ৷ তদুপৰি ৰঙীন ফাগুনেও এই সময়ত মন উতলা কৰে ৷ শীতকালত হোৱা প্রতিবিধ শাক–পাচলিতেই বিভিন্ন ধৰণৰ ভিটামিন, খনিজ লৱণ আৰু লৌহপদার্থ পোৱা যায় ৷ যিবিলাক আমাৰ শৰীৰৰ কাৰণে অতি প্রয়োজনীয় ৷ মোৰ সৰু বাগিচাখনত শীতকালত হোৱা কেইবিধমান শাক–পাচলি আৰু টাবতে হোৱা ৰহদৈৰে ৰন্ধা কেহটামান ৰেচিপি আগবঢ়ালোঁ ৷
উপকৰণ-
ভাঙন মাছ ৪/৫ টুকুৰা
ৰহদৈ ৪টা
মেথি আধা চাহ চামুচ
আলু এটা বহল কৰি লোৱা
ধনিয়া পাত জোখমতে
কেঁচাজলকীয়া ৩/৪টা
নিমখ–হালধি জোখমতে
চেনি সামান্য
প্রস্তুত প্রণালী : প্রথমে মাছখিনি আধা ফ্রাই কৰি লব ৷ ৰহদৈকেইটা বহল কৰি ৰস উলিয়াই চেকি লব ৷ আলুটো বহল কৰি টুকুৰা কৰি লব ৷ এতিয়া মাছ ভজা তেলতে মেথিকেইটা ফুটাই লব ৷ মেথিৰ ভজা গোন্ধ ওলালে ৰহদৈৰ ৰসখিনি তাতে ঢালি দিব ৷ লগতে বহল আলুটোও জোলখনত দি দিব ৷ কেঁচা জলকীয়া ফালি দিব ৷ জোলখন অলপ উতলিলে মাছখিনি দি পুনৰ কম জুইত উতলিবলৈ দিব ৷ এনেকৈ উতলাই জোলখন ডাঠ হলে ওপৰত মিহিকৈ কটা ধনিয়া পাত দি নমাই গৰমে গৰমে পৰিৱেশন কৰিব ৷ ৰহদৈৰ সৈতে মাছৰ জোলখন অতি সোৱাদযুক্ত হয় ৷ ৰহদৈ স্বাস্থ্যৰ কাৰণেও অতি উপযোগী ফল ৷
শীতৰ মিহলি পাচলি আৰু মিচিমি গাজ টেঙা দি ৰৌমাছ বহল
জনজাতীয় ৰেচিপি
মিচিমি জনগোষ্ঠী
শীতকালত হোৱা বিভিন্ন পাচলি আৰু মিচিমি শুকান গাজ টেঙা দি ৰৌ মাছ বহল
প্রণালী : কেৰাহীত পানী গৰম কৰি তাত বিলাহী, আদা, নহৰু আৰু জলকীয়াৰ পেষ্ট দিব ৷ উতলি থাকোঁতেই তাত বতৰৰ পাচলি বন্ধাকবি অলপ ডাঙৰকৈ কটা, ওলকবি, দীঘলীয়াকৈ কাটি লোৱা বিণ, আলু আৰু লগতে কেঁচা মাছখিনি দি দিব ৷ ১০ মিনিট মান উতলাৰ পিছত তাত শুকান গাজ টেঙা আৰু কেপচিকাম দি ৫ মিনিট উতলাই নমাই থব ৷ তেলবিহীন মাছৰ তৰকাৰী ৷ স্বাস্থ্যৰ উপযোগী ৷ বতৰৰ মিহলি পাচলি আৰু গাজ টেঙা দি ৰন্ধা মাছৰ জোলখন নাখালে ইয়াৰ সোৱাদ অনুমান কৰিব নোৱাৰি ৷