পল্লৱী কৌশিক শর্মা
চিগাৰেটৰ ধোঁৱাখিনি অত্যন্ত নির্লিপ্তিৰে শূন্যলৈ উৰুৱাই অলসতাৰে বিছনাখনত গাটো এৰি দিলোঁ মই ৷ মোৰ দুচকুৱে পিছে এটি স্বভাৱসিদ্ধ অভ্যাসৰ দৰে ওঁঠৰ ফাঁকেৰে নির্গত ধোঁৱাখিনিকে অনুসৰণ কৰিলে ৷ ধোঁৱাবোৰ কুণ্ডলী পকাই উৰি–উৰি, কিছুমান কিম্ভূত–কিম্বাকাৰ ৰূপেৰে এটা সময়ত কৰবাত গৈ নিশ্চিত হৈ পৰিল ৷
সন্ধিয়াৰ এন্ধাৰত বুৰ গৈ থকা এইখিনি সময় ৷
সম্ভৱতঃ ছয় বাজি উপৰিউক্ত আৰু কেহটামান মিনিট সময় বালিত ইতিমধ্যে বিলীন হৈ গৈছে ৷ পিছে এই মুহূর্তত সঠিক সময়টো জনাৰ একেবাৰেই প্রয়োজনবোধ কৰা নাই মই ৷ কিছু ক্ষণৰ পূর্বে বিজুলী সংযোগ ব্যাহত হোৱাত কোঠাটোক এন্ধাৰে সম্পূর্ণৰূপে গ্রাস কৰি পেলাইছে ৷ মই নিষ্চিয়কৈ মমবাতি এডালৰ যোগাৰ কৰি ভিতৰখন পোহৰাহ তোলাৰ ব্যৱস্থা এটা কৰিব লাগিছিল৷ পিছে সেহ হাবিয়াসে তিলমানো চোৱা নাই মোক ৷ বিপৰীতে পৰিৱেশটোক উপভোগ কৰি এক সুখকৰ অনুভূতিত নিমজ্জিত হৈ পৰিছোঁ মই ৷
আচলতে কেতিয়াবা নিজকে ন–কৈ জীয়ন দি তুলিবলৈকে অলপমান এন্ধাৰৰ প্রয়োজন হয় ৷ এই আন্ধাৰ–পোহৰৰ খেলখনেহতো মিথ্যাবোধ আৰু বিমূূতাৰ যুগলবন্দীত গঢ় লৈ উঠা মৃগতৃষা, যত নিজকে হেৰুৱাই পেলোৱাটোও কিবা যেন এক বিলাসী অনুৰাগ !
সন্মুখৰ বন্ধ খিৰিকীখনৰ সৰু ছিদ্র এটাইদি শংকু আকৃতিৰে সোমাই অহা পোহৰৰ টুকুৰাটোৱে মহ শুই থকা বিছনাখনৰ এঠাইত এটা টেনিছ বলসদৃশ প্রতিবিম্বৰ গঠন কৰিছে ৷ হঠাতে সেই পোহৰৰ বলটোক আঁজুৰি অনাৰ উদ্রেক তাড়না এটাই মোৰ মনটোক খুন্দিয়াবলৈ ধৰিলে ৷ অথচ মই ভালদৰে অৱগত– সম্ভৱ নহয় এয়া ৷
আজি দুপৰ বেলা কলেজৰ অফ পিৰিয়ডত অৰুন্ধতীৰ লগত কথা হওঁতে, তদ্রুপ অনুভৱ এটাই ভীষণভাৱে অস্থিৰ কৰি তুলিছিল ৷ এনে লাগিছিল– মোৰ নিচেই কাষতে বহি থকা অৰুন্ধতীজনী যেন এই পোহৰৰ বলটোৰ দৰেই দুষ্প্রাপ ! অথচ তাইৰ সেমেকা দুচকু, প্রতিমাসদৃশ মুখখন আৰু প্রতিটো শব্দৰ তালে–তালে কঁপি উঠা সুকোমল ওঁঠযুৰি পৰিস্ফুটভাৱে মোৰ দৃষ্টিৰ পৰিসৰতে আছিল ৷ অৰুন্ধতীক মোৰ সমস্ত ভালপোৱাৰে ওপচাই পেলোৱাৰো যথেষ্ট অৱকাশ আছিল ৷ পিছে আমাৰ মাজত প্রাধান্য পাইছিল অনুভৱৰ জড়তাই, অপ্রেমৰ কথকতাই আৰু আশাহত হোৱাৰ বেদনাই ৷
কান্দিছিল অৰুন্ধতীয়ে ৷
অবাধ্য চকুলোবোৰ সামৰিব নোৱাৰি ভাগৰি পৰিছিল ৷ আৰু অচিনাকি ৰাগীত কলিজা তিয়াই নিজকে নির্ভাৰ কৰাৰ পথ এটিৰ সন্ধান কৰিছিলোঁ মই ৷ সুদীর্ঘ মৌনতাৰ অন্ত পেলাই অৱশেষত উখহি উঠা দুচকুৰে মোলৈ চাহ ধীৰে–সুস্থিৰে কৈছিল তাই ৷
- মই হাৰি গলোঁ অনির্বাণ ৷ মোৰ ভালপোৱা সদায়ে উপেক্ষিত হৈ ৰল ৷ মোৰ বুকুত টলবলাই থকা প্রেমৰ অমীমাংসিত সমীকৰণবোৰক মিলাই চাবলৈ ইচ্ছাই নকৰিলা তুমি ৷ পূর্ণপাত্র ভৰোৱাৰ কিবা অর্থ আছে জানো কোৱাচোন৷ ভৰাব বিচাৰিলেও অধিকখিনি বাগৰি অপচয় নহবনে তেন্তে এজন অনুভৱহীন পুৰুষৰ বাবে মই প্রেমৰ অপচয় কৰোৱেই বা কিয় গতিকে তোমাক এৰি, আঁতৰি যোৱাৰ সিদ্ধান্ত এটা লৈ পেলাহছোঁ ৷ মাথোঁ বিচাৰিম সুগন্ধিৰে ভৰা স্মৃতিৰ পেৰাত এটি মিঠা সুৰ হৈ এহ অনুভৱ স্থায়ী হৈ ৰওক ৷ ভালে থাকা অনির্বাণ ৷
কথাখিনি কৈ খৰখেদাকৈ মোৰ কাষৰ পৰা উঠি গল অৰুন্ধতী ৷ মই কেৱল নিৰুত্তৰ হৈ চাই ৰলোঁ তাই যোৱালৈ ৷ তাই গৈ থাকিল, গৈ থাকিল আৰু কুণ্ডলী পকাই উৰি যোৱা চিগাৰেটৰ ধোঁৱাবোৰৰ দৰেই কৰবাত হেৰাই গল ৷
নিমিষৰ হিচাপতে মোৰ চৌপাশৰ পৃথিৱীখন যেন উদং হৈ পৰি ! প্রেমৰ অনুভূতিৰে উর্বৰ অৰুন্ধতীৰ অপ্রাপ্তিৰ অনুভৱেও গলাব নোৱাৰিলেনে মোৰ বুকুৰ শেলুৱৈ বিষাদবোৰক ! কিয় মহ কব নোৱাৰিলোঁ উলটি আহা অৰুন্ধতী ৷ বহু পথ অতিক্রম কৰিলোঁ একো অৱলম্বন নোহোৱাকৈ ৷ তোমাৰ অবিহনে এতিয়া আৰু এটা খোজো আগবঢ়া সম্ভৱ নহয় ৷
নাই, তেনে একোৱেই নকৰিলোঁ মই ৷ ভালপোৱাৰ অনিঃশেষ উমেৰে মোৰ জীৱনটোক সজাব বিচৰা ছোৱালীজনীক মই আঁতৰি যাবলৈ দিলোঁ ৷ কাৰণ সময়ৰ আঁচোৰত বিধবস্ত এই অনির্বাণৰ মনঃস্তত্ত্বক বুজাব পৰাকৈ শব্দৰ ভঁৰালটো যে তেনেই শূন্য মোৰ ৷ মোৰ মৌন ওঁঠৰ হাজাৰ অব্যক্ত কাহিনী অৰুন্ধতী আঁতৰি যোৱাৰ ক্ষণতেই অপ্রকাশ্য হৈ সময় বালিত সমাধিস্থ হৈ পৰিল ৷
****
চিলমিলকৈ টোপনি আহিছিল মোৰ ৷ টোপনিৰ আৱেশত এটা সপোন দেখিলোঁ মই ৷ এটা সুসজ্জিত কোঠা ৷ কোঠাটোৰ এখন বিছনাত অভিসাৰত লিপ্ত এহাল পুৰুষ–মহিলা আৰু কাণিদুৱৰিকৈ জপাই ৰখা দুৱাৰৰ পাল্লা দুখনৰ মাজৰ সামান্য ফাঁকটোৰে ভিতৰলৈ জুমি চাই থকা– সৌৱা মই ৷
আঃ, কি দেখিছোঁ, কি দেখিছেঁ !
যিগৰাকী মহিলাক মই মা সম্বোধন ধৰোঁ, আমাৰ পৰিয়ালটোক সামৰি ৰখাত অথবা দেউতাৰ আলপৈচান ধৰাত যিগৰাকী মানুহে কোনোদিন কোনোধৰণৰ ত্রুটি ৰখা নাই, তেওঁৰ সৰল পৰিচিত ৰূপটোৰ আঁৰত এনে ঘৃণনীয় অদেখা ৰূপ এটাও লুকাই আছিলে !
প্রচণ্ড আক্রোশত ঠকঠককৈ কঁপিবলৈ ধৰিলোঁ মই ৷
ঠিক তেনেকুৱাতে দুৱাৰখন ঠেলি দেউতা হুৰমূৰকৈ ভিতৰলৈ সোমাই গল ৷ দেউতাইতো জনা নাছিল– মুহূর্ততে খহাই পেলাব পৰাকৈ বিধবংসী ধুমুহা এজাকে তেওঁলৈকে যে বাট চাই আছে ! দেউতাক দেখি ভীষণ ভয় লাগিল মোৰ ৷ মোৰ উশাহটো যেন কিহবাই চেপা মাৰি ধৰিে ! দেউতাৰ ওচৰলৈ লৰ দিলোঁ মই আৰু ঠিক তেতিয়াই বুকু কঁপাই যোৱা বিকট চিঞৰ এটা কাণত পৰিল ৷
পূর্ণিমা
উস, কি আছিল সেই শব্দটোত
বিষাদ নে ঘৃণা, নে প্রতাৰণাৰ জুই একুৰাত দগ্ধ এখন হূদয়ৰ যন্ত্রণা সজোৰে কাণ দুখন হেঁচি ধৰি মজিয়াতে বহি পৰা দেউতালৈ চাই কোব খোৱা সাপটোৰ দৰে ছটফটাই উঠিলোঁ মই ৷
হঠাতে এসোপা ধোঁৱাই আৱৰি ধৰিলে কোঠাটো ৷ মোৰ চকুৰ সন্মুখৰ সকলো বস্তু ধূসৰ হৈ পৰিল আৰু সেই ধূসৰতাত মোৰ দেউতাও কৰবাত হেৰাই গল ৷ মহ সর্বশক্তি প্রয়োগ কৰি চিঞৰিবলৈ ধৰিলোঁ দেউতা, কত আছা দেউতা
বলিয়াৰ দৰে কোঠাটোৰ ভিতৰতে ইফালে–সিফালে ঘূৰি ফুৰিলোঁ মই আৰু এপাকত কিবা এটা বস্তুৱে আহি মোৰ মূৰতে আঘাত কৰিলে ৷ ওপৰলৈ চাহ দেখোঁ সেয়া চিলিং ফেনত ওলমি থকা মোৰ দেউতাৰ ভৰি দুখন ৷ মই আগুৱাই যোৱাৰ পথছোৱা ঠিক সেহখিনিতেই যেন স্তব্ধ হৈ পৰি!
নাজানো কিমান সময় অচেতন হৈ পৰি থাকিলোঁ, যেতিয়া সাৰ পালোঁ ধূঁৱলি–কুঁৱলী হৈ পৰা কোঠাটোৰ কজলা ৰঙৰ গাাতা এটা লেম্পৰ পোহৰত কিছু পৰিমাণে হ্রাস পাইছিল ৷
মোৰ দুচকুত এইবাৰ অপাৰ বিস্ময় ৷
সপোনৰ বঁকিয়াইদি নামি অহা এক ঘৃণনীয় অতীতে পলকতে মোক এজন সম্পূর্ণ চিন্তাশূন্য মানুহলৈ পর্যবসিত কৰিলে ৷ সম্প্রতি পৃথিৱীৰ সমস্ত বস্তুৰ প্রতি উদাসীন মই ৷ সকলো সম্পর্কৰ প্রতি অনুসক্ত ৷ মই যেন থাকিও নাই !
*****
বাহিৰৰ পৰা সুষম গতিৰে বৈ অহা বতাহ এজাকৰ মৃদু ঝংকাৰত কোনো নৃত্যৰতা অপ্সৰাৰ দৰে খিৰিকীৰ পর্দাখন লয়লাসে কঁপি উঠিছে আৰু পর্দাখনৰ আঁৰৰ পৰা এটা ছায়ামূর্তি অতি সন্তর্পণে মোৰ ওচৰলৈ আগুৱাই আহিছে ৷ এক স্বপ্ণময় মোহগ্রস্ততাৰ আৱেশত ক্রমান্বয়ে এখন কল্পনাৰ জগতলৈ আগুৱাই গৈ আছোঁ মই ৷ ছাঁ–পোহৰে মায়াময় কৰি ৰখা কোঠাটোত এইবাৰ কেৱল এযোৰ চকুৱেহে মোৰ দৃষ্টিত স্পষ্টকৈ ধৰা দিছেহি ৷
এটা সপোনে আচ্ছন্ন কৰি ৰখাৰ পৰতে আন এটা সপোনে যেন মোৰ চকুৰ পতাত খোপনি পুতিছে !
আস, বৰ চিনাকি এই দুচকু!
আকাশ আৰু সাগৰৰ পৰা আঁজুৰি অনা সমগ্র নীলা একত্রিত কৰিও সেই দুচকুৰ গাাতাক স্পর্শ কৰা যেন অসম্ভৱ ৷ কোন বাৰু এওঁ নীলনয়নী, যাৰ তীক্ষ্ণ অথচ সুকোমল চাৱনিত মোৰ অন্তৰাত্মা কঁপি উঠিছে ৷ যাৰ উশাহৰ উঠা–নমাৰ প্রতিটো পৰিক্রমাত মই নিজকে জীয়ন দিয়াৰ হাজাৰটা অমোঘ মন্ত্র জপ কৰি প্রশান্তিৰ চৰম সীমা স্পর্শ কৰিছোঁ ৷ সৌন্দর্যৰ ৰাণী স্বয়ং ক্লিপেড্রা নহয়নে এয় ! নে এয়া মোৰ মনৰ ভ্রম !
ভাব বিভোৰতাই গ্রাস কৰি ৰখাৰ পৰতে মোক আচৰিত কৰি সেই নাৰীগৰাকীয়ে মোৰ ওঁঠতে তেওঁৰ লৱনু কোমল ওঁঠযুৰি গুঁজি দিছেহি ৷ এক অবুজ শিহৰণত চঞ্চল হৈ উঠিছোঁ মই আৰু সজোৰে সাবটি ধৰিছোঁ তেওঁক ৷
এৰা, প্রথম দৃষ্টিতে সেই অপৰূপ সৌন্দর্যৰ পূজাৰী হৈ পৰিছোঁ মই ৷ বস্ত্রৰে আবুৰ শৰীৰতো মই যেন তেওঁৰ অসূর্যস্পর্শা অভ্যন্তৰ চুই চাবলৈ সক্ষম হৈছেঁ ! খিলখিলাহ হাঁহি উঠিছে তেওঁ ৷
পাৰিবা জানো বাধা দিব অন্তৰতম অনুভূতিবোৰক প্রেমক শৰীৰ আৰু মনৰ আওতাত জুখিব নিবিচাৰিলেও, প্রেমৰ অস্তিত্বক বুজিব নোৱাৰাকৈ অপৰিপক্ব নহয় তুমি ৷ ভালপোৱা তুমি মোক ৷ তোমাৰ অভিমানী মনে মানি লব নিবিচাৰিলেও এয়া যে সত্য ৷ এই সত্যক অগ্রাহ্য কৰিব পাৰিবা জানো অনির্বাণ
অৰুন্ধত!
হয়, মোৰ মন আৰু শৰীৰৰ কৌমার্য স্পর্শ কৰা এই নাৰীগৰাকী অৰুন্ধতী ৷ একাকিত্বৰ অনুভৱ এখিনি বুকুতে শিপাবলৈ দি মোৰ পৰা আঁতৰি যোৱা এয়া মোৰ অৰুন্ধতী ৷ বুকুখন স্নেহময়তাৰে ভৰি পৰিল ৷ দুহাত প্রসাৰী পুনৰ বুকুতে সামৰি লব বিচাৰোঁতেই এটা পোহৰৰ বলে ধাৰণ কৰি ললে অৰুন্ধতীক ৷ পোহৰৰ বলটো আঁজুৰি আনিবলৈ হাজাৰ যত্ন কৰিও ব্যর্থ হৈ ৰলোঁ মই ৷
ধেই! কিহৰ পুৰুষ চাল্ল!
নিজৰ অসমর্থতাত নিজৰ ওপৰতে ক্রোধান্বিত হৈ উঠিলোঁ ৷
ঠিক তেতিয়াই ধৰা পৰি গলো মই অৰুন্ধতীৰ ওচৰত ৷ বিদ্রুপভৰা চাৱনিৰে অলপ উচ্চস্বৰেই কৈ উঠিল তাই
ঃ বিচ্ছেদৰ বেদনাত তোমাৰ অন্তৰেও চকুলো টুকিব লাগিব অনির্বাণ ৷ খহি পৰা সপোনৰ টুকুৰাবোৰে কিমান কষ্ট দিয়ে, উপলব্ধি কৰিবই লাগিব তুমি ৷ অৰুন্ধতী সহজলভ্য নহয় ৷ অৰুন্ধতী অৱহেলিত হব নোৱাৰে ৷
লগে–লগে শত সহস্র জ্যোতিষ্ক্ৰ পোহৰে কোঠাটোত যেন জোনাকী মেলাহে পাতিে ! সেই পোহৰৰ মেলাত অৰুন্ধতীও বিলীন হৈ পৰিল ৷ বলিয়াৰ দৰে চিঞৰিবলৈ ধৰিলোঁ মই
নাযাবা অৰুন্ধতী ৷ মোক অকলশৰীয়া কৰি আঁতৰি নাযাবা ৷
এনে অনুভৱ হল চকু চাৎ মাৰি ধৰা পোহৰৰ তীব্রতাক সহিবলৈ অক্ষম মোৰ তন্দ্রালস দুচকুত কোনোবাই যেন দগমগাই থকা আঙঠাকেইটামানহে ঢালি দিলেহি !
উফ, অসহ্যকৰ এহ যন্ত্রণ !
অসহনীয় এই বিচ্ছেদ !
*****
বাস্তৱলৈ উলটি আহি ধৰমৰাই উঠি বহিলোঁ ৷
লাহটৰ পোহৰত অলপ আগলৈকে এন্ধাৰে গ্রাস কৰি ৰখা কোঠাটোৰ সকলো বস্তু এইবাৰ ফটফটীয়াকৈ চকুত পৰিল ৷ নাই, সপোনত দেখাৰ দৰে মোৰ কর্দয অতীত আৰু হতাশাগ্রস্ত বর্তমানৰ বিশৃংখল ছবিখন কোঠাটোত নাই ! কোঠাটো নিঃসংগ ৷ একেবাৰেই শান্ত আৰু সমাহিত ৷
শৰীৰৰ গেলেপা লগা ঘাম আৰু বীর্য, বন্ধ কোঠাটোত আবদ্ধ হৈ বতাহত তেতিয়াও বিয়পি থকা চিগাৰেটৰ ধোঁৱাৰ অৱশিষ্ট আৰু কৰবাৰ পৰা ভাহি অহা কোনো খাদ্যবস্তুৰ ফুৰফুৰীয়া গোন্ধ অলপ একত্রিত হৈ অকটা গোন্ধ এটা নাকত লাগিলহি ৷ গোন্ধটোৱে মোৰ মগজুতো ক্রিয়া কৰিলে ৷ আচলতে এই মুহূর্তত মোৰ মনটো অৰুন্ধতীৰ স্নেহময় স্পর্শ আৰু শৰীৰৰ সুবাস বিচাৰিহে ব্যাকুল হৈ উঠিছে ৷
সপোনো ইমান জীৱন্ত হব পাৰে !
মৃত প্রবাল জমা হৈ হৈ দ্বীপৰ আকাৰ লোৱাৰ দৰে মোৰ বুকুতো শিল হৈ পৰা অনুভূতিবোৰক এটা সপোনে গলাব ধৰিছে নেকি ! এগৰাকী নাৰীৰ বিশ্বাসঘাতকতা আৰু প্রতাৰণাৰ বিষবাষ্পই এহ যে নিঃসংগতাক আঁকোৱালি এটা নিদৃষ্ট পৰিধিতে সোমাই থাকিবলৈ বাধ্য কৰিলে মোক, সেই আঁকোৰগোজিয়া মানুহটোৰ গতানুগতিকতালৈ কিবা পৰিৱর্তনৰ আগজাননী নেকি এয় !
এয়া তুমি কি কৰিছা অৰুন্ধতী
ভালপোৱাৰ সুতীব্র আকর্ষণক মহ অনুভৱ কৰিবলৈ শিকিছোঁ ৷ মোৰ সপোনৰ দস্তাবেজত তোমাৰ ৰঙীন দস্তখত ৷ অথচ ৰংবোৰ বুটলি লবলৈ অপাৰগ মই ৷ প্রেয়সীৰ বুকুৰ উম লৈ স্বর্ণালী ভৱিষ্যতৰ সপোন দেখা অনির্বাণৰ সেহদিনাই মৃত্যু হল অৰুন্ধতী, যিদিনা কোঁহ মেলা আশাবোৰ আৰু অটল বিশ্বাসেৰে দগমগাই থকা মমতাৰ আঁচলখন ৰু বাস্তৱৰ অগ্ণিকুণ্ডত ভস্মীভূত হৈ পৰিল ৷
নৰাই কটা কলাফুলৰ চেকচেকনিৰ দৰে চেকচেকাই উঠিল বুকুৰ ঘাটুকুৰা ৷ উশাহটো চেপি ৰখা কাৰকবোৰৰ পৰা মুক্ত হওঁ বুলিয়েই বন্ধ খিৰিকীখন খুলি দিলোঁ মই ৷
এৰা, কেতিয়াবা আমাক বশীভূত কৰি ৰখা বৃত্ত একোটাৰ পৰিধি ফালি মুকলি হোৱাৰো ভীষণ প্রয়োজনীয়তা আহি পৰে ৷
মোৰ এই মুহূর্তৰ অস্থিৰতা, হূদয়ৰ একোণত স্তৰীভূত হৈ ৰোৱা শংকাৰ অভেদ্য পাহাৰটো আৰু তাৰ মাজতো প্রেমৰ অমৃত ঢালি এপাহ সদ্যোপজাত সুগন্ধি ফুল হৈ হূদয় মৰুত ফুলি উঠা অৰুন্ধতীজনীৰ কথা জনাবই লাগিব মই তাইক ৷ সত্য–সত্য সকলো জনাৰ অধিকাৰেৰে হূদয় স্পর্শ কৰা অৰুন্ধতী মোৰ জীৱনৰ প্রথমগৰাকী নাৰী ৷ কেনেকৈ উপেক্ষা কৰোঁ মই এই সত্যক !
এই অৰুন্ধতী, জটিলতাৰ বেহু ভেদি বুজি উঠিবানে মোক অশ্রুৰ টোপাল মচি হাতখন খামুচি ধৰিবলৈ পুনৰ উভতি আহিবানে তুমি প্রাপ্তিৰ ৰক্তিম যৱনিকাত লিবনে দুখবোৰ তুঁহ জুই হৈ, নে এখিলা সৰাপাতত লিখি পেলাম মই জীৱনৰ অন্তিম দলিল
মবাইল ফোনটো হাতত তুলি ললে অনির্বাণে আৰু অৰুন্ধতীৰ নম্বৰটো ডায়েল কৰিলে ৯৮৬৪১
*****
ফোন ঃ ৯১০১২-০৩৫৫৪
Comments are closed, but trackbacks and pingbacks are open.