প্রীতিৰেখা দাস
মুম্বাই চহৰৰ বান্দ্রাস্থিত কুৰুলা কমপ্লেক্সৰ পার্কিং প্লেচৰ পৰা শুভ্রজিতে নিজৰ মার্চিডিজ বেঞ্জ কাৰখন উলিয়াই ৰাজপথত উঠাৰ লগে লগে হুৰমূৰাই এজাক বৰষুণ আহিল ৷ সি ঘড়ীটোলৈ চালে ৷ ছয় বাজি গল ৷ শুভ্রজিতে গাড়ীৰ স্পীড অলপ বঢ়াই দিলে ৷ ট্ফিৰেক পইণ্টৰ ৰঙা লাইটৰ ছিগনেলত ৰৈ দিলে সি ৷ ৰৈ দিলে অসংখ্য গাড়ী ৷ হঠাতে সি দেখিলে তাৰ গাড়ীৰ গ্লাছৰ সমুখত ৰৈ কোনোবাই টুকুৰিয়াই আছে ৷ সি গ্লাছখন অলপ নমাহ দিলে৷ এজনী ছয়–সাত বছৰীয়া কণমানি ছোৱালী ৷ হাতত কেহথোপামান ৰঙা গোলাপ ফুল ৷ তাইৰ চকু মুখ তিয়াই দীঘল চুলিখিনিৰে বৈ আছে বৰষুণৰ নিজৰা ৷
আংকল ফুল লব নেকি লওক না অংকল ৷ কণমানি ছোৱালীজনীৰ কাতৰ অনুৰোধ ৷
কিবা এটা মায়া লাগি যায় তাৰ ৷ লগতে জোকাৰি যায় মনটো এক দুঃখবোধে ৷ যি বয়সত তাই পুতলা লৈ খেলি থাকিব লাগিছিল, সেই সময়ত তাই জীয়াই থকাৰ সংগ্রাম কৰিব লগা হৈছে ৷ উফ্ জীৱন ৷
শুভ্রজিতৰ কণ্ঠৰে সৰি পৰে এটা সুদীর্ঘ নিশ্বাস ৷
কিমান কিমান দাম মাজনী পঞ্চাছ টকা এটা গোলাপ ফুলৰ থোপাৰ ৷ কম দামতে দিছোঁ আজি ৷ লওক না ৷
সি মানীবেগটো চালে ৷
পঞ্চাছ টকাৰ নোট নাছিল ৷
সি এশ টকা এটা উলিয়াহ দিলে আৰু কলে ঠিক আছে এটা ফুলৰ থোপা দিয়া ৷
আংকল মোৰ হাতত যে পঞ্চাছ টকাৰ খুচুৰা নাই ৷ বিষণ্ণ কণ্ঠৰে কলে তাই ৷
কোনো কথা নাই ৰাখি থোৱা তুমি ৷
কিন্তু অংকল
ঠিক সেই মুহূর্ততে সেউজীয়া ৰঙৰ লাইট লি উঠিল ৷
পিছৰ গাড়ীবোৰে হর্ন বজাবলৈ আৰম্ভ কৰিছে ইতিমধ্যে ৷ তাই ফুলৰ থোপাটো আগুৱাই দিলে তালৈ ৷ শুভ্রজিতে গাড়ী ষ্টার্ট দিলে ৷ গাড়ীৰ ৰিয়েৰ ভিউ মিৰৰত সি দেখিলে চলিবলৈ আৰম্ভ কৰা গাড়ীবোৰৰ মাজে মাজে দৌৰি দৌৰি ৰাস্তাটো পাৰ হৈ ছোৱালীজনী ফুটপাথত উঠিছে ৷
মেৰিন লাইনছৰ গ্রে লেণ্ড এপার্টমেণ্টটোৰ পঞ্চম মহলাত থকা ফ্লেটটোৰ কলিংবেলত হাত থলে সি ৷
দুৱাৰ খুলি দিলে পত্নী নিকিতাহ৷ এমুখ মিঠা হাঁহিৰে সি আগুৱাহ দিলে তাহলৈ গোলাপ ফুলৰ থোপাটো ৷
ফুল আনিছা যে আজি কিবা আছে নেকি জিত
তোমাৰ বাবে ফুল আনিবলৈ কিবা থাকিব নালাগে নেকি ৷ এথোপা গোলাপ কিয়
মোৰ মন যায় গোটেহ গোলাপৰ বাগিচাখনেহ যেন মই তোমাক আনি দিম ৷
নিকিতাই একো নকলে ৷ মাথোঁ উদাস দৃষ্টিৰে চাই থাকিল শুভজিতৰ মুখলৈ ৷
নিকি মোৰ সোণ এবাৰতো হাঁহি দিয়া
কিমান দিন যে হল তোমাৰ ওঁঠত এটা হাঁহি নেদেখা
জিতৰ কথাত নিকিতাই তাৰ বুকুত সোমাই ফেঁকুৰি উঠিল ৷
ফেঁকুৰি ফেঁকুৰিয়ে কলে
মই কি কৰোঁ জিত কি কৰোঁ
মোৰ ওঁঠৰ হাঁহিবোৰ ভগৱানে চোন লৈ গল ৷ বুকুত একুৰা জীয়া জুই লৈ, এক পাহাৰসম যন্ত্রণা লৈ মই কিদৰে হাঁহিব পাৰোঁ জিত কোৱা কিদৰে হাঁহিব পাৰোঁ এইবাৰ হুকহুকাই কান্দি পেলালে নিকিতাহ৷ কান্দি কান্দিয়ে দৌৰি গৈ তাই বেডৰুমত সোমাল ৷
এক গভীৰ বিষাদে আগুৰি ধৰিলে শুভ্রজিতক ৷ প্রস্তৰ মূর্তিৰ দৰে সি একে ঠাইতে থিয় হৈ থাকিল ৷ থিয় হৈয়ে থাকিল ৷
পাঢ়া কি ভাবি আছা মোৰ চকলেট কত
দিয়া ৷ অথনিৰে পৰা ৰৈ আছোঁ তোমালৈ ৷
পৰীশুভ্রজিতে উচাপ খাই ঘূৰি চালে ৷
পৰী নাই ৷ কোঠাটোতে নহয় ঘৰটোতে নহয় পৰী কতো নাই ৷ সিহঁতৰ বুকু শুদা কৰি পৰী যে গুচি গৈছে সৌ তৰাৰ দেশলৈ ৷
ভাগৰুৱা মানুহৰ দৰে এখোজ দুখোজকৈ শুভ্রজিৎ বেলকনিলৈ ওলাই আহিল ৷ বেলকনিৰ আন্ধাৰতে থিয় হৈ ৰেলিঙত ধৰি সি আকাশলৈ চালে ৷ ৰাতিৰ কলা আকাশখনত ৰূপোৱালী ৰঙৰ অসংখ্য তৰা লি আছে ৷ ইমানবোৰ তৰাৰ মাজত সিহঁতৰ পৰীজনীক তাৰ দুচকুৱে বিচাৰিব ধৰিলে ৷ আকাশৰ পৰা তাই বাৰু দেখিছেনে তাইৰ অবিইনেহ মাক–দেউতাক কিমান অকলশৰীয়া কিমান দুখী ৷ নিকিতাক বিয়া পতাৰ ছমাহ পিছতে তাৰ মুম্বাইৰ ছফটৱেৰ কোম্পানী এটাত চাকৰি হয় ৷ নিকিতাক লৈ গুচি আহে গুৱাহাটীৰ পৰা মুম্বাই ৷ দিনবোৰ ৰঙীন হৈ পৰে ৷ এদিন সিহঁতৰ জীৱনলৈ এজনী কণমানি পৰী আহে ৷ ছোৱালীজনী জন্মৰ পিছত ভৰি উঠে দুয়োৰে সংসাৰ ৷ নাম ৰাখে পৰী ৷ হয় দেখিবলৈ যেন সাইলাখ এজনী পৰীৰ দৰে ৷ তাইৰ কণ কণ হাত–ভৰিবোৰ চুই চুই শুভ্রজিৎ পিতৃত্বৰ আনন্দত বিহ্বল হৈ পৰে ৷ এদিন দুদিনকৈ পৰী ডাঙৰ হয় ৷ থূপুক থাপাক খোজ দিব পৰা হয় ৷ অফিচলৈ যাবৰ সময়ত দেউতাকক আব্দাৰ কৰিবও পৰা হয় ৷ পাঢ়া অফিচৰ পৰা আহোঁতেহ মোলৈ চকলেট আনিব নাপাহৰিবা দেহ ৷
বেলেগ কিবা পাহৰিলেও শুভ্রজিতে পৰীৰ বাবে চকলেট আনিব নাপাহৰে ৷ এই যে তাৰ হাতৰ পৰা চকলেটটো লোৱাৰ পিছত তাইৰ চকু দুটা আনন্দত উজলি উঠে আৰু তাইৰ সেই আনন্দৰে জলমলাই উঠে ঘৰখনৰ চৌপাশ ৷ হয় ছোৱালী থকা প্রতিখন ঘৰে চাগে এনেকৈয়ে জলমলাই থাকে ৷ ছোৱালীবোৰ যে একো একোজনী জীয়া লক্ষ্মী ৷ ভৰি থাকে ঘৰবোৰ সুখ আৰু সমৃদ্ধিৰে ৷
পৰীৰ মৰম লগা কথা–বতৰাৰে জীপাল হৈ থাকে দুয়োৰে হূদয় ৷
সেইটো আছিল পৰীৰ ছয় বছৰীয়া জন্মদিন ৷ মাকে উপহাৰ দিয়া বগা নেটৰ ফ্রকটোৰে কি যে মৰম লাগিছিল তাইক সেইদিনা ৷ পৰীৰ নিজৰ জন্মদিনটোক লৈ উৎসাহৰ অন্ত নাছিল ৷ খুব আনন্দিত হৈ আছিল তাই ৷ প্রতিটো শিশুৱে যে এনেকৈয়ে আনন্দিত হৈ থাকে নিজৰ জন্মদিন বুলি ৷ তাৰ বাহিৰে কিনো বিচাৰে সিহঁতে৷ দিব ৷ সি পৰীক পৃথিৱীৰ সকলো ঐশ্বর্য–বিভূতিৰে বুৰাই দিব ৷ তাই হাঁহি থাকিলে সুখত থাকিলে তাৰ শান্তি ৷
মাজৰাতি নিকিতাই তাক জগাই দিছিল ৷ পৰীৰ গাত ৰ৷ খকমকাই সাৰ পাই উঠে সি ৷ গাত হাত দি চালে ৷ গাটো প্রচণ্ড গৰম ৷ ৰঙা পৰি উঠিছে ছোৱালীজনী ৷ অকণো পলম নকৰি ৰাতিয়ে লৈ যায় তাহক আন্ধেৰী ইষ্টৰ চিৰঞ্জীৱী হাস্পতাললৈ ৷ ততাতৈয়াকৈ ভর্তি কৰা হয় পৰীক ৷ অনবৰত হাঁহি–স্ফূর্তি কৰি থকা ছোৱালীজনীৰ শেঁতাপৰা মুখখন দেখি চকুযুৰি ভৰি আহে তাৰ ৷ উচুপি উঠে নিকিতায়ো ৷ সিহঁতক তেনেকৈ দেখি সেহাই সেহাই কয় পৰীয়ে মা, পাঢ়া, তোমালোকে কান্দিছা কিয় চোৱা ডাক্তৰ আংকলে মোক বেজী দিছে ৷ চেলাইন দিছে ৷ মই ভাল হৈ যাম ৷ তোমালোকক এৰি মই কলৈকো নাযাওঁ ৷ সদায় তোমালোকৰ লগতে থাকিম ৷ ৰ কমিলে পুৱা আমি ঘৰলৈ যাম ৷ ন পাঢ়া দৌৰ মাৰি কেবিনটোৰ পৰা ওলাই আহিছিল শুভ্রজিৎ ৷ নোৱাৰে ৷ নোৱাৰে চাব সন্তানৰ ইমান যন্ত্রণা ৷ তাৰ দৰে সকলো মাক–দেউতাকে চাগে নিজৰ অসুখতকৈও সন্তানৰ অসুখত বেছি কষ্ট পায় ৷ পৃথিৱীৰ সকলো শিশুকে ভালে ৰাখিবা প্রভু ৷ শিশুবোৰ যে সৰগৰ একো একোপাহ ফুল ৷ সদায়ে যেন হাঁহি হাঁহি ফুলি থাকে ৷ হাস্পতালৰ ভিতৰত থকা সৰু মন্দিৰটোত হাতযোৰ কৰি প্রার্থনা কৰিছিল সি ৷ নাই শেষ নিশা সিহঁতৰ মৰমৰ ফুলপাহ লেৰেলি সৰি পৰে ৷ ডাক্তৰে দিছিল সেহ দুঃসংবাদ ৷ ছৰী ৷ তাইক বচাব পৰা নগল ৷ বজ্রপাত পৰিছিল তাৰ মূৰত৷ চকুৰে নেদেখা হৈ পৰে যেন ৷ দৌৰি গৈ সি কেবিনটোত সোমাহছিল ৷ দেখিছিল পৰী শুই আছে ৷ যেন অলপ পিছতে সাৰ পাব ৷ তাক মাতিব পাঢ়া ৷ লাহে লাহে কাষলৈ গৈ সি চুই চালে তাইৰ সৰু হাতখনৰ কণ কণ আঙুলিকেহটা ৷ যেনেকৈ তাইৰ জন্মৰ দিনটোত চুই চাইছিল ৷ পৰী হুকহুকাই কান্দি উঠিছিল শুভ্রজিতে ৷ তেতিয়াই কিবা এটা বুজি উঠিছিল নিকিতাই ৷ তাই দাঙি কোলাত তুলি লয় পৰীক ৷ মাতো মাতো উঠা আকৌ ৷ পোহৰ হব এতিয়া ৷ আমি ঘৰলৈ যাম ৷ নুঠিল পৰী ৷ আৰু নুঠিল ৷ তাইৰ নিথৰ দেহটো সাবটি নিকিতাই হিয়াঢাকুৰি কান্দিলে ৷ কান্দি কান্দিয়ে এটা সময়ত তাহ সংজ্ঞাহীন হৈ পৰে ৷ দুটা দিনৰ পিছত নিকিতাই যেতিয়া চকু মেলে তেতিয়ালৈ সকলো শেষ হৈ গৈছিল ৷ তাইৰ কণমানি পৰীজনী উৰি গুচি গৈছিল দূৰ আকাশলৈ ৷ ঘৰখন এন্ধাৰ হৈ পৰিল ৷ নোহোৱা হৈ পৰে সুখবোৰ, হাঁহিবোৰ ৷ হেৰাই যায় জীৱনৰ ছন্দ ৷ তথাপি পাৰ হৈ থাকে সময়, দিন, মাই ৷ থাকে মাত্র অহৰহ বুকুৰ ভিতৰেৰে বৈ কোনেও নেদেখা এটি যন্ত্রণাৰ নদী ৷ নিকিতা আৰু আগৰ নিকিতা হৈ নাথাকিল ৷ প্রাণ থকা অথচ যেন এটি শিলৰ মূর্তি ৷ কাম কৰা মানুহ এজনী আহি ঘৰৰ সমস্ত কাম–বন কৰি ৰন্ধা বঢ়া কৰি থৈ যায় ৷ গোটেই দিনটো নিকিতাই খিৰিকীৰ মুখত থিয় হৈ উদাস দৃষ্টিৰে আকাশলৈ চাহ থাকে ৷ সি বুজে পত্নীৰ বুকুৰ বিষ ৷ সিটো দিনটো অফিচত কাম–বনৰ মাজত মনৰ কষ্ট অলপ সময়ৰ বাবে হলেও পাহৰি থাকিব পাৰে ৷ কিন্তু নিকিতা তাই যে গোটেই দিনটো ঘৰৰ ভিতৰত কিমান যন্ত্রণাৰে পাৰ কৰে ৷ কেনেকৈ সি নোহোৱা কৰিব পাৰিব তাহৰ বুকুৰ যন্ত্রণা ৷ কেনেকৈ সি আকৌ ঘূৰাই আনিব পাৰিব তাইৰ ওঁঠৰ হাঁহি৷ ৷ নিকি নিকি মোৰ সোণ৷ অসহায় হৈ পৰে শুভ্রজিৎ ৷
পিছদিনাও অফিচৰ পৰা আহোঁতেই শুভ্রজিতৰ গাড়ীখন ট্ৰেফিক ছিগনেলটোত ৰব লগা হল ৷ হঠাতে কিয় জানো তাৰ দুচকুৱে আগ দিনা ফুল বেচিব অহা ছোৱালীজনী বিচাৰিব ধৰিলে ৷ নাই তাইক নেদেখিলে ৷ সেউজীয়া ৰঙৰ লাইট লি উঠিল ৷ গাড়ী পাৰ কৰিব ধৰোঁতেই সি দেখিলে ছোৱালীজনী আন এখন গাড়ীৰ কাষত ৰৈ ফুল বিক্রী কৰি আছে ৷ কি ভাবি জানো সি অলপ দূৰ গৈ ৰাস্তাৰ কাষত গাড়ীখন পার্ক কৰি পুনৰ ছিগনেলটোলৈ খোজকাঢ়ি আহে ৷ আহি সি দেখে ফুটপাথৰ ওপৰত বহি তাই পইচা হিচাপ কৰি আছে ৷ কাষত কোনোবা থিয় হোৱা যেন পাই তাই মূৰ তুলি চালে ৷ তাক দেখি কিবা এটা বুজিলে তাই ৷ আৰু পইচাবোৰৰ মাজৰ পৰা পঞ্চাশ টকা এটা উলিয়াই তালৈ আগুৱাই দিলে ৷ আৰু কলে বেয়া নাপাব আংকল, কালি মোৰ খুচুৰা নাছিল ৷ লওক এয়া আপোনাৰ পঞ্চাশ টকা ৷
শুভ্রজিতে আঁঠু কাঢ়ি বহিল তাইৰ কাষত ৷
মই পইচা বিচাৰি অহা নাই মাজনী ৷
এবাৰ তোমাক চাবলৈহে আহিলোঁ৷ একো নুবুজি তাই চাই থাকিল তাৰ মুখলৈ ৷
কি নাম তোমাৰ
কত ঘৰ মাজনী তাৰ স্নেহসনা কথাত কিবা এটা বুজিলে তাই ৷ কলে মোৰ নাম মুন্নী ৷ সৌৱা ৰাস্তাৰ সেইটো ফালে আমাৰ ঘৰ ৷ মোৰ মা–দেউতা নাই ৷ সুৰী এজনীৰ ঘৰত থাকোঁ ৷
মোক মোক লৈ বলাচোন তোমাৰ সুৰীৰ ঘৰলৈ৷
নাহ নোৱাৰিম আংকল ৷ ফুলবোৰ বিক্রী নকৰাকৈ ঘৰলৈ গলে সুৰীয়ে মোক মাৰিব ৷
ঠিক আছে আৰু কিমান ফুল আছে বেচিবলৈ
আৰু আঠ থোপা ফুল আছে ৷
কিমান দাম হব আঠ থোপা ফুলৰ
ছোৱালীজনীয়ে হাতৰ আঙুলিত গন্তি কৰি কলে চাৰিশ ৷
ঠিক আছে আটাহখিনি ফুল মোক দিয়া আৰু এয়া পইচা লোৱা ৷ সি মানীবেগৰ পৰা পইচা উলিয়াই দিলে ৷ একেলগে ইমান খোপা ফুল বেচিব পাৰিও মুখখন পোহৰ নহল মুন্নীৰ ৷
কিবা যেন ভাবি ৰল তাহ৷ গাড়ীখনৰ ভিতৰত ফুলবোৰ থৈ মুন্নীয়ে দেখুৱাই দিয়া গলিটোৰে গৈ থাকিল সি ৷ গৈ গৈ শেষৰ জৰাজীর্ণ ঘৰ এটাৰ সমুখত ৰল সিহঁত ৷ সুৰী মুন্নীয়ে মাতে ৷
ইমান সোনকালে আহিলি যে ফুলবোৰ বেচিলিনে নাই
ভিতৰৰ পৰা ভাহি আহে এটি কর্কশ মাত ৷ দুৱাৰ খুলি ওলাহ আহে মানুহ এজনী ৷ তাক দেখি সুধিলে আপুনি কোন এই কিবা জগৰ লগালে নেকি
- নাই নাই তেনেকুৱা একো নহয় ৷ মই আপোনাক লগ পাব আহিছিলোঁ ৷
- কিবা এটা ভাবি মানুহজনীয়ে মাতিলে তাক ভিতৰলৈ ৷ সোমাহ আহক ৷
- মই শুভ্রজিৎ বৰুৱা ৷ মুন্নীৰ বিষয়ে জানিব খুজিছিলোঁ ৷
- কিন্তু কিয়
নীৰৱে থাকিল শুভ্রজিৎ ৷
কি উত্তৰ দিব সি ৷
সি নিজেও নাজানে কিয় এনেকৈ গুচি আহিল ইয়ালৈ ৷
মাত্র এদিন আগতে দেখা কণমানিজনীৰ প্রতি কেনেকৈ সৃষ্টি হল তাৰ মনত অহৈতুক প্রীতিৰ ৷ তাৰ নীৰৱতাত কিবা এটা বুজি পালে মানুহজনীয়ে ৷ মূূা এটা আগুৱাই দিলে তাৰ ফালে আৰু কলে বহক ৷
সি তেতিয়াহে পৰিৱেশটো ভালকৈ চালে ৷ এটি সৰু কোঠা ৷ মাটিত এখন বিছনা ৷ কাষত এটা চৌকাত আঞ্জা উতলি আছে ৷ চৌকাৰ কাষতে পীৰাত বহি দুটা কণ কণ লৰা–ছোৱালীয়ে ভাত খাই আছে ৷ মই মুন্নীৰ সুৰীয়েক ৷ নিজৰ নহয় ৷ আমাৰ কাষৰ ঘৰটোতে ভাৰা আছিল হহঁত ৷ দেউতাকটো মদাহী ৷ কাম–বন নকৰে ৷ ৷ মাকে আনৰ ঘৰত কাম–বন কৰি কৰি পৰিয়ালটো পোহপাল দি আছিল ৷ এদিন মাকজনী বেমাৰ হৈ চিকিৎসাৰ অভাৱত ঢুকাই থাকিলে ৷ ছোৱালীজনী এৰি দেউতাক কৰবলৈ পলাই যায় ৷ তেতিয়াৰ পৰাই মুন্নী আমাৰ ঘৰতে থাকে ৷ মোৰ অৱস্থাও বেয়া ৷ নিজৰ বুলিবলৈ এহ ভঙা ঘৰটোৱে আছে ৷ কাম নকৰিলে ঘৰ নচলে ৷ নিজৰেই দুটা লৰা–ছোৱালী ৷ দেউতাক নাই ৷ আৰু এটা পুহিম কিদৰে ৷ সেয়েহে তাইক কামত লগাহ দিছেছা ৷ তাই নিজেও চলিছে ৷ ঘৰলৈও দুটামান পইচা আনি দিছে ৷
- মুন্নীক মোক দিয়ক ৷
হঠাতে মুখৰ পৰা ওলাই যায় তাৰ কথাষাৰ ৷ মানুহজনীয়ে মোৰ তুলি চায় তাৰ মুখলৈ ৷
- আমাৰ কোনো সন্তান নাই ৷
- ছোৱালী এজনী আছিল ৷ এবছৰ হল ঢুকাই থাকিল ৷ তেতিয়াৰ পৰা পত্নীৰ মানসিক অৱস্থা বেয়া ৷ অনুগ্রহ কৰি আপুনি যদি অনুমতি দিয়ে তাইক আমাৰ ছোৱালী কৰি নিব খুজিছেছা ৷ জীৱনটো সুন্দৰ হব তাইৰ ৷
- কিন্তু মোৰ কি হব
- এইক আপোনালোকক দিলে মোৰ উপার্জনৰো মুদা মৰিব ৷
শুভ্রজিতে কিবা এটা ভাবিলে, তাৰ পিছত কলে চিন্তা নকৰিব ৷ মই আপোনালোকৰ বাবেও কিবা এটা কৰিম ৷ টকা দুই লাখ দিম আপোনাক ৷ আনৰ ঘৰত আৰু আপুনি কাম কৰিব নালাগে ৷ দোকান এখন দি চলিব পাৰিব৷ লৰা–ছোৱালী দুটাক স্কুলত নাম লিখি দিব ৷ ভালদৰে পঢ়া–শুনা কৰি সিহঁতে নিজৰ ভৱিষ্যৎ নিজে গঢ়ি লব পাৰিব ৷ ঘৰটোও অলপ মেৰামতি কৰি লব ৷
- কি কি কলে দুই লাখ টকা মুহূর্ততে মানুহজনীৰ মুখখন উজ্জ্বল হৈ পৰিল ৷
- হব কোনো কথা নাই ৷ আজিয়ে লৈ যাওক তাইক ৷ ভাল ঘৰ এখন পাব ৷ মাক–দেউতাকৰ মৰম পাব ৷ স্কুললৈ যাব ৷ হয়াতনো কি পাইছে ৷ পুৱাৰে পৰা ৰাতিলৈ ৰদে–বতাহে ফুল বেচি ফুৰিছে ৷
- নাই আজি লৈ নাযাওঁ ৷
অহাকালি দুপৰীয়া আহিম তাইক নিবলৈ ৷ মই এতিয়া যাওঁ ৷ বহাৰ পৰা ঘপককৈ উঠি সি বাহিৰলৈ ওলাই আহিল ৷ হঠাৎ সি অনুভৱ কৰিলে তাৰ হাতখনত কোনোবাহ ধৰিছে ৷ ঘূৰি চাই দেখে মুন্নী ৷ আকুল দুচকুৰে তাৰ ফালে চাই আছে ৷ তেতিয়াই তাৰ মনলৈ আহিল সকলো কথা সি নিজে দেখোন ঠিক কৰিলে ৷ মুন্নীকতো এবাৰো সোধা নাই ৷ তাই কি বিচাৰে ৷ যাব খুজিবনে তাই ৷ সি হাউলি তাইৰ থুঁতৰিত ধৰি সুধিলে কিবা কবা মাজনী
- তোমাৰ যদি যাবৰ মন নাই কোৱা মই নাহো অহাকালি তোমাক নিবলৈ ৷
- মোক ইয়াৰ পৰা লৈ যোৱা আংকল ৷ আজিয়ে ৷
শুভ্রজিতে তাইক কোলাত তুলি ললে ৷ আৰু কলে আংকল নহয় পাঢ়া বুলি মাতিবা ৷ আৰু তুমি আজিৰ পৰা পৰী ৷ আমাৰ পৰী ৷ তুমি যে এপাহি সৰগৰ পাৰিজাত ৷
কাইলৈ আহি তোমাৰ পাঢ়াই তোমাক লৈ যাব ঘৰলৈ ৷ শুভ্রজিৎ গুচি গল ৷ সি নেদেখা হোৱালৈকে মুন্নীয়ে চাই থাকিল সি যোৱাৰ ফালে ৷
পিছদিনা বাৰ বজাৰ আগতেই শুভ্রজিৎ সোমাই গৈছিল গলিটোৰ শেষ মূৰত থকা জৰাজীর্ণ ঘৰটোলৈ ৷ যত তাৰ বাবে ৰৈ আছে এপাহি ফুল ৷ তাৰ ঘৰখন আকৌ ফুলাই তুলিবলৈ ৷ শুভ্রজিতক দেখি মানুহজনীয়ে আথে–বেথে তাক বহিবলৈ দিলে ৷ কোনো কথাৰ পাতনি নেমেলাকৈয়ে সি আগুৱাই দিলে মানুহজনীৰ হাতত এটা বেগ ৷ লওক ইয়াত টকা দুই লাখ আছে ৷ প্রথমে বেংকত জমা কৰি থব ৷ আপোনাক কিবা অলপ সহায় কৰিবলৈ পাই মোৰ ভাল লাগিছে ৷ প্রথমে ঘৰটো মেৰামতি কৰিব ৷ দোকান এখন আৰম্ভ কৰিব ৷ ইহঁত দুটাক স্কুলত নাম লগাই দিব ৷ কিবা অসুবিধা পালে মই আছেছা ৷ এয়া মোৰ ঘৰ আৰু অফিচৰ ঠিকনা ৷ লগতে ফোন নম্বৰটোও লিখি দিছেছা ৷ সি কাগজ এখন আগুৱাই দিলে ৷ আৰু কলে যেতিয়াই মুন্নীক চাবলৈ মন কৰে আহিব ঘৰলৈ ৷ ময়ো বাৰু মাজে মাজে লৈ আহিম তাইক আপোনালোকৰ ওচৰলৈ ৷ মাক–দেউতাক নোহোৱা ছোৱালীজনী ইমান দিনে আপুনি সামৰি ৰাখিলে ৷ তাইক আশীর্বাদ কৰক সদায়ে যেন হাঁহি থাকে তাই ৷
শুভ্রজিতৰ কথাত মানুহজনীৰ দুগালেৰে বৈ আহিল চকুপানী ৷ এনে লাগিল যেন এয়া কোনো মানৱ নহয় ৷ যেন ঈশ্বৰপুত্র ৷ নিমিষতে শেষ কৰি পেলালে তেওঁলোকৰ সকলো অভাৱ ৷ দুঃখ, সমস্যা ৷
- ভালে থাক আই ভালে থাক সদায় ৷ মুন্নীৰ মূৰত হাত বুলাই আশীর্বাদ কৰিলে মানুহজনীয়ে ৷
মুন্নীক হাতত ধৰি ওলাই আহিল শুভ্রজিৎ ৷ মল এটাত সোমাই মুন্নীলৈ কাপোৰ আৰু জোতা কিনিলে ৷ তাৰ পিছত তাইক পার্লাৰ এখনলৈ লৈ গল ৷ যত তাইক সুন্দৰকৈ সজাই তোলে ৷ বগা ফ্রকটো আৰু দীঘল চুলিখিনিত এডাল বগা ৰঙৰ ৰিবন পিন্ধাহ যেতিয়া পার্লাৰৰ ছোৱালীজনীয়ে মুন্নীক তাৰ সমুখলৈ উলিয়াই আনে ৷ অপলক নয়নে চাহ ৰয় সি ৷ কত লুকাহ আছিল তাইৰ এই স্নিগ্ধ ৰূপ যেন এপাহি সৰগৰ শুভ্র পাৰিজাত ৷
কলিংবেলৰ শব্দত দুৱাৰ খুলি দিলে নিকিতাই ৷ দুৱাৰমুখত থিয় হৈ আছে এজনী কণমানি মৰমলগা ছোৱালী ৷
- কোন তুমি মাজনী কাক বিচাৰি আহিছা
- তোমাক ৷ তোমাক বিচাৰি আহিছে মা ৷
মা কঁপি উঠিল নিকিতা ৷ কিমান দিন হল যে এই মাতষাৰ নুশুনা ৷ শুভ্রজিৎ কাষ চাপি আহে ৷ নিকি এই পৰী ৷ আমাৰ পৰী ৷ চোৱা তোমালৈ কেনেকৈ চাই আছে তাই ৷ মৰম কৰি দিয়া তাইক ৷
পৰী মোৰ পৰী
কঁপা কঁপা হাতেৰে নিকিতাই চুই চালে পৰীক ৷ গালে–মুখে হাত বুলাই কৈ উঠে কত গুচি গৈছিলা তুমি মাক এৰি
এয়া মা চোৱা
মইচোন তোমাৰ কাষত ৷
একেকোবেই তাইক বুকুৰ মাজত সাবটি ধৰি উচুপি উঠে নিকিতাই ৷ নাৰীৰ হূদয় বৰ বিশাল ৷ সকলোকে সুমুৱাই লব পাৰে বুকুত ৷ মাতৃৰ মমতাৰে ৷
মা মোৰ ভোক লাগিছে ৷
হা ভোক লাগিছে কি খাবা তুমি মই এতিয়াই বনাই আনিম ৷ কিমান দিন যে ময়ো ভালকৈ একো খোৱা নাই পৰী ৷ আজি মোৰো বৰ ভোক লাগিছে ৷ জিত মই তোমাৰ বাবেও বনাই আনিম দেই তোমাৰ প্রিয় আলু পৰঠা আৰু মটৰ পনীৰৰ তৰকাৰী ৷ আমি একেলগে খাম আজি ৷ উলাহেৰে দৌৰি যায় নিকিতা পাকঘৰলৈ ৷ প্রশান্তিত দুচকু ভৰি আহে শুভ্রজিতৰ ৷ পৰীয়ে অবাক দৃষ্টিৰে ইফালে সিফালে ঘূৰি ঘূৰি গোটেই ঘৰটো চাব ধৰে ৷ চকুযুৰিত তাইৰ বিয়পি পৰে আনন্দৰ ৰেঙনি ৷ আৰু সেই ৰেঙনিয়ে লাহে লাহে আন্ধাৰ ঘৰটো পোহৰ কৰি তোলে ৷ আৰু আৰু তাৰ বুকুৰ ভিতৰখনো ৷
ফোন- ৮১০৫২-৫২৩৫০
Comments are closed, but trackbacks and pingbacks are open.