প্রত্যাশা–প্রেম–প্রাপ্তি

স্বপ্না দাস বায়ন

নয়নাৰ ঘৰখনত আজি এক উছৱমুখৰ পৰিৱেশ ৷ আৰতিৰ গাত আনন্দত তত্ নাইকিয়া অৱস্থা ৷ সেইবাবেই ৰাতিপুৱাই শোৱাপাটী এৰি দৈনন্দিন কামবোৰ কৰি তাই আজৰি হৈ লৈছে ৷  ঘৰুৱা কামত সহায় কৰি দিয়া বিমলা বাইদেৱেও কালি কোৱামতেই আজি সোনকালেই কামলৈ আহিছে৷ এইপিনে ডিম্পীজনীয়ে নয়নাৰ ৰুমটো আৰু বিছনাখন নানা ৰঙৰ ফুল আৰু বেলুনেৰে সজাই তুলিছে ৷ আজি যেন তাইৰ এবছৰীয়া ফুটকলিজনীলৈও সময় নাই, আচলতে নিশ্চিন্তে তাহ খুৱাই–বোৱাহ আইতাকৰ কোঁচতেই দিছে ফুটকলিক ৷ তেনে হোৱাৰেই কথা ! পাঁচটাকৈ বছৰৰ অপেক্ষাৰ অন্তত আজিৰ এই দিনটো আহিছে ঘৰখনলৈ ৷ উলাই স্বাভাৱিক ৷

  • মাজনী অ মাজনী, হলনে সোনকাল কৰ আক ৷
  • অ মা, হলেই আৰু, তুমিও যে মিছাতে টেনচন লৈ থাকা ৷ চাবা, সিহঁত অহাৰ আগতেই সকলো কাম হৈ যাব, আনকি দুপৰীয়াৰ সাঁজ ৰন্ধাও হব ৷
  • বাৰু ঠিকেই আছে দে৷ মই আকৌ সিহঁত অহাৰ পিছতো পাকঘৰটোতে সোমাই থাকিবি বুলিহে খৰখেদা কৰিবলৈ কৈ আছোঁ ৷

এইৰ তাই মনে মনে ৰল৷ মাকৰ মনৰ ভাব তাই ভালদৰেই বুজি পায় ৷ বৰ সচেতন, মৰমিয়াল দায়িত্বশীল আৰু কর্মী মহিলা আৰতি ৷ এটি পথ দুর্ঘটনাত কণ কণ লৰা–ছোৱালী দুটাৰে সৈতে তাইক নিথৰুৱা কৰি গিৰীয়েকে কাহানিও উভতি নহাৰ বাটেৰে গুচি গৈছিল ৷ তাৰ পিছত তাই স্কুল , ঘৰ আৰু সন্তান দুটিকেই জীৱনৰ সর্বোচ্চ জ্ঞান কৰি আজি দুয়োকে স্বাৱলম্বী কৰি তুলিছে ৷ পৰশলৈ নয়নাক বোৱাৰী কৰি আনিলে যদিও তাইক নিজৰ ছোৱালীৰ দৰেই মৰম কৰে, আৰু ডিম্পীজনীক এঘৰলৈ উলিয়াই দিয়াও তিনি বছৰেহ হল ৷ মুঠতে গিৰীয়েকৰ শূন্যতাত মন সেমেকে যদিও আৰতি বর্তমান সুখী ৷ বৰ সুখী ৷

অ মা, আহা আহা, দাদাহঁত আহি পালেহিয়েই ৷ ডিম্পীৰ মাতত আৰতিয়ে হাতত ধূপ–চাকিৰে সজোৱা থালখন লৈ হাঁহিমুখেৰে ওলাই আহিল ৷ আজি ঘৰলৈ লখিমী আহিছে, গতিকে দুৱাৰমুখৰ পৰাই লখিমীক আদৰি আনিলে আৰতিয়ে ৷ লগতে নয়না আৰু পৰশকো ৷ কাৰ যে কিমান কথা লখিমীক কত থব, কেনেকৈ লব, দেখিবলৈ পৰশৰ দৰে নে নয়নাৰ দৰে ইত্যাদি !

ঘৰৰ ভিতৰলৈ গৈ ৰুমটোত সোমায়েই নয়না আচৰিত হৈ পৰিল ৷ মাতৃত্ব লাভৰ গৌৰৱেৰে গর্বিত হোৱাৰ উপৰি তাই যেন এইখন ঘৰৰ বোৱাৰী হৈও গর্বিত ৷ মানুহ ইমানো মৰমিয়াল হব পাৰেনে ! যাৰ জীৱনত এনেকুৱা মানুহ জড়িত হৈ থাকে ধন্য হৈ যায় সেহ জীৱন ৷ নয়নাই মনৰ ভিতৰতেই কৈ পেলালে, সঁচাকৈ, এই জীৱন বৰ অনুপম ৷

পেহীয়েকে মৰম এসোপামান ঢালি সুন্দৰকৈ সজাই থোৱা বিছনাখনত লখিমীক আলফুলে শুৱাই থৈ নয়না গা ধুবলৈ গল ৷ লখিমীয়ে যাতে কতো অকণো অসুবিধা নাপাই আইতাক আৰু পেহীয়েকে তাৰ সম্পূর্ণ নজৰ ৰাখিছে ৷ আৰু পৰশ সি যে জন্ম হোৱাৰ দিনৰ পৰাই জীয়েকক এৰি হাস্পতালৰ পৰা এবাৰ ঘৰলৈও অহা নাই ৷ একেবাৰে জীয়েকক লগত লৈহে ঘৰ সোমাইছে ৷

মাক, দেউতাক, আইতাক, পেহীয়েকৰ মৰমেৰে হকলা–সিকলাকৈ লখিমীৰ আজি সাত দিনেই হল ৷ পৰশ আজি কেইবাদিনৰ পিছত অফিচলৈ গৈছে ৷ পৰশ নথকাত নয়নাই আজি দিনটোৰ বেছিভাগ সময় ৰুমটোত অকলেই আছে ৷

সৌ সিদিনাৰ কথা ৷ মেট্ৰিকত অঞ্চলটোৰ ভিতৰতে ভাল ৰিজাল্ট  কৰা বাবে মাক–দেউতাকে স্ফূর্তিতে সাবটি ধৰি তাইৰ গালে–মুখে চুমাৰে ওপচাই দিছিল ৷ সিহঁতৰ ঘৰলৈ ওচৰ–চুবুৰীয়াৰ ইঘৰৰ পিছত সিঘৰৰ সোঁত বৈছিল, মানুহবোৰে মৰম, শুভেচ্ছা আৰু আশীর্বাদ দি গৈছিল ৷ তথাপি তাইৰ মন ভৰা নাছিল ৷ যেন কাৰোবাৰ উপস্থিতি অন্তঃকৰণে বিচাৰিছিল তাই ৷ হয়, কেতিয়াবা বহুতৰ মৰমেও ভৰাই পেলাব নোৱাৰে হূদয় ৷ এটা সময়ত সৰুৰে পৰা একেখন স্কুলত তাহতকৈ এটা শ্রেণী ওপৰত পঢ়া পৰাগে গেটৰ পৰাই তাইক চিঞৰি মাতি মাতি ঘৰৰ ভিতৰত সোমায়েই তাইলৈ চাই কবলৈ ধৰিছিল, তোক মই কৈছিলোঁৱেই নহয় যে তোৰ ৰিজাল্ট বহুত ভাল হব ৷ তোৰ ওপৰত মোৰ পূৰা বিশ্বাস আছে ৷ তইহে মোৰ কথা নেমানিলি ৷ চা, এতিয়া চর্ত মতে তই হাৰিলি ৷ কথাখিনি একে উশাহতে কৈ শেষ কৰিছিল সি ৷ গতিকে চর্তটো মনত ৰাখিবি দেহ বুলি জোকোৱাৰ সুৰত কথাখিনি কৈ সি যাবলৈ ওলাল ৷ উম্ মনত আছে বুলি তাহ খং আৰু অভিমান মিশ্রিত সুৰত গহীনাই কৈছিল আৰু পৰাগ যোৱাৰ পিনে নেদেখা হোৱালৈ চাই ৰৈছিল ৷ জোকাই গৈছিল, কিন্তু তাইৰ মন ভৰাই গৈছিল সি ৷ কি আছে এই পৰাগৰ কথাত জোকালেও তাইৰ ভাল লাগে তাৰ সান্নিধ ! কিয় ইমান গভীৰ বিশ্বাস তাইৰ ওপৰত প্রয়োজন হলেই তাইক সহায় কৰি আহিছে সি, কেতিয়াও কোনো অসুবিধা হবলৈ দিয়া নাই ৷

কি এই বিশ্বাসৰ নাম

কিয় এই দায়িত্ব

কিয় এই সুকীয়া অনুভূতি

এই অনুভূতিৰ, এই দায়িত্বৰ, এই বিশ্বাসৰ নামেই প্রেম নেকি তাইৰ জানিব মন যায় ৷ কিন্তু পৰাগেতো কেতিয়াও কোৱা নাই তাইক ভাল পাওঁ বুলি ৷ তায়ো পৰাগক ৷ কিন্তু পিছমুহূর্ততে তাই ভাবে হয়তো কেতিয়াবা অপ্রকাশিতভাৱেও হৈ যায় দুগৰাকীৰ মাজত প্রেম ৷ যেতিয়া হূদয়ে হূদয়ৰ ভাষা বুজে তেতিয়া শব্দৰ প্রয়োজন নাথাকে ৷

নবৌ বুলি মতা ডিম্পীৰ মাততহে নয়না উভতিল বর্তমানলৈ ৷ বৌৱেকলৈ ফলৰ ৰস এগিলাচ লৈ ডিম্পী সোমাই আহিল নয়নাৰ ৰুমলৈ ৷ কিমান যে যত্ন লয় ঘৰখনৰ মানুহবোৰে ৷ মাকৰ গাতে গাটো লাগি থকাই লখিমী তেতিয়াও শুয়েই আছিল ৷ লখিমী সাৰ পায় বুলি লাহেকৈ কপালত ওঁঠেৰে স্পর্শ কৰি ওলাই গল ডিম্পী ৷ এই ডিম্পীজনীও যে ইমান মৰমিয়া ! নিজৰ ছোৱালীজনীৰ দৰেই লখিমীক মৰম কৰে ৷ সুবিধা পালেই চুমা খায়, মৰম কৰে, কোঁচত লয় ৷ নয়নাই মনতে ভাবে কথাবোৰ ৷

এইকেইদিন পৰশ সদায় অফিচলৈ যাবলগীয়া হৈছে ৷ দুখে–ভাগৰে অফিচৰ পৰা অহাৰ পিছত ঘৰতেই থাকে সি ৷ ভাল পায় এইখিনি সময় জীয়েকক চাই থাকিব পাৰে ! নয়না আৰু মাকেও ভাল পায় অফিচৰ পৰা আহি পৰশ ঘৰত থাকিলে ৷ চাওঁতে চাওঁতে পৰিয়ালটোলৈ লখিমী অহা এমাই হবৰ হল ৷ পৰহিলৈ এমহীয়া ৷ একেলগে লখিমীৰ নামকৰণ অনুষ্ঠানটোও পাতিব লাগিব পাৰিলে৷ মাকৰ লগত পৰশ, নয়না আৰু ডিম্পী বহি তাৰেহ আলোচনা কৰিছে কেনেকৈ পাতিব অনুষ্ঠানটো আৰু লখিমীৰ নামটো কি ৰাখিব এনেধৰণৰ অনেক কথা ৷ জন্ম তিথি, বাৰ আৰু সময় মতে প বর্ণৰ নাম ৰাখিব লাগিব হেনো ৷

আজি ৰাতি নয়নাৰ টোপনি অহা নাই ৷ কিমান যে চেষ্টা কৰিছে নাই, নাহে টোপনি ৷ কাইলৈ লখিমীৰ এমহীয়া ৷

আজিও তাই পৰাগৰ সৈতে ব্রহ্মপুত্রৰ পাৰৰ বালিচাপৰিত বহি বেলি ডুবা চাবলৈ আহিছে ৷ চর্ত জিকি পৰাগেই প্রথমবাৰ তাইক মেট্ৰিক পাছ কৰাৰ পিছদিনা ইয়ালৈ লৈ আহিছিল ৷ চর্তত হাৰিও যেন নয়না জয়ী হৈছিল ৷ পৰাগে তাকেই বিচাৰিছিল , হাৰিও নয়না সুখী হওক ৷ নয়নাৰ সুখ মানেহ তাৰ সুখ ৷ পৰাগৰ লগত তাই কেইবাবাৰো ইয়ালৈ আহি বেলি ডুবা দৃশ্য উপভোগ কৰিছে ৷ বৰ প্রিয় তাইৰ এই দৃশ্য৷ সৰুতে গধূলি পৰত পৰাগক লগ পালেই তাই প্রায়েই সুধিছিল, বেলিটো কত লুকাইনো এবাৰ দেখা পোৱাহেঁতেন ৷ পৰাগে মনত ৰাখিছিল কথাটো আৰু তাইৰ আশা পূৰাইছিল ৷ যেন তেনেকৈয়ে দিব বিচাৰিছিল তাইক সফলতাৰ পুৰস্কাৰ ৷ সি যেতিয়াহ ইয়ালৈ আহিব লগ ধৰে তাই কেতিয়াও না নকৰে ৷ আহে দুয়ো ৷ ধেৰ কথা পাতে ৷  দুয়োৰে কথাৰ যেন অন্ত নপৰে ৷ অতীত সুঁৱৰি বর্তমানলৈ আৰু বর্তমানৰ পৰা ভৱিষ্যতৰ সকলো পৰিকল্পনা কৰে ৷ সকলো কথাই দুয়ো দুয়োকে নজনালে শান্তি নাপায় ৷ শৈশৱৰ চুবুৰীয়া তথা কৈশোৰৰ বন্ধু , অভিভাৱক, শুভচিন্তকৰ পৰা যৌৱনৰ প্রেমিক আৰু এতিয়াৰ এক এৰাব নোৱাৰা সম্পর্ক দুয়োৰে ৷ হেজাৰ সপোন ৰচিছে দুয়ো ৷ জীৱনক লৈ ৷

কিন্তু বিচৰা ধৰণেই কেতিয়াবা কথাবোৰ হৈ নুঠে ৷ পৰিকল্পনাবোৰত খেলিমেলি লাগি যায় ৷ সেয়াই হৈছিল সিহঁতৰ লগতো ৷ কেতিয়াও নভবা সিদ্ধান্ত লবলৈ বাধ্য হৈছিল দুয়ো৷ সময়ৰ আগত যেন হাৰি গৈছিল সিহঁতৰ প্রেম, মৰহি যাবলৈ লৈছিল সপোনবোৰ৷ হঠাৎ অসুস্থ হৈ পৰা নয়নাৰ প্রিয় পুৰুষজন তাইৰ দেউতাকক উপায়হীনভাৱে দিয়া কথা আৰু সঠিক সময়ত পৰাগ সংস্থাপিত নোহোৱাটোৱে দুয়োৰে জীৱনৰ গতি সলনি কৰি পেলাহছিল ৷ বহু কষ্ট হৈছিল তেনে সিদ্ধান্তৰ বাবে দুয়ো দুয়োকে বুজাবলৈ আৰু মানসিক প্রস্তুতিৰ বাবে৷ হূদয়ৰ এক বিশেষ ঠাইত দুয়ো দুয়োকে ৰাখি সেই যে সিহঁত আঁতৰি আহিল তাৰ পিছত আনকি নয়নাৰ বিয়াৰ দিনাও পৰাগ নাথাকিল ঘৰত ৷ দেউতাকে বিচৰা ধৰণেই পৰশ আৰু নয়নাৰ বিয়া হৈ গৈছিল ৷  সাংঘাতিক মানসিক আশান্তিত ভুগিছিল যদিও পৰশ আৰু পৰিয়ালৰ লোকৰ মৰমবোৰে তাইৰ মন–মগজু আৱৰি ৰাখিছিল ৷

এনেদৰেই কেনেকৈ যে এবছৰ দুবছৰকৈ তিনিটা বছৰেই পাৰ হৈ গল ৷ কিন্তু তেতিয়াও সিহঁতৰ মাজলৈ বিচৰাৰ পিছতো তৃতীয়জন অহা নাছিল ৷ ডাক্তৰেও প্রতিবাৰেই পৰীক্ষা–নিৰীক্ষাৰ পিছত দুয়োজনৰেই কোনো সমস্যা নাই বুলি কয় ৷ সিহঁতেও ধৈর্য ধৰি আছিল আৰু সময়ে সময়ে চিকিৎসকৰ ওচৰলৈও গৈ আছিল ৷ তেনে সময়তে পৰশৰ বদলি হল মুম্বাহলৈ ৷ তাত বহুতো অভিজ্ঞ চিকিৎসক আছে, গতিকে নয়নাকো লগতে নিয়াৰ সিদ্ধান্ত লয় ৷ মাককো নিয়াৰ কথা আছিল যদিও ডিম্পী প্রেগনেণ্ট বাবে তাইৰ কিবা অসুবিধা হব বুলিয়ে তেওঁ নোযোৱাটোকে থিৰাং কৰিলে ৷ অএনজিচি টাউনশ্বিপতে থাকিবলৈ ললে সিহঁতে ৷ মাত্র দুবছৰৰ বাবেহে বদলি কৰিছে !

দিন বাগৰিল ৷ নয়নাই অনুভৱ কৰিলে যে সিহঁতৰ কোৱার্টাৰৰ কাষৰটোতে নতুনকৈ কোনোবা আহিছে ৷ নয়নাই বেলকনিৰ পৰা দেখিছে ঘৰটোত পর্দা টনা আছে ৷ ইমান দিনে তাই সেইপিনে আন্ধাৰ দেখি আছিল ৷ তাইৰ জানিবৰ মন গল কোন বা আহিল কাষৰ ঘৰটোতে৷ কোনোবা মনেমিলা পৰিয়াল হলেই ভাল হয় ৷ পৰশ অফিচলৈ যোৱাৰ পিছত গোটেই দিনটো অকলে থাকি বৰ আমনি লাগে তাইৰ ৷ চিনাকি হব লাগিব ৷ তাই মনতে ভাবে কথাটো ৷

কলিংবেলটো বাজি উঠিল ৷ নয়না লৰালৰিকৈ আহি দুৱাৰখন খুলি দিলে ৷ কি আচৰিত এয়া কি দেখিছে তাই ! পৰশৰ লগত এয়া কোন তাইৰ নিজৰ চকুৰ ওপৰতেই বিশ্বাস হোৱা নাই ৷ পৰাগ কেনেকৈ পৰশৰ লগত তাইৰ মাত বন্ধ হৈ গৈছে ৷ পৰাগক চিনাকিৰ দৰে ভিতৰলৈ মাতিব নে একেবাৰে অচিনাকিৰ দৰে ব্যৱহাৰ কৰিব এতিয়া !

এয়া মোৰ অর্ধাংগিনী নয়না ৷ আৰু নয়না, এখেত মোৰ কলিগ পৰাগ গগৈ ৷ আমাৰ অসমৰ আৰু বর্তমান মোৰ নেইবাৰ ৷

নয়নাহ নমস্কাৰ জনাই ভিতৰলৈ আহিবলৈ মাতিলে ৷ পৰশ আৰু আজিৰ নতুন আলহী পৰাগৰ বাবে আগতেই পৰশে কৈ থোৱাৰ দৰেই খোৱা–লোৱাৰ যোগাৰ কৰিছে যদিও তাইৰ মনটো নানা ভাবত বুৰ গৈ আছে ৷ হূদয়ৰ সেই বিশেষ ঠাইটুকুৰাৰ পৰা এটা মধুৰ শব্দ তাইৰ কাণত বাজি উঠিল ৷ আজি প্রায় চাৰি বছৰ পিছত কিয় সেই ব্যক্তিজনক সময়ে তাইৰ সন্মুখত আনি দিছে ৷ সময়েইচোন আঁতৰাই পেলাইছিল তাহক তাৰ পৰ ! তেন্তে আজি আকৌ কিয় কি বিচাৰিছে ভগৱানে সিহঁত পুনৰ দেখা হোৱা বা লগ হোৱাৰচোন কথা নাছিল ৷ আনকি কেতিয়াও চেষ্টাও কৰা নাছিল ৷ তেন্তে কিয় হঠাৎ এনেদৰে মানুহে কয় যে ভগৱানে যি কৰে ভালৰ বাবেই কৰে ৷ নিবিচৰাসত্ত্বেও দুয়ো আঁতৰিবলগীয়া হৈছিল আৰু এতিয়াও বিচৰা নাহ, কিন্তু পুনৰ দেখাদেখি, লগালগি ৷ কিয়েইবা ভাল কৰিলে ভগৱানে সিহঁতৰ লগত! যদি মিলাবলৈ লগা আহিল, তেন্তে আঁতৰাইছিল কিয় ভগৱানৰ ওপৰত তাইৰ বহুত খং যেন ভগৱানক বিশ্বাসেই নকৰিব কাহানিও ৷ তেনে মন গল তাইৰ ৷

পৰশ আৰু পৰাগ এবছৰ একেটা অফিচতে একেলগে কাম কৰাৰ পিছত পৰশ বদলি হৈ পুনৰ অসমলৈ উভতিল ৷ আজি তাত থকা প্রতিটো দিন নয়নাৰ চকুৰ আগত ভাহি উঠিছে ৷ তাইৰ এচিকুটো টোপনি নাহিল ৷

ৰাতি পুৱাইছে ৷ বাহিৰৰ পোহৰ খিৰিকীৰে ৰুমটোৰ ভিতৰলৈ সোমাই আহিছে৷ আজি নয়না মাক হোৱা এমাই হল ৷ আজি এমহীয়া পতাৰ লগতে সিহঁতৰ লখিমীজনীৰ নামকৰণ কৰিব ৷ প বর্ণৰে কি নাম দিব তাইৰ কলিজাজনীক নয়নাই ভাবিলে ৷

আবেলি আয়তীৰ নাম ৷ তাৰ আগতে পুৱাৰ ভাগতে জ্যোতিষীৰ দ্বাৰা লখিমীৰ গণনা কার্য সম্পন্ন কৰি প্রত্যেকেই বেলেগ বেলেগ নাম ভাবিছিল যদিও শেষত আহতাকে দিয়া নামটোকে সকলোৰে পছন্দ হলত সেহটোকেহ ৰাখিলে ৷ আইতাকে কৈছিল, আমাৰ লখিমীৰ নাম আজিৰে পৰা মই ৰাখিলোঁ প্রাপ্তি ৷ জ্যোতিষীজনে কলে যে দেউতাকৰো প বর্ণৰে নাম আৰু জীয়েকৰো একেই ৰাশিৰে বাপেক–জীয়েকৰ৷ বৰ ভাগ্যৱতী, সঁচাকৈ লখিমী ছোৱালী আহিছে ঘৰখনলৈ ৷

নয়নাই মুখৰ ভিতৰতে আওৰালে প্রাপ্তি ৷ তাই ভাবিলে সঁচাকৈ ভগৱানে যি কৰে ভালৰ বাবেই কৰে ৷

আৰু তাইৰ মনটো উৰি গল পৰাগে বুজনি দিয়া শেষ কথাখিনিলৈ অশান্তি নকৰিবা নয়না, যদিও আমি ভাবোঁ যে প্রাপ্তিয়েহ প্রেমক জীয়াই ৰাখে কিন্তু কেতিয়াবা অপ্রাপ্তিতো বিচাৰি পোৱা যায় প্রেমৰ প্রাপ্তি ৷

ফোনঃ ৭০০২০-২৫০৪৩

You might also like

Comments are closed, but trackbacks and pingbacks are open.